আই পি এল ২০২৫ৰ সূচী ঘোষণা…২২ মাৰ্চত কে কে আৰ আৰু আৰ চি বিৰ যুঁজ; গুৱাহাটীতো হ’ব দুখনকৈ মেচ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজন অৰ্থাৎ আই পি এল ২০২৫ৰ সূচী ঘোষণা কৰা হৈছে । আই পি এল ২০২৫ৰ প্ৰথমখন মেচ ২২ মাৰ্চত কে কে আৰৰ ঘৰুৱা খেলপথাৰ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব । ২৫ মে’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ফাইনেল ।

২২ মাৰ্চত ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ প্ৰথমখন মেচ । ইফালে ২৫ মে’ত ইডেন গাৰ্ডেনৰ খেলপথাৰতে ১৮ সংখ্যক ছিজনৰ ফাইনেল খেল অনুষ্ঠিত হ’ব । ২০২৫ চনৰ আই পি এলত ১৩খন চহৰত ১০টা দলৰ মাজত মুঠ ৭৪খন খেল অনুষ্ঠিত হ’ব । ইয়াৰ ভিতৰত নকআউট অৰ্থাৎ প্লে অফৰ মেচো অন্তৰ্ভুক্ত আছে । ২২ মাৰ্চৰ পৰা ১৮ মে’ৰ ভিতৰত লীগ পৰ্যায়ৰ মেচ অনুষ্ঠিত হ’ব ।

চেন্নাই আৰু মুম্বাইৰ মাজত দুবাৰ সংঘৰ্ষ হ’ব

২৩ মাৰ্চত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ সৰ্ববৃহৎ খেলখন । এই দিনটোত আই পি এলৰ দুটা বৃহৎ দলৰ মাজত সংঘৰ্ষ হ’ব । ২৩ মাৰ্চত চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত হ’ব সংঘৰ্ষ । এই ছিজনত দুয়োটা দলৰ মাজত দুবাৰকৈ যুঁজ হ’ব ।

আই পি এল ২০২৫ৰ দ্বিতীয়খন খেল ২৩ মাৰ্চত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ’ব । ২৩ মাৰ্চত চেন্নাই আৰু মুম্বাইৰ মাজতো সংঘৰ্ষ হ’ব । অৰ্থাৎ ২৩ মাৰ্চত অনুষ্ঠিত হ’ব দুখনকৈ মেচ ।

১৩খন চহৰত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ মেচ-

আই পি এলৰ ১৮ সংখ্যক ছিজনৰ খেলসমূহ মুঠ ১৩খন চহৰত অনুষ্ঠিত হ’ব । আই পি এল ২০২৫ৰ খেলসমূহ লক্ষ্ণৌ, মুম্বাই, হায়দৰাবাদ, চেন্নাই, আহমেদাবাদ, বিশাখাপট্টনম, গুৱাহাটী, বেংগালুৰু, নিউ চণ্ডীগড়, জয়পুৰ, দিল্লী, কলকাতা আৰু ধৰমশালাত অনুষ্ঠিত হ’ব । ২০২৫ চনৰ আই পি এলত মুঠ ১২খন ডাবল হেডাৰ মেচ অনুষ্ঠিত হ’ব ।

প্ৰতি বছৰে আই পি এলৰ প্ৰথমখন মেচ পূৰ্বৰ ছিজনৰ ফাইনেল খেলা দল দুটাৰ মাজত খেলা হয় যদিও এইবাৰ সেয়া হোৱা নাই । যোৱা ছিজনৰ ফাইনেলত অৰ্থাৎ আই পি এল ২০২৪ত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত সংঘৰ্ষ হৈছিল যদিও আই পি এল ২০২৫ৰ প্ৰথমখন মেচ কে কে আৰ আৰু আৰ চি বিৰ মাজত অনুষ্ঠিত হ’ব ।

গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ মেচ-

উল্লেখ্য যে, আই পি এল ২০২৫ৰ সময়সূচী ঘোষণা কৰাৰ মাজতে অসমবাসীৰ বাবেও আহিছে ভাল খবৰ । কিয়নো আই পি এলৰ ১৮ সংখ্যক সংস্কৰণৰ দুখনকৈ মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । আই পি এলৰ দল ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ দুখনকৈ হাই ভল্টেজ মেচ । গুৱাহাটীত ২৬ মাৰ্চত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হ’ব মেচ । ইফালে ৩০ মাৰ্চত অনুষ্ঠিত হ’ব চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচ ।

মিছন চেম্পিয়নছ ট্ৰফীৰ বাবে ডুবাইত উপস্থিত টিম ইণ্ডিয়া…

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে । এইবাৰ ‘হাইব্ৰিড মডেল’ৰ অধীনত পাকিস্তানৰ তিনিখন চহৰ (কাৰাচী, লাহোৰ, ৰাৱালপিণ্ডি) আৰু ডুবাইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । ১৯ ফেব্ৰুৱাৰীত কৰাচীত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ । আনহাতে ভাৰতীয় দলটোৱে ২০ ফেব্ৰুৱাৰীত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব ।

ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ১৫ ফেব্ৰুৱাৰীত (শনিবাৰে) চেম্পিয়নছ ট্ৰফীৰ বাবে ডুবাইত উপস্থিত হয় । ভাৰতীয় খেলুৱৈসকলে মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ডুবাইলৈ উৰা মাৰে । মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, সহ-অধিনায়ক শুভমন গীল আৰু তাৰকা বেটছমেন বিৰাট কোহলীকে ধৰি দলৰ অধিকাংশ সদস্যই দলীয় বাছত বিমানবন্দৰত উপস্থিত হয় । এই খেলুৱৈসকলৰ একাংশই অটোগ্ৰাফ বা হাত মিলাই একাংশ অনুৰাগীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ।

