১৭টা ছিজন, ৮জন অধিনায়ক… এতিয়ালৈকে এইসকল অধিনায়কে তুলিছে আই পি এল ট্ৰফী

২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ১৮ সংখ্যক ছিজন । কলকাতাৰ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ । এই পৰ্যন্ত আই পি এলৰ ১৭টা ছিজনত ৮জন অধিনায়কে ট্ৰফী তুলি লোৱাৰ সুযোগ লাভ কৰিছে । ইয়াৰ ভিতৰত মহেন্দ্ৰ সিং ধোনী আৰু ৰোহিত শৰ্মা শীৰ্ষত আছে । দুয়োজনে সৰ্বাধিক ৫টাকৈ খিতাপ দখল কৰিছে । জানক এতিয়ালৈকে আই পি এল জয় কৰা অধিনায়কসকলৰ বিষয়ে…

মহেন্দ্ৰ সিং ধোনী-

আই পি এলৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী হৈছে সৰ্বাধিক ট্ৰফী জয় কৰা খেলুৱৈ । তেওঁ ৫ বাৰ চেন্নাই ছুপাৰ কিংছক চেম্পিয়ন কৰি তুলিছে । ইয়াৰ উপৰিও তেওঁৰ দলটোৱে ৫ বাৰ ৰানাৰ্ছ আপো লাভ কৰিছে । ২০১০, ২০১১, ২০১৮, ২০২১ আৰু ২০২৩ চনত ধোনীৰ দল চেম্পিয়ন হৈছিল । তেওঁৰ অধিনায়কত্বত ২০০৮, ২০১২, ২০১৩, ২০১৫ আৰু ২০১৯ চনত চেন্নাই দলটো ফাইনেলত পৰাস্ত হৈছিল ।

ৰোহিত শৰ্মা-

মুম্বাই ইণ্ডিয়ানছৰ কিংবদন্তি ৰোহিত শৰ্মায়ো ৫টা আই পি এল খিতাপ দখল কৰিছে । ৰোহিতৰ অধিনায়কত্বত ২০১৩, ২০১৫, ২০১৭, ২০১৯ আৰু ২০২৩ চনত মুম্বাই দলটোৱে খিতাপ দখল কৰিছে । এতিয়া ৰোহিতৰ ঠাইত হাৰ্দিক পাণ্ডিয়া দলৰ অধিনায়ক ।

গৌতম গম্ভীৰ-

ধোনী আৰু ৰোহিতৰ পিছত গৌতম গম্ভীৰ আই পি এলৰ সফল অধিনায়ক । তেওঁ দুবাৰকৈ কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন কৰি তুলিছে । তেওঁৰ অধিনায়কত্বত ২০১২ আৰু ২০১৪ চনত দলটোৱে খিতাপ দখল কৰে ।

শ্বেন ৱাৰ্ণ-

আই পি এলৰ প্ৰথম ছিজনত ৰাজস্থান ৰয়েলছৰ অধিনায়ক আছিল শ্বেন ৱাৰ্ণ । দুৰ্বল বুলি গণ্য কৰা ৰাজস্থান দলটোক তেওঁ ফাইনেললৈ লৈ যায় আৰু তাৰ পিছত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে জয় লাভ কৰে । ইয়াৰ পিছত ৰাজস্থানে দ্বিতীয়টো খিতাপৰ বাবে অপেক্ষা কৰি আছে ।

আডাম গীলখ্ৰীষ্ট-

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন কিংবদন্তি আডাম গিলখ্ৰীষ্টেও আই পি এলৰ খিতাপ দখল কৰাৰ সুযোগ লাভ কৰিছে । ২০০৯ চনত তেওঁ ডেকান চাৰ্জাৰ্ছক চেম্পিয়ন হিচাপে গঢ়ি তুলিছিল । ফাইনেলত ডেক্কানে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুক পৰাস্ত কৰিছিল । এই দলটো ২০১২ চনত ভংগ হয় ।

ডেভিদ ৱাৰ্নাৰ-

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ডেভিদ ৱাৰ্নাৰে ২০১৬ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদক চেম্পিয়ন কৰি তুলিছিল । তেওঁ দলটোৰ অধিনায়ক আছিল । ফাইনেলত ছানৰাইজাৰ্ছে বিৰাট কোহলী নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুক পৰাস্ত কৰিছিল ।

