গব্বাত ভাৰতৰ শক্তিশালী অস্ত্ৰ হৈ পৰিব পাৰে এই ৫ জন খেলুৱৈ… ইয়াৰ পূৰ্বেও কেংগাৰু দলক পেলাইছে শলঠেকত

বৰ্তমান ভাৰতীয় দলটোৱে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খনীয়া মেচৰ টেষ্ট শৃংখলা খেলি আছে । প্ৰথমখন টেষ্টত ভাৰতীয় দলে জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয় টেষ্টত কেংগাৰু দলে সফলতা লাভ কৰে । এই শৃংখলাটো বৰ্তমান ১-১ ব্যৱধানত সমতাত আছে ।

এতিয়া শনিবাৰৰ পৰা (১৪ ডিচেম্বৰ) ব্রিছবেনৰ গাব্বা খেলপথাৰত অনুষ্ঠিত হ’ব শৃংখলাৰ তৃতীয়খন টেষ্ট । তৃতীয়খন টেষ্ট মেচৰ সময় সলনি হৈছে । এই টেষ্ট ভাৰতীয় সময় অনুসৰি পুৱা ৫:৫০ বজাৰ পৰা আৰম্ভ হ’ব । এই টেষ্ট মেচখনৰ টছ পুৱা ৫.২০ বজাত অনুষ্ঠিত হ’ব ।

গাব্বা খেলপথাৰত ভাৰতীয় দলৰ এইখন হ’ব অষ্টমখন টেষ্ট মেচ । পূৰ্বৰ ৭ খন টেষ্ট মেচত দলটোৱে মাত্ৰ ১ খন খেলত জয়লাভ কৰিছে । আনহাতে ৫ খনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল দলটো । এখন মেচ ড্ৰ’ হৈছে । এই খেলপথাৰত ভাৰতীয় দলটোৱে জয়লাভ কৰা একমাত্ৰ টেষ্টখন ২০২০-২১ বৰ্ষৰ অন্তিমখন টেষ্ট শৃংখলাৰ সময়ত অনুষ্ঠিত হৈছিল ।

শেষৰটো টেষ্ট শৃংখলাত ৪খন টেষ্ট মেচ অনুষ্ঠিত হৈছিল, য’ত ভাৰতীয় দলে অষ্ট্ৰেলিয়াক ২-১ ব্যৱধানত পৰাস্ত কৰিছিল । সেই সময়ছোৱাত গব্বা টেষ্টত ভাৰতীয় দলটোৱে কেংগাৰু দলক ৩ উইকেটত পৰাস্ত কৰিছিল । সেই শৃংখলাৰ আটাইতকৈ কঠিন মেচখন আছিল গাব্বা টেষ্ট । সেই সময়ছোৱাত উইকেটকীপাৰ বেটছমেন ঋষভ পন্ট, বেগী বলাৰ মহম্মদ চিৰাজ, অ’পেনাৰ শুভমন গীল আৰু স্পীন অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে জয়ৰ বাবে নিজৰ সকলোখিনি আগবঢ়াইছিল ।

কোহলী আটাইতকৈ শক্তিশালী অস্ত্ৰ হ’ব পাৰে-

এই চাৰিজন ভাৰতীয় দলৰ বাবে পুনৰ এবাৰ এক শক্তিশালী অস্ত্ৰ হিচাপে প্ৰমাণিত হ’ব পাৰে । ইয়াৰ বাহিৰেও বিৰাট কোহলীৰ নামো এই তালিকাত আছে । এই খেলপথাৰত এতিয়ালৈকে কোহলীয়ে মাত্ৰ ১খন টেষ্টহে খেলিছে, য’ত তেওঁৰ প্ৰদৰ্শন ভা্ল নাছিল । কিন্তু পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত ১০০ ৰানৰ অপৰাজিত ইনিংছ খেলি তেওঁ নিজৰ ফৰ্ম প্ৰদৰ্শন কৰিছে ।

ইয়াৰ উপৰিও অষ্ট্ৰেলিয়াৰ মাটিত তেওঁৰ এক উৎকৃষ্ট অভিলেখ আছে । ঘৰুৱা ক্ষেত্ৰত কেংগাৰুৰ বিৰুদ্ধে দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী কোহলী । অষ্ট্ৰেলিয়াত এতিয়ালৈকে ১৫খন টেষ্ট খেলিছে, য’ত তেওঁ ৫২.৬৭ৰ উৎকৃষ্ট গড়ত ১৪৭৫ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁ ৭টা শতক আৰু ৪টা অৰ্ধশতক অৰ্জন কৰিছে ।

এইবাৰ এই ৪ জনে গাব্বাত কঢ়িয়াই আনিব পাৰে জয়-

ঋষভ পন্ট, শুভমন গীল, ৱাশ্বিংটন সুন্দৰ আৰু মহম্মদ চিৰাজে এই খেলপথাৰত এতিয়ালৈকে মাত্ৰ ১-১ টেষ্ট মেচহে খেলিছে । এইখনেই আছিল অন্তিমখন খেল, যত ভাৰতীয় দলটোৱে জয়লাভ কৰিছিল । সেই মেচখনত চাৰিওজনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । এনে পৰিস্থিতিত অনুৰাগীয়ে আশা কৰিছে যে এইবাৰো এই চাৰিজনে গাব্বাৰ খেলপথাৰত শক্তিশালী প্ৰদৰ্শন আগবঢ়াব ।

২০২১ চনৰ গাব্বা টেষ্টত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৩৬৯ ৰান সংগ্ৰহ কৰাৰ পিছত ভাৰতীয় দলে ৩৩৬ ৰান সংগ্ৰহ কৰে । এনে পৰিস্থিতিত কেংগাৰু দলটোৱে ৩৩ ৰানৰ অগ্ৰগতি লাভ কৰিছিল । ইয়াৰ পিছত দ্বিতীয় ইনিংছত ২৯৪ ৰান সংগ্ৰহ কৰাৰ পিছত ৩২৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় । প্ৰত্যুত্তৰত ভাৰতীয় দলে ৩ উইকেটত জয়লাভ কৰে ।

