আহমেদাবাদত অনুষ্ঠিত হ’ব ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেল…

আহমেদাবাদত অনুষ্ঠিত হ’ব ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেল…

আহমেদাবাদত অনুষ্ঠিত হ’ব ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে অহা বছৰত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে আহমেদাবাদ,দিল্লী, কলকাতা, চেন্নাই আৰু মুম্বাইক ভেন্যু হিচাপে চৰ্টলিষ্ট কৰা হৈছে। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন আহমেদাবাদত অনুষ্ঠিত হ’ব। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলখনো আহমেদাবাদত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত

আহমেদাবাদত অনুষ্ঠিত হ’ব ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেল

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে অহা বছৰত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে আহমেদাবাদ,দিল্লী, কলকাতা, চেন্নাই আৰু মুম্বাইক ভেন্যু হিচাপে চৰ্টলিষ্ট কৰা হৈছে। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন আহমেদাবাদত অনুষ্ঠিত হ’ব।

২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলখনো আহমেদাবাদত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল,যিখন ষ্টেডিয়াম বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম,য’ত এক লাখৰো অধিক দৰ্শক উপস্থিত থাকিব পাৰে।

ইতিমধ্যে মহিলা এদিনীয়া বিশ্বকাপৰ তালিকাৰ পৰা বাদ পৰা বেংগালুৰুৱে এইবাৰো চূড়ান্ত স্থানৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

জুন মাহত আৰচিবিৰ আই পি এল বিজয় উদযাপনৰ সময়ত চিন্নাস্বামী ষ্টেডিয়ামত হোৱা ভয়াবহতাৰ পিছত কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাই প্ৰয়োজনীয় অনুমোদন লাভ কৰাত ব্যৰ্থ হৈছিল।

দুৰ্ঘটনাটোত এঘাৰজন লোকৰ মৃত্যু হৈছিল আৰু তাৰ পিছত ষ্টেডিয়ামত কোনো আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হোৱা নাই।

জানিব পৰা মতে,ICC  এ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ সম্পূৰ্ণ সূচী অহা সপ্তাহত প্ৰকাশ কৰিব।

এই প্ৰতিযোগিতাখন শ্ৰীলংকাৰ সহযোগত আয়োজন কৰা হ’ব,য’ত শ্ৰীলংকাই পাকিস্তানৰ মেচসমূহৰ বাবে এক নিৰপেক্ষ স্থানৰ ভূমিকা পালন কৰিব,যিটো ভাৰতৰ সৈতে হোৱা চুক্তিৰ অধীনত সিদ্ধান্ত লোৱা হৈছে।

শ্ৰীলংকাৰ তিনিটা স্থানত খেল অনুষ্ঠিত হ’ব,য’ত কলম্বোও অন্তৰ্ভুক্ত আছে। ভাৰতে ঘৰুৱা মাটিত ডিফেণ্ডিং চেম্পিয়ন হিচাপে খেলিব।

দলটোৱে শেষৰ টি-২০ বিশ্বকাপ জুন মাহত বাৰ্বাডোছত জয়লাভ কৰিছিল।ভাৰতত নিৰ্বাচিত পাঁচোটা স্থান টিয়াৰ-১ চহৰৰ হয় আৰু ইয়াত বৃহৎ জনসমাগম হোৱাৰ সম্ভাৱনা আছে।

যদি পাকিস্তানে ফাইনেলত প্ৰৱেশ কৰে তেন্তে খিতাপৰ মেচখন শ্ৰীলংকাত অনুষ্ঠিত হ’ব।আইচিচি, বিচিচিআই আৰু পিচিবিৰ মাজত হোৱা চুক্তি অনুসৰি,ভাৰত আৰু পাকিস্তানে আয়োজক দেশ যিয়েই নহওক কিয়, ২০২৭ চনলৈকে নিৰপেক্ষ স্থানত সকলো খেল খেলিব।

লগতে পঢ়ক: চতুৰ্থ T20ত ভাৰতৰ জয়; ৪৮ ৰানত পৰাস্ত অষ্ট্ৰেলিয়া