শেহতীয়াকৈ ৰোহিত শৰ্মাৰ নেতৃত্বাধীন দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা মাটিত তিনিওখন এদিনীয়া মেচতে জয়লাভ কৰি অনুৰাগী আৰু দলৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে । অনুৰাগীসকলে আশা কৰিছে যে ভাৰতীয় দলটোৱে আন এক আই চি চি ট্ৰফী লাভ কৰাত সফল হ’ব । যোৱা বছৰ ৱেষ্ট ইণ্ডিজত কৰাৰ দৰেই ।

যদি ভাৰতে চেম্পিয়নছ ট্ৰফীত টি-২০ বিশ্বকাপৰ পুনৰাবৃত্তি কৰিবলগীয়া হয়, তেন্তে তাৰকা বেটছমেন ৰোহিত আৰু কোহলীয়ে ভাল প্ৰদৰ্শন কৰিব লাগিব । শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাত ৰোহিত আৰু কোহলীয়ে ফৰ্মলৈ ঘূৰি অহাৰ লক্ষণ দেখুৱাইছিল । কটকত খেলা দ্বিতীয়খন এদিনীয়াত ৰোহিতে ৯০টা বলত ১১৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আহমেদাবাদত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত কোহলীয়ে অৰ্ধশতক (৫২ ৰান) অৰ্জন কৰে । অজিত আগৰকাৰ নেতৃত্বাধীন বাছনি সমিতিয়ে চেম্পিয়নছ ট্ৰফীত দুয়োৰে প্ৰদৰ্শনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব ।

কোহলী-ৰোহিত এই মাইলৰ খুঁটিৰ ওচৰত-

যদি আমি চাওঁ, বিৰাট কোহলীক এদিনীয়া ইতিহাসত ১৪০০০ ৰান সংগ্ৰহ কৰা তৃতীয়জন বেটছমেন হ’বলৈ ৩৭ ৰানৰ প্ৰয়োজন, আনহাতে ৰোহিতে ১১০০০ ৰান সম্পূৰ্ণ কৰা দশম বেটছমেন হোৱাৰ পৰা মাত্ৰ ১২ ৰান দূৰত আছে । ভাৰতীয় দলৰ একাংশ যুৱ খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰি নিজৰ স্থান সুদৃঢ় কৰিব বিচাৰিব । সহ-অধিনায়ক শুভমন গীলেও নিজৰ উৎকৃষ্ট ফৰ্ম অব্যাহত ৰাখিব বিচাৰিব । আঘাতৰ বাবে টুৰ্ণামেণ্টৰ পৰা বাহিৰ হোৱা যশপ্ৰীত বুমৰাহৰ অনুপস্থিতি ভাৰতীয় দলটো নিশ্চিতভাৱে অনুভৱ কৰিব । এনে পৰিস্থিতিত অৰ্শদীপ সিং আৰু হৰ্ষিত ৰানাৰ দৰে যুৱ খেলুৱৈৰ বাবে এয়া এক ডাঙৰ সুযোগ হ’ব । ‘মিষ্ট্ৰী স্পীনাৰ’ বৰুণ চক্ৰৱৰ্তীয়ে প্ৰমাণ কৰিব বিচাৰিছে যে তেওঁ দলৰ মাৰাত্মক অস্ত্ৰ ।

উল্লেখ্য যে চেম্পিয়নছ ট্ৰফী ২০২৫ত ৮টা দলৰ মাজত মুঠ ১৫খন মেচ অনুষ্ঠিত হ’ব । এই ৮ টা দলক ২ টা গ্ৰুপত ভাগ কৰা হৈছে । ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপ-এত আছে । তেওঁলোকৰ লগত থকা আন দুটা দল হ’ল নিউজীলেণ্ড আৰু বাংলাদেশ । আনহাতে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ডক গ্ৰুপ বিত স্থান দিয়া হৈছে । ৮ টা দলে নিজ নিজ গ্ৰুপত ৩-৩ খন খেল খেলিব । ইয়াৰ পিছত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২ টা দলে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । চেম্পিয়নছ ট্ৰফীৰ ১৫খন খেলৰ আটাইকেইখনেই ৪টা স্থানত অনুষ্ঠিত হ’ব । পাকিস্তানত ৩ টা ভেন্যু হব । আনহাতে এটা স্থান হ’ব ডুবাই । ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব ।

চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা প্ৰাইজমানি… বিজয়ী দলে লাভ কৰিব কোটি টকা, পৰাজিত দলেও লাঊ কৰিব এই পুৰস্কাৰ

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’বলৈ এসপ্তাহতকৈয়ো কম সময় বাকী আছে । এইবাৰ পাকিস্তানৰ আতিথ্যত ‘হাইব্ৰিড মডেল’ৰ অধীনত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । এই খেলসমূহ পাকিস্তানৰ তিনিখন চহৰ (লাহোৰ, ৰাৱালপিণ্ডি, কৰাচী) আৰু ডুবাইত অনুষ্ঠিত হ’ব । ১৯ ফেব্ৰুৱাৰীত কৰাচীত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ । ২০ ফেব্ৰুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব টিম ইণ্ডিয়াই ।

ঘোষণা হ’ল প্ৰাইজমানি-

শেহতীয়াকৈ আই চি চিয়ে ঘোষণা কৰিছে চেম্পিয়নছ ট্ৰফীৰ পুৰস্কাৰৰ ধন অথবা প্ৰাইজমানি । চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বিজয়ী দলটোৱে লাভ কৰিব ২.২৪ মিলিয়ন ডলাৰ (প্ৰায় ১৯.৪৬ কোটি টকা) । ৰানাৰ্ছ আপ দলটোৱে লাভ কৰিব ১১.১২ মিলিয়ন ডলাৰ (প্ৰায় ৯.৭৩ কোটি টকা) । ছেমি ফাইনেলত পৰাজিত দুয়োটা দলে সমান পৰিমাণৰ ৫ লাখ ৬০ হাজাৰ ডলাৰ (প্ৰায় ৪.৮৬ কোটি টকা) লাভ কৰিব ।

