কেংগাৰুৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপৰ পোতক…অষ্ট্ৰেলিয়াৰ দৰ্পচূৰ্ণ কৰি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত টীম ইণ্ডিয়া

ৰোহিত শৰ্মাৰ অধিনায়কত্বত চেম্পিয়নছ ট্ৰফীত অব্যাহত আছে ভাৰতীয় দলৰ বিজয় ৰথ । আজি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিছে । চেম্পিয়নছ ট্ৰফী ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেল মেচ মঙলবাৰে (৪ মাৰ্চ) ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হয় ।

এই মেচখনত টিম ইণ্ডিয়াই ৪ উইকেটত জয়লাভ কৰিছে । এই জয়ৰ নায়ক আছিল বেগী বলাৰ মহম্মদ ছামী আৰু বিৰাট কোহলী । এই জয়েৰে ৰোহিত ব্ৰিগেডে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিছে । য’ত দ্বিতীয় ছেমি ফাইনেলৰ বিজয়ী দলৰ সৈতে ৯ মাৰ্চত মুখামুখি হ’ব ভাৰতীয় দল । ৫ মাৰ্চত লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল ।

অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি ২৬৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় দলটোৱে মাত্ৰ ৪৮.১ অভাৰতে ৬ টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় । ভাৰতৰ হৈ বিৰাট কোহলীয়ে সৰ্বাধিক ৮৪ ৰান সংগ্ৰহ কৰে ।

বেয়া আৰম্ভণিৰ অন্তত দলৰ দায়িত্ব লয় কোহলীয়ে-

ভাৰতীয় দলৰ আৰম্ভণি অতি বেয়া আছিল । দলটোৱে ৪৩ ৰানতে ২টাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাইছিল । শুভমন গীল ৮ ৰান সংগ্ৰহ কৰি আউট হয় আৰু অধিনায়ক ৰোহিত শৰ্মা ২৮ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । ইয়াৰ পাছতে শ্ৰেয়াছ আয়াৰৰ সৈতে বিৰাট কোহলীয়ে ১১১টা বলত ৯১ ৰানৰ অংশীদাৰিত্বৰে দলক জয়ৰ দিশে আগুৱাই নিয়াৰ দায়িত্ব লয় । কিন্তু ইয়াৰ মাজতে ১৩৪ ৰাণত ভাৰতে তৃতীয়টো আঘাত লাভ কৰে । শ্ৰেয়াছ আয়াৰৰ ৰূপত ভাৰতৰ তৃতীয়টো উইকেটৰ পতন ঘটে । আয়াৰে ৪৫ ৰান সংগ্ৰহ কৰি আউট হয় ।

ইফালে দায়িত্বশীল বেটিঙেৰে দলক জয় সোৱাদ দিয়া বিৰাট মাত্ৰ ১৬ ৰাণৰ বাবে শতক বঞ্চিত হয় । কোহলীয়ে ৫৪টা বলত নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে । তৃতীয় উইকেটৰ পতনৰ পাছত কোহলীয়ে অক্ষৰ পেটেলৰ সৈতে অংশীদাৰিত্ব গঢ়ে আৰু চতুৰ্থ উইকেটৰ বাবে ৫২টা বলত ৪৪ ৰান সংগ্ৰহ কৰে । ইয়াত অক্ষৰে ২৭ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী দয় । ভাৰতীয় দলৰ আধা অংশ ২২৫ ৰানত আউট হৈছিল । ৮৪ ৰান সংগ্ৰহ কৰি আউট হৈছিল বিৰাট কোহলী । কোহলীয়ে কে এল ৰাহুলৰ সৈতে পঞ্চম উইকেটত ৪৭ ৰান সংযোজন কৰে ।

উইকেট পতনঃ ১-৩০ (শুভমন গীল, ৪.৬ অভাৰ), ২-৪৩ (ৰোহিত শৰ্মা, ৭.৫ অভাৰ), ৩-১৩৪ (শ্ৰেয়াছ আয়েৰ, ২৬.২ অভাৰ), ৪-১৭৮ (অক্ষৰ পেটেল, ৩৪.৬ অভাৰ), ৫-২২৫ (বিৰাট কোহলী, ৪২.৪ অভাৰ) ।

বিৰাট কোহলীৰ উইকেট পতনৰ পিছত বিস্ফোৰক বেটছমেন হাৰ্দিক পাণ্ডিয়াই দুৰ্দান্ত প্ৰদৰ্শনেৰে ২৪ টা বলত ২৮ ৰাণ সংগ্ৰহ কৰে । তেওঁ ৩টা ছয় আৰু ১টা চাৰি কোবাই । কে এল ৰাহুলে ৩৪ টা বলত ৪২ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । বিৰাট কোহলী প্লেয়াৰ অব্ দ্য মেচ বিবেচিত হয় ।

চেম্পিয়নছ ট্ৰফীৰ ছেমিত অষ্ট্ৰেলিয়াই ভাৰতক বান্ধি দিলে ২৬৫ ৰানৰ লক্ষ্য, ছামীৰ ৩ উইকেট দখল

চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে ২৬৫ ৰানৰ লক্ষ্য বান্ধি দিছে । অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে অধিনায়ক ষ্টিভ স্মিথে । তেওঁ ৭৩ ৰানৰ ইনিংছ খেলে । ভাৰতৰ হৈ বেগী বলাৰ মহম্মদ ছামীয়ে ৩টা উইকেট দখল কৰে, য’ত স্মিথৰ গুৰুত্বপূৰ্ণ উইকেটো আছিল ।

অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় । ইনিংছ আৰম্ভ কৰি অষ্ট্ৰেলিয়া দলে ৩টা বল বাকী থকা অৱস্থাতে আটাইকেইটা উইকেট হেৰুৱাই ২৬৪ ৰাণ সংগ্ৰহ কৰে । আৰম্ভণিতে অপেনাৰ কনলিক মহম্মদ ছামীয়ে পেভিলিয়নমুখী কৰে । তেওঁ একাউণ্ট খুলিবলৈয়ো সক্ষম নহ’ল । ইয়াৰ পিছত ট্ৰেভিছ হেড আৰু ষ্টিভ স্মিথে ইনিংছৰ দায়িত্ব লয় । ক্ৰীজত থিতাপি লোৱাৰ পিছত ট্ৰেভিছ হেডে বিস্ফোৰক বেটিং আৰম্ভ কৰিছিল যদিও বৰুণ চক্ৰৱৰ্তীয়ে তেওঁৰ ইনিংছত বাধা হৈ থিয় দিয়ে । ট্ৰেভিছ হেডে ৩৩টা বলত ৩৯ ৰান সংগ্ৰহ কৰি বৰুণ চক্ৰৱৰ্তীৰ বলত উইকেট বিসৰ্জন দিয়ে ।

ষ্টিভ স্মিথ আৰু এলেক্স কেৰীয়ে অৰ্জন কৰে অৰ্ধশতক-

আগতীয়াকৈ উইকেট হেৰুৱাই শলঠেকত পৰা অষ্ট্ৰেলিয়াক আগুৱাই নিয়াৰ দায়িত্ব লয় অধিনায়ক ষ্টিভ স্মিথে । তেওঁ ৭৩ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে । ৯৬টা বলৰ এই ইনিংছত ষ্টিভ স্মিথে ১টা ছয় আৰু ৪টা চাৰিটা কোবাই । ৩৭ নং অভাৰত স্মিথক বল্ড কৰে মহম্মদ ছামীয়ে । এই সময়ত অষ্ট্ৰেলিয়াৰ স্ক’ৰ আছিল ১৯৮/৫ । ইয়াৰ পিছত বিস্ফোৰক বেটছমেন গ্লেন মেক্সৱেল ব্যক্তিগত ৭ ৰানত বল্ড । তেওঁক অক্ষৰ পেটেলৰ চিকাৰ হয় ।

ইয়াৰ পিছত এলেক্স কেৰীয়ে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে । ডেথ অভাৰত কেৰীয়ে ভাল বেটিং কৰে । তেওঁ ৫৭টা বলত ৬১ ৰান সংগ্ৰহ কৰে । এই ইনিংছত তেওঁ ৮টা চাৰি আৰু ১টা ছয় কোবাই ।

ভাৰতৰ হৈ মহম্মদ ছামীয়ে সৰ্বাধিক তিনিটা উইকেট দখল কৰে । বৰুণ চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰ জাডেজাই ২ টাকৈ উইকেট দখল কৰাৰ বিপৰীতে অক্ষৰ পেটেল আৰু হাৰ্দিক পাণ্ডিয়াই ১টাকৈ উইকেট খল কৰে ।

বৰুণ চক্ৰৱৰ্তীৰ বলত আত্মসমৰ্পণ ট্ৰেভিছ হেডৰ…উল্লাসিত ভাৰতীয় সমৰ্থক

চলিত চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেল মেচত ভাৰতীয় স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে নিজৰ প্ৰথম অভাৰতে ট্ৰেভিছ হেডৰ ৰূপত ভাৰতক এটা ডাঙৰ উইকেট প্ৰদান কৰে । এই উইকেটটো এনে এটা সময়ত আহিছিল যেতিয়া হেডে ক্ৰীজত থিতাপি লৈ ডাঙৰ ডাঙৰ শ্বট খেলিবলৈ আৰম্ভ কৰিছিল । নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰতিযোগিতাখনত প্ৰথমটো সুযোগ লাভ কৰি বৰুণে ৫টা উইকেট দখল কৰি সকলোকে আপ্লুত কৰে । আনকি ছেমি ফাইনেলতো তেওঁ টিম ইণ্ডিয়ালৈ যথেষ্ট সকাহ কঢ়িয়াই আনিছে, যেন এই উইকেটৰ জৰিয়তে ভাৰতৰ আধা উত্তেজনা শেষ হৈ গৈছে । এই উইকেটৰ পিছত সমগ্ৰ ষ্টেডিয়ামত ভাৰতীয় সমৰ্থকসকল উল্লাসিত হৈ পৰে । ইফালে হেডৰ উইকেট পতনৰ পিছতে বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মাৰ প্ৰতিক্ৰিয়াও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

অধিনায়ক ৰোহিতে নৱম অভাৰ বৰুণ চক্ৰৱৰ্তীক গতাই দিয়ে । ছেমি ফাইনেলত তেওঁ সুযোগ পাইছে কাৰণ নিউজীলেণ্ডৰ বিৰুদ্ধে ৫টা উইকেট দখল কৰিছিল, যিখন প্ৰতিযোগিতাত তেওঁৰ প্ৰথমখন মেচ আছিল । চক্ৰৱৰ্তীয়ে ৰোহিতক নিৰাশ নকৰি প্ৰথম অভাৰৰ দ্বিতীয় বলত হেডক আউট কৰে । এই বলটোত ট্ৰেভিছ হেডে এটা ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰিছিল যদিও বলটো মাত্ৰ ওপৰলৈ গ’ল । শুভমন গীলে এই কেচ আয়ত্ব কৰি হেডক পেভিলিয়নৰ বাট দেখুৱাই । ষ্টেডিয়ামত বহি থকা সকলোৱে এই উইকেট পতনত উল্লাসিত হৈ পৰে, অনুষ্কা শৰ্মায়ো থিয় হৈ হাত চাপৰি বজাই এই উইকেটটো পতনৰ ক্ষণ উদযাপন কৰে ।

টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় অষ্ট্ৰেলিয়াই-

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ফাষ্ট বলাৰ মহম্মদ ছামীয়ে ভাৰতক প্ৰথমটো উইকেট দিয়ে । তেওঁ কাপুৰ কনলিক উইকেটকীপাৰৰ হাতত ধৰা পেলায় । ইয়াৰ পূৰ্বে ছামীয়ে প্ৰথম অভাৰৰ প্ৰথম বলত ট্ৰেভিছ হেডৰ কেচ ড্ৰপ কৰিছিল । আৰম্ভণিতে হেডে সাৱধানে বেটিং কৰিছিল যদিও তাৰ পিছত তেওঁ নিজৰ বিস্ফোৰক শৈলীলৈ আহিছিল । হেডে ৩৩টা বলত ৩৯ ৰানৰ ইনিংছ খেলে, য’ত তেওঁ ২টা ছয় আৰু ৫টা চাৰিটা কোবাই ।

ছেমি ফাইনেলতো চাৰিজন স্পীনাৰক লৈ খেলপথাৰত নামিব নেকি ভাৰত ? হেড-মেক্সৱেলক ৰুধিব কোনে ?

চেম্পিয়নছ ট্ৰফীত এতিয়ালৈকে অপৰাজিত হৈ থকা ভাৰতীয় দলটোৱে মঙলবাৰে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন  হ’ব । মঙলবাৰে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত অৱ্তীৰ্ণ হ’ব ।  কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ আই চি চি প্ৰতিযোগিতাত সন্তোষজনক অভিলেখ নাই । এই একেটা কেংগাৰু দলে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোনক থানবান কৰিছিল আৰু ইয়াৰ পিছত পুনৰবাৰ ৰোহিত শৰ্মাৰ সেনাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ।

গ্ৰুপ পৰ্যায়ত সকলো খেলতে জয়লাভ-

ইতিমধ্যে চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ এ-ৰ তিনিওখন খেলতে ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় দলটোৱে প্ৰথমে বাংলাদেশক পৰাস্ত কৰি তাৰ পিছত নিজৰ চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে । ইয়াৰ পাছতে দেওবাৰে গ্ৰুপৰ অন্তিমখন মেচত নিউজীলেণ্ডক পৰাস্ত কৰি গ্ৰুপ পৰ্যায়ত শীৰ্ষস্থান দখল কৰে দলটোৱে । ভাৰতে তিনিওখন মেচতে বেটিং আৰু বলিঙত শক্তি দেখুৱাইছিল আৰু এতিয়া খিতাপ দখলৰ মাজত মাত্ৰ দুটা জয়হে বাকী আছে ।

অষ্ট্ৰেলিয়া এক ডাঙৰ প্ৰত্যাহ্বান-

অষ্ট্ৰেলিয়া দলত পেট কামিন্স, মিচেল ষ্টাৰ্ক আৰু জোছ হেজলউডৰ দৰে তাৰকা খেলুৱৈ নাই যদিও দলটোক শক্তিশালী ৰূপত দেখা গৈছে । গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ইংলেণ্ডক পৰাস্ত কৰে । সেই মেচতে অষ্ট্ৰেলিয়াই আই চি চিৰ এদিনীয়া প্ৰতিযোগিতাৰ ইতিহাসত সৰ্বোচ্চ লক্ষ্যত উপনীত হয় । প্ৰথমখন মেচৰ পূৰ্বে এনে লাগিছিল যে অষ্ট্ৰেলিয়াৰ দলটো দুৰ্বল, কিন্তু ইংলেণ্ডক যি ধৰণেৰে পৰাস্ত কৰিছিল, সেইটোৱে প্ৰমাণ কৰিলে যে কেংগাৰু দলটোৱে আই চি চি প্ৰতিযোগিতাত বেলেগ ছন্দত খেলে ।

ইয়াৰ পিছতে অষ্ট্ৰেলিয়াৰ দুয়োখন মেচ বৰষুণৰ বাবে বাধাগ্ৰস্ত হয় । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখন এটাও বল নপৰাকৈ বাতিল হোৱাৰ বিপৰীতে আফগানিস্তানৰ বিৰুদ্ধে খেলখন ইনিংছ দীঘল আছিল আৰু অষ্ট্ৰেলিয়াইও লক্ষ্য খেদি ১২.৫ অভাৰ খেলিছিল ।

বিজয়ী সংমিশ্ৰণত পৰিৱৰ্তনৰ সম্ভাৱনা কম-

নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতে চাৰিজন স্পীনাৰ আৰু দুজন বেগী বলাৰ খেলোৱাৰ সিদ্ধান্ত লৈছিল, যিটো সঠিক বুলি প্ৰমাণিত হৈছিল । দলটোত পাঁচজন স্পীনাৰক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক প্ৰতিযোগিতাখনৰ পূৰ্বে তীব্ৰ সমালোচনা কৰা হৈছিল যদিও এতিয়া ডুবাইৰ লেহেমীয়া পিটচত ই এক মাষ্টাৰ ষ্ট্ৰ’ক বুলি প্ৰমাণিত হৈছে । নিউজীলেণ্ডৰ ৯টা উইকেটৰ আটাইকেইটা স্পীনাৰে দখল কৰাৰ বাবে চাৰিগৰাকী স্পীনাৰক ফিল্ডত নমাই ভাৰত লাভৱান হয় ।