কেংগাৰুৰ বলাৰক প্ৰহাৰ কৰিছিল পণ্ট-গীলে

এই মেচখনত ঋষভ পন্টে প্ৰথম ইনিংছত ২৩ ৰান সংগ্ৰহ কৰিছিল । কিন্তু কঠিন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পণ্টে দ্বিতীয় ইনিংছত ৮৯ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল । শেষলৈকে তেওঁ দৃঢ়তাৰে থিয় দিছিল আৰু দলটোক জয়ৰ দিশত আগুৱাই নিয়াৰ পিছতহে উভতি আহিছিল । একেধৰণৰ অৱস্থা আছিল প্ৰথম ইনিংছত ৭ ৰান সংগ্ৰহ কৰা গীলৰ । কিন্তু দ্বিতীয় ইনিংছত তেওঁ ৯১ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল ।

ছিৰাজে এনেদৰে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল-

ফাষ্ট বলাৰ ছিৰাজে গাব্বাত খেলা শেষ টেষ্টৰ প্ৰথম ইনিংছত মাত্ৰ ১ উইকেটহে দখল কৰিছিল । কিন্তু দ্বিতীয় ইনিংছত যেতিয়া কেংগাৰু দলটোৱে ৩৩ ৰানৰ অগ্ৰগতিৰে ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ ওলাই আহিছিল, তেতিয়া ছিৰাজে তেওঁলোকৰ পৰিকল্পনা নষ্ট কৰিছিল । ছিৰাজে বিস্ফোৰক ৰূপত ৫টা উইকেট দখল কৰি কেংগাৰু দলৰ মেৰুদণ্ড ভাঙি পেলায় ।

দ্বিতীয় ইনিংছত ১৯.৫ অভাৰত ৭৩ ৰানত ৫ উইকেট দখল কৰে চিৰাজে । তেওঁ মাৰ্নাছ লাবুশ্বেন, ষ্টিভ স্মিথ, মেথিউ ৱেড, মিচেল ষ্টাৰ্ক আৰু জছ হেজলউডক আউট কৰিছিল । অৰ্থাৎ মিডল অৰ্ডাৰ ধ্বংস কৰাৰ সমান্তৰালকৈ চিৰাজে কেংগাৰুৰ নিম্ন ক্ৰমৰ বেটিং অৰ্ডাৰকো ধ্বংস কৰিছিল ।

সুন্দৰে স্থান পালে আশ্চৰ্যকৰ প্ৰদৰ্শন কৰিব-

স্পীন অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰক যোৱাবাৰ গাব্বাত হোৱা জয়ৰ প্ৰকৃত নায়ক বুলি গণ্য কৰিব পাৰি । দৰাচলতে যেতিয়া ভাৰতীয় দলটোৱে লক্ষ্য অনুসৰণ ওলাই আহিছিল তেতিয়া ১৮৬ ৰানত ৬টা উইকেট হেৰুৱাইছিল । সেই কঠিন পৰিস্থিতিত সুন্দৰে ৬২ ৰান আৰু শ্বাৰ্দুলে ৬৭ ৰান সংগ্ৰহ কৰি ভাৰতীয় দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় ।

দুয়োজনে ২১৭টা বলত ১২৩ ৰানৰ মেচ বিজয়ী অংশীদাৰিত্ব গঢ়ি তুলিছিল । চলিত শৃংখলাত শ্বাৰ্দুল দলত নাই । আনহাতে ভাৰতীয় প্লেইং-১১ত স্থান পোৱাটো সুন্দৰৰ বাবে কঠিন হৈ পৰিছে । কিন্তু ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই যদি সুন্দৰৰ ওপৰত আস্থা প্ৰকাশ কৰে, তেন্তে এইবাৰো তেওঁ নিজৰ পুৰণি যাদু দেখুৱাব পাৰিব । যোৱা গাব্বা টেষ্টত স্পীন বলিংতো সুন্দৰ কাম কৰিছিল আৰু ৪টা উইকেট দখল কৰিছিল ।

২০২৫ চনৰ জুলাইত মেচ… এতিয়াৰে পৰা হাউচফুল, টীম ইণ্ডিয়াৰ এই খেলখনৰ বাবে ভাৰত-পাকিস্তানৰ দৰে উন্মাদনা

সমগ্ৰ বিশ্বতে ক্ৰিকেটৰ এক আচৰিত উন্মাদনা আছে । এই ক্ষেত্ৰত ভাৰতৰ কথা আহিলে অনুৰাগীৰ ইয়াৰ প্ৰতি আৱেগিক মোহ থকা দেখা যায় । ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া এখন মেচৰ বাবে অনুৰাগীৰ মাজত এতিয়াৰে পৰা এক আচৰিত উন্মাদনা দেখা গৈছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অন্যতম ডাঙৰ প্ৰতিদ্বন্দ্বিতা ভাৰত আৰু পাকিস্তানৰ খেলৰ দৰে দেখা গৈছে এই উন্মাদনা । ভাৰত আৰু পাকিস্তানৰ মাজত খেল চাবলৈ বহু অনুৰাগীয়ে নিজৰ গুৰুত্বপূৰ্ণ কাম পিছুৱাই দিয়ে অথবা আগন্তুক দিনলৈ সময় নিৰ্ধাৰণ কৰে । এতিয়া অহা বছৰ অনুষ্ঠিত হ’বলগীয়া টিম ইণ্ডিয়াৰ ডাঙৰ মেচক লৈ অনুৰাগীৰ মাজত উন্মাদনাৰ সৃষ্টি হৈছে ।

এই মেচৰ বাবে আচৰিত উন্মাদনা-

আচলতে ভাৰতীয় দলটোৱে অহা বছৰ ইংলেণ্ড ভ্ৰমণত পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব । ইয়াৰে এখন মেচৰ প্ৰথম চাৰিটা দিন হাউছফুল হৈ পৰিছে । হয়, এইখন ছিৰিজৰ দ্বিতীয়খন টেষ্ট মেচ, যাৰ প্ৰথম চাৰিদিনৰ টিকট বিক্ৰী হৈ গৈছে । ইংলেণ্ডত অনুষ্ঠিত হোৱা নন-এছেছ টেষ্টৰ প্ৰথম চাৰিদিনৰ টিকট সম্পূৰ্ণ বুকিং হৈছে । অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা এই তথ্য দিয়া হৈছে । এডগবাষ্টন ষ্টেডিয়ামত এক্সত লিখা হৈছে, ‘ভাৰতৰ বিৰুদ্ধে পুৰুষৰ টেষ্টৰ ১-৪ দিন SOLD OUT! চাৰিদিন আগতেই টিকট বিক্ৰী হোৱা দেখা পোৱা প্ৰথমখন নন-এছেছ টেষ্ট ।

ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰতে-

ভাৰতীয় দলটোৱে ২০২৫ চনত পাঁচখন টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ডলৈ যাব । ২০ জুনত লিডছৰ হেডিংলিত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচখনৰ জৰিয়তে এই শৃংখলা আৰম্ভ হ’ব । একে সময়তে এডগবাষ্টনত ২ জুলাইৰ পৰা দ্বিতীয়খন মেচ আৰম্ভ হ’ব । এই ছিৰিজ ২০ জুনৰ পৰা ৪ আগষ্টলৈকে চলিব, যাৰ মেচসমূহ লিডছ, বাৰ্মিংহাম, লণ্ডন (লৰ্ডছ), মানচেষ্টাৰ আৰু লণ্ডন (দ্য অভাল)ত অনুষ্ঠিত হ’ব ।

তৃতীয় টেষ্টৰ পূৰ্বে এডিলেইডত ৰঙা বলৰ সৈতে অনুশীলন কৰে ভাৰতীয় দলে, ভিডিঅ’ শ্বেয়াৰ কৰিলে বি চি চি আইয়ে

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পিংক বল টেষ্টত ১০ উইকেটত পৰাজয়ৰ পাছত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ নেতৃত্বত ভাৰতীয় বেটছমেনে ৰেড বলৰ সৈতে অনুশীলন কৰে । ১৪ ডিচেম্বৰৰ পৰা ব্রিছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব তৃতীয়খন টেষ্ট । মাত্ৰ ডেৰ-দুই দিনৰ ভিতৰতে দ্বিতীয়খন টেষ্ট শেষ হয়, গতিকে প্ৰস্তুতি চলাবলৈ ভাৰতৰ হাতত অতিৰিক্ত সময় আছে । বুধবাৰে ব্রিছবেনত উপস্থিত হ’ব ভাৰতীয় দলটো ৷

কৌশলত গুৰুত্ব দিছিল ভাৰতে-

ভাৰতে এই সময়খিনি ব্যৱহাৰ কৰি মঙলবাৰে অনুশীলনত অংশ লৈ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাকী খেলসমূহৰ বাবে প্ৰস্তুতি চলায় । শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয়খন টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ দলটো যদিও ব্রিছবেনত উপস্থিত হৈছে, তথাপিও ভাৰতে এডিলেইডত ৰঙা বলৰ সৈতে অনুশীলন কৰাৰ সিদ্ধান্ত লৈছে ৷ ভাৰতীয় দলটোৱে অনুশীলনৰ সময়ত নিজৰ ডিফেন্সিভ টেকনিক আৰু বল ড্ৰপিংৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) দলটোৰ অনুশীলনৰ ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰাৰ সময়তে লিখিছে, ‘এতিয়া ভৱিষ্যতৰ কথা চিন্তা কৰাৰ সময় । এডিলেইডত ব্রিছবেন টেষ্টৰ প্রস্তুতি আৰম্ভ হৈছে’ ৷

ৰোহিতে নেটত অনুশীলন কৰে-

দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই যোৱা ১২টা ইনিংছত এটা অৰ্ধশতক (৫২)ৰে মাত্ৰ ১৪২ ৰানহে কৰিবলৈ সক্ষম হৈছে । পুত্ৰৰ জন্মৰ বাবে প্ৰথমখন টেষ্টত অংশ ল’ব পৰা নাছিল তেওঁ । মঙলবাৰে ভাৰতীয় স্পীনাৰ আৰু বেগী বলাৰ উভয়ৰে মুখামুখি হোৱাৰ সময়তে তেওঁ শীঘ্ৰে নিজৰ ছন্দ পুনৰ লাভ কৰাৰ লক্ষ্য লয় । দ্বিতীয় টেষ্টত ছয় নম্বৰত বেটিং কৰিবলৈ অহা ৰোহিতে দুটা ইনিংছত ৩ আৰু ৬ ৰান সংগ্ৰহ কৰে । প্ৰথম ইনিংছত তেওঁ এল বি ডব্লিউ হোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে দ্বিতীয় ইনিংছত তেওঁক বল্ড কৰে ।

কোহলীৰ অনুশীলন-

পাৰ্থত অনুষ্ঠিত প্ৰথমখন টেষ্টত ১৬ মাহৰ শতকৰ খৰাং পৰিস্থিতিৰ অন্ত পেলোৱা কোহলীয়ে পিংক বল টেষ্টত দুয়োটা ইনিংছতে উইকেটৰ পিছফালে আউট হৈছিল । প্ৰথম ইনিংছত দ্বিতীয় শ্লিপ, দ্বিতীয় ইনিংছত উইকেটকীপাৰৰ হাতত উইকেট বিসৰ্জন দিছিল তেওঁ । ষ্টাৰ ইণ্ডিয়ান বেটছমেন কোহলীয়ে সম্পূৰ্ণ উৎসাহেৰে অনুশীলন কৰে । নেট অধিবেশনৰ আৰম্ভণিতে তেওঁ সতৰ্ক আছিল যদিও তাৰ পিছত লাহে লাহে ছন্দৰ মাজলৈ সোমাই যায় তেওঁ ।