চেম্পিয়নছ ট্ৰফীত প্ৰতিখন মেচেই গুৰুত্বপূৰ্ণ হ’ব । গ্ৰুপ পৰ্যায়ত মেচত জয়ী হোৱাৰ বাবে দলটোৱে লাভ কৰিব ৩৪০০০ ডলাৰ (প্ৰায় ২৯.৫৩ লাখ টকা) । আনহাতে পঞ্চম আৰু ষষ্ঠ স্থান দখল কৰা দলসমূহে সমান পৰিমাণৰ ৩৫০০০০০০ ডলাৰ (প্ৰায় ৩.০৪ কোটি টকা) লাভ কৰিব । আনহাতে সপ্তম আৰু অষ্টম স্থান দখল কৰা দলসমূহে সমান পৰিমাণৰ ১৪০০০০০ ডলাৰ (প্ৰায় ১.২২ কোটি টকা) লাভ কৰিব । ইয়াৰ উপৰিও এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আটাইকেইটা দলকে ১২৫০০০ ডলাৰ (প্ৰায় ১.০৯ কোটি টকা)ৰ নিশ্চয়তা প্ৰদান কৰা হ’ব । এই প্ৰতিযোগিতাত আই চি চিয়ে মুঠ ৬৯ লাখ ডলাৰ (প্ৰায় ৬০ কোটি টকা) পুৰস্কাৰ ধন বিতৰণ কৰিব । ২০১৭ চনৰ তুলনাত ৫৩ শতাংশ বেছি ।

চেম্পিয়নছ ট্ৰফী পুৰস্কাৰৰ ধন: (USD ডলাৰ)

বিজয়ী দল: ২.২৪ মিলিয়ন ডলাৰ (১৯.৪৬ কোটি টকা)

ৰানাৰ্ছ আপ : ১২.৪ মিলিয়ন ডলাৰ (৯.৭৩ কোটি টকা)

ছেমি ফাইনেলিষ্ট : ৫,৬০,০০০ ডলাৰ (৪.৮৬ কোটি টকা)

পঞ্চম আৰু ষষ্ঠ স্থানৰ দল: ৩,৫০,০০০ ডলাৰ (৩.০৪ কোটি টকা)

সপ্তম বা অষ্টম স্থানৰ দল: ১৪০০০ ডলাৰ (১.২২ কোটি টকা)

গ্ৰুপ পৰ্যায়ত জয়ী: ১,৪০,০০০ ডলাৰ (১.২২ কোটি টকা)

নিশ্চয়তাৰ ধনঃ ১,২৫,০০০ ডলাৰ (১.০৯ কোটি টকা)

বুমৰাহ-ষ্টাৰ্ক-কামিনছ বাহিৰ…চেম্পিয়নছ ট্ৰফীৰ বাবে ডাঙৰ পৰিৱৰ্তন, জানক ৮টা দলৰ স্কোৱাড

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ লৈ মাজত মাত্ৰ কেইটামান দিন বাকী । এইবাৰ পাকিস্তানৰ আতিথ্যত ‘হাইব্ৰিড মডেল’ৰ অধীনত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । এই খেলসমূহ পাকিস্তানৰ তিনিখন চহৰ (ৰাৱালপিণ্ডি, কৰাচী, লাহোৰ) আৰু ডুবাইত অনুষ্ঠিত হ’ব । ১৯ ফেব্ৰুৱাৰীত কৰাচীত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । আনহাতে ভাৰতীয় দলটোৱে ২০ ফেব্ৰুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব ।

ইতিমধ্যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া ৮টা দলৰ সকলো চেম্পিয়নছ ট্ৰফীৰ বাবে চূড়ান্ত কৰা হৈছে । দলত পৰিৱৰ্তনৰ শেষ তাৰিখ আছিল ১২ ফেব্ৰুৱাৰী, যি পাৰ হৈ গৈছে । এতিয়া যদি কোনো খেলুৱৈ টুৰ্ণামেণ্টৰ সময়ত বাহিৰ হয়, তেন্তে তেওঁৰ সলনি আই চি চিৰ কাৰিকৰী দলৰ অনুমোদন ল’ব লাগিব । ভালদৰে চালে আঘাত আৰু অন্যান্য কাৰণত বেছিভাগ দলেই নিজৰ অস্থায়ী দলত পৰিৱৰ্তন আনিলে । 8 টা দলৰ শেহতীয়া স্কোৱাড চাওঁ আহক…

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় দলটো এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । আঘাতৰ বাবে চেম্পিয়নছ ট্ৰফীৰ পৰা বাদ পৰিছে ষ্টাৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ । মাত্ৰ তিনিখন এদিনীয়া খেলৰ অভিজ্ঞতা থকা বেগী বলাৰ হৰ্ষিত ৰাণাই বুমৰাহৰ ঠাইত চেম্পিয়নছ ট্ৰফী দলত প্ৰৱেশ কৰিছে । ইয়াৰ উপৰিও অ’পেনাৰ বেটছমেন যশস্বী জয়ছোৱালক ১৫ জনীয়া দলৰ পৰা বাদ দিয়া হৈছে । যশস্বীৰ ঠাইত দলত প্ৰৱেশ কৰে স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে ।

ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (সহ-অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জা়েজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, হৰ্ষিত ৰাণা, মহম্মদ শমি, অৰ্শদীপ সিং, ৱাশ্বিংটন ।

নন-ট্ৰেভেলিং বিকল্প : যশস্বী জয়ছোৱাল, মহম্মদ ছিৰাজ, শিৱম ডুবে ।

অষ্ট্ৰেলিয়াই চেম্পিয়নছ ট্ৰফী দলতো মুঠ পাঁচটা পৰিৱৰ্তন কৰিবলগীয়া হৈছে । বেষ্ট বলাৰ মিচেল ষ্টাৰ্কে ব্যক্তিগত কাৰণত এই প্ৰতিযোগিতাখনৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে । ইতিমধ্যে আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আছে অধিনায়ক পেট কামিন্স, মিচেল মাৰ্ছ আৰু জোছ হেজলউড । আনহাতে মাৰ্কাছ ষ্টয়নিছে হঠাতে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । চেম্পিয়নছ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়াৰ দলত অন্তৰ্ভুক্ত হৈছে শ্বীন এবট, বেন ড্ৱাৰ্শ্বুইছ, স্পেন্সৰ জনছন, জেক-ফ্ৰেজাৰ মেকগাৰ্ক আৰু টানবীৰ সংঘক ।