চেম্পিয়নছ ট্ৰফীত এইবাৰ প্ৰথমবাৰৰ বাবে স্পীনাৰে এখন মেচত ৯টা উইকেট দখল কৰে । নিউজীলেণ্ডৰ বিৰুদ্ধে বৰুণ চক্ৰৱৰ্তীয়ে চমকপ্ৰদ প্ৰদৰ্শনেৰে ৫টা উইকেট দখল কৰিবলৈ সক্ষম হয় । চেম্পিয়নছ ট্ৰফীত বৰুণে প্ৰথমখন মেচতে জিলিকি উঠে ।

এই পিটচবোৰত ভাৰতীয় বলাৰসকলৰ ধৈৰ্য ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে । বৰুণ, কুলদীপ যাদৱ, ৰবীন্দ্ৰ জাডেজা আৰু অক্ষৰ পেটেলৰ ভাৰতীয় স্পীন কোৱাৰ্টেটে নিউজীলেণ্ডৰ বিৰুদ্ধে ৯টা উইকেট দখল কৰে । তেওঁলোকে ৩৯ অভাৰত ১২৮টা ডট বল বলি কৰে । আনকি কেন উইলিয়ামছনৰ দৰে ধৈৰ্য্যশীল বেটছমেনেও অক্ষৰ পেটেলৰ বিৰুদ্ধে ধৈৰ্য্য হেৰুৱাই ফলত কে এল ৰাহুলে তেওঁক ষ্টাম্প কৰে ।

গতিকে মাত্ৰ চাৰিজন স্পীনাৰ লৈ ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰাটো নিশ্চিত । একে সময়তে বেগী বলিং বিভাগত হাৰ্দিক পাণ্ডিয়াৰ সৈতে থাকিব অভিজ্ঞ বলাৰ মহম্মদ ছামী । অৱশ্যে নিউজীলেণ্ডৰ বিৰুদ্ধে মাত্ৰ চাৰিটা অভাৰ বলিং কৰি উইকেট দখলত বৰ্য হয় ছামী ।

ট্ৰেভিছ হেডক ৰোধ কৰা জৰুৰী-

এই মেচত ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব ট্ৰেভিছ হেডক ৰোধ কৰা । ভাৰতৰ বিৰুদ্ধে হেডৰ বেটে আচৰিত কাম কৰে, বিশেষকৈ আই চি চি টুৰ্ণামেণ্টত তেওঁ ভাৰতীয় বলাৰসকলক ব্যতিব্যস্ত কৰি তোলে । এইজনেই হেড যিয়ে ২০২৩ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আৰু ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলত নিজৰ উজ্জ্বল বেটিংৰে অষ্ট্ৰেলিয়াক জয়ৰ দিশত আগুৱাই লৈ গৈছিল । আফগানিস্তানৰ বিৰুদ্ধে ৪০টা বলত অপৰাজিত ৫৯ ৰান সংগ্ৰহ কৰি হেডে তেওঁৰ ফৰ্মত থকাটো প্ৰমাণ কৰে । হেডৰ বিৰুদ্ধে ছামী পৰা বহু আশা থাকিব ।

ছেমি ফাইনেলত ভাৰতীয় দলৰ সাম্ভাব্য মূল একাদশ-

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, অক্ষৰ পেটেল, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, বৰুণ চক্ৰৱৰ্তী, মহম্মদ ছামী, কুলদীপ যাদৱ ।

আই পি এল ২০২৫ৰ বাবে নতুন অধিনায়ক ঘোষণা কৰিলে কলকাতাই, সহ-অধিনায়কৰ দায়িত্ব লাভ কৰিলে ভেংকটেশ আয়াৰে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ অন্যতম দল কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ আই পি এল ২০২৫ৰ বাবে নতুন অধিনায়ক ঘোষণা । ভাৰতীয় ক্ৰিকেট দলৰ বাহিৰত থকা অজিংক্য ৰাহানেক কে কে আৰে অধিনায়ক হিচাপে নিযুক্তি দিছে । একে সময়তে অল-ৰাউণ্ডাৰ ভেংকটেশ আয়াৰক কে কে আৰে সহ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰিছে ।

কলকাতা নাইট ৰাইডাৰ্ছে আনুষ্ঠানিকভাৱে অজিংক্য ৰাহানেক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে । একে সময়তে অল ৰাউণ্ডাৰ ভেংকটেশ আয়েৰে সহ-অধিনায়কত্ব লাভ কৰিছে, তেওঁক ফ্ৰেঞ্চাইজিয়ে ২৩.৭৫ কোটি টকাত ক্ৰয় কৰিছিল । নতুন অধিনায়কক ঘোষণা কৰি কে কে আৰৰ চি ই অ’ ভেংকি মহীশূৰে কয় যে, “আজিংক্য ৰাহানেৰ দৰে এজনক পাই আমি আনন্দিত হৈছো, যিয়ে তেওঁৰ অভিজ্ঞতা আৰু পৰিপক্কতা এজন নেতা হিচাপে কঢ়িয়াই আনে । লগতে, ভেংকটেশ আয়াৰে কে কে আৰৰ বাবে এজন ফ্ৰেঞ্চাইজি খেলুৱৈ হৈ আহিছে আৰু তেওঁৰ নেতৃত্বৰ বহু গুণ আছে । আমি নিশ্চিত যে আমি আমাৰ খিতাপ ৰক্ষা আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে এটা ভাল সংমিশ্ৰণ ঘটাব ।”

