জোছ ইংলিছৰ সন্মুখত অসহায় ইংৰাজ বাহিনী… চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ৰান চেজ সম্পূৰ্ণ কৰিলে অষ্ট্ৰেলিয়াই

অষ্ট্ৰেলিয়া দলে জয়েৰে আৰম্ভ কৰিছে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ অভিযান । ২২ ফেব্ৰুৱাৰী (শনিবাৰ) লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত অষ্ট্ৰেলিয়াই ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰে । অষ্ট্ৰেলিয়াই জয়ী হ’বলৈ ৩৫২ ৰানৰ লক্ষ্য লাভ কৰিছিল, যিটো ৪৮ অভাৰতে উপনীত হয় । চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত এইটোৱেই আছিল আটাইতকৈ ডাঙৰ ৰান চেজ । লগতে, আই চি চিৰ এদিনীয়া প্ৰতিযোগিতাত এইটোৱেই আটাইতকৈ সফল ৰান চেজ ।

অষ্ট্ৰেলিয়ান দলৰ জয়ৰ নায়ক আছিল উইকেটৰক্ষক জোছ ইংলিছ । ইংলিছে অপৰাজিত শতকীয় ইনিংছ খেলে । ইংলিছে ৮৬টা বলত ১২০ ৰান সংগ্ৰহ কৰে, য’ত ৮টা চাৰি আৰু ৬টা ছয় আছিল । ইংলিছ আৰু এলেক্স কেৰীয়ে পঞ্চম উইকেটৰ বাবে ১৪৬ ৰান সংগ্ৰহ কৰি মেচখনৰ গতিপথ সলনি কৰে । কেৰীয়ে ৮টা চাৰিৰ সহায়ত ৬৩টা বলত ৬৯ ৰান সংগ্ৰহ কৰে ।

টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ইংলেণ্ডে ৮ উইকেটত ৩৫১ ৰান সংগ্ৰহ কৰে । ইংলেণ্ডৰ হৈ অ’পেনাৰ বেন ডাকেটে ১৬৫ ৰান সংগ্ৰহ কৰে, য’ত ১৭টা চাৰি আৰু তিনিটা ছয় আছিল । ডাকেটৰ উপৰিও জো ৰুটে চাৰিটা চাৰিৰ সহায়ত ৭৮টা বলত ৬৮ ৰানৰ ইনিংছ খেলে । অষ্ট্ৰেলিয়াৰ হৈ বেগী বলাৰ বেন ড্ৱাৰ্শ্বুইছে সৰ্বাধিক তিনিটা উইকেট দখল কৰে । আনহাতে স্পীন বলাৰ মাৰ্নাছ লাবুশ্বান আৰু আডাম জাম্পাই দুটাকৈ সফলতা লাভ কৰে ।

বেন ডাকেটে নিজৰ শতকীয় ইনিংছৰ সময়ছোৱাত ইতিহাসৰ সৃষ্টি কৰে । চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত সৰ্ববৃহৎ ইনিংছ খেলা বেটছমেন হিচাপে পৰিগণিত হয় ডাকেট । ডাকেটে নাথান এষ্টল (নিউজীলেণ্ড) আৰু এণ্ডি ফ্লাৱাৰ (জিম্বাবুৱে)ৰ অভিলেখ ভংগ কৰে । ২০০৪ চনৰ চেম্পিয়নছ ট্ৰফীত আমেৰিকাৰ বিৰুদ্ধে অপৰাজিত ১৪৫ ৰান সংগ্ৰহ কৰিছিল নাথান এষ্টলে । আনহাতে এণ্ডি ফ্লাৱাৰে ২০০২ চনৰ চেম্পিয়নছ ট্ৰফীত ভাৰতৰ বিৰুদ্ধে ১৪৫ ৰানৰ ইনিংছ খেলিছিল ।

এই প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াৰ দলটোৱে দুবাৰকৈ জয়লাভ কৰিছে যদিও শেহতীয়া ইতিহাস ভাল নহয় । ২০১৩ আৰু ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীত অষ্ট্ৰেলিয়াৰ দলটোৱে এখনো মেচত জয়ী হ’ব পৰা নাছিল । অষ্ট্ৰেলিয়াৰ দলটোৰ বৰ্তমানৰ ফৰ্মো বিশেষ উন্নত নহয় । শেহতীয়াকৈ শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত কেংগাৰু দলটোৱে ০-২ ব্যৱধানত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

