ইতিহাস সলনি কৰিলে মোদীয়ে! পণ্ডিত নেহৰুক পিছ পেলাই গঢ়িলে ‘মহাৰেকৰ্ড’

প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে ১২ বছৰ সম্পূৰ্ণ কৰিলে। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰ লাল নেহৰুক পিছ পেলাই আগবাঢ়ি গ’ল নৰেন্দ্ৰ মোদী।

স্বাধীন ভাৰতৰ ৰাজনৈতিক ইতিহাসত আজি এক নতুন অধ্যায়ৰ সূচনা হ’ল । দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ এক বিশেষ অভিলেখ ভংগ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নেতাৰ গৌৰৱ অৰ্জন কৰিছে ।

২০১৪ চনৰ ২৬ মে’ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নৰেন্দ্ৰ মোদীৰ শাসনকালৰ আজি একেৰাহে ১২ বছৰ সম্পূৰ্ণ হ’ল । আজি ২০২৬ চনৰ ৯ জুনলৈকে এজন নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালৰ ৪৩৯৮ দিন (১২ বছৰ ১৫ দিন) সম্পূৰ্ণ হৈছে ।

নেহৰুৰ ১২ বছৰীয়া অভিলেখ ভংগ-

পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৫২ চনৰ ১৩ মে’ত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল আৰু তেওঁ একেৰাহে ৪৩৯৭ দিন (১২ বছৰ ১৪ দিন) এই পদত আছিল । আজি প্ৰধানমন্ত্ৰী মোদীয়ে ৪৩৯৮ দিন সম্পূৰ্ণ কৰি নেহৰুৰ এই অভিলেখ অতিক্ৰম কৰে ।

পণ্ডিত নেহৰুৱে ১৯৪৭ চনৰ ১৫ আগষ্টতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল যদিও ১৯৫২ চনৰ প্ৰথম লোকসভা নিৰ্বাচনৰ পূৰ্বলৈকে তেওঁ প্ৰায় ৫ বছৰ (১৭৩৩ দিন) অন্তৱৰ্তীকালীন চৰকাৰৰহে মুৰব্বী আছিল । গতিকে সামগ্ৰিকভাৱে নেহৰুৰ মুঠ কাৰ্যকাল ৬১৩০ দিন হ’লেও, নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে মোদীয়েই এতিয়া শীৰ্ষত । ইয়াৰ পূৰ্বে ২০২৫ চনৰ ২৫ জুলাইত মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ একেৰাহে ৪০৭৭ দিন প্ৰধানমন্ত্ৰী হৈ থকাৰ অভিলেখো ভংগ কৰিছিল ।

১০ জুনত এনডিএ-ৰ শক্তি প্ৰদৰ্শন

এই ঐতিহাসিক ক্ষণক উদযাপন কৰিবলৈ অহা ১০ জুনত নতুন দিল্লীত এনডিএ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰা হৈছে । এই বৈঠকত মিত্ৰজোঁটৰ একতা আৰু শক্তি প্ৰদৰ্শন কৰা হ’ব । অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা টিডিপি প্ৰধান এন চন্দ্ৰবাবু নাইডুৱে বৈঠকত এটা বিশেষ প্ৰস্তাৱ উত্থাপন কৰিব, য’ত প্ৰধানমন্ত্ৰী মোদীৰ বিগত ১২ বছৰৰ শাসনকালৰ সাফল্যৰ খতিয়ান উল্লেখ কৰা হ’ব । এই প্ৰস্তাৱক মিত্ৰজোঁটৰ অন্যান্য সহযোগী দলৰ নেতাসকলেও সমৰ্থন জনাব ।

নৰেন্দ্ৰ মোদীৰ নামত আন কিছুমান বিৰল অভিলেখ :

শাসনকালত সৰ্বাধিক সময়ৰ ৰেকৰ্ড : ২০২৬ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিজৰ দুয়োটা কাৰ্যকাল মিলাই ৮৯৩১ দিনতকৈও অধিক সময় ক্ষমতাৰ শীৰ্ষত থকাৰ অভিলেখ গঢ়িছিল । ইয়াৰ সৈতে তেওঁ ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিঙৰ (8৯৩০ দিন) সৰ্বাধিক দিন চৰকাৰ চলোৱাৰ অভিলেখ ভংগ কৰে ।