কে কে আৰৰ অধিনায়কত্ব লাভ কৰাৰ সন্দৰ্ভত অজিংক্য ৰাহানেই কয়, “আই পি এলৰ অন্যতম সফল ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছক নেতৃত্ব দিয়াটো এক সন্মানৰ কথা । মই ভাবো আমাৰ এটা ডাঙৰ আৰু ভাল দল আছে । মই সকলোৰে সৈতে কাম কৰিবলৈ আৰু আমাৰ খিতাপ ৰক্ষাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আগ্ৰহী ।”

আই পি এল ২০২৪ৰ বিজয়ী কে কে আৰ, অধিনায়ক আছিল শ্ৰেয়াছ আয়াৰ-

উল্লেখ্য য়ে, কলকাতাই আই পি এল ২০২৪ৰ খিতাপ দখল কৰিছিল । ফাইনেলত কে কে আৰে ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰিছিল । শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত কে কে আৰ চেম্পিয়ন হৈছিল যদিও আই পি এল ২০২৫ৰ নিলামৰ পূৰ্বে কে কে আৰে নিজৰ চেম্পিয়ন অধিনায়ক শ্ৰেয়াছ আয়াৰক মুকলি কৰি দিছিল । এই কথাত সকলো আচৰিত হৈ পৰিছিল । তেতিয়াৰ পৰাই দলটোৱে নতুন অধিনায়ক বিচাৰি আছিল । ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫ । এতিয়া কে কে আৰে ৰাহানেৰ নেতৃত্বত খেলা দেখা যাব ।

অষ্ট্ৰেলিয়া নে দক্ষিণ আফ্ৰিকা….ছেমি ফাইনেলত কাৰ মুখামুখি হ’ব টিম ইণ্ডিয়া ?

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দলটোৱে আজি (২ মাৰ্চ) গ্ৰুপৰ অন্তিমখন মেচ নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিব । এই খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাৰ পৰা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । একেৰাহে দুখন খেলত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়াই । প্ৰথমখন খেলত ভাৰতীয় দলে বাংলাদেশক ৬ উইকেটত পৰাস্ত কৰে । তাৰ পাছত দ্বিতীয়খন মেচত ভাৰতীয় দলটোৱে তীব্র প্রতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰে ৷

ছেমি ফাইনেলত কাৰ মুখামুখি হ’ব ভাৰতীয় দল ?

ভাৰতৰ উপৰি নিউজীলেণ্ডেও একেৰাহে দুখন মেচত জয়ৰে গ্ৰুপ এ-ৰ পৰা অন্তিম চাৰিত প্ৰৱেশ কৰিছে । আনহাতে, গ্ৰুপ বি-ৰ পৰা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলত প্ৰৱেশ কৰে । অৱশ্যে ছেমি ফাইনেলত ভাৰতীয় দলটোৱে কাৰ মুখামুখি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ আজিৰ খেলখনৰ পিছতেহে গোটেই ছবিখন স্পষ্ট হৈ পৰিব । যদিহে ভাৰতীয় দলে নিউজীলেণ্ডৰ বিৰুদ্ধে খেলখনত জয়লাভ কৰে তেন্তে দলটো নিজৰ গ্ৰুপৰ শীৰ্ষত থাকিব । এনে পৰিস্থিতিত ভাৰতে ছেমি ফাইনেলত গ্ৰুপ বি-ত দ্বিতীয় স্থান দখল কৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ।

যদিহে ভাৰতীয় দলটোৱে নিউজীলেণ্ডৰ বিৰুদ্ধে খেলখনত পৰাস্ত হয় তেন্তে ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব । আনহাতে আনখন ছেমি ফাইনেলত নিউজীলেণ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব । দক্ষিণ আফ্ৰিকাই নিজৰ গ্ৰুপত প্ৰথম স্থান দখল কৰিছে । ভাৰত-নিউজীলেণ্ডৰ মেচখন পৰিত্যক্ত হ’লেও ছেমি ফাইনেলত ভাৰতীয় দল দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ।

নিউজীলেণ্ডৰ বিৰুদ্ধে খেলখনৰ ফলাফল যিয়েই নহওক কিয়, ভাৰতে ৪ মাৰ্চত (মঙলবাৰ) ডুবাইত প্ৰথমখন ছেমি ফাইনেল খেলিব । লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত ৫ মাৰ্চত (বুধবাৰে) দ্বিতীয়খন ছেমি ফাইনেল খেলিব নিউজীলেণ্ডৰ দলটোৱে । আই চি চিৰ নিয়ম অনুসৰি গ্ৰুপ এ-ত প্ৰথম স্থান পোৱা দলটোৱে গ্ৰুপ বি-ত দ্বিতীয় স্থান লাভ কৰা দলটোৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিব লাগিব । গ্ৰুপ এ-ত দ্বিতীয় স্থান লাভ কৰা দলটোৱে গ্ৰুপ বি-ৰ শীৰ্ষ দলৰ সৈতে মুখামুখি হ’ব লাগিব ।