কাইলৈ ​​চেম্পিয়নছ ট্ৰফীত মহাযুদ্ধ…মুখামুখি হ’ব ভাৰত-পাকিস্তান

চেম্পিয়নছ ট্ৰফীৰ আটাইতকৈ চৰ্চিত মেচখন ২৩ ফেব্ৰুৱাৰী, দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব । এই মেচখনৰ বাবে ক্ৰিকেট অনুৰাগীসকলে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছে কাৰণ দুয়োটা দলে আই চি চিৰ ইভেণ্টৰ বাহিৰে কোনো শৃংখলা খেলা নাই । ইফালে এই হাইভল্টেজ মেচখনৰ পূৰ্বে দুয়োটা দলৰ জয়ৰ সম্ভাৱনা কিমান শতাংশ সেই লৈয়ো বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে ।

ৰোহিত শৰ্মাৰ অধিনায়কত্বত টিম ইণ্ডিয়াই এই প্ৰতিযোগিতাৰ প্ৰথমখন খেলত বাংলাদেশক পৰাস্ত কৰে । কিন্তু দলটোৱে আয়োজক পাকিস্তানক সহজভাৱে ল’ব নোৱাৰে কিয়নো প্রথমখন মেচত পৰাস্ত হোৱাৰ পাছত প্রতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ উপক্রম হৈছে দলটো ৷ হাইভল্টেজ মেচখনত ৰিজৱানৰ অধিনায়কত্বত পাকিস্তানে জয়ৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব ।

ভাৰত বনাম পাকিস্তানৰ খেলখনত কোন জয়ী হ’ব ?

চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচতশোচনীয়ভাৱে পৰাস্ত হয় পাকিস্তান । নিউজীলেণ্ডৰ হাতত ৬০ ৰানত পৰাস্ত হোৱাৰ পিছত আয়োজক দলৰ নেট ৰানৰ হাৰ আৰু শোচনীয় হৈ পৰিছে (-১.২০০) । পাকিস্তানৰ শক্তি হ’ল দলটোৰ বলিং আক্ৰমণ কিন্তু প্ৰথমখন মেচত তাৰকা বলাৰ শ্বাহীন আফ্ৰিদীয়ে এটাও উইকেট ল’ব নোৱাৰিলে । ভাৰতৰ তুলনাত পাকিস্তানৰ বেটিং লাইনো অতি দুৰ্বল দেখা গৈছে ।

বিৰাট কোহলী আৰু ৰোহিত শৰ্মা ফৰ্মত নথকা সময়তো টিম ইণ্ডিয়াই বিপক্ষক সহজে পৰাস্ত কৰিছে । শুভমন গীল, কে এল ৰাহুলৰ ফৰ্ম বৰ্তমান ভাল । ৰোহিত শৰ্মাও পুনৰ ফৰ্মলৈ ঘূৰি আহিছে । প্ৰথমখন মেচত তাৰেই ইংগিত দিলে হিটমেনে । এনে পৰিস্থিতিত পাকিস্তানৰ বাবে ভাৰতক পৰাস্ত কৰাটো যথেষ্ট কঠিন যেন লাগে । প্ৰথমখন খেলত ভাৰতৰ বলিং আক্ৰমণো উৎকৃষ্ট আছিল । তাৰকা বলাৰ মহম্মদ ছামীয়ে ৫ টা উইকেট দখল কৰে । স্পীনাৰসকলেও উত্তম প্ৰদৰ্শন আগবঢ়োৱা পৰিলক্ষিত হৈছে ।

২৩ ফেব্ৰুৱাৰী, দেওবাৰে অনুষ্ঠিত হ’বলগীয়া খেলখনত ভাৰত জয়ী হোৱাৰ সম্ভাৱনা ৮৫ শতাংশ । চেম্পিয়নছ ট্ৰফীত পাকিস্তানে ভাৰতক পৰাস্ত কৰাৰ সম্ভাৱনা মাত্ৰ ১৫ শতাংশ ।