নেটত সময় অতিবাত কৰে ৰাহুল-পন্টে-

কে এল ৰাহুলক শান্ত যেন লাগিছিল । তেওঁ নিজৰ ডিফেন্সত অধিক মনোনিৱেশ কৰিছিল, আনহাতে ঋষভ পণ্টে কিছুমান পিক আপ শ্বট খেলিছিল । প্ৰথম টেষ্টত ভাৰতৰ ২৯৫ ৰানৰ বিশাল জয়ত ১৬১ ৰান সংগ্ৰহ কৰা যুৱ অ’পেনাৰ যশস্বী জয়ছোৱালে কিছু ভাল শ্বট দিয়াৰ লগতে ভাৰতীয় বলাৰৰ বিৰুদ্ধে আগ্ৰাসী স্থিতি গ্ৰহণ কৰে । বলিংত হৰ্ষিত ৰানা, আকাশ দীপ, য়শ দয়াল, ৰবীন্দ্ৰ জাডেজা, ৰবিচন্দ্ৰন অশ্বিন আৰু ৱাশ্বিংটন সুন্দৰৰ স্পীন ট্ৰাইঅ’ৰ লগতে কিছু থ্ৰ’ডাউন বিশেষজ্ঞও আছিল । ভাৰতীয় বেগী বলিঙৰ অগ্ৰণী যুটি যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছিৰাজৰ লগতে বেগী বলিং অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে বিশেষ ঘাম বাহিৰ কৰা নাছিল ।

বিপদত মহম্মদ চিৰাজ আৰু ট্ৰেভিছ হেড, আই চি চিয়ে প্ৰদান কৰিলে কঠোৰ শাস্তি

এডিলেইড টেষ্টত ভাৰতীয় দলৰ পৰাজয়ৰ দুখ অনুৰাগীয়ে নাপাহৰোতেই আন এক বেয়া খবৰ প্ৰকাশ পাইছে । মেচখনত বেগী বলাৰ মহম্মদ চিৰাজ আৰু অষ্ট্ৰেলিয়াৰ বেটছমেন ট্ৰেভিছ হেডৰ মাজত বাকযুদ্ধ দেখা গৈছিল । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে এই যুঁজখনক লৈ বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে । এডিলেইডত সংঘৰ্ষৰ পিছত দুয়োগৰাকী খেলুৱৈয়ে নিজৰ মৌনতা ভংগ কৰি ইজনে সিজনৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰে । ইয়াৰ পিছত এই বিষয়টোৱে গতি লাভ কৰে । এতিয়া এই সন্দৰ্ভত আই চি চিয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

ঘটনাটো কি-

এডিলেইড টেষ্টত ভাৰতীয় দলৰ সন্মুখত দেৱাল হৈ থিয় দিছিল ট্ৰেভিছ হেড । তেওঁ ভাৰতীয় বলাৰক বেটিং পৰাক্ৰমেৰে ব্যতিব্যস্ত কৰি তুলিছিল, য’ত ছিৰাজো অন্তৰ্ভুক্ত আছিল । হেডে চিৰাজক তীব্ৰ প্ৰহাৰ কৰিছিল । কিন্তু যেতিয়া মহম্মদ ছিৰাজে ট্ৰেভিছ হেডৰ উইকেট দখল কৰে তেতিয়া তেওঁক অতি আক্ৰমণাত্মক দেখা গৈছিল । দুয়োৰে মাজত বাকযুদ্ধৰ সৃষ্টি হয় । মেচৰ অন্তত ট্ৰেভিছ হেডে কয় যে তেওঁ চিৰাজৰ প্ৰশংসা কৰিছিল আৰু বেগী বলাৰজনে তেওঁৰ প্ৰতি বেয়া আচৰণ কৰিছিল । একে সময়তে ছিৰাজে হেডৰ বক্তব্য নাকচ কৰি হেডে তেওঁক গালি-গালাজ কৰা বুলি প্ৰকাশ কৰে । এতিয়া আই চি চিয়ে দুয়োজন খেলুৱৈক কঠোৰ শাস্তি বিহিছে ।

দুয়োজন খেলুৱৈয়ে শাস্তি পালে-

মহম্মদ চিৰাজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আই চি চিয়ে তেওঁৰ মেচ মাচুলৰ ২০ শতাংশ জৰিমনা বিহিছে । কিন্তু ট্ৰেভিছ হেডৰ ওপৰত কোনো পেনাল্টি আৰোপ কৰা হোৱা নাই, বৰঞ্চ তেওঁক আই চি চিয়ে ১ ডেমিৰেট পইণ্ট দিছে । আই চি চিৰ আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, ‘চিৰাজ আৰু হেডক অনুশাসনমূলক ৰেকৰ্ডত ১-১ ডিমেৰিট পইণ্ট দিয়া হৈছে, যিটো যোৱা ২৪ মাহত তেওঁলোকৰ প্ৰথম অপৰাধ ।’

চিৰাজ আৰু হেডৰ ওপৰত কোনো মেচ নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই । আই চি চিয়ে চিৰাজক আচৰণ বিধিৰ ২.৫ অনুচ্ছেদ উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰাৰ বিপৰীতে হেডৰ বিৰুদ্ধে আচৰণ বিধিৰ ২.১৩ অনুচ্ছেদ উলংঘা কৰি ব্যৱস্থা গ্ৰহণ কৰিছে । ভাৰতীয় দলটোৱে খেলখনত ১০ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । এতিয়া পৰৱর্তী মেচত টিম ইণ্ডিয়াই কেনে প্রদর্শন কৰিব সেয়া লক্ষ্যণীয় হ’ব ।

এডিলেইড টেষ্টত পৰাজয়ৰ পিছত বৃহৎ ক্ষতি টীম ইণ্ডিয়াৰ, সলনি হ’ল WTC ফাইনেলৰ গণিত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল এডিলেইড অ’ভেলত অনুষ্ঠিত হয় । এই পিংক বল টেষ্টত ভাৰতীয় দলটোৱে ১০ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । আয়োজক দলটোৱে জয়ৰ বাবে ১৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিছিল আৰু সহজেই লক্ষ্যত উপনীত হয় । এতিয়া ১৪ ডিচেম্বৰৰ পৰা (শনিবাৰে) ব্রিছবেনৰ গাব্বা খেলপথাৰত দুয়োটা দলৰ মাজত তৃতীয়খন টেষ্ট মেচ অনুষ্ঠিত হ’ব ৷

