‘অভিযুক্তক এনে শাস্তি দিয়া হ’ব যে পুনৰ এনে কাম কৰাৰ সাহস নকৰিব’; অমিত শ্বাহ
‘অভিযুক্তক এনে শাস্তি দিয়া হ’ব যে পুনৰ এনে কাম কৰাৰ সাহস নকৰিব’; অমিত শ্বাহ
দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডাঙৰ বিবৃতি দিছে। বৃহস্পতিবাৰে অমিত শ্বাহে কয় যে এই বিস্ফোৰণৰ লগত যিয়েই জড়িত আছে,আমি তেওঁলোকক ইমান কঠোৰ শাস্তি দিম যে তেওঁলোকে ভৱিষ্যতে এনে আক্ৰমণ চলোৱাৰ আগতে দুবাৰ ভাবিব লাগিব।
লগতে তেওঁ কয় যে আমাৰ শাস্তিও বিশ্ববাসীৰ বাবে এক বাৰ্তা হ’ব।উল্লেখ্য যে কিছুদিন পূৰ্বে দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত দিল্লীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
এই গোচৰত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা বহু সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে আৰক্ষী আৰু তদন্তকাৰী সংস্থাই অধিক সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছে।
আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে অভিযুক্ত মুজ্জামিলৰ নিৰ্দেশত মেৱাটৰ নুহত দোকানী চিনাক্ত কৰা হৈছে, য’ৰ পৰা মুজামিল আৰু তেওঁৰ আন সহযোগীসকলে সাৰ কিনিছিল, য’ৰ পৰা এমোনিয়াম নাইট্ৰেট বৃহৎ পৰিমাণে উৎপাদন হৈছিল।
লগতে পঢ়ক: ৬ ডিচেম্বৰৰ বাবে কৰিছিল সকলো প্ৰস্তুতি; ফাদিল হৈছে ডাঃ উমৰ নবীৰ ভয়ংকৰ ষড়যন্ত্ৰ!