অষ্ট্ৰেলিয়া দল: ষ্টিভ স্মিথ (অধিনায়ক), শ্বীন এবট, এলেক্স কেৰী, বেন ড্ৱাৰ্শ্বুইছ, নাথান এলিছ, জেক ফ্ৰেজাৰ-মেকগাৰ্ক, এৰন হাৰ্ডি, ট্ৰেভিছ হেড, জোছ ইংলিছ, স্পেন্সৰ জনছন, মাৰ্নাছ লাবুশ্বেন, গ্লেন মেক্সৱেল, টানবীৰ সংঘ, মেথিউ শ্বৰ্ট, এডাম জাম্পা ।

ৰিজাৰ্ভ- কুপাৰ কনলি ।

টেম্বা বাভুমাৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ দলটোৱেও এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । বেগী বলাৰ এনৰিক আঘাতৰ বাবে টুৰ্ণামেণ্টৰ পৰা বাহিৰ হয় । ফাষ্ট বলিং অলৰাউণ্ডাৰ কৰ্বিন বছে নৰ্কিয়াৰ ঠাইত দলত স্থান লাভ কৰে ।

দক্ষিণ আফ্ৰিকাৰ দল : টেম্বা বাভুমা (অধিনায়ক), টনি ডি জোৰ্জি, মাৰ্কো জান্সেন, হেনৰিখ ক্লাচেন, কেশৱ মহাৰাজ, এইডেন মাৰ্ক্ৰাম, ডেভিদ মিলাৰ, উইয়ান মুল্ডাৰ, লুংগি এনগিডি, কৰ্বিন বছ, কাগিছ’ ৰাবাডা, ৰিয়ান ৰিকেলটন, টাব্ৰেজ শ্বামচি, ট্ৰিষ্টান ষ্টাবছ, ৰাছি ভান ডেৰ ডাচেন ।

ৰিজাৰ্ভ- ক্ৱেনা ম্ফাকা

চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ পূৰ্বে ইংলেণ্ড দলটোৱেও এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । যুৱ অলৰাউণ্ডাৰ জেকব বেথেল হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’ল । তেওঁৰ ঠাইত উইকেটকীপাৰ বেটছমেন টম বেণ্টনক দলত অন্তৰ্ভুক্ত কৰা হয় ।

ইংলেণ্ড দল : জোছ বাটলাৰ (অধিনায়ক), জফ্ৰা আৰ্চাৰ, গাছ এটকিনছন, টম বেণ্টন, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, বেন ডাকেট, জেমী অভাৰটন, জেমী স্মিথ, লিয়াম লিভিংষ্টন, আদিল ৰছিদ, জো ৰুট, ছাকিব মাহমুদ, ফিল ছল্ট, মাৰ্ক উড ।

কেৱল এয়াই নহয়, আফগানিস্তানৰ দলটোৱেও ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । আঘাতৰ বাবে চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিব নোৱাৰিব অফ স্পীনাৰ আল্লাহ গাজানফৰ । গাজানফৰৰ ঠাইত নাংগেয়ালিয়া খাৰোতে আফগানিস্তানৰ দলত প্ৰৱেশ কৰে ।

আফগানিস্তানৰ দল : হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), ইব্ৰাহিম জাদ্ৰান, ৰহমানুল গুৰবাজ, চেদিকুল্লাহ অটল, ৰহমান শ্বাহ, ইক্ৰাম আলিখিল, গুলবাদিন নাইব, আজমাতুল্লাহ উমৰজাই, মহম্মদ নবী, ৰছিদ খান, নংগেয়ালিয়া খাৰোতে, নূৰ আহমেদ, ফজলহাক ফাৰুকী, ফৰিদ মালিক, নবীদ জাদ্ৰান ।

ৰিজাৰ্ভ : দৰৱিছ ৰছুলি, বিলাল ছামি ।

নিউজীলেণ্ডৰ দল : মিচেল চেণ্টনাৰ (অধিনায়ক), মাইকেল ব্ৰেচৱেল, মাৰ্ক চেপমেন, ডেভন কনৱে, লকি ফাৰ্গুচন, মেট হেনৰী, টম লেথাম, ডেৰিল মিচেল, উইল অ’ৰ’ৰ্ক, গ্লেন ফিলিপছ, ৰাচিন ৰবিন্দ্ৰ, বেন ছিয়াৰ্ছ, নাথান স্মিথ, কেন উইলিয়ামছন, উইল ইয়ং ।

বাংলাদেশৰ দল : নাজমুল হোছেইন শান্তো (অধিনায়ক), সৌম্য চৰকাৰ, তাঞ্জিদ হাছান, তৌহিদ হৃদয়, মুছফিকুৰ ৰহিম, মাহমুদুল্লাহ, জাকেৰ আলী অনিক, মেহদি হাছান মিৰাজ, ৰিছাদ হোছেইন, তাস্কিন আহমেদ, মুস্তাফিজুৰ ৰহমান, পাৰভেজ হোছেইন ইমন, নাছুম আহমেদ, তাঞ্জিম হাছান চাকিব, নাহিদ ৰাণা ।

পাকিস্তানৰ দল : মহম্মদ ৰিজৱান (অধিনায়ক), বাবৰ আজম, ফখৰ জামান, কামৰাণ গুলাম, সাউদ শ্বাকিল, তয়াব তাহিৰ, ফাহীম আশ্ৰফ, খুছদিল শ্বাহ, ছলমান আলী আঘা, উছমান খান, আব্ৰাৰ আহমেদ, হৰিছ ৰাউফ, মহম্মদ হাছনাইন, নছিম শ্বাহ, শ্বাহীন শ্বাহ আফ্ৰিদি ।