ভাৰত, নিউজীলেণ্ড, বাংলাদেশ আৰু পাকিস্তানে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ গ্ৰুপ এ-ত স্থান লাভ কৰিছে । এই গ্ৰুপৰ শীৰ্ষত আছে নিউজীলেণ্ড । দলটোৱে দুখন মেচত জয়লাভ কৰিছে । কিৱি দলটোৰ নেট ৰান ৰেট হৈছে ০.৮৬৩ । আনহাতে, ভাৰতীয় দলটো বৰ্তমান দুখন মেচত দুটাকৈ জয়েৰে দ্বিতীয় স্থানত আছে । ভাৰতৰ ৪ পইণ্ট আৰু নেট ৰান ৰেট ০.৬৪৭ । ভাৰতে নিউজীলেণ্ডক পৰাস্ত কৰিলেহে এই গ্ৰুপৰ শীৰ্ষত থাকিব পাৰিব । এই গ্ৰুপত বাংলাদেশে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে পাকিস্তান চতুৰ্থ স্থানত আছে ।

আনহাতে গ্ৰুপ বি-ত আফগানিস্তান, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ দল আছিল । দক্ষিণ আফ্ৰিকাই তিনিখন মেচত ৫ পইণ্ট লাভ কৰি প্ৰথম স্থান দখল কৰিছে । আফগানিস্তান আৰু ইংলেণ্ডৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই জয়লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ সৈতে খেলখন নিৰ্ণায়ক হোৱা নাছিল । দ্বিতীয় স্থানত থকা অষ্ট্ৰেলিয়ান দলটোৱে ৩খন খেলত ৪ পইণ্ট লাভ কৰিছে । আনহাতে তৃতীয় স্থানত থকা আফগানিস্তান দলটোৱে ৩খন মেচত ৩ পইণ্ট লাভ কৰে । ইংৰাজ দলটোৱে এই গ্ৰুপত চতুৰ্থ স্থানত আছে, যিয়ে নিজৰ একাউণ্ট খোলাত ব্যৰ্থ হৈ এই প্ৰতিযোগিতাৰ অভিযান সামৰে ।

চেম্পিয়নছ ট্ৰফীত আজি কিৱি দলৰ মুখামুখি হ’ব মেন ইন ব্লু…জানক দুয়োটা দলৰ অভিলেখ

আজি ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফীত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব । ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচ । ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই খেল । এইখন ভাৰতীয় দলৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেল । ইতিমধ্যে বাংলাদেশ আৰু পাকিস্তানক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়াই । এনে পৰিস্থিতিত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলৰ মূল একাদশত পৰিৱৰ্তনৰ আশা কৰা হৈছে ?  ইয়াৰ বাহিৰেও এদিনীয়া ফৰ্মেটত ভাৰত আৰু নিউজীলেণ্ডৰ হেড টু হেড ৰেকৰ্ড কেনেকুৱা ?  দুয়োটা দলৰ ভিতৰত কোনটো দলৰ অভিলেখ ভাল ?

দুয়োটা দলৰ মাজত কাৰ পৰিসংখ্যা উন্নত ?

পৰিসংখ্যা অনুসৰি ভাৰত আৰু নিউজীলেণ্ড দলে এদিনীয়া ফৰ্মেটত ১১৮ বাৰ মুখামুখি হৈছে । য’ত ভাৰতে ৬০ বাৰ নিউজীলেণ্ডক পৰাস্ত কৰিছে । আনহাতে নিউজীলেণ্ডে ভাৰতৰ বিৰুদ্ধে ৫০টা জয় লাভ কৰিছে । ইয়াৰ বাহিৰেও দুয়োটা দলৰ মাজত ৭খন এদিনীয়া খেল কোনো ফলাফল নোহোৱাকৈয়ে সমাপ্ত হৈছে । লগতে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত এখন মেচ টাই হৈছিল । এই পৰিসংখ্যাৰ পৰা স্পষ্ট হৈ পৰিছে যে এদিনীয়া ফৰ্মেটত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে আধিপত্য বিস্তাৰ কৰিছে ।

ভাৰতীয় দলৰ মূল একাদশ কি হ’ব ?

ভাৰতীয় দলটোৱে অধিনায়ক ৰোহিত শৰ্মাৰ অবিহনে নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিব পাৰে । ৰোহিত শৰ্মাৰ ঠাইত ঋষভ পন্টে হয়তো সুযোগ পাব পাৰে । ইয়াৰ বাহিৰেও বেগী বলাৰ মহম্মদ ছামীক জিৰণি দিয়াৰ সম্ভাৱনা আছে । মহম্মদ ছামীৰ ঠাইত অৰ্শদীপ সিঙক মূল একাদশত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে । যদি ৰোহিত শৰ্মাৰ ঠাইত ঋষভ পণ্টে সুযোগ পায়, তেন্তে শুভমন গীলৰ সৈতে কোন হ’ব অ’পেনাৰ ? যদি ৰোহিত শৰ্মাক জিৰণি দিয়া হয় তেন্তে কে এল ৰাহুলে শুভমন গীলৰ সৈতে অপেনিং কৰিব পাৰে । ইয়াৰ বাহিৰেও বেটিং ক্ৰমত আন পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা কম ।

ভাৰতীয় দলৰ সাম্ভাব্য মূল একাদশ-

কে এল ৰাহুল, শুভমন গীল (অধিনায়ক), বিৰাট কোহলী, ঋষভ পন্ট (উইকেটকীপাৰ), অক্ষৰ পেটেল, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, হৰ্ষিত ৰানা, অৰ্শদীপ সিং আৰু কুলদীপ যাদৱ ।