হাৰ্দিক পাণ্ডিয়া-

মুম্বাই ইণ্ডিয়ানছৰ পৰা ২০২২ চনত গুজৰাট টাইটানছ দলত যোগদান কৰিছিল হাৰ্দিক পাণ্ডিয়াই । এই ছিজনত গুজৰাটৰ লগতে লক্ষ্ণৌ ছুপাৰ জায়েন্টেও প্ৰথমবাৰৰ বাবে আই পি এল খেলাৰ সুযোগ লাভ কৰে । হাৰ্দিকে গুজৰাট টাইটানছক প্ৰথম ছিজনতে চেম্পিয়ন কৰি তুলিছিল । তেওঁৰ অধিনায়কত্বত ২০২৩ চনত গুজৰাটে ফাইনেলতো প্ৰৱেশ কৰিছিল যদিও চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । ২০২৩ চনৰ শেষৰ ফালে গুজৰাট এৰি হাৰ্দিকে মুম্বাই ইণ্ডিয়ানছ দললৈ উভতি আহে । তেওঁ এতিয়া মুম্বাইৰ অধিনায়ক ।

শ্ৰেয়াছ আয়াৰ-

ভাৰতৰ তাৰকা খেলুৱৈ শ্ৰেয়াছ আয়াৰে ২০২৪ চনত কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন কৰি তুলিছিল । প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰাৰ সুযোগ লাভ কৰে তেওঁ । ফাইনেলত কলকাতাই ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰে । এতিয়া পঞ্জাৱ কিংছ দলত যোগদান কৰিছে আয়াৰে ।

পুনৰ WPL চেম্পিয়ন হ’ল মুম্বাই ইণ্ডিয়ানছ…ছিন্নভিন্ন হৈ পৰিল দিল্লীৰ সপোন, একেৰাহে তৃতীয়বাৰৰ বাবে ফাইনেলত পৰাস্ত

উজ্জ্বল প্ৰদৰ্শনেৰে মহিলা প্ৰিমিয়াৰ লীগ (WPL) ২০২৫ত জয়লাভ কৰিবলৈ সক্ষম হৈছে মুম্বাই ইণ্ডিয়ানছ । ১৫ মাৰ্চত (দেওবাৰে) ব্ৰাবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ৮ ৰানত পৰাস্ত কৰে । ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক জয়ী হ’বলৈ ১৫০ ৰানৰ লক্ষ্য বান্ধি দিছিল যদিও দলটোৱে ৯ উইকেটত মাত্ৰ ১৪১ ৰানহে কৰিবলৈ সক্ষম হয় ।

হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে দ্বিতীয়বাৰৰ বাবে WPL খিতাপ দখল কৰিছে । ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হোৱা ডব্লিউ পি এলৰ প্ৰথম ছিজনতো জয়ী হৈছিল দলটো । আনহাতে, দিল্লী কেপিটেলছৰ দল একেৰাহে তৃতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত পৰাস্ত হৈছে । উল্লেখ্য যে WPLৰ দ্বিতীয় ছিজনত দিল্লী কেপিটেলছক পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB)য়ে জয়লাভ কৰিছিল ।

চূড়ান্ত খেলখনত লক্ষ্য খেদি যোৱাৰ সময়তে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাইছিল দিল্লী কেপিটেলছে । এটা সময়ত দিল্লী কেপিটেলছৰ স্ক’ৰ ৬ উইকেটৰ বিনিময়ত ৮৩ ৰান আছিল আৰু তেওঁলোকে ডাঙৰ পৰাজয়ৰ দিশে আগবাঢ়িছিল । কিন্তু দক্ষিণ আফ্ৰিকাৰ অল ৰাউণ্ডাৰ মাৰিজান কেপে ধুমুহাময় ইনিংছ খেলি মেচখনক এক ৰোমাঞ্চকৰ ৰূপলৈ লৈ যায় । অৱশ্যে ১৮ নং অভাৰত হেলি মেথিউছে কেপক আউট কৰি দিল্লীৰ আশাত চেঁচা পানী ঢালে ।