এডিলেইডত পৰাজয়ৰ বাবে বৃদ্ধি পালে টিম ইণ্ডিয়াৰ চিন্তা-

এডিলেইড টেষ্টত পৰাজয়ৰ পিছত ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে । এতিয়া ভাৰতীয় দলটো পইণ্ট তালিকাত তৃতীয় স্থানলৈ অৱনমিত হৈছে । এই মেচখনৰ পূৰ্বে ভাৰতীয় দলটো শীৰ্ষত আছিল যদিও এতিয়া দক্ষিণ আফ্ৰিকাই দলটোক অতিক্ৰম কৰিছে, আনহাতে অষ্ট্ৰেলিয়াৰ দলটোৱে এই জয়ৰ পিছত প্ৰথম স্থানলৈ উন্নীত হৈছে ।

প্ৰথম স্থানত থকা অষ্ট্ৰেলিয়াই এতিয়ালৈকে ১৪খন মেচত ৯টা জয়, ৪টা পৰাজয় আৰু ১খন ড্ৰ’ৰে ১০২ পইণ্ট লাভ কৰিছে । দলটোৰ নম্বৰৰ শতাংশ ৬০.৭১ । দ্বিতীয় স্থানত থকা দক্ষিণ আফ্ৰিকাই ৫খনত জয়, ৩খনত পৰাজয় আৰু এখনত ড্ৰ’ৰে ৯খন মেচত ৬৪ পইণ্ট লাভ কৰিছে । দক্ষিণ আফ্ৰিকাৰ নম্বৰ শতাংশ ৫৯.২৬, যিটো বৰ্তমান ভাৰততকৈ বেছি ।

ভাৰতীয় দলটোৱে ১৬খন খেলত ৯খনত জয়, ৬খনত পৰাজয় আৰু এখন ড্ৰ’ৰে ১১০ পইণ্ট লাভ কৰিছে । দলটোৰ নম্বৰৰ শতকৰা হাৰ এতিয়া ৫৭.২৯ লৈ হ্ৰাস পাইছে । বৰ্তমানৰ চক্ৰত ভাৰতে আৰু ৩ খন মেচ খেলিব লাগিব, যি কেৱল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আছে । আনহাতে, শ্ৰীলংকাৰ দল চতুৰ্থ স্থানত, ইংলেণ্ড পঞ্চম স্থানত আৰু নিউজীলেণ্ড ষষ্ঠ স্থানত আছে । সপ্তম স্থানত পাকিস্তান, অষ্টম স্থানত ৱেষ্ট ইণ্ডিজ আৰু নৱম স্থানত আছে বাংলাদেশ । নিউজীলেণ্ড, ইংলেণ্ড, পাকিস্তান, বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজ ফাইনেলৰ দৌৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আছে ।

অৰ্থাৎ ফাইনেলৰ দৌৰত ভাৰত, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ মাজত মাত্ৰ চাৰিটা দলহে বাকী আছে । এডিলেইড টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩-০ ব্যৱধানত ছিৰিজ জয়ৰ প্ৰয়োজন আছিল যাতে সহজে ডব্লিউ টি চি ফাইনেলত প্ৰৱেশ কৰিব পাৰে । কিন্তু এতিয়া তেওঁলোকৰ বাবে সমীকৰণটো অলপ কঠিন হৈ পৰিছে । এতিয়া ভাৰতে ৪-১ ব্যৱধানত শৃংখলাত জয়ী হ’ব লাগিব যাতে সহজে ফাইনেলত প্ৰৱেশ কৰিব পাৰে ।

এতিয়া ভাৰতৰ বাবে সমীকৰণ এনেকুৱা-

-যদি ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪-১ ব্যৱধানত টেষ্ট শৃংখলাত জয়ী হয়, তেন্তে নিশ্চিতভাৱে WTC ফাইনেলত প্ৰৱেশ কৰিব ।

-অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩-১ ব্যৱধানত ছিৰিজ জয়ৰ ক্ষেত্ৰতো ভাৰতীয় দলৰ বাবে এক বৃহৎ সুযোগ থাকিব । কিন্তু তেতিয়া তেওঁলোকে দ্বিতীয়খন টেষ্টত শ্ৰীলংকাই দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিব লাগিব বুলি আশা কৰিব লাগিব ।

-অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩-২ৰ ব্যৱধানত শৃংখলা জয় কৰিলেও ভাৰতৰ সুযোগ আছে । অৱশ্যে এনে পৰিস্থিতিত ভাৰতে আশা কৰিব লাগিব যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত শ্ৰীলংকাই অন্ততঃ এখন মেচ ড্ৰ’ কৰিব ।

-অষ্ট্ৰেলিয়াৰ সৈতে শৃংখলা ২-২ ব্যৱধানত সমতা স্থাপন কৰিলেও ভাৰতৰ বাবে কিছু সুযোগ থাকিব । এনে পৰিস্থিতিত যদি দক্ষিণ আফ্ৰিকাই দ্বিতীয়খন টেষ্টত শ্ৰীলংকাক পৰাস্ত কৰে আৰু শ্ৰীলংকাৰ দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত জয়ী হোৱাত সফল হয়, তেন্তে ফাইনেলত ভাৰতৰ স্থান নিশ্চিত হ’ব ।

২০২৩ চনৰ পৰা ২০২৫ চনলৈ চলিবলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ এইটো তৃতীয় চক্ৰ । ইতিমধ্যে এই তৃতীয় চক্ৰৰ বাবে পইণ্ট ব্যৱস্থাৰ সৈতে জড়িত নিয়মসমূহ আই চি চিয়ে প্ৰকাশ কৰিছে

এডিলেইড টেষ্টত দ্বিতীয়বাৰৰ বাবে ফ্লপ ৰোহিত শৰ্মা, ছয় নম্বৰত আহি পুনৰ এবাৰ কৰিলে নিৰাশাজনক প্ৰদৰ্শন

পুনৰ এবাৰ হতাশাজনক প্ৰদৰ্শন দাঙি ধৰিছে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা । এডিলেইড টেষ্টৰ দ্বিতীয় ইনিংছত তেওঁ মাত্ৰ ৬ ৰানহে কৰিবলৈ সক্ষম হয় । তেওঁক বল্ড কৰে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে । উল্লেখ্য যে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট এডিলেইডত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছে । এই খেলৰ দ্বিতীয় দিনটোত টিম ইণ্ডিয়াই বিশেষ প্ৰদৰ্শন কৰিব পৰা নাছিল । শনিবাৰৰ খেলখনৰ শেষলৈকে ভাৰতে ৫টা উইকেট হেৰুৱাই । গতিকে বৰ্তমান এই মেচখন অষ্ট্ৰেলিয়াৰ হাতত আছে ।

