প্ৰথম দিনৰ খেল সমাপ্ত, অষ্ট্ৰেলিয়াৰ ৪জন বেটছমেনৰ অৰ্ধশতক; বুমৰাহৰ তিনিটা উইকেট দখল…

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চতুৰ্থখন টেষ্ট মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত আজি আৰম্ভ হৈছে । খেলখনৰ প্ৰথম দিনাই বেটিং আৰু বলিঙৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গ’ল । পাৰ্থ, এডিলেইড আৰু ব্রিছবেনৰ তুলনাত মেলবৰ্ণৰ খেলপথাৰ বেটছমেনসকলৰ বাবে অধিক সহায়ক যেন লাগিছিল ৷ সেইবাবেই অষ্ট্ৰেলিয়াই প্ৰথম দিনাই মেচখনত ৪টা অৰ্ধশতক অৰ্জন কৰে ।

খেলখনত অষ্ট্ৰেলিয়াৰ দলটোৱে টছত জয়লাভ কৰি প্ৰথম দিনাই ৩১১/৬ (৮৬ অভাৰ) স্ক’ৰ কৰে । বৰ্তমান ক্ৰীজত আছে পেট কামিন্স (৮), ষ্টিভ স্মিথ (৬৮) । প্ৰথম দিনাই ভাৰতীয় দলৰ সফল বলাৰ হিচাপে ৩টা উইকেট দখল কৰে যশপ্ৰীত বুমৰাহে ।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহা অষ্ট্ৰেলিয়াৰ শক্তিশালী আৰম্ভণি কৰে । ১৯ বছৰীয়া অভিষেককাৰী ছেম কনষ্টাছে যশপ্ৰীত বুমৰাহৰ বিৰুদ্ধে কিছুমান উৎকৃষ্ট শ্বট খেলিছিল । ইনিংছৰ সপ্তম অভাৰত কনষ্টাছে যশপ্ৰীত বুমৰাহৰ বিৰুদ্ধে দুটা চাৰি আৰু এটা ছয় কোবাই ।

তাৰ পাছত কনষ্টাছে ১১ নং অভাৰত বুমৰাহৰ বলিঙৰ পৰা মুঠ ১৮ ৰান সংগ্ৰহ কৰে । কনষ্টাছে বিস্ফোৰক বেটিং অব্যাহত ৰাখি মাত্ৰ ৫২টা বলত পঞ্চাশ সম্পূৰ্ণ কৰে । কিন্তু ইয়াৰ পিছত কনষ্টাছ জাডেজাৰ স্পীনৰ চিকাৰ হয় আৰু ৬০ ৰানত আউট হয় ।

অৱশ্যে ইয়াৰ পিছত উছমান খোৱাজা আৰু মাৰ্নাছ লাবুছাগনে সতৰ্কতাৰে খেলি দুয়োজনে ৬৫ ৰানৰ অংশীদাৰিত্ব গঢ়ি তোলে । ইফালে বুমৰাহ পুনৰবাৰ ভাৰতৰ বাবে ট্ৰাম্প কাৰ্ড হিচাপে প্ৰমাণিত হয় আৰু তেওঁ উছমান খোৱাজাক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছত ভাৰতীয় দলটোৱে পুনৰ তৃতীয় উইকেট দখল কৰিবলৈ বহু সময় অপেক্ষা কৰিবলগীয়া হ’ল যদিও এই মেচত খেলি থকা ৱাশ্বিংটন সুন্দৰে মাৰ্নাছ লাবুশ্বাগনক তেওঁৰ স্পীনত আৱদ্ধ কৰি পেভিলিয়নমুখী কৰে ।

দলীয় ২৩৭ ৰানত ব্যক্তিগত ৭২ ৰান সংগ্ৰহ কৰি লাবুশ্বান আউট হয় । আনহাতে ট্ৰেভিছ হেডক বুমৰাহে শূণ্য ৰানত ক্লিন বল্ড কৰে । যেতিয়া হেড আউট হয়, তেতিয়া অষ্ট্ৰেলিয়াৰ স্ক’ৰ হৈছিল ২৪০/৪ । ইয়াৰ কিছু সময়ৰ পিছতে বুমৰাহে মিচেল মাৰ্ছকো কম সময়তে আউট কৰে । ইয়াৰ পিছত আকাশ দীপে এলেক্স কেৰীক নতুন বলেৰে ৩১ ৰানত পেভিলিয়নমুখী কৰে ।

উইকেটৰ পতন : ১-৮৯ (ছেম কনষ্টাছ, ১৯.২ অভাৰ), ২-১৫৪ (উছমান খোৱাজা, ৪৪.১ অভাৰ), ৩-২৩৭ (মাৰ্নাছ লাবুছাগনে, ৬৫.১ অভাৰ), ৪-২৪০ (ট্ৰেভিছ হেড, ৬৬.৩ অভাৰ), ৫-২৪৬ (মিচেল মাৰ্ছ, ৬৮.৬ অভাৰ), ৬-২৯৯ (এলেক্স কেৰী, ৮২.১ অভাৰ) ।