সৰ্বপ্ৰথম অনা-কংগ্ৰেছী প্ৰধানমন্ত্ৰী : ভাৰতৰ ইতিহাসত নৰেন্দ্ৰ মোদীয়েই হৈছে আটাইতকৈ দীৰ্ঘদিন ধৰি শাসনভাৰ চম্ভালা প্ৰথমজন অনা-কংগ্ৰেছী প্ৰধানমন্ত্ৰী । তেওঁ একেৰাহে দুবাৰকৈ পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ চলোৱাৰ পিছত এতিয়া তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰৰ সফল নেতৃত্ব দিছে ।

নেহৰুৰ পিছত দ্বিতীয়জন নেতা : পণ্ডিত নেহৰুৰ পিছত নৰেন্দ্ৰ মোদী দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী, যিয়ে একেৰাহে তিনিটা লোকসভা নিৰ্বাচনত (২০১৪, ২০১৯ আৰু ২০২৪) নিজৰ দল বা মিত্ৰজোঁটক বিজয়ী কৰাই একেৰাহে তিনিবাৰকৈ প্ৰধানমন্ত্ৰী পদৰ শপত লৈছে ।

স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথম প্ৰধানমন্ত্ৰী : ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰ মোদী দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, যাৰ জন্ম স্বাধীনতাৰ পিছত হৈছে । তেওঁৰ পূৰ্বৰ আটাইকেইগৰাকী প্ৰধানমন্ত্ৰীৰে জন্ম ১৯৪৭ চনৰ পূৰ্বে হৈছিল ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক ইউৰোপ ভ্ৰমণ: অংশ ল’ব জি-৭ সন্মিলনত

‘মই নেহৰুৰ অন্ধভক্ত নহয়’; দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীক লৈ শশী থাৰুৰ বিস্ফোৰক মন্তব্য

দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে ডাঙৰ মন্তব্য কৰিছে। তেওঁ নেহৰুৰ অনুৰাগী কিন্তু সকলো নীতিকে সমৰ্থন নকৰে।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে বৃহস্পতিবাৰে (৮ জানুৱাৰী, ২০২৬) কয় যে তেওঁ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অনুৰাগী,কিন্তু তেওঁৰ সকলো নীতিকে সমৰ্থন নকৰে।

নেহৰুৱেই দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল।নেহৰুৰ ভুলবোৰ স্বীকাৰ কৰিব লাগিব,কিন্তু সকলো কামৰ বাবে কেৱল তেওঁক জগৰীয়া কৰাটো ভুল।

নেহৰুৱে তেওঁৰ কাৰ্যকালত লোৱা কিছুমান সিদ্ধান্ত ভুল হ’ব পাৰে,কিন্তু আমি তেওঁক সকলো কথাৰ বাবে জগৰীয়া কৰিব নোৱাৰো।কেৰালা বিধানসভাৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ মহোৎসৱত এই মন্তব্য কৰে শশী থাৰুৰে।

তেওঁ বিজেপি চৰকাৰক লৈ কয় যে তেওঁলোক নেহৰু বিৰোধী।তেওঁলোকে সকলো কথাতে নেহৰুক দোষ দিয়ে।কিছুমান ক্ষেত্ৰত নেহৰুক জগৰীয়া কৰাটো যুক্তিসংগত। কাৰণ নেহৰুৱে সেইবোৰত সিদ্ধান্ত লৈছিল,কিন্তু সকলো কথাতে তেওঁক জগৰীয়া কৰা ভুল।

শশী থাৰুৰে লগতে কয় যে, ‘মই জৱাহৰলাল নেহৰুৰ অনুৰাগী,কিন্তু তেওঁৰ অন্ধভক্ত নহয়। তেওঁৰ বুজাবুজি আৰু দৃষ্টিভংগীক মই অতিশয় প্ৰশংসা কৰো আৰু মই তেওঁক বহুত সন্মান কৰো,তথাপিও তেওঁৰ মতামত আৰু নীতিক মই ১০০% সমৰ্থন নকৰো’।

‘তেওঁ এনে বহু কাম কৰিছে,যাৰ বাবে তেওঁক যিমান প্ৰশংসা কৰা যায় সিমান কম হ’ব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, সেইজন নেহৰুৱেই আছিল, যিজনে ভাৰতত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিলে।মই নকওঁ যে বিজেপি চৰকাৰ গণতন্ত্ৰ বিৰোধী,কিন্তু তেওঁলোক নেহৰু বিৰোধী। নেহৰু বলিৰ ছাগলী হৈ পৰিছে।’

