‘বিশ্ব অভিলেখ’ গঢ়িবলৈ মাত্ৰ কেইখোজমান বাকী বিৰাট কোহলী, এডিলেইডত  লক্ষ্য ব্রায়ান লাৰাৰ অভিলেখ

পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত বিৰাট কোহলীয়ে এক উজ্জ্বল শতক অৰ্জন কৰিছিল । ৮টা চাৰি আৰু ২টা ৬ৰ সহায়ত ১৪৩টা বলত ১০০ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল তেওঁ । এতিয়া এডিলেইডত অনুষ্ঠিত হ’বলগীয়া পিংক বল ডে-নাইট টেষ্টত যদি কোহলীয়ে ১০২ ৰান সংগ্ৰহ কৰে তেন্তে তেওঁ ‘বিশ্ব অভিলেখ’ গঢ়িবলৈ সক্ষম হ’ব আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বেটছমেন ব্রায়ান লাৰাৰ অভিলেখ ভংগ কৰিব ।

বৰ্তমান কোহলী এডিলেইড অ’ভেলত সৰ্বাধিক টেষ্ট ৰান সংগ্ৰহ কৰা তৃতীয়জন বেটছমেন । এই পৰ্যন্ত কোহলীয়ে ৫০৯ ৰান সংগ্ৰহ কৰিছে । এই তালিকাত দ্বিতীয় স্থানত আছে ৱেষ্ট ইণ্ডিজৰ মহান বেটছমেন ছাৰ ভিভিয়ান ৰিচাৰ্ডছ । এই খেলপথাৰত টেষ্ট ক্ৰিকেটত ৫৫২ ৰান সংগ্ৰহ কৰিছে ছাৰ ভিভিয়ান ৰিচাৰ্ডছে । তাৰ পিছত ব্রায়ান লাৰা আছে প্ৰথম স্থানত । লাৰাই ৬১১ ৰান সংগ্ৰহ কৰিছে ।

এতিয়া কোহলীক লাৰাৰ অভিলেখ ভংগ কৰি এডিলেইডত সৰ্বাধিক টেষ্ট ৰান সংগ্ৰহৰ বিশ্ব অভিলেখ দখল কৰিবলৈ ১০২ ৰানৰ প্ৰয়োজন । ভিভিয়ান ৰিচাৰ্ডছৰ অভিলেখ ভংগ কৰিবলৈ কোহলীক মাত্ৰ ৪৪ ৰানৰ প্ৰয়োজন । গতিকে এডিলেইডত কোহলিয়ে সৰ্বাধিক টেষ্ট ৰান সংগ্ৰহৰ অভিলেখ গঢ়িবলৈ সক্ষম হব নে নাই তাক চাবলৈ অনুৰাগী আগ্ৰহেৰে অপেক্ষা কৰিছে ।

এডিলেইডত সৰ্বাধিক টেষ্ট ৰাণ-

ব্ৰায়ান লাৰা – ৬১০ ৰাণ

ছাৰ ভিভিয়ান ৰিচাৰ্ডছ – ৫৫২ ৰাণ

বিৰাট কোহলী – ৫০৯ ৰাণ

ৱালি হেমণ্ড – ৪৮২ ৰাণ

লিঅনাৰ্ড হাটন – ৪৫৬ ৰাণ

বিৰাট কোহলীৰ টেষ্ট কেৰিয়াৰ-

উল্লেখযোগ্য যে বিৰাট কোহলীয়ে কেৰিয়াৰত এতিয়ালৈকে ১১৯খন টেষ্ট খেলিছে । এই মেচসমূহৰ ২০৩টা ইনিংছত তেওঁ ৪৮.১৩ গড়ে ৯১৪৫ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁ ৩০টা শতক আৰু ৩১টা অৰ্ধশতক অৰ্জন কৰিছে, য’ত সৰ্বোচ্চ স্ক’ৰ হৈছে ২৫৪* ৰান । ২০১১ চনৰ জুন মাহত কিংষ্টনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটায় কোহলীয়ে ।