উল্লেখ্য যে চেম্পিয়নছ ট্ৰফী ২০২৫ত ৮টা দলৰ মাজত মুঠ ১৫খন মেচ অনুষ্ঠিত হ’ব । এই ৮ টা দলক ২ টা গ্ৰুপত ভাগ কৰা হৈছে । ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপ-এত আছে । তেওঁলোকৰ লগত থকা আন দুটা দল হ’ল নিউজীলেণ্ড আৰু বাংলাদেশ । আনহাতে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ডক গ্ৰুপ বিত স্থান দিয়া হৈছে । ৮ টা দলে নিজ নিজ গ্ৰুপত ৩-৩ খন খেল খেলিব । ইয়াৰ পিছত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২ টা দলে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । চেম্পিয়নছ ট্ৰফীৰ ১৫খন খেলৰ আটাইকেইখনেই ৪টা স্থানত অনুষ্ঠিত হ’ব । পাকিস্তানত ৩ টা ভেন্যু হব । আনহাতে এটা স্থান হ’ব ডুবাই । ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব ।

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে টিম ইণ্ডিয়াৰ বৃহৎ জয়…এদিনীয়া শৃংখলাত ইংলেণ্ডক ক্লীন ছুইপ

আহমেদাবাদত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত ইংলেণ্ডক ১৪২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে ভাৰতে । প্ৰথম বেটিং কৰি টিম ইণ্ডিয়াই ৩৫৬ ৰানৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে সমগ্ৰ ইংলেণ্ড দলটো ২১৪ ৰানতে অল আউট হয় । ভাৰতীয় দলৰ জয়ৰ আটাইতকৈ ডাঙৰ নায়ক আছিল শুভমন গীল, তেওঁ ১১২ ৰানৰ শতকীয় ইনিংছ খেলে । প্ৰতিজন বলাৰে অন্ততঃ এটাকৈ উইকেট লোৱাত টিম ইণ্ডিয়াৰ তৰফৰ পৰা শক্তিশালী বলিং প্ৰদৰ্শনো দেখা যায় ।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলা এই মেচখনত ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । খেলখনৰ প্ৰথম অভাৰতে তেওঁৰ এই সিদ্ধান্ত ভাল বুলি প্ৰমাণিত হৈছিল কাৰণ অধিনায়ক ৰোহিত শৰ্মাই মাত্ৰ ১ ৰান সংগ্ৰহ কৰি আউট হয় । কিন্তু ইয়াৰ পিছতে শুভমন গীল আৰু বিৰাট কোহলীয়ে ১১৬ ৰানৰ অংশীদাৰিত্ব গঢ়ি ইংলেণ্ডৰ বলিং আক্ৰমণক উফৰাই দিয়ে । শ্ৰেয়াছ আয়াৰৰ সৈতে গীলে ১০৪ ৰান সংগ্ৰহ কৰে । বিৰাট কোহলিয়ে ৫২ ৰান আৰু আয়াৰে ৭৮ ৰানৰ অৱদান আগবঢ়ায় ।

শুভমন গীলৰ এদিনীয়া কেৰিয়াৰৰ সপ্তমটো শতক-

ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা আৰম্ভ হোৱাৰ পৰাই শুভমন গীলক শক্তিশোলী ফৰ্মত দেখা গৈছে । প্ৰথমখন মেচত ৮৭ ৰান আৰু তাৰ পিছত কটকত খেলা দ্বিতীয়খন মেচত ৬০ ৰান সংগ্ৰহ কৰে গীলে । অৱশেষত তৃতীয়খন মেচত তেওঁ এদিনীয়া কেৰিয়াৰৰ সপ্তমটো শতক সম্পূৰ্ণ কৰিবলৈ সফল হয় । এদিনীয়া ক্ৰিকেটত ৭ টা শতক অৰ্জন কৰা দ্ৰুততম বেটছমেন গীল । তেওঁ মাত্ৰ ৫০ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰে ।

ভাৰতীয় বলাৰৰ উজ্জ্বল প্ৰদৰ্শন-

ভাৰতীয় বেটছমেনসকলে প্ৰথমে স্ক’ৰ ব’ৰ্ডত ৩৫৬ ৰানৰ বিশাল ৰান সংগ্ৰহ কৰে আৰু বাকী কাম বলাৰসকলে কৰে । ফিল ছল্ট আৰু বেন ডাকেটে নিয়মিতভাৱে ইংলেণ্ডক শৃংখলাত সুদৃঢ় আৰম্ভণি দিছে যদিও আন বেটছমেনসকলে ইয়াক মূলধন হিচাপে ব্যৱহাৰ কৰিব পৰা নাই । এইবাৰ দুয়োৰে মাজত ৬০ ৰানৰ আৰম্ভণিৰ অংশীদাৰিত্ব আছিল যদিও তাৰ পিছত ভাৰতীয় বলাৰসকলে ইমানেই আধিপত্য বিস্তাৰ কৰিছিল যে ১৫৪ ৰানৰ স্ক’ৰলৈকে ইংলেণ্ডৰ দলৰ আধা অংশই পেভিলিয়নলৈ উভতি আহিছিল ।

ইয়াৰ পৰাই ইংলেণ্ডৰ পৰাজয় নিশ্চিত হৈ পৰে । অধিনায়ক জোছ বাটলাৰৰ ফৰ্মত আছিল যদিও তৃতীয়খন মেচত তেওঁ মাত্ৰ ৬ ৰান সংগ্ৰহ কৰি আউট হয় আৰু জো ৰুটেও ২৪ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । ভাৰতৰ হৈ অৰ্শদীপ সিং, হৰ্ষিত ৰাণা, অক্ষৰ পেটেল আৰু হাৰ্দিক পাণ্ডিয়াই ২টাকৈ উইকেট দখল কৰে । ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱেও এটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ।

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে চূড়ান্ত ভাৰতীয় দল…৫ জন স্পীনাৰ আৰু ৩ জন ফাষ্ট বলাৰৰ স্থান লাভ

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতৰ চূড়ান্ত দলটো ঘোষণা কৰা হৈছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে যশপ্ৰীত বুমৰাহৰ ফিটনেছ ৰিপ’ৰ্টলৈ অপেক্ষা কৰি আছিল যদিও তেওঁ সময়মতে ফিট হ’ব নোৱাৰিলে । ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলা একেখিনি খেলুৱৈৰ অধিকাংশই চেম্পিয়নছ ট্ৰফীৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে । জানেনে টিম ইণ্ডিয়াত বেটিঙৰ পৰা বলিঙলৈ, কিমানজন স্পীন আৰু ফাষ্ট বলাৰক স্থান দিয়া হৈছে ?