দুয়োটা ইনিংছতে ফ্লপ ৰোহিত-

দ্বিতীয় সন্তান জন্মৰ বাবে প্ৰথম টেষ্টত অংশ লোৱা নাছিল ৰোহিত শৰ্মাই । এতিয়া দ্বিতীয় টেষ্টত খেলা দেখা গৈছে অধিনায়কগৰাকীক । কিন্তু ঘূৰি অহাৰ পিছতো তেওঁৰ প্ৰদৰ্শনৰ বিশেষ উন্নতি হোৱা দেখা নগ’ল । ছয় নম্বৰত বেটিং কৰিবলৈ অহা ৰোহিতে ভাৰতৰ দুয়োটা ইনিংছতে মুঠ ৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । প্ৰথম ইনিংছত হিটমেনে ২৩টা বলৰ মুখামুখি হয় আৰু মাত্ৰ ৩ ৰানহে সংগ্ৰহ কৰে । দ্বিতীয় ইনিংছতো একেধৰণৰ প্ৰদৰ্শন আগবঢ়াই তেওঁ । এই মেচৰ দ্বিতীয় দিনা তেওঁ মাত্ৰ ৬ ৰানহে সংগ্ৰহ কৰিব পাৰে ।

যোৱা ১২টা ইনিংছত ৰোহিতৰ প্ৰদৰ্শন কেনেকুৱা আছিল ?

অষ্ট্ৰেলিয়াৰ পূৰ্বে ভাৰতে নিউজীলেণ্ড আৰু বাংলাদেশৰ মুখামুখি হৈছিল ভাৰতীয় দল । এই সময়ছোৱাতো ৰোহিতৰ বেটে কোনো বিশেষ প্ৰদৰ্শন আগবঢ়াব পৰা নাছিল । কিৱিৰ বিৰুদ্ধে তেওঁ ৬চটা ইনিংছত মাত্ৰ ৯১ ৰানহে সংগ্ৰহ কৰে, য’ত তেওঁ এবাৰ শূন্যত আউট হৈছিল । ইয়াৰ বাহিৰে বাংলাদেশৰ বিৰুদ্ধে চাৰিটা ইনিংছত মাত্ৰ ৪২ ৰানহে সংগ্ৰহ কৰিছিল তেওঁ । এতিয়া তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও তেওঁৰ প্ৰদৰ্শন যথেষ্ঠ নিৰাশাজনক । যোৱা ১২টা ইনিংছত তেওঁ ৮ বাৰকৈ ডাবল ফিগাৰ স্পৰ্শ কৰিব পৰা নাছিল ।

৬ নম্বৰত ৰোহিতৰ অভিলেখ কেনেকুৱা ?

এই মেচৰ পূৰ্বে যদি ৰোহিতৰ ছয় নম্বৰত বেটিং কৰাৰ অভিলেখ চোৱা হয়  তেন্তে তেওঁ ১৬খন টেষ্ট মেচত গড়ে ৫৪.৫৭ ৰান কৰি ১০৩৭ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ ভিতৰত আছে তিনিটা শতক আৰু ছটা অৰ্ধশতক । ২০১৮-১৯ অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতৰ হৈ ষষ্ঠ স্থানত বেটিং কৰি হিটমেনে চাৰিটা ইনিংছত ৩৭, ১, ৬৩* আৰু ৫ ৰান সংগ্ৰহ কৰিছিল । এই দুয়োখন মেচ মেলবৰ্ণ আৰু এডিলেইডত অনুষ্ঠিত হৈছিল ।

মেচৰ গতি-

ভাৰতে প্ৰথম ইনিংছত ৩৩৭ ৰানত অষ্ট্ৰেলিয়াক আউট কৰিছিল যদিও কেংগাৰু দলটোৱে ১৫৭ ৰানত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় । স্কট ব’লেণ্ড আৰু পেট কামিন্সৰ নেতৃত্বত বলাৰসকলে ভাৰতীয় বেটছমেনসকলক শলঠেকত পেলাই আৰু দ্বিতীয় দিনৰ খেলৰ শেষলৈকে ভাৰতে ১২৮ ৰানত ৫টা উইকেট হেৰুৱাই ৷ ভাৰতীয় দলটো এতিয়াও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৯ ৰানত পিছ পৰি আছে । ষ্টাম্পৰ সময়ত ঋষভ পন্টে ২৮ ৰান আৰু নীতিশ ৰেড্ডীয়ে ১৫ ৰানেৰে ক্ৰীজত অপৰাজিত হৈ আছিল । অষ্ট্ৰেলিয়াৰ হৈ পেট কামিন্স আৰু স্কট ব’লেণ্ডে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে মিচেল ষ্টাৰ্কে এটা উইকেট লাভ কৰে ।

পৰাজয়ৰ আশংকাত টিম ইণ্ডিয়াঃ কেংগাৰুৰ বিধ্বংসী বলিং, দ্বিতীয় ইনিংছতো বেটিং ব্যৰ্থতা

এডিলেইড টেষ্টত দ্বিতীয় দিনাৰ খেলৰ শেষলৈকে ভাৰতে দ্বিতীয় ইনিংছত ৫ টা উইকেট হেৰুৱাই ১২৮ ৰাণ সংগ্ৰহ কৰিছে । ভাৰতীয় দলটো এতিয়াও প্ৰথম ইনিংছত ২৯ ৰাণত পিছ পৰি আছে । ভাৰতৰ দ্বিতীয় ইনিংছত ঋষভ পন্টে বৰ্তমান ২৮ ৰাণত অপৰাজিত আছে আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে ১৫ ৰাণ সংগ্ৰহ কৰি ক্ৰীজত আছে । এতিয়ালৈকে, পেট কামিন্স আৰু স্ক’ট বোলেণ্ডে অষ্ট্ৰেলিয়াৰ হৈ দুটাকৈ উইকেট দখল কৰিছে, আনহাতে মিচেল ষ্টাৰ্কে এটা উইকেট দখল কৰিছে ।

