বিশ্বকাপৰ মঞ্চত আৰু কেতিয়াও দেখা নাযাব ৭ নম্বৰ জাৰ্চীধাৰী যাদুকৰজনক !

ট্ৰফী অবিহনেই শেষ হ’ল ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ মহাকাব্যিক অধ্যায়! বিশ্বকাপৰ মঞ্চত আৰু কেতিয়াও দেখা পোৱা নাযাব ৭ নম্বৰ জাৰ্চীধাৰী ফুটবলৰ যাদুকৰজনক ।

ফুটবল খেলপথাৰৰ সেই পৰিচিত ৭ নম্বৰ জাৰ্চীধাৰী যাদুকৰজনক আৰু কেতিয়াও বিশ্বকাপৰ মঞ্চত দেখা পোৱা নাযাব! সোমবাৰে আৰ্লিংটনৰ খেলপথাৰত যেতিয়া ৰেফাৰীৰ শেষৰ হুইছেলটো বাজি উঠিল, তেতিয়া কেৱল এখন খেলৰে সমাপ্তি ঘটা নাছিল, বৰঞ্চ সমাপ্তি ঘটিছিল ফুটবল ইতিহাসৰ এটা সোণালী অধ্যায়ৰ । সোমবাৰে অনুষ্ঠিত ৰাউণ্ড অব্ ১৬-ৰ এক তীব্ৰ উত্তেজনাপূৰ্ণ খেলত পৰ্তুগালে স্পেইনৰ হাতত ১-০ ব্যৱধানত পৰাজয় বৰণ কৰিবলগীয়া হয় । এই পৰাজয়ৰ লগে লগে ৪১ বছৰীয়া ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ (Cristiano Ronaldo) ষষ্ঠ তথা অন্তিমটো বিশ্বকাপৰ সপোন চিৰদিনৰ বাবে ভাঙি চুৰমাৰ হৈ যায় ।

উনাই চিমনৰ সেই দেৱাল আৰু ৰোনাল্ডোৰ চকুপানী

খেলখনৰ পূৰ্বে সংবাদমেলত প্ৰায় ২৫ মিনিট ধৰি কথা পাতোঁতে ৰোনাল্ডোৰ চকুত আছিল এক আশাৰ তিৰবিৰণি । তেওঁ কৈছিল, “মই আশা কৰোঁ এইখন যেন মোৰ শেষ খেল নহওক, মই মোৰ শেষৰটো বিশ্বকাপ সম্পূৰ্ণৰূপে উপভোগ কৰিব বিচাৰোঁ ।” কিন্তু নিয়তিৰ লিখন আছিল বেলেগ ।

খেলপথাৰত ৰোনাল্ডোৱে নিজৰ সৰ্বস্ব উজাগৰ কৰি দিছিল । তেওঁ মুঠ তিনিটা শ্বট লৈছিল, যাৰ ভিতৰত দুটা আছিল লক্ষ্যভেদী । আটাইতকৈ আৱেগিক মূহূৰ্তটো আহিছিল তেতিয়া, যেতিয়া সতীৰ্থ জোয়াও ফেলিক্সৰ এটা সুন্দৰ হেডাৰৰ পিছত বলটো স্পেইনৰ গ’লৰক্ষক উনাই চিমনৰ কান্ধত লাগি চিটকি পৰে । শূন্যতে থকা বলটোক ৰোনাল্ডোৱে এক আচৰিত ‘বেক-কিক্’ মাৰি গ’লপোষ্টৰ ভিতৰত সুমুৱাবলৈ চেষ্টা কৰিছিল, কিন্তু স্পেইনৰ গ’লৰক্ষক উনাই চিমনে যেন খেলপথাৰত এখন লোহাৰ দেৱালহে থিয় কৰাইছিল । চিমনে শূন্যতে জাপ মাৰি বলটো হাতত লৈ ৰোনাল্ডোৰ সেই অন্তিম প্ৰয়াসকো বিফল কৰে ।