চেম্পিয়নছ ট্ৰফীৰ বাবে ১৫ সদস্যৰ ভাৰতীয় দল চূড়ান্ত-

ভাৰতীয় দলটোৰ অধিনায়ক হ’ব ৰোহিত শৰ্মা, আনহাতে শেহতীয়াকৈ শুভমন গীলক এদিনীয়া দলৰ সহ-অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে । ৰোহিত আৰু গীলক অপেনিঙত দেখা পোৱাৰ সম্ভাৱনা আছে যদিও শেহতীয়াকৈ এদিনীয়াত অভিষেক ঘটোৱা যশস্বী জয়ছোৱালে দলত স্থান লাভ কৰা নাই ৷ তেওঁলোকৰ উপৰিও বেটিঙৰ দায়িত্ব বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল, ঋষভ পন্টৰ কান্ধত থাকিব । উল্লেখ্য যে ঋষভ পন্টক বেক আপ উইকেটকীপাৰ হিচাপে দেখা গৈছে, এনে পৰিস্থিতিত কে এল ৰাহুল চেম্পিয়নছ ট্ৰফীৰ বাবে উইকেটকীপিঙৰ বাবে প্ৰথম পছন্দ হৈ থাকিব পাৰে ।

বেটিং লাইন আপ-

ৰোহিত শৰ্মা, শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল(উইকেটকীপাৰ), ঋষভ পন্ট(উইকেটকীপাৰ)

ভাৰতীয় দলত অলৰাউণ্ডাৰ খেলুৱৈক যথেষ্ট গুৰুত্ব দিয়া হৈছে । ১৫ জনীয়া দলটোত এজন বা দুজন নহয় চাৰিজন অল ৰাউণ্ডাৰ খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে । বেটিঙৰ লগতে ফাষ্ট বলিঙৰ ক্ষেত্ৰত হাৰ্দিক পাণ্ডিয়াই অৰিহণা যোগাব, আনহাতে অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰে স্পীন বলিঙৰ লগতে বেটিঙৰ ক্ষেত্ৰতো অৱদান যোগাব ।

যদি ভাৰতৰ বলিং আক্ৰমণ বিভাগলৈ চোৱা যায় তেন্তে বি চি চি আইয়ে দলত মাত্ৰ ৩ জন মূল বেগী বলাৰক স্থান দিছে । চেম্পিয়নছ ট্ৰফীত ভাৰতৰ আটাইতকৈ অভিজ্ঞ বেগী বলাৰ হ’ব মহম্মদ ছামী, তেওঁক সহায় কৰিব অৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণাই । একে সময়তে কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তীয়েও স্পীন বলিংত অৰিহণা যোগাব ।

বহু বলিং বিকল্প :

মহম্মদ ছামী, অৰ্শদীপ সিং, হৰ্ষিত ৰানা, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱ ।

চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতৰ দল-

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (সহ অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল, ঋষভ পন্ট, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, মহম্মদ ছামী, অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী ।

নাগপুৰত ভাৰতৰ আধিপত্য…গীল-আয়াৰ-অক্ষৰৰ অৰ্ধ শতক; ৪ উইকেটত পৰাস্ত ইংলেণ্ড

নাগপুৰত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰিছে ভাৰতে । টিম ইণ্ডিয়াৰ জয়ত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে ৮৭ ৰাণৰ ইনিংছ খেলা তাৰকা ক্ৰিকেটাৰ শুভমন গীলে । ইয়াৰ উপৰিও শ্ৰেয়াছ আয়েৰ আৰু অক্ষৰ পেটেলেও অৰ্ধ শতক অৰ্জন কৰি ভাৰতীয় দলৰ জয়ত যথেষ্ট অৰিহণা যোগাই । তদুপৰি হৰ্ষিত ৰাণা আৰু ৰবীন্দ্ৰ জাডেজাই তিনিটাকৈ উইকেট দখল কৰি টিম ইণ্ডিয়াৰ হৈ শক্তিশালী বলিং প্ৰদৰ্শন কৰে । এই খেলখনত ৬৮টা বল বাকী থকা অৱস্থাত টিম ইণ্ডিয়াই জয়লাভ কৰে ।

এই মেচখনত ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় । প্ৰথম ৮ অভাৰত ফিল ছল্ট আৰু বেন ডাকেটে ৭১ ৰান সংগ্ৰহ কৰি ইংৰাজ দলৰ বাবে এক সুন্দৰ আৰম্ভণি কৰে । ইয়াৰ পিছত ইংৰাজ দলটোৱে কোনো ডাঙৰ অংশীদাৰিত্ব গঢ়াত ব্যৰ্থ হয় । জোছ বাটলাৰ আৰু জেকব বেথেলে নিশ্চিতভাৱে অৰ্ধশতক অৰ্জন কৰিছিল যদিও জো ৰুট আৰু হেৰী ব্ৰুককে ধৰি আন সকলো বেটছমেনে বিশেষ প্ৰদৰ্শন কৰাত ব্যৰ্থ আৰু সমগ্ৰ দলটো ২৪৮ ৰানত অল আউট হয় ।