দক্ষিণ আফ্ৰিকাৰ দৰ্শনীয় জয়…লজ্জাজনক পৰাজয়েৰে চেম্পিয়নছ ট্ৰফীৰ পৰা বিদায় ইংলেণ্ডৰ

চেম্পিয়নছ ট্ৰফীত পুনৰ পৰাজয়ৰ সন্মুখীন হৈছে ইংলেণ্ড । এইবাৰ দক্ষিণ আফ্ৰিকাই ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰিছে । এইদৰে ইংলেণ্ডে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত জয়ৰ একাউণ্ট খোলাত ব্যৰ্থ হৈ প্ৰতিযোগিতাখনত নিজৰ অভিযান সামৰিছেল । প্ৰতিযোগিতাখনৰ অন্তিমখন লীগ মেচত ইংলেণ্ড দলটোৱে প্ৰথমে বেটিং কৰি মাত্ৰ ১৭৯ ৰানহে কৰিবলৈ সক্ষম হয় । বিপৰীতে দক্ষিণ আফ্ৰিকাই ২৯.১ অভাৰতে মাত্ৰ তিনিটা উইকেট হেৰুৱাই সহজেই এই সহজ লক্ষ্যত উপনীত হয় ।

এই দৰ্শনীয় জয়ৰ জৰিয়তে দক্ষিণ আফ্ৰিকাই গ্ৰুপ বি-ত প্ৰথম স্থান দখল কৰিছে । দক্ষিণ আফ্ৰিকাৰ এই জয়ত চাৰিগৰাকী খেলুৱৈয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই । ইয়াৰ পূৰ্বে মাৰ্কো জেন্সেন আৰু উইয়ান মুল্ডাৰে নিজৰ বলিঙৰ জৰিয়তে বিধ্বংসী ৰূপ ধাৰণ কৰে । তাৰ পাছত ৰাছি ভান ডেৰ ডাচেন আৰু হেনৰিখ ক্লাচেনে নিজৰ বেটিঙেৰে আলোড়নৰ সৃষ্টি কৰে । জেন্সেন আৰু মুল্ডাৰে তিনিটাকৈ উইকেট দখল কৰে । আনহাতে ভেন ডেৰ ডুচেনে অপৰাজিত ৭২ আৰু ক্লাচেনে ৬৪ ৰান সংগ্ৰহ কৰে । দক্ষিণ আফ্ৰিকাই মাত্ৰ ২৯.১ অভাৰতে ইংলেণ্ডে দিয়া ১৮০ ৰানৰ লক্ষ্যত উপনীত হয় ।

১৮০ ৰানৰ লক্ষ্য খেদি দক্ষিণ আফ্ৰিকাই আগতীয়াকৈ প্ৰথমটো উইকেট হেৰুৱাই । ট্ৰিষ্টান ষ্টাবছ অ’পেনিং কৰাৰ সময়ত শূন্যত আউট হয় । অৱশ্যে ৰিয়ান ৰিকোল্টনে নিজৰ স্বাভাৱিক শৈলীত খেলি থাকিল । ২৫টা বলত ৫টা চাৰিৰ সহায়ত ২৭ ৰানৰ ইনিংছ খেলে তেওঁ । ৪৭ ৰানত দুটা উইকেটৰ পতন ঘটে । তাৰ পাছত ৰাছি ভান ডেৰ ডাচেন আৰু হেনৰিখ ক্লাচেনে ১২৭ ৰানৰ অংশীদাৰিত্ব গঢ়ি নিজৰ দলৰ জয় নিশ্চিত কৰে ।

৮৭টা বলত ৭২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ভেন ডেৰ ডুচেন । তেওঁৰ বেটৰ পৰা ৬টা চাৰি আৰু ৩টা ছয় আহে । আনহাতে ক্লাচেনে মাত্ৰ ৫৬টা বলত ১১টা চাৰিৰ সহায়ত ৬৪ ৰানৰ ইনিংছ খেলে । শেষত ডেভিদ মিলাৰে ছয় কোবাই দলটোক জয় প্ৰদান কৰে । দুটা বলত ৭ ৰানত অপৰাজিত হৈ থাকে তেওঁ ।

উল্লেখ্য যে, ইংলেণ্ড দলে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত জয়ৰ একাউণ্ট খুলিব নোৱাৰিলে । ইংলেণ্ডে তিনিওখন মেচতে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । প্ৰথমে ইংলেণ্ড অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয়, তাৰ পিছত আফগানিস্তানে আৰু এতিয়া দক্ষিণ আফ্ৰিকাইও তেওঁলোকক পৰাস্ত কৰে ।

চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত কাৰ মুখামুখি হ’ব ভাৰতীয় দল ?  আকৰ্ষণীয় হৈ পৰিছে সমীকৰণ

ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত শত্তিশালী প্ৰদৰ্শন আগবঢ়াইছে । একেৰাহে দুখন খেলত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়াই । প্ৰথমখন খেলত ভাৰতীয় দলে বাংলাদেশক ৬ উইকেটত পৰাস্ত কৰে । তাৰ পাছত ভাৰতীয় দলটোৱে তীব্র প্রতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰে ৷ অৱশ্যে ছেমি ফাইনেলত ভাৰতীয় দলটোৱে কাৰ মুখামুখি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

ছেমি ফাইনেলত কোনটো দলে ভাৰতৰ বিৰুদ্ধে খেলিব ?