মেচ সলনি কৰাত পাকৈত, পিংক বল টেষ্টত অষ্ট্ৰেলিয়াৰ বাবে আটাইতকৈ বিপজ্জনক হৈ পৰিব পাৰে  এই ৪ জন ভাৰতীয়

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয়খন টেষ্ট মেচ ৬ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ এডিলেইডত অনুষ্ঠিত হ’ব । এইখন হ’ব দিবা-নৈশ টেষ্ট মেচ । এই খেলখন ভাৰতীয় সময় অনুসৰি পুৱা ৯:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব । অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ এই টেষ্ট মেচখনৰ বাবে । দিবা-নৈশ টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ ভাল অভিলেখ আছে যদিও ভাৰতীয় দলটোও অতি বিপজ্জনক ফৰ্মত আছে । প্ৰথম টেষ্টত পাৰ্থত ঐতিহাসিক জয়ৰ পিছত এতিয়া এডিলেইডত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ টেষ্ট মেচত জয়ী হোৱাৰ বাবে টিম ইণ্ডিয়া শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে । ইফালে ভাৰতত এনে ৪ জন বিপজ্জনক খেলুৱৈ আছে যিয়ে দিবা-নৈশ এই টেষ্ট মেচত অকলেই কেংগাৰু দলক বিধ্বস্ত কৰিব পাৰে । জানক এই ৪ জন খেলুৱৈৰ বিষয়ে-

বিৰাট কোহলী-

টিম ইণ্ডিয়াৰ শক্তিশালী বেটছমেন বিৰাট কোহলী পুনৰ ফৰ্মলৈ ঘূৰি আহিছে । ৬ ডিচেম্বৰৰ পৰা এডিলেইডত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ টেষ্ট মেচখনত পুনৰ ৰান সংগ্ৰহৰ বাবে সাজু হৈছে বিৰাট কোহলীৰ বেট । দিবা-নৈশ টেষ্ট মেচত বিৰাট কোহলীৰ অভিলেখ অতি উৎকৃষ্ট । বিৰাট কোহলীয়ে এতিয়ালৈকে ৪ খন দিবা-নৈশ টেষ্ট মেচ খেলিছে, য’ত তেওঁ ৪৬.১৬ গড়ে ২৭৭ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত বিৰাট কোহলীয়ে ১টা শতক আৰু ১টা অৰ্ধশতক অৰ্জন কৰিছে । পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচত বিৰাট কোহলীয়ে ১৪৩টা বলত ১০০ ৰান সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত বিৰাট কোহলীয়ে ৬৯.৯৩ ষ্ট্ৰাইক ৰেটত বেটিং কৰাৰ লগতে ৮টা চাৰি আৰু ২টা ছয় কোবাই । এডিলেইডত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ টেষ্ট মেচখনতো বিৰাট কোহলীয়ে নিজৰ একে ফৰ্ম বজাই ৰাখিব বুলি আশা কৰা হৈছে ।

যশপ্ৰীত বুমৰাহ-

৬ ডিচেম্বৰৰ পৰা এডিলেইডত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ টেষ্ট মেচখনত বেগী বলাৰ যশপ্ৰীত বুমৰাহ অষ্ট্ৰেলিয়াৰ দলটোৰ বাবে মূৰৰ কামোৰণি হিচাপে প্ৰমাণিত হ’ব পাৰে । গুলপীয়া বলৰ সৈতে যশপ্ৰীত বুমৰাহৰ বলিং আৰু অধিক মাৰাত্মক হৈ পৰিব, যিটো কেংগাৰুৰ বেটছমেনসকলৰ বাবে এক কঠিন প্ৰত্যাহ্বান হৈ পৰিব । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থ টেষ্ট মেচত টিম ইণ্ডিয়াৰ সৰ্ববৃহৎ মেচ উইনাৰ হিচাপে প্ৰমাণিত হ’ল যশপ্ৰীত বুমৰাহ । পাৰ্থ টেষ্টত মুঠ ৮টা উইকেট দখল কৰাৰ লগতে মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈও আছিল যশপ্ৰীত বুমৰাহ । যশপ্ৰীত বুমৰাহৰ বিধ্বংসী বলিং আক্ৰমণৰ বাবে ভাৰতে ২৯৫ ৰাণত এই মেচত জয়লাভ কৰে । পিংক বল টেষ্টত যশপ্ৰীত বুমৰাহৰ বলিং আৰু অধিক চোকা হ’ব । পিংক বল টেষ্টত যশপ্ৰীত বুমৰাৰ ডাঙৰ ভূমিকা থাকিব । ফাষ্ট বল, বিপজ্জনক বাউন্সাৰ আৰু পিন ব্ৰেকিং ইয়ৰ্কাৰ হৈছে যশপ্ৰীত বুমৰাহৰ বলিঙৰ আটাইতকৈ ডাঙৰ গহণা ।