ভাৰতৰ সাম্ভাব্য মূল একাদশ-

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), অক্ষৰ পেটেল, ৰবীন্দ্ৰ জা়েজা, হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱ, মহম্মদ ছামী আৰু হৰ্ষিত ৰাণা ।

হতভম্ব দৰ্শক…লাহোৰত বাজিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত অব্যাহত আছে উত্তেজনাপূৰ্ণ মেচ । শনিবাৰে (২২ ফেব্ৰুৱাৰী) লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে গ্ৰুপ বিৰ এখন মেচ । মেচখনত ইংলেণ্ড দলটোৱে টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ খেলপথাৰত নামিছে । কিন্তু এই মেচখনৰ পূৰ্বে এনে এক ঘটনা ঘটিল, যাৰ ফলত অনুৰাগীসকল স্তম্ভিত হৈ পৰে ।

প্ৰকৃততে মেচ আৰম্ভ হোৱাৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত বজাব লাগিছিল । কিন্তু এই সময়ছোৱাত অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় সংগীতৰ সলনি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বাজিবলৈ ধৰে । ভুল উপলব্ধি কৰাৰ পিছত বিষয়াসকলে লগে লগে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বন্ধ কৰে । তাৰ পিছত অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় সংগীত বাজে । অৱশ্যে তেতিয়ালৈকে ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।

এই ঘটনাক আয়োজক দেশ পাকিস্তানৰ এক ডাঙৰ ভুল বুলি গণ্য কৰা হৈছে । উল্লেখ্য যে ভাৰতীয় দলে চেম্পিয়নছ ট্ৰফী ২০২৫ত পাকিস্তানত এখনো মেচ নেখেলে । আঠটা দলৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ভাৰতে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰে, তাৰ পিছত ‘হাইব্ৰিড মডেল’ গ্ৰহণ কৰা হৈছিল । ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আয়োজন কৰা প্ৰতিখন খেল আৰম্ভ হোৱাৰ পূৰ্বে দুয়োটা দলৰ ৰাষ্ট্ৰীয় সংগীত বাজি উঠে । এই অনুষ্ঠানটো টছৰ পিছত হয় ।

ডুবাইত টছত জয়লাভ কৰি বেটিঙৰ সিদ্ধান্ত বাংলাদেশৰ, টিম ইণ্ডিয়াৰ মূল একাদশত ডাঙৰ পৰিৱৰ্তন

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দলৰ আজি (২০ ফেব্ৰুৱাৰী) প্ৰথমখন খেল বাংলাদেশৰ বিৰুদ্ধে আছে । এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । এই খেলখনত ৰোহিত শৰ্মাই ভাৰতীয় দলৰ অধিনায়কত্ব কৰাৰ বিপৰীতে বাংলাদেশী দলৰ কমাণ্ডত আছে নাজমুল হুছেইন শান্তো ।

মেচখনত বাংলাদেশৰ অধিনায়ক নাজমুল হুছেইন শান্তোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ইফালে এই মেচখনত ভাৰতীয় দলৰ মূল একাদশত কেইটামান পৰিৱৰ্তন কৰা হৈছে । টিম ইণ্ডিয়াৰ মূল একাদশৰ পৰা বাহিৰ হৈছে অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী । ৰবীন্দ্ৰ জাডেজা মূল একাদশলৈ ঘূৰি আহিছে । আনহাতে ঋষভ পন্ট আকৌ এবাৰ হতাশ হ’ব লগা হৈছে ।

একে সময়তে বিশ্বকাপ ২০২৩ৰ ফাইনেলৰ পাছত একেৰাহে ১১টা টছত পৰাস্ত হৈছে ভাৰত । ২০১১ চনৰ মাৰ্চৰ পৰা ২০১৩ চনৰ আগষ্টৰ ভিতৰত ১১টা টছ পৰাস্ত হোৱা নেদাৰলেণ্ডৰ সৈতে এদিনীয়াত সৰ্বাধিক টছ হেৰুৱাৰ এই যৌথ অভিলেখ আছে ভাৰতৰ ।