মেলবৰ্ণত হেটট্ৰিকৰ সুযোগ…

এই ৫ খনীয়া টেষ্ট শৃংখলা ১-১ ব্যৱধানত সমতাত আছে । পাৰ্থ টেষ্টত ভাৰতে ২৯৫ ৰানত জয়লাভ কৰে । ইয়াৰ পিছতে অষ্ট্ৰেলিয়াই এডিলেইড টেষ্টত ১০ উইকেটত জয়লাভ কৰাৰ বিপৰীতে ব্রিছবেন টেষ্ট ড্ৰ’ হয় ৷ ভাৰতীয় ক্ৰিকেট দলটোৱে ২০১৮ আৰু ২০২০ চনত মেলবৰ্ণত খেলা দুয়োখন টেষ্ট মেচতে জয়লাভ কৰিছে । এনে পৰিস্থিতিত দলটোৱে ইয়াত জয়ৰ হেট্ৰিকৰ সুযোগ পাব । ২০১৮ চনত ভাৰতীয় দলটোৱে ইয়াত ১৩৭ ৰাণত জয়লাভ কৰাৰ বিপৰীতে ২০২০ চনত ৮ উইকেটত জয়লাভ কৰে ।

অভিষেককাৰী কনষ্টাছৰ উকেট দখল জাডেজাৰ…MCGত প্ৰথম সফলতা ভাৰতৰ, ১০০ অতিক্ৰম অষ্ট্ৰেলিয়াৰ স্ক’ৰ

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি (২৬ ডিচেম্বৰ) মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে চতুৰ্থখন টেষ্ট । এই মেচত অষ্ট্ৰেলিয়াৰ দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিছে । দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়লৈকে অষ্ট্ৰেলিয়াৰ স্ক’ৰ ১১২/১ (২৫ অভাৰ)। উছমান খোৱাজা আৰু মাৰ্নাছ লাবুছাগনে ক্ৰীজত আছে । আউট হোৱা একমাত্ৰ বেটছমেন আছিল ছেম কনষ্টাছ ।

এই ৫ খনীয়া টেষ্ট মেচৰ শৃংখলা ১-১ ব্যৱধানত সমতাত আছে । পাৰ্থ টেষ্টত ভাৰতে ২৯৫ ৰানত জয়লাভ কৰে । ইয়াৰ পিছতে অষ্ট্ৰেলিয়াই এডিলেইড টেষ্টত ১০ উইকেটত জয়লাভ কৰাৰ বিপৰীতে ব্রিজবেন টেষ্ট ড্ৰ’ হয় ৷ ভাৰতীয় ক্ৰিকেট দলটোৱে ২০১৮ আৰু ২০২০ চনত মেলবৰ্ণত খেলা দুয়োখন টেষ্ট মেচতে জয়লাভ কৰিছে । এনে পৰিস্থিতিত দলটোৱে ইয়াত হেট্ৰিকৰ সুযোগ পাব । ২০১৮ চনত ভাৰতীয় দলটোৱে ইয়াত ১৩৭ ৰাণত জয়লাভ কৰাৰ বিপৰীতে ২০২০ চনত ৮ উইকেটত জয়লাভ কৰে ।

এতিয়ালৈকে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ হাইলাইট-

টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহা অষ্ট্ৰেলিয়াৰ আৰম্ভণি ভাল আছিল । ১৯ বছৰীয়া অভিষেককাৰী ছেম কনষ্টাছে যশপ্ৰীত বুমৰাহৰ বিৰুদ্ধে কিছুমান উৎকৃষ্ট শ্বট খেলিছিল । ইনিংছৰ সপ্তম অভাৰত কনষ্টাছে যশপ্ৰীত বুমৰাহৰ বিৰুদ্ধে দুটা চাৰি আৰু ছয় কোবাই । তাৰ পাছত কনষ্টাছে ১১ নং অভাৰত বুমৰাহৰ বলিঙৰ পৰা মুঠ ১৮ ৰান সংগ্ৰহ কৰে । কনষ্টাছে বিস্ফোৰক বেটিং অব্যাহত ৰাখি মাত্ৰ ৫২টা বলত পঞ্চাশ সম্পূৰ্ণ কৰে । কিন্তু ইয়াৰ পিছত কনষ্টাছ জাডেজাৰ স্পীনৰ চিকাৰ হয় আৰু ৬০ ৰানত আউট হয় ।

শুভমন গীল বাহিৰ, অষ্ট্ৰেলিয়াৰ মূল একাদশত ১৯ বছৰীয়া খেলুৱৈৰ সুযোগ-

স্পীন বলিং অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে এই মেচখনৰ বাবে ভাৰতৰ মূল একাদশত সুযোগ লাভ কৰিছে । এনে পৰিস্থিতিত শুভমন গীলক মূল একাদশৰ পৰা বাদ দিয়া হৈছে । আনহাতে ৰোহিত শৰ্মাই শীৰ্ষ ক্ৰমত বেটিং কৰিব । অষ্ট্ৰেলিয়াৰ দলটোৰ কথা ক’বলৈ গ’লে আঘাতপ্ৰাপ্ত জোছ হেজলউডৰ ঠাইত এই মেচখনলৈ ঘূৰি আহিছে স্কট ব’লেণ্ড । এম চি জি হৈছে বোলেণ্ডৰ ঘৰুৱা খেলপথাৰ । ইফালে এই মেচত নাথান মেকছুইনীৰ ঠাইত ছেম কষ্টেইনছে অ’পেনিং কৰিছে । ছেম কনষ্টাছ আৰু উছমান খোৱাজাৰ বয়সৰ পাৰ্থক্য ১৮ বছৰতকৈ অধিক ।