যশস্বী জয়ছোৱাল-

এডিলেইডত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ টেষ্টত ভাৰতৰ বিস্ফোৰক বাওঁহতীয়া অ’পেনাৰ যশস্বী জয়ছোৱালে অষ্ট্ৰেলিয়াক ব্যতিব্যস্ত কৰি তুলিব পাৰে । যশস্বী জয়ছোৱাল এজন আগ্ৰাসী বেটছমেন আৰু তেওঁ নিজৰ বিধ্বংসী বেটিঙেৰে এটা অধিবেশনতে টেষ্ট মেচৰ গতিপথ সলনি কৰাত পাকৈত । নিজৰ সামৰ্থৰ বাবেই এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দি্বা-নৈশ টেষ্টত ভাৰতীয় দলৰ বাবে সৰ্ববৃহৎ ‘গেম চেঞ্জাৰ’ হিচাপে প্ৰমাণিত হ’ব পাৰে যশস্বী জয়ছোৱাল । প্ৰথমটো অষ্ট্ৰেলিয়া ভ্ৰমণত শতক অৰ্জন কৰি যশস্বী জয়ছোৱালে সমগ্ৰ বিশ্বক কয় যে তেওঁ এজন বিশ্বমানৰ অপেনিং বেটছমেন । পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচত যশস্বী জয়ছোৱালে ২৯৭টা বলত ১৬১ ৰান সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত যশস্বী জয়ছোৱালে ৫৪.২১ ষ্ট্ৰাইক ৰেটত বেটিং কৰি ১৫টা চাৰি আৰু ৩টা ছয় কোবাই । বাওঁহতীয়া বেটছমেন যশস্বী জয়ছোৱালে দিবা-নৈশ টেষ্টত অষ্ট্ৰেলিয়াৰ বলাৰ পেট কামিন্স, মিচেল ষ্টাৰ্ক, নাথান লায়ন আৰু স্কট ব’লেণ্ডকো নিৰ্দয় প্ৰহাৰ কৰিব পাৰে ।

ঋষভ পন্ট-

এডিলেইডত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ টেষ্টত অষ্ট্ৰেলিয়াৰ বাবে সৰ্বাধিক ভাবুকি কঢ়িয়াই অনা বেটছমেনগৰাকী হৈছে ঋষভ পণ্ট । উইকেটকীপাৰ বেটছমেন ঋষভ পন্ট অষ্ট্ৰেলিয়ান দলৰ বলাৰৰ বাবে ডাঙৰ ভাবুকি হিচাপে প্ৰমাণিত হ’ব পাৰে । ঋষভ পন্টৰ লক্ষ্য হ’ব কেংগাৰুৰ অফ স্পীনাৰ নাথান লায়ন । ঋষভ পণ্টে বিগত সময়ত নাথান লায়নৰ বিৰুদ্ধে বহু ৰান সংগ্ৰহ কৰিছে । অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট মেচত ঋষভ পন্টৰ অভিলেখ ভাল । অষ্ট্ৰেলিয়াত এই পৰ্যন্ত ৮ খন টেষ্ট মেচ খেলিছে ঋষভ পণ্টে । এই সময়ছোৱাত ঋষভ পন্টে ৬৬২ ৰান সংগ্ৰহ কৰিছে । অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট মেচত ১ শতক আৰু ২টা অৰ্ধশতক অৰ্জন কৰিছে ঋষভ পন্টে । এডিলেইডত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ টেষ্টত টিম ইণ্ডিয়াৰ হৈ সৰ্ববৃহৎ মেচ বিজয়ী হিচাপে প্ৰমাণিত হ’ব পাৰে ঋষভ পণ্ট ।