প্ৰথম দিনাৰ খেলৰ শেষলৈ অষ্ট্ৰেলিয়াই এটা উইকেট হেৰুৱাই ৮৬ ৰাণ সংগ্ৰহ কৰিছিল । দ্বিতীয় দিনটো ভাৰতৰ বাবে ভাল আৰম্ভণি হৈছিল, কাৰণ নাথান মেকচুইনি আৰু ষ্টিভ স্মিথ সোনকালেই আউট হৈ পেভিলিয়নলৈ উভতি আহিছিল । মাৰ্নাছ লাবুচাগেনে ৬৪ ৰাণৰ অৰ্ধশতক অৰ্জন কৰে, কিন্তু ট্ৰেভিছ হেডে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে । হেডে ৯৯ তকৈ অধিক ষ্ট্ৰাইক ৰেটত ১৪০ৰাণ সংগ্ৰহ কৰে, যিটো তেওঁৰ টেষ্ট কেৰিয়াৰৰ অষ্টমটো শতক আছিল ।

পৰাজয়ৰ পৰা ৫ উইকেটৰ দূৰত ভাৰত-

প্ৰথম ইনিংছত ভাৰতৰ বিৰুদ্ধে ১৫৭ ৰানত অগ্ৰগতি লাভ কৰিছিল অষ্ট্ৰেলিয়াই । যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে ভাৰতৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰে । মাত্ৰ ৭ ৰান সংগ্ৰহ কৰি ৰাহুল আউট হয় । জয়ছোৱাল আৰু শুভমন গীলে ক্ৰমে ২৪ আৰু ২৮ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । ইফালে প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰা বিৰাট কোহলীয়ে মাত্ৰ ১১ ৰান কৰিয়েই পেভিলিয়নৰ বাট বুলে । ক্ৰীজলৈ অহাৰ পিছৰে পৰা অধিনায়ক ৰোহিত শৰ্মাক সংগ্ৰাম কৰি থকা দেখা যায় । অধিনায়কগৰাকীক পেট কামিন্সে ব্যক্তিগত ৬ ৰানৰ স্ক’ৰত ক্লিন বল্ড কৰে । এতিয়া ভাৰত পৰাজয়ৰ পৰা মাত্ৰ ৫ উইকেট দূৰত ।

ঋষভ পন্টৰ পৰা আশা-

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত সময়ে সময়ে টিম ইণ্ডিয়াৰ বাবে ত্ৰাণকৰ্তা হৈ আহিছে ঋষভ পন্ট । দ্বিতীয় দিনৰ খেলৰ শেষলৈকে ঋষভ পণ্টে বৰ্তমান  ১১২ ৰানৰ ষ্ট্ৰাইক ৰেটত ২৮ ৰান সংগ্ৰহ কৰি খেলি আছে । তেওঁৰ লগতে নীতিশ কুমাৰ ৰেড্ডীয়েও ১৪টা বলত ১৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে । দুয়োজনে দ্ৰুত শ্বট মাৰি খেলিবলৈ চেষ্টা কৰিছিল । ইনিংছৰ পৰাজয়ৰ পৰা হাত সাৰিবলৈ টিম ইণ্ডিয়াই কমেও ২৯ ৰান সংগ্ৰহ কৰিব লাগিব ।

৪২ টা চাৰি… ৫ টা ছয়… এইজন বিস্ফোৰক বেটছমেনে অৰ্জন কৰিছে দ্ৰুততম ত্ৰিশতক

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যদি আমি ত্ৰিশতকৰ কথা কওঁ, তেন্তে ই কেৱল ৰেড বলৰ ফৰ্মেটতহে হৈছে । এতিয়ালৈকে এদিনীয়া আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ত্ৰিশতক অৰ্জন কৰাৰ কৃতিত্ব কোনেৱে লাভ কৰিব পৰা নাই । টেষ্টত ত্ৰিশতক অৰ্জন কৰা বেটছমেনসকলৰ মাজত মাত্ৰ কেইটামান নামহে অন্তৰ্ভুক্ত হৈছে । ব্ৰেডমেন-ছেহৱাগৰ পৰা লাৰা-গেইললৈকে বেটছমেনে ৩২ বাৰ ট্ৰিপল চেঞ্চুৰী বা ত্ৰিশতক কৰাৰ কৃতিত্ব অৰ্জন কৰিছে যদিও ৩০০ ৰান সম্পূৰ্ণ কৰা আটাইতকৈ দ্ৰুত বেটছমেনৰ নাম জানেনে ?  ১৬ বছৰ পূৰ্বে ২০০৮ চনত এই অভিলেখ গঢ়িছিল এইজন বেটছমেনে, যিটো এতিয়ালৈকে কোনেও ভংগ কৰিব পৰা নাই ।

ব্ৰেডমেন-ছেহৱাগ-গেfল আৰু লাৰাই দুবাৰকৈ অৰ্জন কৰিছিল এই সফলতা-

বহু মহান বেটছমেনে ত্ৰিশতক অৰ্জন নকৰাকৈয়ে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সমাপ্ত কৰাৰ বিপৰীতে ব্ৰেডমেন, ছেহৱাগ, গেইল আৰু লাৰাই দুবাৰকৈ ত্ৰিশতক অৰ্জন কৰাত সফল হৈছে । বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ বেটছমেন ডন ব্ৰেডমেন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দুটা ত্ৰিশতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় । ব্ৰেডমেনৰ তালিকাত ব্রায়ান লাৰাৰ নামো যোগ হৈছিল । ইয়াৰ পিছতে ভাৰতীয় বেটছমেন বীৰেন্দ্ৰ ছেহৱাগে নিজকে এই মহান ক্লাবত অন্তৰ্ভুক্ত কৰিলে । ইয়াৰ পাছত ক্ৰীছ গেইলেও দুটা ত্ৰিশতক অৰ্জন কৰা বেটছমেনৰ ভিতৰত নিজকে অন্তৰ্ভুক্ত কৰে ।

কোনে দ্ৰুততম ত্ৰিশতক অৰ্জন কৰিছে ?