খেলৰ শেষত স্পেইনে একেৰাহে ষষ্ঠবাৰৰ বাবে নিজৰ গ’লপোষ্ট ক্লীন শ্বীট (কোনো গ’ল নোখোৱাকৈ) ৰাখি বিশ্বকাপৰ ইতিহাসত এক বিৰল অভিলেখ গঢ়িলে । গ’লৰক্ষক চিমনেও একেৰাহে মিনিট ধৰি কোনো গ’ল নোখোৱাকৈ থাকি ১৯৯০ চনৰ ইটালীৰ কিংবদন্তী ৱাল্টাৰ জেংগাৰ অভিলেখ ভংগ কৰিলে । কিন্তু এই সকলো অভিলেখৰ মাজতো বিশ্বৰ কোটি কোটি অনুৰাগীৰ চকু নিবদ্ধ আছিল এজন মানুহৰ ওপৰত- ক্ৰিষ্টিয়ানো ৰোনাল্ডো ।

বিদায়বেলাৰ সেই কৰুণ হাঁহি

মেচখন শেষ হোৱাৰ পিছত ৰোনাল্ডোৰ মুখমণ্ডল গভীৰ উদাসীনতা আৰু বিষাদেৰে ভৰি পৰিছিল । যিজন খেলুৱৈয়ে সমগ্ৰ কেৰিয়াৰত হাৰ মনা শব্দটো শিকা নাছিল, তেওঁৰ চকুৰ কোণত আছিল হেৰুৱাৰ এক গভীৰ বেদনা । তথাপিও, এজন প্ৰকৃত মহান নায়কৰ দৰে তেওঁ ষ্টেডিয়ামত থকা হাজাৰ হাজাৰ অনুৰাগীৰ ফালে চাই হাত জোকাৰি ধন্যবাদ জ্ঞাপন কৰে । হয়তো তেওঁ নিজেও জানিছিল, এই বিদায় চিৰকালৰ বাবে । অৱশ্যে তেওঁ আনুষ্ঠানিকভাৱে বিশ্বকাপৰ পৰা অৱসৰৰ ঘোষণা কৰা নাই । তথাপিও তেওঁৰ অনুৰাগী আৰু ফুটবল বিশ্বই এয়াই তেওঁৰ অন্তিমখন বিশ্বকাপ বুলি ধাৰণা কৰি লৈছে ।

মাডেইৰাৰ পৰা বিশ্ব জয়: এক অলৌকিক যাত্ৰা

১৯৮৫ চনৰ ৫ ফেব্ৰুৱাৰীত পৰ্তুগালৰ মাডেইৰা দ্বীপৰ ফুঞ্চালত জন্মগ্ৰহণ কৰা ক্ৰিষ্টিয়ানো ৰোনাল্ডো ডছ ছান্তোছ আৱেইৰোৰ বাবে এই যাত্ৰা সহজ নাছিল । অতি দৰিদ্ৰতাৰ মাজৰ পৰা কেৱলমাত্ৰ কঠিন পৰিশ্ৰম, শৃংখলাবদ্ধতা আৰু ফুটবলৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবে তেওঁ আজি এই স্থান পাইছে ।

প্ৰাৰম্ভিক দিনবোৰ: ‘আন্দোৰিনহা’ ক্লাবৰ পৰা যাত্ৰা আৰম্ভ কৰি ‘নেচিঅ’নেল ডি মাডেইৰা’ হৈ মাত্ৰ ১২ বছৰ বয়সতে তেওঁ ‘স্পৰ্টিং চি পি’ একাডেমীত ভৰ্তি হৈছিল । ২০০২ চনত পেছাদাৰী ফুটবলত ভৰি থোৱাৰ পিছৰে পৰা তেওঁ আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই ।

মানচেষ্টাৰ ইউনাইটেডৰ সেই সোণালী সময়: ২০০৩ চনত এখন প্ৰীতি মেচত তেওঁৰ খেল দেখি আশ্চৰ্যচকিত হৈ কিংবদন্তী মেনেজাৰ ছাৰ এলেক্স ফাৰ্গুছনে তেওঁক মানচেষ্টাৰ ইউনাইটেডলৈ আনে । “ৰেড ডেভিলছ”ৰ হৈ তেওঁ ৩ টা প্ৰিমিয়াৰ লীগ, ১ টা এফ এ কাপ আৰু ১ টা ইউ ই এফ এ চেম্পিয়নছ লীগসহ প্ৰথমটো ‘বেলন ডি অ’ৰ’ (Ballon d’Or) বঁটা আজুৰি আনে ।