২০১১ চনত কামিন্সে ১৮ বছৰ বয়সত টেষ্টত অভিষেক ঘটোৱাৰ পিছত কনষ্টাছ অষ্ট্ৰেলিয়াৰ হৈ এই ফৰ্মেটত অভিষেক ঘটোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ । কনষ্টাছ অষ্ট্ৰেলিয়াৰ আটাইতকৈ কম বয়সীয়া অ’পেনিং বেটছমেন আৰু টেষ্টৰ ইতিহাসত উছমান খোৱাজাৰ পিছতে অ’পেনিং পাৰ্টনাৰৰ মাজত বয়সৰ পাৰ্থক্য আটাইতকৈ বেছি ।

এম চি জি টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ মূল একাদশ : উছমান খোৱাজা, ছেম কনষ্টাছ, মাৰ্নাছ লাবুশ্বেন, ষ্টিভ স্মিথ, ট্ৰেভিছ হেড, মিচেল মাৰ্ছ, এলেক্স কেৰী (উইকেটকীপাৰ), পেট কামিন্স (অধিনায়ক), মিচেল ষ্টাৰক, নাথান লায়ন, স্কট ব’লেণ্ড ।

এম চি জি টেষ্টৰ বাবে ভাৰতৰ মূল একাদশ : যশস্বী জয়ছোৱাল, ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল, বিৰাট কোহলী, ঋষভ পন্ট (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, আকাশ দীপ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ ।

অশ্বিনৰ বিদায়ে পেলাব নেকি প্ৰভাৱ ?  এয়া হ’ব পাৰে বক্সিং ডে’ টেষ্টত ভাৰতৰ মূল একাদশ…

বৰ্তমান ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া ভ্ৰমণত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত ৫খনীয়া মেচৰ টেষ্ট শৃংখলা খেলি আছে । প্ৰথমখন টেষ্টত জয়ী হোৱাৰ লগতে দ্বিতীয়খন টেষ্টত পৰাস্ত হৈছে ভাৰত । আনহাতে তৃতীয় টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হয় । এইদৰে শৃংখলাটো বৰ্তমান ১-১ ব্যৱধানত সমতাত আছে ।

মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ চতুৰ্থখন মেট বক্সিং ডে’ টেষ্ট হ’ব । এই টেষ্টখন ২৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব । ভাৰতীয় সময় অনুসৰি পুৱা ৫ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন । আনহাতে টছ ইয়াৰ আধা ঘণ্টা পূৰ্বে হ’ব ।

অশ্বিনৰ বিদায়ে প্ৰভাৱ পেলাব নেকি ?

গাব্বা টেষ্ট ড্ৰ’ হোৱাৰ পাছত ভাৰতীয় তাৰকা স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লয় । কিন্তু ইয়াৰ ফলত মেলবৰ্ণ টেষ্টত বিশেষ প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই । কাৰণ গাব্বা টেষ্টত ভাৰতৰ মূল একাদশত কেৱল স্পীনাৰ ৰবীন্দ্ৰ জাডেজাইহে খেলিছিল ।

এনে পৰিস্থিতিত যদি অধিনায়ক ৰোহিত শৰ্মাই মেলবৰ্ণ টেষ্টৰ বাবে মূল একাদশৰ পৰিৱৰ্তন কৰে, তেন্তে তেওঁৰ দ্বিতীয় বিকল্প হ’ব স্পীন অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ । যদি কোনো পৰিৱৰ্তন নহয়, তেন্তে জাডেজাই আকৌ নিজৰ যাদু দেখুৱাবলৈ সাজু হ’ব । এই সকলোবোৰ পৰিৱৰ্তন পিটচ ৰিপৰ্ট অনুসৰি শেষ মুহূৰ্তত কৰা হ’ব ।

মেলবৰ্ণৰ পিটচ ৰিপৰ্ট-

শেহতীয়াকৈ মেলবৰ্ণৰ পৰা পিটচ ৰিপৰ্ট প্ৰকাশ পাইছে, যাৰ ফলত ভাৰতীয় বলাৰসকলৰ উত্তেজনা বৃদ্ধি পাব পাৰে । এই পিটচখন গাব্বাৰ পৰা বহুত বেলেগ হ’ব । মেলবৰ্ণৰ খেলপথাৰত এতিয়াও সেউজীয়া ঘাঁহ আছে । মেচ খেলিবলৈ এতিয়াও তিনিদিন বাকী আছে । ইফালে খেলপথাৰত থকা ঘাঁহ কটা হ’ব ।

বতৰ পৰিষ্কাৰ আৰু উজ্জ্বল ৰ’দৰ বাবে ঘাঁহ অলপ শুকান হ’ব । এনে পৰিস্থিতিত খেলপথাৰত বিশেষ বাউন্স নহ’ব । অৱশ্যে চিম আৰু চুইং দেখা যাব পাৰে । এই ক্ষেত্ৰত ভাৰতীয় দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ, আকাশ দীপ আৰু মহম্মদ ছিৰাজে মেলবৰ্ণৰ খেলপথাৰত সঠিক লেংথ বিচাৰিব লাগিব । ইয়াৰ পৰা আমি অনুমান কৰিব পাৰো যে যদিহে খেলপথাৰখন শেষলৈকে একেই থাকে, তেন্তে এজন স্পীনাৰেহে খেলিব পাৰিব ।