খেলখনত ভাৰতৰ প্লেইং-১১ :

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, মহম্মদ ছামী, হৰ্ষিত ৰাণা ।

বাংলাদেশৰ মূল একাদশ-

তাঞ্জিদ হাছান, সৌম্য চৰকাৰ, নাজমুল হোছেইন শান্তো (অধিনায়ক), তৌহিদ হৃদয়, মুছফিকুৰ ৰহিম (উইকেটকীপাৰ), জাকাৰ আলী, মেহদি হাছান মিৰাজ, ৰিছাদ হোছেইন, তাস্কিন আহমেদ, তাঞ্জিম হাছান, মুস্তাফিজুৰ ৰহমান ।

বাহিৰ হ’ব পাৰে ঋষভ পন্ট, অন্তৰ্ভূক্ত হ’ব ৰাহুল…বাংলাদেশৰ বিৰুদ্ধে আজি কেনেধৰণৰ হ’ব ভাৰতৰ মূল একাদশ

আজি (২০ ফেব্ৰুৱাৰী) আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ ছিজনৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব । এই খেলখনত ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে বাংলাদেশৰ বিৰুদ্ধে খেলিব । এই খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাৰ পৰা ডুবাইত আৰম্ভ হ’ব ।

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই এই মেচত কিছু পৰিৱৰ্তন কৰিব পাৰে । কিন্তু ইয়াৰ পিছতো কে এল ৰাহুলক উইকেটকীপাৰ হিচাপে সুযোগ দিয়াৰ আশা অধিক আছে । এনে পৰিস্থিতিত হয়তো আকৌ এবাৰ মূল একাদশৰ বাহিৰত থাকিব লাগিব ঋষভ পন্ট ।

উল্লেখ্য যে শেহতীয়াকৈ ভাৰতীয় দলটোৱে এদিনীয়া শৃংখলাত ইংলেণ্ডক ক্লিন ছুইপ কৰিছে । তৃতীয়খন এদিনীয়াত খেলা ভাৰতীয় প্লেইং-১১ত দুটা পৰিৱৰ্তন কৰি বাংলাদেশৰ বিৰুদ্ধে শক্তিশালী দল এটা দেখা যাব পাৰে ।

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলা ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষিত ৰাণা হয়তো বাদ পৰিব । তেওঁলোকৰ ঠাই ৰবীন্দ্ৰ জাডেজা আৰু মহম্মদ ছামীয়ে ল’ব পাৰে ।

৭ মাহে মূল একাদশতৰ বাবে অপেক্ষা পন্টৰ-

২০২৪ চনৰ ৭ আগষ্টত পণ্টে শেষ এদিনীয়া খেলিছিল । এই খেলখন কলম্বোত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হৈছিল । ইয়াৰ পিছত প্ৰায় ৭ মাহ ধৰি ভাৰতীয় এদিনীয়া প্লেইং-১১ত অন্তৰ্ভুক্ত হ’বলৈ সংগ্ৰাম কৰি আহিছে পণ্টে । সেই শ্ৰীলংকা ভ্ৰমণৰ পিছত ভাৰতীয় দলটোৱে এইবাৰ ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী এদিনীয়া শৃংখলা খেলিছিল ।

এই এদিনীয়া শৃংখলাত ইংলেণ্ডক ৩-০ ব্যৱধানত ক্লীন ছুইপ কৰিছিল ভাৰতে । কিন্তু তিনিওখন মেচতে কে এল ৰাহুলক উইকেটকীপাৰ হিচাপে সুযোগ দিয়া হৈছিল । পন্ট বেঞ্চত বহি থাকিল । এতিয়া চেম্পিয়নছ ট্ৰফীতো পণ্টে বেঞ্চত বহিব লাগিব নেকি বুলিও চৰ্চা চলিছে ।

ভাৰতৰ সম্ভাৱ্য খেলা মূল একাদশ :

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ ছামী আৰু অৰ্শদীপ সিং ।

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ৰেংকিঙত উত্থান-পতন…গীল এক নম্বৰ এদিনীয়া বেটছমেন, শীৰ্ষ দহত চাৰিজন ভাৰতীয়