এডিলেইড টেষ্টৰ বাবে কি হ’ব ভাৰতৰ মূল একাদশ ? এইসকল খেলুৱৈৰ স্থান নিশ্চিত

অষ্ট্ৰেলিয়াত এই পৰ্যন্ত শক্তিশালী প্ৰদৰ্শন দেখা গৈছে টিম ইণ্ডিয়াৰ । প্ৰথমখন টেষ্টত জয়লাভ কৰাৰ পিছত ভাৰতে ৱাৰ্ম আপ মেচতো জয়লাভ কৰিছে । দেওবাৰে অনুষ্ঠিত অনুশীলন মেচখনত টিম ইণ্ডিয়াই প্ৰধানমন্ত্ৰী একাদশক ৬ উইকেটত পৰাস্ত কৰে । এতিয়া ৬ ডিচেম্বৰৰ পৰা এডিলেইডত অনুষ্ঠিত হ’ব শৃংখলাৰ দ্বিতীয়খন মেচ । এই মেচৰ বাবে ভাৰতৰ মূল একাদশ প্ৰায় চূড়ান্ত । টীম ইণ্ডিয়াৰ একাংশ খেলুৱৈৰ স্থান প্ৰায় নিশ্চিত কৰা হৈছে । বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ লগতে শুভমন গীলৰ নামো ইয়াত সন্নিবিষ্ট কৰা হৈছে ।

টেষ্ট শৃংখলাৰ প্রথমখন খেলত খেলা নাছিল অধিনায়ক ৰোহিত শর্মাই ৷ সেই সময়ত তেওঁ মুম্বাইত আছিল । কিন্তু এতিয়া তেওঁ পুনৰ দললৈ উভতি আহিছে । দলৰ মূল একাদশত ৰোহিতকো অন্তৰ্ভুক্ত কৰা হ’ব । ৰোহিতৰ লগতে গীলো ঘূৰি আহিব । আঘাতৰ বাবে প্ৰথম টেষ্ট খেলিব পৰা নাছিল শুভমনে । এতিয়া তেওঁ পুনৰ উভতি আহিছে । ৱাৰ্ম আপ মেচখনত গীলে ৫০ ৰানৰ ইনিংছ খেলে । এই সময়ছোৱাত তেওঁ চাৰিটা ৪ কোবাই ।

হৰ্ষিত ৰাণাৰ স্থান প্ৰায় নিশ্চিত –

দ্বিতীয়খন টেষ্টৰ মূল একাদশত হৰ্ষিত ৰানাৰ স্থান প্ৰায় নিশ্চিত । ৱাৰ্ম আপ মেচখনত তেওঁ মাৰাত্মক বলিং কৰে । ৬ অভাৰত ৪৪ ৰানত ৪ উইকেট দখল কৰে তেওঁ । টেষ্ট শৃংখলাৰ প্রথমখন মেচতো ৰাণাই নিজৰ শক্তি প্রদর্শন কৰিছিল ৷ অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত তেওঁ ৩টা উইকেট দখল কৰে । দ্বিতীয় ইনিংছত ১ উইকেট দখল কৰে । তেওঁৰ লগতে অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰেও সুযোগ পাব পাৰে ।

