আজি ভাৰত-অষ্ট্ৰেলিয়াৰ পঞ্চমখন T20 মেচ; শৃংখলা দখলৰ লক্ষ্যৰে যুঁজত নামিব সূৰ্য বাহিনী

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ পঞ্চমখন T20 মেচ

ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণে এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। টিম ইণ্ডিয়া আৰু আয়োজক অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ থকা পাঁচখন খেলৰ T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ পঞ্চম আৰু অন্তিমখন খেল আজি খেলা যাব।

এই মেচখন অষ্ট্ৰেলিয়াৰ ব্রিজবেনৰ দ্য গাবাত অনুষ্ঠিত হ’ব৷ভাৰতীয় টি-২০ দলটোৰ কামান সূৰ্যকুমাৰ যাদৱৰ হাতত আছে।আনহাতে অষ্ট্ৰেলিয়াৰ T20 দলটোৰ নেতৃত্বত আছে মিচেল মাৰ্ছে।

শৃখংলাখনৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল কৰা হৈছিল।দ্বিতীয়খন মেচত অষ্ট্ৰেলিয়াই শক্তিশালী প্ৰদৰ্শন কৰি একপক্ষীয়ভাৱে জয়লাভ কৰে। ইয়াৰ পাছতে তৃতীয়খন মেচত জয়লাভ কৰি ভাৰতে ১-১ত সমতা স্থাপন কৰে।

ইয়াৰ পিছতে কেৰাৰা অ’ভেলত চতুৰ্থটো টি-২০ত জয়লাভ কৰি শৃংখলাত ২-১ ত অগ্ৰগতি লাভ কৰে।এতিয়া যদি ভাৰতীয় দলটোৱে আজি পঞ্চম টি-২০ত জয়লাভ কৰে তেন্তে ৩-১ত ছিৰিজ জয় কৰিব।আনহাতে যদি অষ্ট্ৰেলিয়াৰ দলটোৱে জয়লাভ কৰে তেন্তে শৃংখলাখন ২-২ ত ড্র হ’ব৷

ভাৰতীয় ক্ৰিকেট দলটোৱে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ইতিহাসত অষ্ট্ৰেলিয়ান দলৰ বিৰুদ্ধে ৩৬খন খেল খেলিছে। এই মেচসমূহত ভাৰতে ২২ বাৰ অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছে।

লগতে পঢ়ক: আহমেদাবাদত অনুষ্ঠিত হ’ব ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেল…

আহমেদাবাদত অনুষ্ঠিত হ’ব ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেল…

আহমেদাবাদত অনুষ্ঠিত হ’ব ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেল

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে অহা বছৰত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে আহমেদাবাদ,দিল্লী, কলকাতা, চেন্নাই আৰু মুম্বাইক ভেন্যু হিচাপে চৰ্টলিষ্ট কৰা হৈছে। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন আহমেদাবাদত অনুষ্ঠিত হ’ব।

২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলখনো আহমেদাবাদত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল,যিখন ষ্টেডিয়াম বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম,য’ত এক লাখৰো অধিক দৰ্শক উপস্থিত থাকিব পাৰে।

ইতিমধ্যে মহিলা এদিনীয়া বিশ্বকাপৰ তালিকাৰ পৰা বাদ পৰা বেংগালুৰুৱে এইবাৰো চূড়ান্ত স্থানৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

জুন মাহত আৰচিবিৰ আই পি এল বিজয় উদযাপনৰ সময়ত চিন্নাস্বামী ষ্টেডিয়ামত হোৱা ভয়াবহতাৰ পিছত কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাই প্ৰয়োজনীয় অনুমোদন লাভ কৰাত ব্যৰ্থ হৈছিল।

দুৰ্ঘটনাটোত এঘাৰজন লোকৰ মৃত্যু হৈছিল আৰু তাৰ পিছত ষ্টেডিয়ামত কোনো আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হোৱা নাই।

জানিব পৰা মতে,ICC  এ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ সম্পূৰ্ণ সূচী অহা সপ্তাহত প্ৰকাশ কৰিব।

এই প্ৰতিযোগিতাখন শ্ৰীলংকাৰ সহযোগত আয়োজন কৰা হ’ব,য’ত শ্ৰীলংকাই পাকিস্তানৰ মেচসমূহৰ বাবে এক নিৰপেক্ষ স্থানৰ ভূমিকা পালন কৰিব,যিটো ভাৰতৰ সৈতে হোৱা চুক্তিৰ অধীনত সিদ্ধান্ত লোৱা হৈছে।

শ্ৰীলংকাৰ তিনিটা স্থানত খেল অনুষ্ঠিত হ’ব,য’ত কলম্বোও অন্তৰ্ভুক্ত আছে। ভাৰতে ঘৰুৱা মাটিত ডিফেণ্ডিং চেম্পিয়ন হিচাপে খেলিব।

দলটোৱে শেষৰ টি-২০ বিশ্বকাপ জুন মাহত বাৰ্বাডোছত জয়লাভ কৰিছিল।ভাৰতত নিৰ্বাচিত পাঁচোটা স্থান টিয়াৰ-১ চহৰৰ হয় আৰু ইয়াত বৃহৎ জনসমাগম হোৱাৰ সম্ভাৱনা আছে।