মেলবৰ্ণত ভাৰত-অষ্ট্ৰেলিয়াৰ ৰেকৰ্ড-

মুঠ টেষ্ট মেচ: ১৪

ভাৰতৰ জয়লাভ: ৪

অষ্ট্ৰেলিয়াৰ জয়লাভ: ৮

ড্ৰ’: ২

টেষ্ট ছিৰিজত ভাৰত বনাম অষ্ট্ৰেলিয়া ৰেকৰ্ড-

মুঠ টেষ্ট ছিৰিজ: ২৮

ভাৰতৰ জয়লাভ: ১১

অষ্ট্ৰেলিয়াৰ জয়লাভ: ১২

ড্ৰ’: ৫

অষ্ট্ৰেলিয়াত ভাৰতৰ টেষ্ট শৃংখলাৰ অভিলেখ-

মুঠ টেষ্ট শৃংখলা: ১৩

ভাৰতৰ জয়লাভ: ২

অষ্ট্ৰেলিয়াৰ জয়লাভ: ৮

ড্ৰ’: ৩

মেলবৰ্ণ টেষ্টত ভাৰতৰ সম্ভাৱ্য মূল একাদশ-

ভাৰতীয় দল : যশস্বী জয়ছোৱাল, কে এল ৰাহুল, শুভমন গীল, বিৰাট কোহলী, ঋষভ পন্ট (উইকেটকীপাৰ), ৰোহিত শৰ্মা (অধিনায়ক), নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাডেজা / ৱাশ্বিংটন সুন্দৰ, আকাশ দীপ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ ।

১-১ ব্যৱধানত সমতাত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰ্ফী, গাব্বা টেষ্ট ড্ৰ’ৰ পিছত মেল’বৰ্ণলৈ ৰাওনা টিম ইণ্ডিয়া

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ এতিয়া এক ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাত তিনিখন টেষ্ট খেলা হৈছে । গাব্বা টেষ্ট ড্ৰ’ হোৱাৰ পাছত এতিয়া ১-১ ব্যৱধানত সমতাত আছে এই শৃংখলা । এতিয়া এই টেষ্ট ছিৰিজত আৰু দুখন মেচ বাকী আছে । মেল’বৰ্ণ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব চতুৰ্থখন টেষ্ট মেচ । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ আশা জীয়াই ৰাখিবলৈ ভাৰতে এই টেষ্ট মেচত জয়লাভ কৰাটো গুৰুত্বপূৰ্ণ । যাৰ বাবে ভাৰতীয় দলটো মেলবৰ্ণলৈ ৰাওনা হৈছে ।

ব্রিছবেনৰ পৰা মেলবৰ্ণলৈ ৰাওনা টিম ইণ্ডিয়া-

১৯ ডিচেম্বৰত টিম ইণ্ডিয়াই নিজৰ হোটেলৰ পৰা বাছেৰে বিমানবন্দৰলৈ ৰাওনা হয় । য’ৰ পৰা ভাৰতীয় দলটো মেলবৰ্ণলৈ ৰাওনা হয় । ২৬ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ মেল’বৰ্ণ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চতুৰ্থখন টেষ্ট মেচ ।

উল্লেখ্য যে মেল’বৰ্ণ ক্ৰিকেট খেলপথাৰক ক্ৰিকেটৰ ঐতিহাসিক খেলপথাৰ হিচাপে গণ্য কৰা হয় । এই পিটছে বেগী বলাৰসকলক প্ৰাৰম্ভিক সহায় কৰে যদিও সময়ৰ লগে লগে বেটছমেনসকলৰ বাবে অনুকূল হৈ পৰে । অৱশ্যে ইয়াত স্পীনাৰসকলৰ বাবে বিশেষ একো নাই ।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে মেলবৰ্ণ টেষ্ট গুৰুত্বপূৰ্ণ-

গব্বা টেষ্টৰ ড্ৰ’ হোৱাৰ লগে লগে ভাৰতৰ স্থান বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট টেবুলত অৱনমিত হৈছে । এতিয়া ভাৰতৰ WTC ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা অতি কম । ভাৰতে এতিয়া আগন্তুক দুয়োখন টেষ্ট মেচতে জয়লাভ কৰিব লাগিব, তেতিয়াহে ফাইনেলৰ দৌৰত থাকিব পাৰিব ।

দুয়োখন মেচত জয়ী হোৱাঃ বাকী দুয়োখন মেচত যদি ভাৰতে জয়লাভ কৰে তেন্তে ১৩৮ পইণ্ট আৰু ৬০.৫২% পইণ্ট শতাংশৰে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব । ইয়াৰ ফলত অষ্ট্ৰেলিয়া চূড়ান্ত দৌৰৰ পৰা বাহিৰ হ’ব ।

এখনত জয় আৰু এখন ড্র: যদি ভাৰত এখন মেচত জয়ী হয় আৰু এখন ড্ৰ’ হয় তেন্তে পইণ্ট হ’ব ৫৭.০১% আৰু মুঠ পইণ্ট হ’ব ১৩০ । এনে পৰিস্থিতিত অষ্ট্ৰেলিয়াই শ্ৰীলংকাক ২-০ ব্যৱধানত পৰাস্ত কৰিব লাগিব ।

২-২ ব্যৱধানত ছিৰিজ ড্ৰ’  হ’লেঃ ২-২ ব্যৱধানত ছিৰিজ শেষ হ’লে ভাৰতে ১২৬ পইণ্ট আৰু ৫৫.২৬% পইণ্ট লাভ কৰিব । এনে পৰিস্থিতিত অষ্ট্ৰেলিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতক অতিক্ৰম কৰিব পাৰে ।