বাদ পৰিব পাৰে এইসকল খেলুৱৈ-

গীল আৰু ৰোহিত উভতি অহাৰ লগে লগে দুজন খেলুৱৈয়ে হয়তো মূল একাদশ এৰিব লাগিব । ইয়াৰ ভিতৰত প্ৰথম নামটো হ’ল দেৱদত্ত পদিক্কল । পাৰ্থ টেষ্টত তেওঁ বিশেষ প্ৰদৰ্শন কৰিব পৰা নাছিল । আনহাতে ধ্ৰুৱ জুৰেলকো বিৰতি দিয়া হ’ব ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ বাবে ভাৰতৰ সম্ভাৱ্য মূল একাদশ-

যশস্বী জয়ছোৱাল, ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, ঋষভ পন্ট (উইকেটকীপাৰ), কে এল ৰাহুল, নীতিশ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, হৰ্ষিত ৰানা, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ ।

নিউজীলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়ে কিমান সলনি কৰিলে ডব্লিউ টি চিৰ পইণ্ট টেবুল ? জানক ফাইনেলত প্ৰৱেশৰ দাবীদাৰ কোন

প্ৰথমখন টেষ্টত ইংলেণ্ডে নিউজিীলেণ্ডক ৮ উইকেটত পৰাস্ত কৰিছে । ইংৰাজ দলৰ জয়ৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ অৱদান আছিল ব্ৰাইডেন কাৰ্ছে, যিয়ে মেচখনত মুঠ ১০টা উইকেট দখল কৰে । নিউজীলেণ্ডৰ এই পৰাজয়ৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট টেবুলত বহু পৰিৱৰ্তন হৈছে । যিহেতু কিৱি দলটোৱে ডব্লিউ টি চিৰ ফাইনেলৰ দৌৰত আছিল, সেয়েহে প্ৰথমখন টেষ্টত পৰাস্ত হৈ ইয়াৰ আশাত আঘাত হানিছে । জানক ইংলেণ্ডৰ এই ঐতিহাসিক বিজয়ে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰত কি প্ৰভাৱ পেলাইছে ।

উল্লেখ্য যে ইংলেণ্ড ইতিমধ্যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰা আঁতৰি গৈছে । কিন্তু তেওঁলোকৰ হাতত ইমান শক্তি আছে যে ফাইনেলৰ বাবে দলটোৱে কিৱি দলৰ সকলো আশাৰ অন্ত পেলাব পাৰে । বৰ্তমান ইংলেণ্ড ৪৩.৭৫ পইণ্ট শতাংশৰে ষষ্ঠ স্থানত আছে । আনহাতে নিউজীলেণ্ডৰ পইণ্টৰ শতাংশ ৫০ আৰু দলটো চতুৰ্থ স্থানত আছে । ক্ৰাইষ্টচাৰ্চত খেলা প্ৰথমখন টেষ্টত ব্ৰাইডেন কাৰ্ছে ১০ উইকেট আৰু হেৰী ব্ৰুকে ১৭১ ৰানৰ শতকীয় ইনিংছ খেলি আলোড়নৰ সৃষ্টি কৰে ।

ভাৰত এতিয়াও শীৰ্ষত আছে-

ইংলেণ্ডৰ এই বিশাল বিজয়ে ভাৰতৰ ওপৰত কোনো প্ৰভাৱ পেলাব পৰা নাই । টিম ইণ্ডিয়াই এতিয়াও ৬১.১১ পইণ্ট শতাংশৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই ৫৯.২৬ পইণ্ট শতাংশ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে ২৩৩ ৰানৰ বিশাল জয়ৰ অন্তত দ্বিতীয় স্থানত আছে । অষ্ট্ৰেলিয়া তৃতীয় স্থানলৈ অৱনমিত হৈছে আৰু দলটোৰ পইণ্ট শতাংশ ৫৭.৬৯ । চতুৰ্থ স্থানত নিউজীলেণ্ড আৰু পঞ্চম স্থানত আছে শ্ৰীলংকাৰ দল । নিউজীলেণ্ডৰ এই পৰাজয়ে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা দলক সকাহ দিছে । কাৰণ ইয়াৰ ফলত তেওঁলোকৰ ফাইনেললৈ যোৱাৰ আশা বাঢ়িছে । ইংলেণ্ড ইতিমধ্যে বাহিৰ হৈছে, আনহাতে যদি নিউজীলেণ্ড টেষ্ট শৃংখলাৰ পৰৱৰ্তী দুখন মেচত পৰাস্ত হয়, তেন্তে কিৱি দলটো ফাইনেলৰ দৌৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যাব ।