ৰিয়েল মাদ্ৰিডৰ ৰজা: ২০০৯ চনত অভিলেখ মূল্যত ৰিয়েল মাদ্ৰিডলৈ যোৱাৰ পিছত ৰোনাল্ডো হৈ পৰে অপ্ৰতিৰোধ্য । ৯ টা ছিজনত ক্লাবটোৰ সৰ্বকালৰ সৰ্বাধিক গ’লদাতা হোৱাৰ লগতে চাৰিটা চেম্পিয়নছ লীগ আৰু আৰু ৪ টা বেলন ডি অ’ৰ জিকি তেওঁ নিজক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰে ।

জুভেণ্টাছ আৰু আল-নাছৰ: পৰৱৰ্তী সময়ত ইটালীৰ জুভেণ্টাছৰ হৈ দুটাকৈ চিৰিজ এ খিতাপ জয় কৰাৰ পিছত তেওঁ চৌদি আৰৱৰ আল-নাছৰ ক্লাবত যোগদান কৰি নিজৰ গ’ল কৰাৰ অভিলেখ অক্ষুণ্ণ ৰাখে ।

দেশৰ বাবে সৰ্বস্ব ত্যাগ: পৰ্তুগালৰ মুকুট বিহীন সম্ৰাট

২০০৩ চনত পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলত অভিষেক ঘটা ৰোনাল্ডোৱে দেশৰ হৈ আটাইতকৈ বেছি মেচ খেলাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ফুটবলত আটাইতকৈ বেছি ১৪৬ টা গ’ল কৰাৰ বিশ্ব অভিলেখ গঢ়িছে । তেওঁৰ নেতৃত্বতে পৰ্তুগালে ২০১৬ চনত ঐতিহাসিক ইউৰোপীয় চেম্পিয়নশ্বিপ (ইউৰো কাপ) আৰু ২০১৯ চনত ইউ ই এফ এ নেচনছ লীগ জয় কৰিবলৈ সক্ষম হৈছিল ।

২০০৬ চনত নিজৰ প্ৰথম বিশ্বকাপতে ছেমিফাইনেল খেলা ৰোনাল্ডোৱে ৬ টাকৈ বিশ্বকাপত অংশ লৈ মুঠ ১১ টা গ’ল কৰিলে, যি তেওঁক বিশ্বকাপৰ ইতিহাসৰ সৰ্বকালৰ নবম সৰ্বাধিক গ’লদাতা কৰি তুলিছে ।

খিতাপতকৈ ডাঙৰ তেওঁৰ উত্তৰাধিকাৰ

ক্ৰিষ্টিয়ানো ৰোনাল্ডো কেৱল এজন খেলুৱৈ নহয়, তেওঁ এটা ব্ৰেণ্ড, কোটি কোটি যুৱক-যুৱতীৰ অনুপ্ৰেৰণা । খেলপথাৰৰ বাহিৰতো তেওঁৰ সমাজহিতৈষীমূলক কাম-কাজ আৰু দান-বৰঙণিয়ে তেওঁক এজন মহান মানুহ হিচাপে গঢ়ি তুলিছে ।

বিশ্বকাপৰ ট্ৰফীটো হয়তো তেওঁৰ হাতত নুঠিল, কিন্তু তাৰ বাবে ৰোনাল্ডোৰ মহানতা বিন্দুমাত্ৰও কমি নাযায় । তেওঁৰ এই কৰুণ বিদায়ে ফুটবল প্ৰেমীৰ বুকুত সদায় এক খালি ঠাই ৰাখি থৈ যাব ।

লগতে পঢ়ক : স্পেইনৰ বিৰুদ্ধে হাই-ভল্টেজ মেচৰ পূৰ্বে ৰোনাল্ডোলৈ মাতৃৰ বিশেষ বাৰ্তা

নেইমাৰৰ পাছত ক্রিষ্টিয়ানো ৰোনাল্ডোৱেও ল’ব নেকি অৱসৰ!