সজীৱ হৈ আছে ফাইনেলত প্ৰৱেশৰ আশা, এতিয়াও টেষ্ট চেম্পিয়নশ্বিপৰ পইন্ট টেবুলৰ তৃতীয় স্থানত আছে ভাৰত

ব্ৰিছবেনৰ গাব্বা খেলপথাৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্ট মেচ অমীমাংসিত ভাৱে সমাপ্ত হৈছে । এই টেষ্টখনৰ পিছত, ভাৰতীয় দলটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) পইণ্ট তালিকাত তৃতীয় স্থানত আছে । অৱশ্যে, ডব্লিউ টি চিৰ ফাইনেলত উপনীত হোৱাৰ ভাৰতৰ আশা এতিয়াও জীয়াই আছে আৰু তেওঁলোকে দ্বিতীয় স্থান লাভ কৰি ইয়াৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে ।

তৃতীয় টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হয়-

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হয় । অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে ২৭৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে তেওঁলোকৰ দ্বিতীয় ইনিংছত এটাও উইকেট নেহেৰুৱাকৈ ৮ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে, ইয়াৰ পিছত, বৰষুণে আৰু অধিক খেল খেলিবলৈ অনুমতি নিদিলে আৰু দুয়োজন অধিনায়কে খেলখন ড্ৰ’ত সমাপ্ত কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি টছত পৰাজিত হৈ অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৪৫ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ প্ৰথম ইনিংছ ২৬০ ৰাণত সমাপ্ত হয় । দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই ১৮৫ ৰাণৰ অগ্ৰগতি লাভ কৰিছিল । দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই সাতটা উইকেট হেৰুৱাই ৮৯ ৰাণ সংগ্ৰহ কৰে আৰু তেওঁলোকৰ মুঠ অগ্ৰগতি আছিল ২৭৪ ৰাণ । সমগ্ৰ খেলখন বৰষুণৰ দ্বাৰা বাধাপ্ৰাপ্ত হয় ।

ভাৰততকৈ অষ্ট্ৰেলিয়া আগবাঢ়ি আছে-

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয় টেষ্ট ড্ৰ’ হোৱা স্বত্বেও, অষ্ট্ৰেলিয়া দল ডব্লিউ টি চি পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে । দুয়োটা দলে পইণ্ট ভাগ বতৰা কৰিবলৈ বাধ্য হয় । ড্ৰ’ৰ ফলত ভাৰতৰ ডব্লিউ টি চি পইণ্টৰ শতাংশ ৫৭.২৯ ৰ পৰা ৫৫.৮৮ লৈ হ্ৰাস পাইছে । দক্ষিণ আফ্ৰিকা শীৰ্ষস্থানত থকা পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে ভাৰত ।

কেনেকৈ ফাইনেলত উপনীত হ’ব ভাৰত ?

ডব্লিউ টি চি ২০২৩-২৫ চক্ৰৰ ফাইনেলত উপনীত হ’বলৈ, ভাৰতে পৰৱৰ্তী দুখন মেচত পৰাজয় এৰাই চলিব লাগিব । আনকি ভাৰতে বাকী দুখন মেচত এখনত ড্ৰ আৰু এখনত জয় লাভ কৰিব পাৰিলেও, তেওঁলোকৰ আশা সজীৱ হৈ থাকিব । গাব্বা টেষ্ট ড্ৰ হোৱাৰ পিছত যদি  ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণ আৰু চিডনী টেষ্ট জিকিবলৈ সক্ষম হয় তেন্তে সৰ্বাধিক ১৩৮ পইণ্ট অৰ্জন কৰিব পাৰে আৰু তেওঁলোকৰ পি চি টি ৬০.৫২ ত উপনীত হ’ব পাৰে । যদি ৰোহিত শৰ্মাৰ নেতৃত্বত দলটোৱে পৰৱৰ্তী দুখন মেচ জিকিবলৈ সক্ষম হয়, তেন্তে তেওঁলোকে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ৩-১ ত জিকিব ।

যদি শৃংখলা অমীমাংসিত হয়, ভাৰত সমস্যাৰ সন্মুখীন হ’ব-

যদি ভাৰতে অষ্ট্ৰেলিয়াক ৩-১ ত পৰাস্ত কৰিবলৈ সক্ষম হয়, তেন্তে তেওঁলোকৰ পি চি টি হ’ব ৬০.৫২, আনহাতে যদি অষ্ট্ৰেলিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁলোকৰ দুখন টেষ্ট জিকিবলৈ সক্ষম হয়, তেন্তে তেওঁলোকৰ সৰ্বাধিক পিচিটি ৫৭ হ’ব আৰু ডিফেণ্ডিং চেম্পিয়ন দলটো ফাইনেলৰ দৌৰৰ বাহিৰত থাকিব । যদি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত শৃংখলাটো ২-২ ত ড্ৰ হয়, তেন্তে ভাৰতৰ পি চি টি ৫৭.০১ হ’ব আৰু ইয়াৰ পইণ্ট হ’ব ১২৬ । এনে পৰিস্থিতিত, শৃংখলাৰ শেষত অষ্ট্ৰেলিয়া ১৩০ পইণ্টৰ সৈতে আগবাঢ়ি থাকিব আৰু ভাৰত ডব্লিউ টি চি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব ।

বৰষুণে ঘটালে বিঘিনি, ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট ড্ৰ’