লগতে পঢ়ক: ডি কে শিৱকুমাৰ, প্ৰিয়ংকা গান্ধী, কানহাইয়া কুমাৰ…; নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিশেষ টীম গঠন

“জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী হোৱাটোৱেই আছিল প্ৰথমটো ভোট চুৰি”; SIR ৰ সন্দৰ্ভত ৰাহুল গান্ধীক প্ৰত্যুত্তৰ অমিত শ্বাহৰ

বিৰোধী দলপতি ৰাহুল গান্ধীক তীক্ষ্ণ সমালোচনা গৃহমন্ত্ৰী অমিত শ্বাহৰ। “জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী হোৱাটোৱেই আছিল প্ৰথমটো ভোট চুৰি”

বুধবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে SIR ৰ সন্দৰ্ভত সাংসদ ৰাহুল গান্ধীক দিলে প্ৰত্যুত্তৰ। ভাষণ আৰম্ভ কৰি শ্বাহে কয় যে বিজেপিৰ সদস্যসকলে নিৰ্বাচনী সংস্কাৰৰ আলোচনাৰ পৰা আঁতৰি নাযায়।

দৰাচলতে সদনৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অমিত শ্বাহক কয় যে ভোট চুৰি সম্পৰ্কীয় মোৰ তিনিখন সংবাদমেল আলোচনা কৰিবলৈ আপোনালোকক প্ৰত্যাহ্বান জনাইছো।

তাৰ উত্তৰত গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, “মই ৩০ বছৰ ধৰি সংসদ বা বিধানসভালৈ নিৰ্বাচিত হৈছো। এনেকুৱা কেতিয়াও হোৱা নাই। মোৰ ভাষণৰ ক্ৰম মই নিৰ্ধাৰণ কৰিম, আপুনি নহয়।”

গৃহমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, “জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী হোৱাটোৱেই আছিল প্ৰথমটো ভোট চুৰি।স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভোট চুৰি হৈছিল।বিৰোধীয়ে বিশ্বত ভাৰতৰ গণতন্ত্ৰৰ ভাবমূৰ্তি কলংকিত কৰিছে।”

তেওঁ আৰু কয়, “দ্বিতীয়বাৰৰ বাবে তেতিয়া ভোট চুৰি হৈছিল, যেতিয়া ইন্দিৰা গান্ধীয়ে বৰেলীৰ পৰা নিৰ্বাচিত হৈছিল।ৰাজ নাৰায়ণ জীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত উপস্থিত হৈ কয় যে এই নিৰ্বাচন নিয়ম অনুসৰি অনুষ্ঠিত হোৱা নাছিল”।

“এলাহাবাদ উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে,এই নিৰ্বাচন সঠিকভাৱে জয়ী হোৱা নাছিল,সেয়েহে ইয়াক বাতিল কৰা হৈছে।ইয়াৰ পিছত এই ভোট চুৰিৰ কথা ঢাকি ৰাখিবলৈ সংসদত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰিব নোৱাৰিব বুলি আইন প্ৰণয়ন কৰা হ’ল।”

বিৰোধীক আক্ৰমণ কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয়, “২০১৪ চনত নৰেন্দ্ৰ মোদী এই দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা তেওঁলোকে (বিৰোধী) আপত্তি কৰি আহিছে”।

” ২০১৪ চনৰ পৰা ২০২৫ চনলৈ আমি লোকসভা আৰু বিধানসভাকে ধৰি মুঠ ৪৪টা নিৰ্বাচনত জয়ী হৈছো।কিন্তু তেওঁলোকে (বিৰোধী)ও বিভিন্ন বিধানসভাত মুঠ ৩০টা নিৰ্বাচনত জয়লাভ কৰিছে।যদি ভোটাৰ তালিকাখন দুৰ্নীতিগ্ৰস্ত হয়, তেন্তে আপুনি কিয় শপত গ্ৰহণ কৰিলে?

গৃহমন্ত্ৰী শ্বাহৰ এই উত্তৰৰ পিছতে অধ্যক্ষ ওম বিৰলাই ১১ ডিচেম্বৰৰ পুৱা ১১ বজালৈ লোকসভা স্থগিত ৰখাৰ কথা ঘোষণা কৰে।

লগতে পঢ়ক: “কংগ্ৰেছৰ হৈ ময়ে মহিলা গৰাকীৰ ওচৰত ক্ষমা বিচাৰিছো”; ৰাহুল গান্ধীৰ দাবীক প্ৰত্যুত্তৰ কংগনা ৰানাৱটৰ