কেপে ৫টা চাৰি আৰু ২টা ৬ৰ সহায়ত ২৬টা বলত ৪০ ৰান সংগ্ৰহ কৰে । কেপৰ বাহিৰেও জেমিমা ৰড্ৰিগেছে ৩০ ৰান আৰু নিকি প্ৰসাদে ২৫ ৰানত অপৰাজিত হৈ থাকে । মুম্বাই ইণ্ডিয়ানছৰ হৈ নেট স্কাইভাৰ-ব্ৰাণ্টে সৰ্বাধিক তিনিটা উইকেট দখল কৰে । আনহাতে আমেলিয়া কেৰে দুটা সফলতা লাভ কৰে । ছাইকা ইছাক, হেলি মেথিউছ আৰু শ্বাবনিম ইছমাইলেও এটাকৈ সফলতা লাভ কৰে ।

শক্তিশালী ইনিংছ খেলে এম আইৰ অধিনায়ক হৰমনপ্ৰীতে-

ইয়াৰ পূৰ্বে টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত মুম্বাই ইণ্ডিয়ানছে ৭ উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্ৰহ কৰে । অধিনায়ক হৰমনপ্ৰীত কৌৰে ৪৪টা বলত ৬৬ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলে য’ত ৯টা চাৰি আৰু ২টা ছয় আছিল । একে সময়তে ইংলেণ্ডৰ অল-ৰাউণ্ডাৰ নেট স্কাইভাৰ-ব্ৰাণ্টে চাৰিটা চাৰিৰ সহায়ত ২৮টা বলত ৩০ ৰানৰ বৰঙণি আগবঢ়ায় । দিল্লী কেপিটেলছৰ হৈ জেছ জ’নাচেন, মাৰিজান কেপ আৰু নাল্লাপুৰেডী চৰণীয়ে দুটাকৈ উইকেট দখল কৰে । ইফালে এনাবেল চাথাৰলেণ্ডে সফলতা লাভ কৰে ।

আই পি এল ২০২৫ত কোনটো দলৰ আছে আটাইতকৈ বিপদজনক অ’পেনাৰ ?  জানক ১০ টা দলৰ তালিকা…

২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫, মুঠ ১০ টা দলে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত । প্ৰায় ২ মাহ ধৰি চলিবলগীয়া এই ইভেণ্টত মুঠ ৭৪খন মেচ অনুষ্ঠিত হ’ব । দহটা দলৰ আটাইকেইটাৰ দল আৰু অধিনায়কৰ নামো প্রকাশ কৰা হৈছে ৷ চেন্নাই আৰু মুম্বাই ইণ্জিয়ানছৰ দৰে ডাঙৰ দলবোৰ এইবাৰো পূৰ্বৰ দৰেই অতি শক্তিশালী দেখা গৈছে । একে সময়তে অক্ষৰ পেটেলৰ অধিনায়কত্বত থকা দিল্লী কেপিটেলছেও এইবাৰ অতি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সৈজু হৈছে ।

দলৰ সংমিশ্ৰণ যিমানেই শক্তিশালী নহওক কিয়, প্ৰথমে বেটিং বা লক্ষ্য অনুসৰণ কৰাৰ সময়ত, এটা দলৰ জয়ৰ ভেটি স্থাপন কৰে অ’পেনিং বেটছমেনসকলে । ইয়াত জানি লওক আই পি এল ২০২৫ত কোনটো দলৰ অপেনিং যুটী আটাইতকৈ শক্তিশালী দেখা গৈছে ।

চেন্নাই ছুপাৰ কিংছ – ঋতুৰাজ গাইকোৱাদ আৰু ডেভন কনৱেঃ

ডেভন কনৱেই আই পি এল ২০২৪ত খেলিব পৰা নাছিল, কিন্তু তাৰ এটা ছিজন পূৰ্বে অৰ্থাৎ আই পি এল ২০২৩ত তেওঁ ঋতুৰাজ গাইকোৱাদৰ সৈতে চি এছ কেক খিতাপ জয়ৰ দিশত আগুৱাই লৈ যায় । গাইকোৱাদ আৰু কনৱেই একেলগে ২০২৩ চনত ১২৬২ ৰান সংগ্ৰহ কৰিছিল । দুয়োজনৰে গড়ে ৫০ জনতকৈ অধিক ৰান আছিল । এই মাৰাত্মক যুটীটোৱে পুনৰ এবাৰ চি এছ কেৰ বাবে অপেনিং কৰা দেখা যাব ।