ব্রিছবেনৰ দ্য গাব্বাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ অমীমাংসিতভাৱে সমাপ্ত হয় । অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে ২৭৫ ৰানৰ লক্ষ্য বান্ধি দিছিল । কিন্তু খেলখনৰ পঞ্চম দিনা চাহ বিৰতিৰ পাছত মেচ আৰম্ভ কৰিব পৰা নগ’ল । বৰষুণ আৰু পোহৰৰ অভাৱৰ বাবে মেচখন ড্ৰ’ ঘোষণা কৰা হয় । ইয়াৰ পিছতে এই শৃংখলাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দলে এতিয়া ১-১ ব্যৱধানত সমতা স্থাপন কৰিছে ।

প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৪৪৫ ৰান সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত ষ্টিভ স্মিথ আৰু ট্ৰেভিছ হেডে শতক অৰ্জন কৰে । হেডে ১৫২ ৰানৰ শক্তিশালী ইনিংছ খেলিছিল । আনহাতে স্মিথে ১০১ ৰান সংগ্ৰহ কৰে । এলেক্স কেৰীয়ে ৭০ ৰানৰ ইনিংছ খেলিছিল । এই সময়ছোৱাত ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে ৬টা উইকেট দখল কৰে । আনহাতে মহম্মদ ছিৰাজে ২টা উইকেট দখল কৰে । আকাশ দীপ আৰু নীতিশ ৰেড্ডীয়ে ১টাকৈ উইকেট দখল কৰে ।

টিম ইণ্ডিয়াৰ হৈ ৰাহুলৰ শক্তিশালী প্ৰদৰ্শন-

প্ৰথম ইনিংছত অল আউট হোৱাৰ পূৰ্বে ভাৰতে ২৬০ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত অ’পেনাৰ কে এল ৰাহুলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ১৩৯ বলৰ সন্মুখীন হৈ ৰাহুলে ৮৯ ৰান সংগ্ৰহ কৰে । তেওঁ ৮টা ৪ কোবাইছিল । ৰবীন্দ্ৰ জাডেজাই অৰ্ধ শতক অৰ্জন কৰে । তেওঁ ১২৩টা বলৰ সন্মুখীন হৈ ৭৭ ৰান সংগ্ৰহ কৰে । জাডেজাৰ ইনিংছত ৭টা চাৰি আৰু ১টা ছয় আছিল । শেষত আকাশ দীপে ৩১ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে । তেওঁ ২টা চাৰি আৰু ১টা ছয় কোবাই ।

অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত ভাৰতীয় বলাৰৰ বিধ্বংসী ৰূপ-

অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছৰ সময়ত ভাৰতীয় বলাৰসকলে মাৰাত্মক বলিং কৰে । অষ্ট্ৰেলিয়াই ৮৯ ৰানৰ স্ক’ৰত ৭টা উইকেট হেৰুৱাই । অৱশ্যে ইয়াৰ পিছতে তেওঁলোকে ইনিংছ ঘোষণা কৰে । অপৰাজিত ২০ ৰান সংগ্ৰহ কৰে এলেক্স কেৰীয়ে । কামিন্সে ২২ ৰানৰ ইনিংছ খেলে । ভাৰতৰ হৈ বুমৰাহে ৩টা উইকেট দখল কৰে। ছিৰাজ আৰু আকাশ দীপে ২টাকৈ উইকেট দখল কৰে ।

গাব্বা টেষ্টঃ ৮৯ ৰানত দ্বিতীয় ইনিংছ ঘোষণা অষ্ট্ৰেলিয়াৰ,  ভাৰতৰ সন্মুখত ২৭৫ ৰানৰ লক্ষ্য

আকৰ্ষণীয় হৈ পৰিছে ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টেষ্ট । গাব্বা টেষ্টৰ অন্তিম তথা পঞ্চমটো দিনত অষ্ট্ৰেলিয়াই ৭ উইকেটত ৮৯ ৰান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে । ইয়াৰ লগে লগে ৫৪ অভাৰত ২৭৫ ৰানৰ লক্ষ্য লাভ কৰিছে ভাৰতে । অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত ভাৰতৰ যশপ্ৰীত বুমৰাহে বিধ্বংসী বলিঙেৰে ৩টা উইকেট দখল কৰাত সফল হয় । আকাশ দীপ আৰু মহম্মদ ছিৰাজেও শক্তিশালী বলিঙেৰে কংগেৰু বাহিনীৰ ২টাকৈ উইকেট দখল কৰে । অষ্ট্ৰেলিয়াৰ হৈ পেট কামিন্সে সৰ্বাধিক ২২ ৰান সংগ্ৰহ কৰে । গাব্বা টেষ্ট মেচত বুমৰাহে দুয়োটা ইনিংছতে মুঠ ৯টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ।

টছ হেৰুৱাই প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ভাৰতৰ প্ৰথম ইনিংছ ২৬০ ৰানত সমাপ্ত হয় । ইতিমধ্যে মেচখন ৰোমাঞ্চকৰ হৈ পৰিছে । আজি খেলৰ প্ৰায় ৫৬ অভাৰ বাকী আছে আৰু ভাৰতে জয়লাভ কৰিবলৈ ২৭৫ ৰান সংগ্ৰহ কৰিব লাগিব । এনে পৰিস্থিতিত টিম ইণ্ডিয়াৰ লক্ষ্য অনুসৰণ আকৰ্ষণীয় হ’ব । অৱশ্যে বৰষুণে খেলখনত বিঘিনি ঘটাব পাৰে । আজি মুষলধাৰ বৰষুণৰ আগজাননী দিয়া হৈছে ।