আজিৰ পৰা আৰম্ভ হৈছে চেম্পিয়নছ ট্ৰফী । ইয়াৰ পূৰ্বে আই চি চিয়ে শেহতীয়া ৰেংকিং প্ৰকাশ কৰিছে । ভাৰতৰ তাৰকা বেটছমেন তথা সহ-অধিনায়ক শুভমন গীল বিশ্বৰ এক নম্বৰ এদিনীয়া বেটছমেন হিচাপে পৰিগণিত হৈছে । বাবৰ আজমক অতিক্ৰম কৰি তেওঁ এই স্থান লাভ কৰিছে । একে সময়তে এদিনীয়াত শীৰ্ষ ১০ বেটছমেনৰ ভিতৰত চাৰিগৰাকী ভাৰতীয় খেলুৱৈ আছে । গীলৰ বাহিৰেও তৃতীয় স্থানত ৰোহিত শৰ্মা, ষষ্ঠ স্থানত বিৰাট কোহলী আৰু নৱম স্থানত আছে শ্ৰেয়াছ আয়াৰ । শ্ৰেয়াছেও এটা স্থানৰ অগ্ৰগতি লাভ কৰিছে ।

দ্বিতীয় স্থানলৈ অৱনমিত গৈছে বাবৰ । গীলৰ ৰেটিং ৭৯৬, আনহাতে বাবৰৰ ৰেটিং ৭৭৩ । ৰোহিতৰ ৰেটিং পইণ্ট হৈছে ৭৬১ । দক্ষিণ আফ্ৰিকাৰ হেনৰিখ ক্লাচেনে ৭৫৬ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থানত আছে । ৭৪০ ৰেটিং পইণ্টেৰে পঞ্চম স্থানত আছে নিউজীলেণ্ডৰ ডেৰিল মিচেল ।

শেহতীয়াকৈ শক্তিশালী ফৰ্মত আছে গীল-

শেহতীয়াকৈ ২৫ বছৰীয়া গীল শক্তিশালী ফৰ্মত আছে । ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলাত তেওঁ এটা শতক আৰু দুটা অৰ্ধশতক অৰ্জন কৰে । তিনিখন মেচত গড়ে ৮৬.৩৩ আৰু ষ্ট্ৰাইক ৰেট ১০৩.৬০ত ২৫৯ ৰান সংগ্ৰহ কৰে । একে সময়তে শ্ৰেয়াছকো ভাল ফৰ্মত দেখা গৈছিল । তিনিখন মেচত গড়ে ৬০.৩৩ আৰু ষ্ট্ৰাইক ৰেট ১২৩.১৩ত ১৮১ ৰান সংগ্ৰহ কৰে তেওঁ । লগতে ৰোহিতে শতক অৰ্জন কৰি তৃতীয় স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয় ।

এদিনীয়া বলাৰৰ ভিতৰত প্ৰথম স্থানত তীক্ষনা-

একে সময়তে বলাৰসকলৰ মাজতো এজন নতুন খেলুৱৈয়ে এক নম্বৰ স্থানত উপনীত হৈছে । শ্ৰীলংকাৰ মহেশ তীক্ষনা এদিনীয়া এক নম্বৰৰ নতুন বলাৰ হিচাপে পৰিগণিত হৈছে । তেওঁৰ ৬৮০ ৰেটিং পইণ্ট । একে সময়তে তীক্ষাই আফগানিস্তানৰ ৰছিদ খানক অতিক্ৰম কৰিছে । ৬৬৯ পইণ্টেৰে দ্বিতীয় স্থানলৈ অৱনমিত হৈছে ৰছিদ । ৬৬২ পইণ্টেৰে তৃতীয় স্থানত আছে নামিবিয়াৰ বাৰ্নাৰ্ড শ্ব’লজে । একে সময়তে ভাৰতৰ কুলদীপ যাদৱে এটা স্থান উন্নত কৰি ৬৫২ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থান দখল কৰিছে । তেওঁৰ উপৰিও শীৰ্ষ ১০ ৰ ভিতৰত আছে মহম্মদ চিৰাজ, যি দশম স্থানত আছে । পাকিস্তানৰ শ্বাহীন আফ্ৰিদিয়ে এটা স্থান অৱনমিত হৈ পঞ্চম স্থান লাভ কৰিছে ।