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম ত্ৰিশতক অৰ্জন কৰাৰ বিশ্ব অভিলেখ বীৰেন্দ্ৰ ছেহৱাগৰ নামত আছে । বিস্ফোৰক বেটিঙেৰে বলাৰসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা এই প্ৰাক্তন অ’পেনাৰগৰাকীয়ে ২০০৮ চনত ঐতিহাসিক ইনিংছ খেলি এই অভিলেখ গঢ়িছিল । চেন্নাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট মেচত ছেহৱাগে ৩১৯ ৰানৰ মাৰাথন ইনিংছ খেলিছিল । ইনিংছৰ ২৭৮ নং বলত ছেহৱাগে ত্ৰিশতক সম্পূৰ্ণ কৰে । তেওঁৰ বিশ্ব অভিলেখৰ ১৬ বছৰ পাৰ হৈ গ’ল, কিন্তু এতিয়ালৈকে কোনেৱে ইয়াক ভংগ কৰাত সফল হোৱা নাই ।

৪২টা চাৰি আৰু ৫টা ছয়-

দক্ষিণ আফ্ৰিকাৰ বলাৰসকলক নিৰ্মমভাৱে প্ৰহাৰ কৰি ছেহৱাগে ৩১৯ ৰানৰ ইনিংছত বহু চাৰি আৰু ছয় কোবাই । এই ঐতিহাসিক ইনিংছত তেওঁ ৪২টা চাৰি আৰু ৫টা ছয় কোবাই । ৩০৪ টা বলৰ সন্মুখীন হৈ ছেহৱাগে ৫৩০ মিনিট বেটিং কৰে । উল্লেখ্য যে, ছেহৱাগৰ দ্বিতীয়টো ত্ৰিশতক দ্ৰুততম ত্ৰিশতকৰ তালিকাত চতুৰ্থ স্থানত আছে, যিটো তেওঁ পাকিস্তানৰ বিৰুদ্ধে অৰ্জন কৰিছিল । ২০০৪ চনত মুলতানত অনুষ্ঠিত মেচখনত তেওঁ ৩০৯ ৰানৰ ইনিংছ খেলিছিল, য’ত তেওঁ ৩৬৪ বলত ত্ৰিশতক সম্পূৰ্ণ কৰে ।

দ্ৰুততম ত্ৰিশতক অৰ্জন কৰা বেটছমেন-

বীৰেন্দ্ৰ ছেহৱাগ – ২৭৮ বল

হেৰী ব্ৰুক – ৩১০ বল

মেথিউ হেডেন – ৩৬২ বল

বীৰেন্দ্ৰ ছেহৱাগ – ৩৬৪ বল

এডিলেইডত অ’পেনিং কৰিব যশস্বী-ৰাহুলে ?  পিংক বল টেষ্টত কি হ’ব টিম ইণ্ডিয়াৰ মূল একাদশ

পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ অহা ৬ ডিচেম্বৰৰ পৰা এডিলেইডত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব । এই টেষ্টখন দিবা-নৈশ, সেইবাবেই গুলপীয়া বলৰ সৈতে খেলিব লাগিব দল দুটাই । এই মেচৰ বাবে দুয়োটা দল এডিলেইডত উপস্থিত হৈছে আৰু অনুশীলনো আৰম্ভ কৰিছে । নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাও এই টেষ্টত দললৈ উভতি আহিছে । অৱশ্যে ৰোহিতে ইনিংছ মুকলি নকৰে বুলি অনুমান কৰা হৈছে ।

যদি আমি এডিলেইডত টিম ইণ্ডিয়াৰ অনুশীলন আৰু প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে খেলখন চাওঁ, তেন্তে প্ৰায় স্পষ্ট যে যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে দ্বিতীয়খন টেষ্টতো অ’পেনিং কৰিব । এই দুগৰাকী বেটছমেনে পাৰ্থত খেলা প্ৰথমখন টেষ্টত ভাৰতৰ জয়ৰ ভেটি স্থাপন কৰিছিল । এনে পৰিস্থিতিত অধিনায়ক ৰোহিতক মিডল অৰ্ডাৰত খেলা দেখা যাব পাৰে ।

শুভমন গীল এতিয়া ফিট হৈ পৰিছে । প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে খেলখনত তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ আহিছিল তেওঁ । এনে পৰিস্থিতিত তেওঁ যে এডিলেইডত খেলিব সেয়া নিশ্চিত । পাৰ্থৰ ‘শতকবীৰ’ বিৰাট কোহলীয়ে চাৰি নম্বৰ স্থানত খেলিব বুলি নিশ্চিত । ইয়াৰ পিছত দেখা যাব অধিনায়ক ৰোহিত শৰ্মাক । অৰ্থাৎ এডিলেইডত হিটমেনক পাঁচ নম্বৰত খেলা দেখা যাব পাৰে ।

ইয়াৰ পাছত উইকেটকীপাৰ ঋষভ পন্টৰ খেল নিশ্চিত । পাৰ্থত পণ্টে বিশেষ প্ৰদৰ্শন কৰিব পৰা নাছিল । কিন্তু তেওঁ নিশ্চিতভাৱে এডিলেইডত নিজৰ প্ৰতিভা দেখুৱাব বিচাৰিব । ৱাশ্বিংটন সুন্দৰেও খেলাৰ সম্ভাৱনা আছে । ইয়াৰ পিছত নীতিশ কুমাৰ ৰেড্ডীয়েও অষ্টম স্থানত খেলাটো নিশ্চিত । ইয়াৰ পিছত তিনিজন বেগী বলাৰ । ইয়াত যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ আৰু হৰ্ষিত ৰাণাক দেখা যাব ।

দ্বিতীয় টেষ্টত ভাৰতৰ সাম্ভাব্য মূল একাদশ-

কে এল ৰাহুল, যশস্বী জয়ছোৱাল, শুভমন গীল, বিৰাট কোহলী, ৰোহিত শৰ্মা (অধিনায়ক), ঋষভ পন্ট (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, নীতিশ কুমাৰ ৰেড্ডী, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ আৰু হৰ্ষিত ৰাণা ।