ভাৰতৰ দ্বিতীয় ইনিংছ আৰম্ভ-

ইতিমধ্যে ভাৰতৰ দ্বিতীয় ইনিংছ আৰম্ভ হৈছে । বৰ্তমান যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুল ক্ৰীজত আছে । অষ্ট্ৰেলিয়াৰ হৈ বলিঙৰ আৰম্ভণি কৰে মিচেল ষ্টাৰ্কে । অষ্ট্ৰেলিয়াত মাত্ৰ তিনিজন বেগী বলাৰ আছে । ষ্টাৰ্ক আৰু কামিন্সৰ উপৰিও দলটোত আছে মিচেল মাৰ্ছ । ইতিমধ্যে আঘাতৰ বাবে এই টেষ্টৰ পৰা বাহিৰ হৈছে হেজলউড । ইতিমধ্যে চাহ বিৰতিৰ সময়লৈকে ভাৰতে ২.১ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ  ৮ ৰাণ সংগ্ৰহ কৰিছে । কে এল ৰাহুল আৰু যশস্বী জয়ছোৱাল দুয়োজনেই ৪ ৰানকৈ সংগ্ৰহ কৰি ক্ৰীজত অপৰাজিত হৈ আছে ।

বৰষুণৰ বিধি-পথালি… ২৬০ ৰানত অল আউট টিম ইণ্ডিয়া, ১৮৫ ৰানত অগ্ৰগতি লাভ অষ্ট্ৰেলিয়াৰ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা পাঁচখনীয়া টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট ব্রিছবেনত অনুষ্ঠিত হৈছে ৷ আজি গাব্বা টেষ্টৰ পঞ্চম আৰু অন্তিম দিন । এই টেষ্টত ভাৰতীয় অধিনায়কগৰাকীয়ে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ভাৰতীয় দলৰ প্ৰথম ইনিংছ ২৬০ ৰানত সমাপ্ত হয় ।

২৬০ ৰানত সমাপ্ত ভাৰতৰ ইনিংছ-

ভাৰতে প্ৰথম ইনিংছত ২৬০ ৰানত আটাইকেইটা উইকেট হেৰুৱাই । আজি অৰ্থাৎ বুধবাৰৰ পৰা ৯ উইকেটত ২৫২ ৰানত খেল আৰম্ভ কৰা টীম ইণ্ডিয়াই ৮ ৰান সংগ্ৰহ কৰি শেষৰটো উইকেট হেৰুৱাই । শেষ উইকেট হিচাপে আউট হৈছিল আকাশ দীপ । তেওঁক ট্ৰেভিছ হেডে ৩১ ৰানত আউট কৰে । আকাশ আৰু বুমৰাহে দশম উইকেটৰ বাবে ৪৭ ৰানৰ অংশীদাৰিত্ব গঢ়ে । দুয়োজনে মুঠ ৭৮টা বল খেলে । ১০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে বুমৰাহ ।

১৮৫ ৰানৰ অগ্ৰগতি অষ্ট্ৰেলিয়াৰ-

প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৪৪৫ ৰান সংগ্ৰহ কৰে । এই ক্ষেত্ৰত দ্বিতীয় ইনিংছত দলটোৱে ১৮৫ ৰানৰ অগ্ৰগতি লাভ কৰিছে । ভাৰতীয় দলটো মঙলবাৰে ফ’ল’ অনৰ পৰা ৰক্ষা পৰে । ২৪৬ ৰান সংগ্ৰহ কৰাৰ লগে লগে ফ’ল’ অনৰ পৰা ৰক্ষা পৰে দলটো ।  টিম ইণ্ডিয়াৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে কে এল ৰাহুলে । তেওঁ ৮৪ ৰান সংগ্ৰহ কৰে । একে সময়তে ৰবীন্দ্ৰ জাদেজাই ৭৭ ৰানৰ ইনিংছ খেলে । অষ্ট্ৰেলিয়াৰ হৈ অধিনায়ক কামিন্সে ৪টা উইকেট দখল কৰে । ইফালে মিচেল ষ্টাৰ্কে তিনিটা উইকেট দখল কৰে । ট্ৰেভিছ হেড, জোছ হেজলউড আৰু নাথান লায়নে এটাকৈ উইকেট দখল কৰে ।

খেল বন্ধ হ’ল গাব্বাত-

ভাৰতীয় খেলুৱৈসকল ওলাই আহিবলৈ সাজু আছিল যদিও তেওঁলোকক পুনৰ ড্ৰেছিং ৰুমলৈ যাবলৈ কোৱা হৈছে । গাব্বাত চাৰিওফালে বিজুলীৰ চিকমিকনি দেখা গৈছে আৰু পিটছ ঢাকি দিয়া হৈছে । আজি বৰষুণৰ বাবে আৰু কিছু হতাশাজনক বিঘিনি ঘটিব পাৰে । গাব্বাৰ ওপৰত ক’লা ডাৱৰ উৰি আছে । আজি গব্বা টেষ্টৰ পঞ্চম দিনা ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ।