অল ৰাউণ্ডাৰৰ তালিকাত শীৰ্ষ স্থানত আছে নবী-

এদিনীয়া অলৰাউণ্ডাৰৰ ভিতৰত আফগানিস্তানৰ মহম্মদ নবী প্ৰথম স্থান, জিম্বাবুৱেৰ চিকন্দৰ ৰাজা দ্বিতীয়, আফগানিস্তানৰ আজমাতুল্লাহ ওমৰাজাই তৃতীয়, বাংলাদেশৰ মেহদি হাছান মিৰাজ চতুৰ্থ আৰু আফগানিস্তানৰ ৰছিদ খান পঞ্চম স্থানত আছে । শীৰ্ষ দহৰ ভিতৰত একমাত্ৰ ভাৰতীয় খেলুৱৈ ৰবীন্দ্ৰ জাডেজা । তেওঁ দশম স্থান দখল কৰিছে ।

আজিৰে পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী…জানক ইয়াৰ ইতিহাস, কেৱল ৮ টা দলহে কিয় বাছনি কৰা হয় ?

চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ গুৰুত্ব বিশ্বকাপতকৈ কম নহয়, য’ত বিশ্বৰ শ্ৰেষ্ঠ দলসমূহে অংশগ্ৰহণ কৰে । চেম্পিয়নছ ট্ৰফী ২০২৫ত ৮টা দলে অংশগ্ৰহণ কৰিব আৰু এই প্ৰতিযোগিতাখন ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব । এইবাৰ নৱমবাৰৰ বাবে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব । এতিয়ালৈকে ৮টা সংস্কৰণত অষ্ট্ৰেলিয়া আৰু ভাৰত একমাত্ৰ দুটা দল যিয়ে ২ বাৰকৈ ট্ৰফী জয় কৰিছে । কিন্তু অতি কম সংখ্যক লোকেহে জানে যে চেম্পিয়নছ ট্ৰফী কেনেকৈ আৰম্ভ হৈছিল, দলসমূহে ইয়াৰ বাবে কেনেকৈ যোগ্যতা অৰ্জন কৰে আৰু কিয় সদায় মাত্ৰ ৮টা দলেহে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ?  

কেতিয়াৰ পৰা আৰম্ভ হৈছিল চেম্পিয়নছ ট্ৰফী-

১৯৯৮ চনত আই চি চিয়ে চেম্পিয়নছ ট্ৰফী আৰম্ভ কৰিছিল যদিও পূৰ্বতে ইয়াক নকআউট ট্ৰফী বুলি জনা গৈছিল । ১৯৯৮ চনত দক্ষিণ আফ্ৰিকাই নকআউট ট্ৰফী লাভ কৰিছিল যদিও ২০০০ চনত যেতিয়া পুনৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হয় তেতিয়া ইয়াৰ নাম সলনি কৰি চেম্পিয়নছ ট্ৰফী কৰা হয় । এতিয়ালৈকে মুঠ আঠবাৰকৈ চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰা হৈছে, য’ত ভাৰত আৰু অষ্ট্ৰেলিয়াই দুবাৰকৈ খিতাপ দখল কৰিছে । আনহাতে দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ড, শ্ৰীলংকা, ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তানে এবাৰকৈ খিতাপ দখল কৰিছে ।

মাত্ৰ ৮ টা দলহে কিয় বাছনি কৰা হয় ?

১৯৯৮ চনত আই চি চিয়ে এই প্ৰতিযোগিতাখন নকআউট ট্ৰফী নামেৰে আৰম্ভ কৰিছিল । এই কাৰণেই ১৯৯৮ চনত ফৰ্মেটটো এনেদৰে তৈয়াৰ কৰা হৈছিল যে দলসমূহৰ প্ৰথমখন মেচ কোৱাৰ্টাৰ ফাইনেল হয় । অৱশ্যে প্ৰতিযোগিতাখনত ৯টা দলে অংশগ্ৰহণ কৰে । কিন্তু প্ৰাৰম্ভিক মেচত নিউজীলেণ্ডে জিম্বাবুৱেক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰে । ইয়াৰ পিছত নকআউট ট্ৰফীৰ নাম সলনি কৰি চেম্পিয়নছ ট্ৰফী কৰা হয় যদিও ৮ টা দলৰ ফৰ্মেট চলি থাকিল । বৰ্তমানৰ ফৰ্মেট অনুসৰি এদিনীয়া বিশ্বকাপৰ পইণ্ট তালিকাৰ শীৰ্ষ ৮ টা স্থানত থকা ৮ টা দলে চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জন কৰে ।

