ফিফা বিশ্বকাপৰ পূৰ্বে উচুপি উঠিল ৰোনাল্ডো; ভিডিঅ' ভাইৰেল

তিনি বছৰৰ কঠোৰ পৰিশ্ৰম, খেলপথাৰতে উচুপি উঠিল ৰোনাল্ডো ; ভিডিঅ’ ভাইৰেল

কিংবদন্তি ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডো, যি ২০২৬ ফিফা বিশ্বকাপৰ ঠিক আগতে ছৌদি প্ৰ’ লীগ ক্লাব আল নাছৰৰ হৈ খেলিছিল, ২২ মে’ত ডামাকৰ বিৰুদ্ধে নিজৰ দলটোৱে জয়লাভ কৰাৰ পিছত উচুপি উঠিল। ১২ জুনত আৰম্ভ হ’বলগীয়া ২০২৬ ফিফা বিশ্বকাপৰ বাবে ক্ৰীড়াপ্ৰেমীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। তাৰ মাজতে ৪১

কিংবদন্তি ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডো, যি ২০২৬ ফিফা বিশ্বকাপৰ ঠিক আগতে ছৌদি প্ৰ’ লীগ ক্লাব আল নাছৰৰ হৈ খেলিছিল, ২২ মে’ত ডামাকৰ বিৰুদ্ধে নিজৰ দলটোৱে জয়লাভ কৰাৰ পিছত উচুপি উঠিল।

১২ জুনত আৰম্ভ হ’বলগীয়া ২০২৬ ফিফা বিশ্বকাপৰ বাবে ক্ৰীড়াপ্ৰেমীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। তাৰ মাজতে ৪১ বছৰীয়া কিংবদন্তি ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ এটা ভিডিঅ’ তীব্ৰ গতিত ভাইৰেল হৈছে।এই ভিডিঅ’টোত ক্রিষ্টিয়ানো ৰোনাল্ডোৱে কান্দি থকা দেখা গৈছে। ফুটবল বিশ্বকাপৰ ঠিক আগতে ৰোনাল্ডোৱে ছৌদি প্ৰ’ লীগত দলটোৰ হৈ খেলি থকাৰ সময়তে আল নাছৰ ক্লাবক ২২ মে’ত প্ৰথম খিতাপ দখল কৰাত সফল হয়।

এই মেচখনত জয়লাভ কৰাৰ পিছত ৰোনাল্ডোক খেলপথাৰত যথেষ্ট আৱেগিক যেন দেখা গ’ল। তেওঁ নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰি কান্দিবলৈ ধৰিলে।আচলতে ২০২৩ চনত ক্রিষ্টিয়ানো ৰোনাল্ডোৱে এই ক্লাবত যোগদান কৰিছিল, য’ত দলটোৱে ধাৰাবাহিকভাৱে খিতাপ জয়ৰ আশা হেৰুৱাই পেলাইছিল,কিন্তু তিনি বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত এইবাৰ ৰোনাল্ডোৱে নিজৰ দলটোক জয়ৰ দিশে আগুৱাই নিয়াত সফল হৈছে।

আল নাছৰে এই খেলখনত জয়ৰ সৈতে ছৌদি প্ৰ’ লীগৰ ৩৪ খেলখনত ৮৬ পইণ্ট লাভ কৰি শীৰ্ষ স্থান দখল কৰে আৰু এই ছিজনত এখনো মেচত পৰাস্ত নোহোৱা আল-হিলাল ক্লাবৰ ওপৰতো দুটা পইণ্টৰ অগ্ৰগতি স্থাপন কৰিলে। এই ছিজনত ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ২৯টা গ’ল দিবলৈ সক্ষম হৈছিল৷

আল নাছৰক প্ৰথম ছৌদি খিতাপ দখল কৰাৰ পিছত ক্রিষ্টিয়ানো ৰোনাল্ডোক আৱেগিক হোৱাত পিছত এতিয়া সকলোৰে দৃষ্টি আগন্তুক ফুটবল বিশ্বকাপৰ ওপৰত আছে।

লগতে পঢ়ক: আইপিএল ২০২৬: অৰেঞ্জ কেপত ছাই সুদৰ্শনৰ ৰাজত্ব, পাৰ্পল কেপৰ দৌৰত ভুৱনেশ্বৰ-ৰাবাডাৰ তীব্ৰ যুঁজ 

শেহতীয়া প্ৰৱন্ধসমূহ