পিংক বল টেষ্টত ঐতিহাসিক কৃতিত্ব লাভ কৰিব কোহলীয়ে, পৰিগণিত হ’ব  প্ৰথম ভাৰতীয় হিচাপে

অষ্ট্ৰেলিয়াত ভাৰতে এক দৰ্শনীয় জয়ৰে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী অভিযান আৰম্ভ কৰিছে । পাৰ্থত অনুষ্ঠিত প্ৰথমখন টেষ্ট মেচত ভাৰতে আয়োজক দলটোক ২৯৫ ৰানত পৰাস্ত কৰে । এই জয়ত বিৰাট কোহলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যিয়ে দ্বিতীয় ইনিংছত ১৪৩টা বলত নিজৰ ৩০ সংখ্যক টেষ্ট শতক অৰ্জন কৰি পুনৰ ফৰ্মলৈ ঘূৰি আহে । এতিয়া সকলোৰে দৃষ্টি ৬ ডিচেম্বৰৰ পৰা এডিলেইড অ’ভেলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন পিংক বল দিবা-নৈশ টেষ্টত আছে, য’ত বিৰাট কোহলীয়ে নিজৰ নামত এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিব পাৰিব ।

বিৰাটে অৰ্জন কৰিব এই ঐতিহাসিক কৃতিত্ব-

বিৰাট কোহলীয়ে এই পৰ্যন্ত পিংক বল টেষ্টত ২৭৭ ৰান সংগ্ৰহ কৰাৰ লগতে দিবা-নৈশ টেষ্ট মেচত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় খেলুৱৈ । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত যদি তেওঁ ২৩ ৰান কৰে তেন্তে তেওঁ ইতিহাসৰ প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ব যিয়ে দিবা-নৈশ টেষ্ট মেচত ৩০০ ৰান সংগ্ৰহ কৰিছে । পিংক বল টেষ্ট মেচত বিৰাট কোহলীৰ পিছত আছে ১৭৩ ৰান সংগ্ৰহ কৰা ৰোহিত শৰ্মাৰ নাম ।

পিংক বল টেষ্ট মেচত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয়-

বিৰাট কোহলী – ২৭৭

ৰোহিত শৰ্মা – ১৭৩

শ্ৰেয়াছ আয়েৰ – ১৫৫

লাৰা-ৰিচাৰ্ডছকো অতিক্ৰম কৰিব-

দ্বিতীয়খন টেষ্টত যদি বিৰাট কোহলীয়ে ১০২ ৰান কৰে তেন্তে তেওঁ এটা ডাঙৰ অভিলেখ ভংগ কৰিব পাৰিব । এডিলেইড অভেলৰ ইতিহাসত বিৰাট কোহলীয়ে ৫০৯টা টেষ্ট ৰাণ সংগ্ৰহ কৰিছে । দ্বিতীয়খন টেষ্টত যদি তেওঁ আৰু ১০২ ৰান সংগ্ৰহ কৰে তেন্তে এই খেলপথাৰত ৬১১ ৰান সম্পূৰ্ণ কৰিব আৰু অষ্ট্ৰেলিয়াৰ এই সন্মানীয় খেলপথাৰত অতিথি খেলুৱৈয়ে সৰ্বাধিক ৰান সংগ্ৰহৰ ব্রায়ান লাৰা (৬১০ ৰান)ৰ বিশাল অভিলেখ ভংগ কৰিব । এই খেলপথাৰত মহান ছাৰ ভিভিয়ান ৰিচাৰ্ডছৰ ৫৫২ ৰানৰ অভিলেখ ভংগ কৰিবলৈ বিৰাটক প্ৰয়োজন ৪৪ ৰানৰ ।