ভাৰতীয় দলটোৱে ২ মাৰ্চ (দেওবাৰ) ডুবাইত নিউজীলেণ্ডৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেল খেলিব । এই মেচখনৰ পিছতহে সমগ্ৰ ছবিখন স্পষ্ট হৈ পৰিব । ফলাফল যিয়েই নহওক কিয়, ভাৰতে ৪ মাৰ্চত ডুবাইত প্ৰথমখন ছেমি ফাইনেল খেলিব । উল্লেখ্য যে গ্ৰুপ-এত প্ৰথম স্থান পোৱা দলটোৱে গ্ৰুপ-বিত দ্বিতীয় স্থান লাভ কৰা দলটোৰ সৈতে ছেমি ফাইনেল খেলিব লাগিব । গ্ৰুপ এ-ত দ্বিতীয় স্থান দখল কৰা দলটোৱে মুখামুখি হ’ব গ্ৰুপ বি-ৰ শীৰ্ষ দলৰ সৈতে ।

ভাৰতৰ উপৰিও নিউজীলেণ্ডৰ দলটোৱে গ্ৰুপ এ-ৰ পৰা ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে । আনহাতে গ্ৰুপ-বিৰ পৰা অষ্ট্ৰেলিয়াৰ দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । এতিয়া গ্ৰুপ বি-ত দক্ষিণ আফ্ৰিকা বা আফগানিস্তানে ছেমি ফাইনেলত স্থান লাভ কৰিব । অৱশ্যে আফগানিস্তানৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা অতি কম ।

শনিবাৰে যদি দক্ষিণ আফ্ৰিকাৰ দলটোৱে গ্ৰুপৰ অন্তিমখন খেলত ইংলেণ্ডক পৰাস্ত কৰে তেন্তে গ্ৰুপ বি-ত শীৰ্ষত স্থান লাভ কৰিব । এনে পৰিস্থিতিত যদি ভাৰত নিউজীলেণ্ডৰ হাতত পৰাস্ত হয় বা মেচখন ড্ৰ’ হয়, তেন্তে ডুবাইত অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেল হ’ব অষ্ট্ৰেলিয়া বনাম ভাৰতৰ মাজত । গ্ৰুপ বি-ত অষ্ট্ৰেলিয়াই শীৰ্ষস্থান দখল কৰি নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰত পৰাস্ত হ’লেও ডুবাইত অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেলখন হ’ব অষ্ট্ৰেলিয়া বনাম ভাৰতৰ মাজত ।

যদিহে ভাৰতীয় দলে নিউজীলেণ্ডৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেলত জয়লাভ কৰে, আনহাতে যদি দক্ষিণ আফ্ৰিকাও ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত জয়ী হয়, তেন্তে ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াৰ দলৰ সৈতে মুখামুখি হ’ব । যদি ভাৰত গ্ৰুপ এ-ত শীৰ্ষত থাকে, তেন্তে হয়তো ছেমি ফাইনেলত আফগানিস্তানৰ বিৰুদ্ধেও মুখামুখি হ’ব লাগিব যদিহে দক্ষিণ আফ্ৰিকাৰ দলটো ইংলেণ্ডৰ হাতত বৃহৎ ব্যৱধানত পৰাস্ত হয় ।

ভাৰত, নিউজীলেণ্ড, বাংলাদেশ আৰু পাকিস্তানক গ্ৰুপ এ-ত স্থান দিয়া হৈছে । নিউজীলেণ্ডৰ দলটোৱে দুখন মেচত দুখনকৈ জয়লাভ কৰি এই গ্ৰুপৰ শীৰ্ষত আছে । কিৱি দলটোৰ নেট ৰান ৰেট হৈছে ০.৮৬৩ । আনহাতে, ভাৰতীয় দলটো বৰ্তমান দুখন মেচত দুটাকৈ জয়ৰে দ্বিতীয় স্থানত আছে । ভাৰতৰ ৪ পইণ্ট আৰু নেট ৰান ৰেট ০.৬৪৭ । ভাৰতে নিউজীলেণ্ডক পৰাস্ত কৰিলেহে এই গ্ৰুপৰ শীৰ্ষত থাকিব পাৰিব । আনহাতে বাংলাদেশ তৃতীয় স্থানত থকাৰ বিপৰীতে পাকিস্তান চতুৰ্থ স্থানত আছে ।

আনহাতে আফগানিস্তান, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াক গ্ৰুপ বি-ত স্থান দিয়া হৈছে । দক্ষিণ আফ্ৰিকাই দুখন মেচত ৩ পইণ্ট লাভ কৰি বৰ্তমান প্ৰথম স্থানত আছে । দক্ষিণ আফ্ৰিকাৰ নেট ৰান ৰেট ২.১৪০ । অষ্ট্ৰেলিয়াই দুখন মেচত ৩ পইণ্ট লাভ কৰিছে যদিও দলটোৰ নেট ৰান ৰেট (০.৪৭৫), যিটো দক্ষিণ আফ্ৰিকাতকৈ কম । তৃতীয় স্থানত থকা আফগানিস্তানে ২খন মেচত ২ পইণ্ট লাভ কৰিছে আৰু তেওঁলোকৰ নেট ৰেট (-০.৯৯০)। চাৰি নম্বৰত আছে ইংৰাজ দল, যাৰ একাউণ্ট এতিয়াও খোলা হোৱা নাই ।