ব্ৰাজিলৰ কিংবদন্তি ফুটবলাৰ নেইমাৰৰ পিছত ক্রিষ্টিয়ানো ৰোনাল্ডোও অৱসৰৰ বাবে সাজু হৈছে৷ স্পেইনৰ বিৰুদ্ধে প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলখনৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত পৰ্তুগালৰ ৰোনাল্ডোৱে পুনৰ কয় যে এয়া তেওঁৰ কেৰিয়াৰৰ অন্তিমখন বিশ্বকাপ।

কিংবদন্তি পৰ্তুগীজ ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে পুনৰবাৰ স্পষ্ট কৰি দিছে যে এইখনেই তেওঁৰ কেৰিয়াৰৰ ষষ্ঠ আৰু অন্তিমখন ফিফা বিশ্বকাপ হ’ব৷ সংবাদমেলৰ সময়ত ৰোনাল্ডোৱে এই মন্তব্য কৰে। তেওঁ সাংবাদিকসকলৰ সৈতে নিজৰ বৈশিষ্ট্যপূৰ্ণ হাস্যৰসময়ী শৈলীত মত বিনিময় কৰিছিল। স্পেইনৰ বিৰুদ্ধে প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলখনৰ প্ৰাকক্ষণত ৪১ বছৰীয়া খেলুৱৈগৰাকীয়ে পূৰ্বে ইংগিত দিয়া কথা পুনৰবাৰ উল্লেখ কৰে।

হাঁহি হাঁহি তেওঁ ক’য়, “মোৰ আটাইতকৈ ডাঙৰ সম্পদ হৈছে মানুহবোৰৰ মৰম আৰু তেওঁলোকৰ লগত জড়িত স্মৃতি। হোটেলৰ কৰ্মচাৰী আৰু লেটিন আমেৰিকাৰ মানুহৰ সৈতে কটোৱা মুহূৰ্তবোৰ মোৰ আটাইতকৈ ভাল লগা স্মৃতিৰ ভিতৰত। কালি বিমান যাত্ৰাৰ সময়ত আৰ্জেণ্টিনাৰ এগৰাকী এয়াৰ হোষ্টেছক লগ পাইছিলো। তেওঁ মোৰ ফালে চোৱাৰ ধৰণটোতেই মই জানিব পাৰিছিলো যে তেওঁ আৰ্জেণ্টিনাৰ আছিল। মই তেওঁক কৈছিলো, ‘আপুনি মোক যি ধৰণেৰে চাই আছে, সেইটোতে মই গম পাইছো যে আপুনি আৰ্জেণ্টিনাৰ। মোক দেখা পাই যদি কোনোবাই লগে লগে চকু আঁতৰাই চায়, তেন্তে মই বুজি পাওঁ যে তেওঁলোকে ক্রিষ্টিয়ানোক ভাল নাপায়।”

মানচেষ্টাৰ ইউনাইটেড আৰু ৰিয়েল মাদ্রিদৰ প্রাক্তন তাৰকাগৰাকীয়ে কয় যে, “মই মোৰ শেষৰ বিশ্বকাপৰ প্ৰতিটো মুহূৰ্ত সম্পূৰ্ণৰূপে উপভোগ কৰিব বিচাৰো। আশাকৰোঁ, কাইলৈ ​​মোৰ চূড়ান্ত মেচ নহ’ব, যাতে আপোনালোক সকলোৱে মোক আৰু কেইদিনমান সমালোচনা কৰি থাকিব পাৰে।” ১৪৬টা গ’ল দি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ সৰ্বকালৰ আগশাৰীৰ গ’লদাতা ৰোনাল্ডোৱে ইয়াৰ পূৰ্বেও ইয়াৰ ইংগিত দিছিল।

তেওঁ আৰু কয়, “মোৰ জীৱনত একোৱেই অভাৱ নাই। ঈশ্বৰে মোৰ প্ৰতি অত্যন্ত উদাৰতা প্ৰদৰ্শন কৰিছে। মই কেতিয়াও কল্পনা কৰিব নোৱাৰা সকলোখিনি তেওঁ মোক দিলে,বিশেষকৈ জাতীয় দলৰ সৈতে। মোৰ ব্যক্তিগত জীৱনতো সকলোখিনি পাইছো। সেইবাবেই মই এতিয়া প্ৰতিটো মুহূৰ্ত উপভোগ কৰিব বিচাৰো। মই বিশ্বকাপ জয়ী হওঁ বা নকৰোঁ, মই না ‘ডাঙৰ’ ক্রিষ্টিয়ানো হ’ম না ‘সৰু’ ।”

লগতে পঢ়ক: ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ইংলেণ্ডৰ;১০ গৰাকী খেলুৱৈৰ দুৰ্দান্ত প্ৰদৰ্শন