সহজেই লক্ষ্যত উপনীত হ’ল ভাৰত-

ভাৰতীয় দলটোৱে ২৪৯ ৰানৰ লক্ষ্যত আগত লৈ নিজৰ ইনিংছ আৰম্ভ কৰে ।  দলটোৰ আৰম্ভণি দুৰ্বল আছিল । অধিনায়ক ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱাল কম সময়ৰ ভিতৰতে পেভিলিয়নমুখী হয় । ১৯ ৰানৰ স্ক’ৰত টিম ইণ্ডিয়াই দুয়োখন অ’পেনাৰৰ উইকেট হেৰুৱাই । ইফালে শ্ৰেয়াছ আয়াৰ আৰু শুভমন গীলে এক শক্তিশালী অংশীদাৰিত্ব গঢ়ি ৯৪ ৰান সংযোজন কৰে । খেলখনত আয়াৰে ৩০টা বলত অৰ্ধ শতক অৰ্জন কৰে । তেওঁ মেচখনত ৩৬টা বলত ৫৯ ৰান সংগ্ৰহ কৰে । আয়াৰৰ উইকেটৰ পতনৰ পিুছত দলক আগুৱাই নিয়াৰ দায়িত্ব কান্ধ পাতি লয় শুভমন গীলে । তেওঁক যোগ্য সহাঁৰি দিয়ে অক্ষৰ পেটেলে । গীল আৰু অক্ষৰ পেটেলে ১০৭ ৰানৰ অংশীদাৰিত্ব গঢ়ে । পেটেলে ৫২ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে ।

গীলে শতক অৰ্জন কৰিব নোৱাৰিলেও তেওঁৰ ৮৭ ৰানৰ ইনিংছৰ সহায়ত টিম ইণ্ডিয়াৰ জয় প্ৰায় নিশ্চিত হৈ পৰে । ইংলেণ্ডৰ হৈ ছাকিব মাহমুদ আৰু আদিল ৰছিদে সৰ্বাধিক দুটাকৈ উইকেট দখল কৰে । তেওঁলোকৰ বাহিৰেও জফ্ৰা আৰ্চাৰ আৰু জেকব বেথেলে এটাকৈ উইকেট দখল কৰে ।

অভিষেক মেচতে হৰ্ষিত ৰাণাই ৰচিলে ইতিহাস…অতিক্ৰম কৰিলে বুমৰাহ-কপিল দেৱ-জাহিৰক

ভাৰতীয় দলৰ তাৰকা বেগী বলাৰ হৰ্ষিত ৰাণাই বৃহস্পতিবাৰে (৬ ফেব্ৰুৱাৰী) নিজৰ নামত এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে, যিটো এতিয়ালৈকে কোনো ভাৰতীয়ই কৰিব পৰা নাই । ইংলেণ্ডৰ বিৰুদ্ধে নাগপুৰ এদিনীয়াত এই কৃতিত্ব অৰ্জন কৰিছে হৰ্ষিতে । এই ক্ষেত্ৰত তেওঁ কপিল দেৱ, যশপ্ৰীত বুমৰাহ, জাহিৰ খানৰ দৰে বহু ভাৰতীয় কিংবদন্তিক পিছ পেলাইছে ।

বৃহস্পতিবাৰে নাগপুৰত অনুষ্ঠিত হৈছে ভাৰতীয় দল আৰু ইংলেণ্ডৰ মাজত ৩খনীয়া খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ । এই মেচখনৰ বাবে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই হৰ্ষিত ৰানাক মূল একাদশত সুযোগ প্ৰদান কৰে । এইখন হৈছে তেওঁৰ কেৰিয়াৰৰ প্ৰথমখন এদিনীয়া মেচ ।

তিনিওটা ফৰ্মেটতে অভিষেক মেচত ৩+ উইকেট দখল কৰা প্ৰথম ভাৰতীয়-

এই মেচত হৰ্ষিতে নিজৰ শক্তি প্ৰদৰ্শন কৰে । মেচখনত তৃতীয়টো উইকেট দখল কৰাৰ লগে লগে তেওঁ নিজৰ নামত এই ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হয় । উল্লেখ্য যে এই মেচত হৰ্ষিতে বেন ডাকেট, হেৰী ব্ৰুক আৰু লিয়াম লিভিংষ্টনক চিকাৰ কৰিছিল ।

লিভিংষ্টনক পেভিলিয়নৰ বাট দেখুওৱাৰ লগে লগে হৰ্ষিতে নিজৰ নামত এই অভিলেখ গঢ়িে । এতিয়া হৰ্ষিত ৰানা তিনিওটা ফৰ্মেটতে (টেষ্ট, এদিনীয়া, টি-২০) অভিষেক ঘটাই প্ৰথম ইনিংছত ৩ বা তাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে হৰ্ষিতে টেষ্ট আৰু টি-২০ত অভিষেক ঘটাইছিল ।

টেষ্ট যোগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাই হৰ্ষিতে

হৰ্ষিতে যোৱা বছৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থ টেষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায় । এই মেচখন ২০২৪ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হৈছিল, য’ত হৰ্ষিতে এই প্ৰথম টেষ্ট মেচখনৰ প্ৰথম ইনিংছত ৪৮ ৰানত ৩টা উইকেট দখল কৰিছিল । আনহাতে দ্বিতীয় ইনিংছত তেওঁ ৬৯ ৰানত ১ উইকেট দখল কৰে ।

ইয়াৰ পিছত এইবাৰ টি-২০ ক্ৰিকেটত অভিষেক ঘটাই হৰ্ষিতে । ২০২৫ চনৰ ৩১ জানুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত তেওঁ ৩৩ ৰানত ৩টা উইকেট দখল কৰে । এতিয়া এদিনীয়া ক্ৰিকেটত অভিষেক ঘটোৱা এসপ্তাহৰ ভিতৰতে তেওঁ নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