ছানৰাইজাৰ্ছ হায়দৰাবাদ – ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাঃ

কোনে পাহৰিব পাৰে আই পি এল ২০২৪ৰ সেই ধুমুহাময় ইনিংছবোৰ, যেতিয়া ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই একেলগে বিপক্ষৰ বলাৰক নিৰ্দয় প্ৰহাৰ কৰিছিল । যোৱা ছিজনত এই যুটীৰ বলতে এছ আৰ এইচে আই পি এলৰ ইতিহাসত দুটাকৈ সৰ্বাধিক স্ক’ৰ লাভ কৰিছিল ।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু – বিৰাট কোহলী আৰু ফিল ছল্টঃ

বিৰাট কোহলীয়ে ৭৪১ ৰান সংগ্ৰহ কৰি আই পি এল ২০২৪ৰ অৰেঞ্জ কেপ লাভ কৰে । এতিয়া তেওঁ আৰ চি বিত ইংলেণ্ডৰ ডেছিং অ’পেনাৰ ফিল ছল্টৰ সমৰ্থন লাভ কৰিব । বিৰাটৰ আই পি এলৰ পৰিসংখ্যা আচৰিত হোৱাৰ বিপৰীতে আনটো মূৰৰ পৰা আই পি এল ২০২৪ত ১৮২ ৰান ষ্ট্ৰাইক ৰেট বজাই ৰাখি এইবাৰ ছল্টে বলাৰক ব্যতিব্যস্ত কৰিব পাৰে ।

গুজৰাট টাইটানছ – শুভমন গীল আৰু জোছ বাটলাৰঃ

দুয়োজন আন্তঃৰাষ্ট্ৰীয় তাৰকা, বলাৰক বহুত ভালকৈ পঢ়িব জানে । আই পি এলৰ এটা ছিজনত ৮০০ৰো অধিক ৰান সংগ্ৰহ কৰা চাৰিজন নিৰ্বাচিত খেলুৱৈৰ ভিতৰত গীলৰ নাম অন্তৰ্ভুক্ত হৈছে । যদিহে জোছ বাটলাৰে তেওঁৰ সৈতে আৰম্ভণি কৰে আৰু দুয়োজন খেলুৱৈয়ে ফৰ্মত থাকে, তেন্তে গুজৰাট জায়েণ্টছক আই পি এল ২০২৫ত ফাইনেলৰ বাবে ডাঙৰ প্ৰতিদ্বন্দ্বী বুলি কোৱাটো ভুল নহ’ব ।

মুম্বাই ইণ্ডিয়ানছ – ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেলটন/উইল জেকছঃ

মুম্বাই ইণ্ডিয়ানছৰ ইনিংছ মুকলিৰ ক্ষেত্ৰত ৰোহিত শৰ্মাৰ অভিজ্ঞতা আছে । শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ ৰিয়ান ৰিকেলটনে বগা বল ক্ৰিকেটত নতুন উচ্চতা লাভ কৰিবলৈ সক্ষম হৈছে । ৰিকেলটনৰ উপৰিও উইল জেকছো অ’পেনিং বেটিঙৰ বাবে উন্নত বিকল্প হ’ব পাৰে । ২০২৪ চনৰ আই পি এলত আৰ চি বিৰ হৈ খেলি থকাৰ সময়ত তেওঁ ১৭৫ ষ্ট্ৰাইক ৰেটত ২৩০ ৰান সংগ্ৰহ কৰে ।

কলকাতা নাইট ৰাইডাৰ্ছ – অজিংক্য ৰাহানে/সুনিল নাৰিনে আৰু কুইণ্টন ডি ককঃ

কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক অজিংক্য ৰাহানে দক্ষিণ আফ্ৰিকাৰ বিস্ফোৰক বেটছমেন কুইণ্টন ডি ককৰ সৈতে অইপেনিঙৰ দায়িত্ব ল’ব পাৰে । কিন্তু নিয়মিতভাৱে দলটোক বিস্ফোৰক আৰম্ভণি দি অহা সুনীল নাৰিনেও অ’পেনিঙৰ বাবে এক উন্নত বিকল্প বুলি প্ৰমাণ কৰিব পাৰে ।