তিনি বছৰৰ কঠোৰ পৰিশ্ৰম, খেলপথাৰতে উচুপি উঠিল ৰোনাল্ডো ; ভিডিঅ’ ভাইৰেল

কিংবদন্তি ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডো, যি ২০২৬ ফিফা বিশ্বকাপৰ ঠিক আগতে ছৌদি প্ৰ’ লীগ ক্লাব আল নাছৰৰ হৈ খেলিছিল, ২২ মে’ত ডামাকৰ বিৰুদ্ধে নিজৰ দলটোৱে জয়লাভ কৰাৰ পিছত উচুপি উঠিল।

১২ জুনত আৰম্ভ হ’বলগীয়া ২০২৬ ফিফা বিশ্বকাপৰ বাবে ক্ৰীড়াপ্ৰেমীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। তাৰ মাজতে ৪১ বছৰীয়া কিংবদন্তি ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ এটা ভিডিঅ’ তীব্ৰ গতিত ভাইৰেল হৈছে।এই ভিডিঅ’টোত ক্রিষ্টিয়ানো ৰোনাল্ডোৱে কান্দি থকা দেখা গৈছে। ফুটবল বিশ্বকাপৰ ঠিক আগতে ৰোনাল্ডোৱে ছৌদি প্ৰ’ লীগত দলটোৰ হৈ খেলি থকাৰ সময়তে আল নাছৰ ক্লাবক ২২ মে’ত প্ৰথম খিতাপ দখল কৰাত সফল হয়।

এই মেচখনত জয়লাভ কৰাৰ পিছত ৰোনাল্ডোক খেলপথাৰত যথেষ্ট আৱেগিক যেন দেখা গ’ল। তেওঁ নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰি কান্দিবলৈ ধৰিলে।আচলতে ২০২৩ চনত ক্রিষ্টিয়ানো ৰোনাল্ডোৱে এই ক্লাবত যোগদান কৰিছিল, য’ত দলটোৱে ধাৰাবাহিকভাৱে খিতাপ জয়ৰ আশা হেৰুৱাই পেলাইছিল,কিন্তু তিনি বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত এইবাৰ ৰোনাল্ডোৱে নিজৰ দলটোক জয়ৰ দিশে আগুৱাই নিয়াত সফল হৈছে।

আল নাছৰে এই খেলখনত জয়ৰ সৈতে ছৌদি প্ৰ’ লীগৰ ৩৪ খেলখনত ৮৬ পইণ্ট লাভ কৰি শীৰ্ষ স্থান দখল কৰে আৰু এই ছিজনত এখনো মেচত পৰাস্ত নোহোৱা আল-হিলাল ক্লাবৰ ওপৰতো দুটা পইণ্টৰ অগ্ৰগতি স্থাপন কৰিলে। এই ছিজনত ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ২৯টা গ’ল দিবলৈ সক্ষম হৈছিল৷

আল নাছৰক প্ৰথম ছৌদি খিতাপ দখল কৰাৰ পিছত ক্রিষ্টিয়ানো ৰোনাল্ডোক আৱেগিক হোৱাত পিছত এতিয়া সকলোৰে দৃষ্টি আগন্তুক ফুটবল বিশ্বকাপৰ ওপৰত আছে।

লগতে পঢ়ক: আইপিএল ২০২৬: অৰেঞ্জ কেপত ছাই সুদৰ্শনৰ ৰাজত্ব, পাৰ্পল কেপৰ দৌৰত ভুৱনেশ্বৰ-ৰাবাডাৰ তীব্ৰ যুঁজ 

স্পেইনক পৰাস্ত কৰি নেচনছ লীগৰ চেম্পিয়ন পৰ্তুগাল; উচুপি উঠিল ৰোনাল্ডো

নেচনছ লীগৰ চেম্পিয়ন হৈ উচুপি উঠিল ৰোনাল্ডো

সোমবাৰে পৰ্তুগালে নেচনছ লীগৰ খিতাপ দখল কৰে।দেওবাৰে নিশা জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলখনত পৰ্তুগালে পেনাল্টি শ্বুটআউটত স্পেইনক ৫-৩ গ’লত পৰাস্ত কৰে।

প্ৰথমে দুয়োটা দলেই অতিৰিক্ত সময় শেষ হোৱাৰ পিছতে ২-২ গ’লত সমতা স্থাপন কৰে।তাৰ পাছত পেনাল্টি শ্বুটআউটত পৰ্তুগালে পাঁচোটা শ্বটতে গ’ল দিয়াৰ বিপৰীতে স্পেইনে দুটা শ্বট মিছ কৰে।