আন্তঃৰাষ্ট্ৰীয় অভিষেকত হৰ্ষিতৰ অভিষেক-

টেষ্ট : ৩/৪৮ বনাম অষ্ট্ৰেলিয়া, পাৰ্থ

টি-২০ : ৩/৩৩ বনাম ইংলেণ্ড, পুনে

এদিনীয়াঃ ৩/৫৩ বনাম ইংলেণ্ড, নাগপুৰ

নাগপুৰ এদিনীয়াত ৩টা উইকেট দখল কৰে হৰ্ষিতে-

নাগপুৰ এদিনীয়াত ইংলেণ্ড দলে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ইয়াৰ পিছত সমগ্ৰ দলটো ৪৭.৪ অভাৰত ২৪৮ ৰান সংগ্ৰহ কৰি আউট হয় । এই খেলখনত হৰ্ষিত ৰাণাই ৭ অভাৰ বলিং কৰি ৫৩ ৰানত ৩টা উইকেট দখল কৰে । ইয়াৰ সময়ত তেওঁ এক অভাৰ মেডেনো কৰিছিল ।

ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতৰ এদিনীয়া দলে…যোৱা বছৰ জয়ী হোৱা নাছিল এখনো মেচত, গঢ়িছিল এই ৩ টা লজ্জাজনক অভিলেখ

ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে এতিয়া পৰৱৰ্তী অভিযানৰ বাবে সাজু হৈছে । ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে ৩খনীয়া মেচৰ এদিনীয়া শৃংখলা খেলিব লাগিব টিম ইণ্ডিয়াই । যাৰ প্ৰথমখন খেল ৬ ফেব্ৰুৱাৰীত নাগপুৰত অনুষ্ঠিত হ’ব । এয়া ভাৰতীয় দলৰ বছৰটোৰ প্ৰথম এদিনীয়া শৃংখলা ।

কিন্তু যোৱা বছৰ এদিনীয়াত টিম ইণ্ডিয়াৰ প্ৰদৰ্শন শোচনীয় আছিল । যোৱা বছৰ অৰ্থাৎ ২০২৪ চনত ভাৰতীয় দলটোৱে এখনো এদিনীয়া মেচত জয়ী হোৱা নাছিল । ইয়াৰ লগতে যোৱা বছৰ এদিনীয়া খেলত ভাৰতীয় দলটোৱে এনে ৩টা লজ্জাজনক অভিলেখ গঢ়িছিল, যিবোৰ পাহৰিব নোৱাৰি ।

২০২৪ চনৰ একমাত্ৰ এদিনীয়া শৃংখলা শ্ৰীলংকা ভ্ৰমণত অনুষ্ঠিত হৈছিল-

২০২৪ চনৰ জুলাই মাহত গৌতম গম্ভীৰে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল । তাৰ পিছত তেওঁৰ প্ৰথম ছিৰিজ আছিল শ্ৰীলংকাৰ বিৰুদ্ধে । ২০২৪ চনৰ জুলাই মাহত দলটোৱে শ্ৰীলংকা ভ্ৰমণ কৰিছিল । য’ত দলে ৩ খন টি২০ আৰু ৩ খনীয়া মেচৰ এদিনীয়া শৃংখলা খেলিছিল । সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে টি-২০ শৃংখলাত ৩-০ ব্যৱধানত জয়লাভ কৰে ।

আনহাতে এদিনীয়া শৃংখলাত ২-০ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতীয় দল । বিশেষ কথাটো হ’ল এইবাৰ এইখনেই আছিল একমাত্ৰ এদিনীয়া শৃংখলা য’ত ভাৰতীয় দলটো পৰাস্ত হৈছিল । ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে এদিনীয়া ইতিহাসত তিনিটা লজ্জাজনক অভিলেখ সৃষ্টি কৰে ।

শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ৩টা অভিলেখ

– ২৭ বছৰৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিপাক্ষিক এদিনীয়া শৃংখলাত পৰাস্ত হয় ভাৰতীয় দল । ইয়াৰ পূৰ্বে ১৯৯৭ চনৰ আগষ্ট মাহত ভাৰতীয় দল পৰাস্ত হৈছিল ।

– প্ৰথমবাৰৰ বাবে ৩ খনীয়া মেচৰ এদিনীয়া শৃংখলাত ৩০ টা উইকেটৰ আটাইকেইটা হেৰুৱাইছিল, অৰ্থাৎ শ্ৰীলংকাৰ বিৰুদ্ধে তিনিওখন এদিনীয়াত ভাৰতীয় দল অল আউট হৈছিল ।

– ৪৫ বছৰৰ পাছত ভাৰতীয় দলটোৱে এটাও কেলেণ্ডাৰ বছৰত এখনো এদিনীয়া খেলত জয়ী হ’ব পৰা নাছিল । এই বছৰটোত দলটোৱে মাত্ৰ ৩ খন এদিনীয়া খেলিছিল, ইয়াৰে ২ খনত পৰাস্ত হৈছিল আৰু এখন টাই হৈছিল ।

চেম্পিয়নছ ট্ৰফীৰ বাবে প্ৰস্তুতি পৰীক্ষা কৰাৰ সুযোগ-

এতিয়া ভাৰতীয় দলটোৱে যোৱা বছৰৰ লজ্জাজনক প্ৰদৰ্শন পাহৰি নতুন আৰম্ভণি কৰিব । এই এদিনীয়া শৃংখলা অধিনায়ক ৰোহিত শৰ্মাৰ বাবে অতি বিশেষ হ’ব কাৰণ এই মাহৰ পৰা চেম্পিয়নছ ট্ৰফী ২০২৫  অনুষ্ঠিত হ’ব । এনে পৰিস্থিতিত এই এদিনীয়া শৃংখলাত দলটোৰ প্ৰস্তুতি পৰীক্ষা কৰাৰ এক সোণালী সুযোগ আহিব ।

ভাৰত আৰু ইংলেণ্ডৰ মাজত এদিনীয়া শৃংখলাৰ সূচী-

১ম এদিনীয়া- ৬ ফেব্ৰুৱাৰী- নাগপুৰ

২য় এদিনীয়া – ৯ ফেব্ৰুৱাৰী – কটক

৩য় এদিনীয়া – ১২ ফেব্ৰুৱাৰী – আহমেদাবাদ

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল :

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (সহ-অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, যশস্বী জয়ছোৱাল, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ ছামী, অৰ্শদীপ সিং, ৱাশ্বিংটন সুন্দৰ, হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তী ।