বিগত এঘণ্টা ধৰি বৰষুণ দি আছে-

যোৱা ডেৰ ঘণ্টা ধৰি ব্রিছবেনত বৰষুণ দি আছে ৷ যাৰ বাবে খেলখন বাধাগ্ৰস্ত হৈছে । এতিয়াও গাব্বাৰ ওপৰত ক’লা ডাৱৰ উৰি আছে । ভাৰতীয় ইনিংছ ২৬০ ৰানত সমাপ্ত হয় । দ্বিতীয় ইনিংছত ১৮৫ ৰানৰ অগ্ৰগতিৰে বেটিং কৰিবলৈ ওলাই আহিব অষ্ট্ৰেলিয়াৰ দলটো । মেচখন ড্ৰ’ৰ দিশে আগবাঢ়িছে ।

বুমৰাহ-আকাশদীপৰ যুটিয়ে সৃষ্টি কৰিলে ইতিহাস, গঢ়িলে একবিংশ শতিকাৰ সৰ্ববৃহৎ অংশীদাৰিত্বৰ অভিলেখ

গাব্বা টেষ্টত ইতিহাস সৃষ্টি কৰিলে যশপ্ৰীত বুমৰাহ আৰু আকাশদীপৰ যুটিয়ে । এই যুটীয়ে বেটিঙত এনে এক আশ্চৰ্যকৰ কাম কৰে, যিটো একবিংশ শতিকাত পূৰ্বে কোনেৱে কৰিব পৰা নাছিল । চতুৰ্থ দিনত ষ্টাম্পত দশম উইকেটৰ বাবে বুমৰাহ আৰু আকাশে ৩৯*(৫৪) ৰান সংগ্ৰহ কৰে । ইয়াৰ পূৰ্বে গাব্বা টেষ্টত ভাৰতৰ হৈ সৰ্বাধিক দশম উইকেটৰ অংশীদাৰিত্ব আছিল ১৯৯১ চনত, যিটো মনোজ প্ৰভাকৰ আৰু জাভাগল শ্ৰীনাথে কৰিছিল ।

বুমৰাহ আৰু আকাশদীপৰ পূৰ্বে গব্বা টেষ্টত ভাৰতৰ হৈ দশম উইকেটৰ সৰ্ববৃহৎ অংশীদাৰিত্ব আছিল ৩৩ ৰান, যিটো আছিল মনোজ প্ৰভাকৰ আৰু জাভাগল শ্ৰীনাথৰ মাজত । এতিয়া বুমৰাহ আৰু আকাশদীপে ৩৯* ৰানৰ অংশীদাৰিত্ব গঢ়ি এই অভিলেখ ভংগ কৰিছে । চতুৰ্থ দিনৰ শেষত অপৰাজিত হৈ উভতি আহে বুমৰাহ আৰু আকাশ ।

গাব্বা টেষ্টত ভাৰতৰ হৈ সৰ্বাধিক দশম উইকেটৰ অংশীদাৰিত্ব-

-যশপ্ৰীত বুমৰাহ আৰু আকাশদীপ- ৩৯* ৰান (২০২৪)

-মনোজ প্ৰভাকৰ আৰু জাভাগল শ্ৰীনাথ- ৩৩ ৰান (১৯৯১)

-মোটাগনহল্লী জয়সিংহ আৰু উমেশ কুলকাৰ্ণী – ২২ ৰান (১৯৬৮)

-ভেংকটাপথী ৰাজু আৰু জাভাগল শ্ৰীনাথ – ১৪ ৰান (১৯৯১)

-ঈশান্ত শৰ্মা আৰু উমেশ যাদৱ – ১৪ ৰান (২০১৪)

ফ’ল’ অনৰ পৰা ৰক্ষা পৰিল ভাৰত-

চাৰিদিনৰ পিছত খেলখনৰ অৱস্থা

এই পৰ্যন্ত বৰষুণৰ ফলত গাব্বা টেষ্টত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । বৰষুণৰ বাবে প্ৰথম দিনাই মাত্ৰ ১৩.২ অভাৰহে খেলিব পৰা গ’ল । ইয়াৰ পিছত দ্বিতীয় দিনা সম্পূৰ্ণ খেল খেলা হয় আৰু তৃতীয় দিনাও বৰষুণে সমস্যাৰ সৃষ্টি কৰে যাৰ বাবে সম্পূৰ্ণ দিনটোৰ খেল খেলিব পৰা নগল । ইয়াৰ পিছত বৰষুণে চতুৰ্থ দিনতো অসুবিধা বৃদ্ধি কৰিলে ।

এটা সময়ত ভাৰতে ফ’ল’ অনৰ সন্মুখীন হ’ব যেন লাগিছিল, কিন্তু যশপ্ৰীত বুমৰাহ আৰু আকাশদীপৰ মাজৰ উজ্জ্বল অংশীদাৰিত্বই দলটোক ফ’ল’ অনৰ পৰা ৰক্ষা কৰে । চতুৰ্থ দিনৰ শেষলৈকে দুয়োজনে দশম উইকেটৰ বাবে ৩৯* ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছে ।

চতুৰ্থ দিনৰ শেষলৈকে টিম ইণ্ডিয়াই ২৫২/৯ ৰান সংগ্ৰহ কৰিছে । দলৰ হৈ বুমৰাহ আৰু আকাশদীপে অপৰাজিত হৈ উভতি আহে । এতিয়া ভাৰতীয় দলটো ১৯৩ ৰান পিছ পৰি আছে । উল্লেখযোগ্য যে মেচখনত প্ৰথমে বেটিং কৰা অষ্ট্ৰেলিয়াই ব’ৰ্ডত ৪৪৫/১০ ৰান সংগ্ৰহ কৰে ।