ইয়াৰ লগে লগে পৰ্তুগালে দুবাৰকৈ ইউএফএ নেচনছ লীগৰ খিতাপ দখল কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।ইয়াৰ পূৰ্বে ২০১৮-২০১৯ বৰ্ষত প্ৰতিযোগিতাখনৰ প্ৰথম ছিজনতো খিতাপ দখল কৰিছিল।

এই খিতাপ জয়ৰ পিছতে ক্রিষ্টিয়ানো ৰোনাল্ডোক আৱেগিক কৰি তুলিছিল। জয়ৰ পিছতে তাৰকা ফুটবলাৰগৰাকীয়ে খেলপথাৰত চকুলো টুকিছিল।  

খিতাপ মেচখনত প্ৰথম মিনিটৰ পৰাই দুয়োখন দেশে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছিল।খেলখনৰ প্ৰথমটো গ’ল স্পেইনৰ হাতলৈ গৈছিল। ২১ মিনিটত পৰ্তুগালে লেমিন ইয়ামালৰ ক্ৰছ ক্লিয়াৰ কৰিব নোৱাৰাৰ পাছত মাৰ্টিন জুবিমেণ্ডিয়ে গ’ল দিয়ে।

ইয়াৰ পিছতে পৰ্তুগালে প্ৰত্যুত্তৰ দিয়ে। নুনো মেণ্ডেছে অস্কাৰ মিংগুৱেজাক পৰাস্ত কৰি পাঁচ মিনিটৰ পিছতেই প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় গ’ল দি পৰ্তুগালক সমতালৈ লৈ আনে।

মাইকেল অয়াৰজাবালে খেলখনৰ ৪৫ মিনিটত গ’ল দি স্পেইনক ২-১ গ’লত অগ্ৰগতি প্ৰদান কৰে।দ্বিতীয়াৰ্ধত পৰ্তুগালে ৰুবেন নেভেছ আৰু নেলছন চেমেডোৰ পৰিচয় দি খেলখনলৈ ঘূৰি আহিবলৈ চেষ্টা কৰে।

৬১ মিনিটত নুনো মেণ্ডেছৰ পৰা বিচ্যুত ক্ৰছত ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ভলী কৰি ২-২ গ’লত সমতা স্থাপন কৰে৷ এয়া আছিল ৰোনাল্ডোৰ কেৰিয়াৰৰ ৯৩৮ সংখ্যক গ’ল।

ইয়াৰ পিছত ৰোনাল্ডোৱে আঘাতৰ বাবে খেলপথাৰ এৰিবলগীয়া হৈছিল যদিও ইয়াৰ পিছতো পৰ্তুগালে অতিৰিক্ত সময়ত হেঁচা অব্যাহত ৰাখিছিল।দুয়োটা দলে প্ৰথম তিনিটা স্পট কিকক গ’ললৈ ৰূপান্তৰিত কৰে।

ৰুবেন নেভেছে ষ্টেপ আপ কৰি নিৰ্ণায়ক পেনাল্টিটো ৰূপান্তৰিত কৰি পৰ্তুগালক দ্বিতীয়বাৰৰ বাবে নেচনছ লীগৰ খিতাপ দখল কৰে।খিতাপ জয় কৰাৰ পিছত ৰোনাল্ডোৱেও নিজৰ কেৰিয়াৰৰ বিষয়ে এটা ডাঙৰ ইংগিত দিলে।

সংবাদ মাধ্যমৰ আগত ৰোনাল্ডোৱে কয়, “আপোনালোকে ইতিমধ্যে জানিছে যে, মোৰ বয়স কিমান হৈছে ।সাধাৰণ কথা,মই আৰম্ভণিৰ তুলনাত শেষৰ ওচৰ চাপিছো,কিন্তু প্ৰতিটো মুহূৰ্ত মই উপভোগ কৰিব বিচাৰো।যদি মই গুৰুতৰভাৱে আঘাত নাপাওঁ তেন্তে মই খেলি যাম।”

লগতে পঢ়ক:১৭ দিন পিছত সন্ধান ওলাল সোনম ৰঘুবংশীৰ; স্বামীক পৰিকল্পিতভাৱে কৰিছিল হত্যা