যদি পাকিস্তানে ফাইনেলত প্ৰৱেশ কৰে তেন্তে খিতাপৰ মেচখন শ্ৰীলংকাত অনুষ্ঠিত হ’ব।আইচিচি, বিচিচিআই আৰু পিচিবিৰ মাজত হোৱা চুক্তি অনুসৰি,ভাৰত আৰু পাকিস্তানে আয়োজক দেশ যিয়েই নহওক কিয়, ২০২৭ চনলৈকে নিৰপেক্ষ স্থানত সকলো খেল খেলিব।

লগতে পঢ়ক: চতুৰ্থ T20ত ভাৰতৰ জয়; ৪৮ ৰানত পৰাস্ত অষ্ট্ৰেলিয়া

চতুৰ্থ T20ত ভাৰতৰ জয়; ৪৮ ৰানত পৰাস্ত অষ্ট্ৰেলিয়া

চতুৰ্থ T20ত ভাৰতৰ জয়

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন খেলৰ T20 শৃংখলাৰ চতুৰ্থখন খেল কাৰাৰা (গোল্ড কোষ্ট)ৰ হেৰিটেজ বেংক ষ্টেডিয়ামত অনুষ্ঠিত হয়। এই খেলখনত টিম ইণ্ডিয়াই ৪৮ ৰানত জয়লাভ কৰে।

এই জয়ৰ লগে লগে ভাৰত এতিয়া শৃংখলাত ২-১ত অগ্ৰগতি লাভ কৰিছে।এতিয়া শেষৰখন মেচ ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব।সেই মেচখনত যদি ভাৰতে জয়লাভ কৰে তেন্তে তেওঁলোকে শৃংখলাটো দখল কৰিব।

এই মেচখনত অষ্ট্ৰেলিয়াৰ অধিনায়ক মিচেল মাৰ্ছে টছত জয়লাভ কৰিছিল।প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৬৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।কিন্তু খেলখনত অষ্ট্ৰেলিয়াৰ দলটোৱে ১১৯ তে থমকিব লগা হয়।

এই মেচখনত ভাৰতীয় বলাৰসকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়।অক্ষৰ পেটেলে দুটা উইকেট আৰু শিৱম ডুবেইও দুটা উইকেট লাভ কৰে।

ইফালে সুন্দৰে ৩টা উইকেট দখল কৰাৰ বিপৰীতে আৰ্শদীপ, বৰুণ আৰু যশপ্ৰীত বুমৰাহে ১-১ ত সফলতা লাভ কৰে।

লগতে পঢ়ক: ইণ্ডিয়া এ দলত অসম সন্তান ৰিয়ান পৰাগ

T-20 বিশ্বকাপৰ বাবে প্ৰথমবাৰলৈ যোগ্যতা অৰ্জন ইটালীৰ ….

T-20 বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন

ICC পুৰুষৰ T-20 বিশ্বকাপ ২০২৬ অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’ব, যাৰ হষ্টিং ভাৰত আৰু শ্ৰীলংকাক দিয়া হৈছে।

এই T-20 বিশ্বকাপৰ বাবে ইটালীৰ দলটোৱেও যোগ্যতা অৰ্জন কৰিছে।ইটালীয়ে T-20 বিশ্বকাপ ইউৰোপ কোৱালিফায়াৰ ২০২৫ৰ জৰিয়তে এই মেগা টুৰ্ণামেণ্টত স্থান লাভ কৰিছে।

এই কোৱালিফায়াৰ প্ৰতিযোগিতাখন নেদাৰলেণ্ডৰ হেগত অনুষ্ঠিত হৈছিল। ইটালীৰ দলটোৱে প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপত অংশগ্ৰহণ কৰিব।ইটালীৰ লগতে নেদাৰলেণ্ডেও বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

নেদাৰলেণ্ড আৰু ইটালীয়ে ক্ৰমে টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰা ক্ৰমশ: ১৪ আৰু ১৫ নং দল।আয়োজক দেশ ভাৰত আৰু শ্ৰীলংকাৰ বাহিৰেও আফগানিস্তান, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, বাংলাদেশ, ইংলেণ্ড, আমেৰিকা, ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড, নিউজিলেণ্ড, পাকিস্তান আৰু কানাডাও এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

বাকী ৫টা দলৰ সিদ্ধান্ত এতিয়াও হোৱা নাই। ২ টা দল আফ্ৰিকা কোৱালিফায়াৰ আৰু ৩টা দল এছিয়া-ইএপি কোৱালিফায়াৰ জৰিয়তে পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ ত প্ৰৱেশ কৰিব।

ইটালীয়ে টি-২০ বিশ্বকাপ ইউৰোপ কোৱালিফায়াৰ ২০২৫ত দ্বিতীয় স্থান দখল কৰি মেগা ইভেণ্টত স্থান লাভ কৰে।আনহাতে নেদাৰলেণ্ডে এই কোৱালিফায়াৰ প্ৰতিযোগিতাত ৬ পইণ্টেৰে প্ৰথম স্থান দখল কৰে।

লগতে পঢ়ক: কেটেৰিনা চিনিয়াকোভা আৰু ছেম ভাৰবেকে দখল কৰিলে মিক্সড ডাবলছৰ খিতাপ