কাইলৈৰ পৰা আৰম্ভ হ’ব মিনি বিশ্বকাপ…জানক চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সূচী আৰু লাইভ ষ্ট্ৰীমিংৰ সবিশেষকে ধৰি সকলো

বিশ্বকাপতকৈ কম নহয় চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ গুৰুত্ব । এই প্ৰতিযোগিতাখনক মিনি বিশ্বকাপ বুলিও কোৱা হয় । এইখন ক্ৰিকেট জগতৰ অন্যতম সন্মানীয় প্ৰতিযোগিতা । ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী । ইয়াৰ অন্তিমখন মেচ তথা ফাইনেল ৯ মাৰ্চত অনুষ্ঠিত হ’ব ।

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত মুঠ আঠটা দলে অংশগ্ৰহণ কৰিছে । ইয়াত পাকিস্তান, ভাৰত, বাংলাদেশ, নিউজীলেণ্ড, আফগানিস্তান, ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ দল অন্তৰ্ভুক্ত হৈছে । শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজ এই প্ৰতিযোগিতাৰ অংশ নহয় । ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ আটাইকেইটা দলকে দুটা গ্ৰুপত ভাগ কৰা হৈছে । এটা গ্ৰুপত আছে পাকিস্তান, ভাৰত, বাংলাদেশ আৰু নিউজীলেণ্ড । আনহাতে আফগানিস্তান, ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা দ্বিতীয়টো গ্ৰুপত আছে ।

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব । বিয়লি ২ বজাত অনুষ্ঠিত হ’ব মেচসমূহৰ টছ । ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্ক চেনেলত টিভিত লাইভত চাব পাৰিব চেম্পিয়নছ ট্ৰফীৰ সকলো খেল । ইয়াৰ উপৰিও মেচসমূহৰ লাইভ ষ্ট্ৰীমিং হ’ব JioHotstar ত ।

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী পাকিস্তানে আয়োজন কৰাৰ কথা আছিল যদিও নিৰাপত্তাজনিত কাৰণত ভাৰতে নিজৰ দলটো তালৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল । এনে পৰিস্থিতিত এতিয়া এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছে । ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব । যদি টিম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰে তেন্তে ডুবাইত খিতাপৰ মেচ অনুষ্ঠিত হ’ব ।

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সূচী-

১৯ ফেব্ৰুৱাৰী – পাকিস্তান বনাম নিউজীলেণ্ড, নেচনেল ষ্টেডিয়াম, কৰাচী

২০ ফেব্ৰুৱাৰী- বাংলাদেশ বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

২১ ফেব্ৰুৱাৰী – আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা, নেচনেল ষ্টেডিয়াম, কৰাচী

২২ ফেব্ৰুৱাৰী- অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

২৩ ফেব্ৰুৱাৰী- পাকিস্তান বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

২৪ ফেব্ৰুৱাৰী- বাংলাদেশ বনাম নিউজীলেণ্ড, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৫ ফেব্ৰুৱাৰী- অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৬ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম ইংলেণ্ড, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

২৭ ফেব্ৰুৱাৰী- পাকিস্তান বনাম বাংলাদেশ, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৮ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

১ মাৰ্চ – দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, নেচনেল ষ্টেডিয়াম, কৰাচী

২ মাৰ্চ- নিউজীলেণ্ড বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

ছেমি ফাইনেল আৰু ফাইনেল মেচ-

৪ মাৰ্চ – ছেমি ফাইনেল ১, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

৫ মাৰ্চ – ছেমি ফাইনেল ২, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

৯ মাৰ্চ – ফাইনেল – গাদ্দাফি ষ্টেডিয়াম, লাহোৰ (যদি টিম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰে তেন্তে স্থান হ’ব ডুবাই)

চেম্পিয়নছ ট্ৰফীত এই ৫ টা দলৰ হাতত কেতিয়াও পৰাস্ত হোৱা নাই ভাৰত…জানক পাকিস্তানৰ বিৰুদ্ধে কেনেকুৱা অভিলেখ

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’বলৈ মাজত মাত্ৰ এটা দিন বাকী । এই প্ৰতিযোগিতাখন এইবাৰ পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’ব । বুধবাৰৰ পৰা (১৯ ফেব্ৰুৱাৰী) চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’ব, আনহাতে ৯ মাৰ্চত অনুষ্ঠিত হ’ব ফাইনেল । এই আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইতিহাস ভাৰতীয় দলৰ বাবে যথেষ্ঠ ভাল ।

এইবাৰ চেম্পিয়নছ ট্ৰফীৰ নৱম সংস্কৰণ অনুষ্ঠিত হ’ব । এতিয়ালৈকে ভাৰতীয় দল আৰু অষ্ট্ৰেলিয়াই ২-২ বাৰ খিতাপ দখল কৰিছে । ২০০২ চনত শ্ৰীলংকাত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ তৃতীয় সংস্কৰণত ভাৰতীয় দল আৰু শ্ৰীলংকাই যৌথভাৱে জয়লাভ কৰিছিল । আনহাতে ২০১৩ চনৰ ছিজনত মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে খিতাপ দখল কৰিছিল ।

২০১৩ চনৰ পিছত ২০১৭ চনত ইংলেণ্ডত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হৈছিল । এই সংস্কৰণত প্ৰথমবাৰৰ বাবে পাকিস্তান জয়ী হয় । ইয়াৰ পিছত ২০২১ চনত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব লাগিছিল যদিও ক’ৰনাৰ বাবে স্থগিত ৰখা হয় । এতিয়া প্ৰায় ৮ বছৰৰ পিছত পুনৰ এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে ।

এই ৫ টা দলে পৰাস্ত কৰিব পৰা নাই ভাৰতীয় দলক-

চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ অভিলেখ অতি উত্তম । এই প্ৰতিযোগিতাখনত এই পৰ্যন্ত মুঠ ২৯খন মেচ খেলিছে, ইয়াৰে ১৮খন খেলত জয়লাভ কৰিছে ভাৰতে । ৮ খন মেচত পৰাস্ত হৈছে আৰু ৩ খন নিৰ্ণায়ক নাছিল । চেম্পিয়নছ ট্ৰফীত সৰ্বাধিক মেচত জয়ী হোৱাৰ ক্ষেত্ৰত ভাৰতীয় দলটো শীৰ্ষত আছে ।

প্ৰতিযোগিতাখনৰ ইতিহাসত অন্য দলৰ বিৰুদ্ধে ভাৰতীয় দলৰ অভিলেখ যদি চাওঁ তেন্তে ইও উৎকৃষ্ট । চেম্পিয়নছ ট্ৰফীত ৫টা দলে এতিয়ালৈকে টিম ইণ্ডিয়াক পৰাস্ত কৰিব পৰা নাই । এই পাঁচটা দল হৈছে দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, বাংলাদেশ, জিম্বাবুৱে আৰু কেনিয়া ।

ভাৰত আৰু পাকিস্তানৰ মাজত এনে অভিলেখ-

এই সকলোবোৰৰ মাজতে এটা দল আছে যিটো ভাৰতীয় দলে এতিয়ালৈকে চেম্পিয়নছ ট্ৰফীত পৰাস্ত কৰিব পৰা নাই । এই একমাত্ৰ দলটো হৈছে নিউজীলেণ্ড । চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত মাত্ৰ এখন মেচহে হৈছে, য’ত কিৱি দলে জয়লাভ কৰিছে ।

এতিয়ালৈকে চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু পাকিস্তানৰ মাজত মুঠ ৫ খন মেচ অনুষ্ঠিত হৈছে । ইয়াত টিম ইণ্ডিয়াই দুখন মেচত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে তিনিখন খেলত সফল হৈছে ।