ৰাজস্থান ৰয়েলছ – সঞ্জু চেমছন আৰু যশস্বী জয়ছোৱালঃ

অধিনায়ক সঞ্জু চেমছন আৰু যশস্বী জয়ছোৱালক ৰাজস্থান ৰয়েলছ দলৰ আটাইতকৈ শক্তিশালী যুটী বুলি ক’ব পাৰি । যোৱা ছিজনত দুয়োজনে একেলগে ৯৬৬ ৰান সংগ্ৰহ কৰিছিল, দুয়োৰে ফৰ্ম ভাল আৰু অপেনিঙৰ বহু অভিজ্ঞতা আছে ।

দিল্লী কেপিটেলছ – ফাফ ডু প্লেছিছ আৰু জেক ফ্ৰেজাৰ মেকগাৰ্কঃ

অষ্ট্ৰেলিয়াৰ যুৱ আৰু শক্তিশালী খেলুৱৈ জেক ফ্ৰেজাৰ মেকগাৰ্কে যোৱা ছিজনত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল । যোৱা বছৰ তেওঁ আই পি এলত ২৩৪ ৰান ষ্ট্ৰাইক ৰেটত ৩৩০ ৰান সংগ্ৰহ কৰিছিল । তেওঁৰ লগতে ফাফ ডু প্লেছিছৰ অভিজ্ঞতা আৰু তেওঁৰ আগ্ৰাসী বেটিং দিল্লীৰ বাবে ট্ৰাম্প কাৰ্ড বুলি প্ৰমাণিত হ’ব পাৰে ।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ – এইডেন মাক্ৰাম আৰু মিচেল মাৰ্ছঃ

এল এছ জিৰ দলত নিকোলাছ পুৰাণ, ঋষভ পন্ট আৰু ডেভিদ মিলাৰৰ দৰে শক্তিশালী বেটছমেন আছে । কিন্তু প্ৰশ্ন হয় কোনে অপেনিং কৰিব ? এইডেন মাৰ্ক্ৰাম আৰু মিচেল মাৰ্ছক দলটোৰ সম্ভাৱ্য অপেনিং যুটি হিচাপে দেখা গৈছে । এল এছ জি মুকলিৰ ক্ষেত্ৰত দুৰ্বল যেন লাগে কাৰণ মাৰ্ক্ৰাম আৰু মাৰ্ছে সাধাৰণতে তিনি নম্বৰ বা তাতকৈ তলত বেটিং কৰে ।

পঞ্জাব কিংছ – জোছ ইংলিছ আৰু প্ৰভসিমৰণ সিং

বৰ্তমান চেম্পিয়নছ ট্ৰফী ২০২৫ত ইংলেণ্ডৰ বিৰুদ্ধে ১২০ ৰানৰ উজ্জ্বল ইনিংছ খেলি আহিছে জোছ ইংলিছ । একে সময়তে প্ৰভসিমৰন সিঙো দীৰ্ঘদিন ধৰি পঞ্জাৱ কিংছৰ সৈতে জড়িত হৈ আছে । কিন্তু দুয়োৰে টি-২০ ষ্টেটাছ বৰ ভাল নহয়, আনহাতে টি-২০ মেচত ইংলিছৰ অভিজ্ঞতাৰ অভাৱ পঞ্জাৱৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে ।

জিলিকিল কুলদীপ-জাডেজা… আই চি চিৰ ৰেংকিঙত হিটমেন ৰোহিতৰ লাভ, পিছ পৰিল কোহলী

পাকিস্তানে আয়োজন কৰা আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দল আৰু খেলুৱৈসকলে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াইছিল । ৯ মাৰ্চত ডুবাইত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতীয় দলটোৱে নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰে । ইয়াৰ পিছত এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বুধবাৰে (১২ মাৰ্চ) খেলুৱৈৰ শেহতীয়া ৰেংকিং প্ৰকাশ কৰিছে ।

ভাৰতীয় দলৰ তাৰকা স্পীনাৰ কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাডেজাই আই চি চিৰ এদিনীয়া বলিং ৰেংকিঙত আলোড়নৰ সৃষ্টি কৰিছে । চেম্পিয়নছ ট্ৰফীত দুয়োজনে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল, যাৰ বাবে তেওঁলোক লাভান্বিত হৈছে ।

বলিং ৰেংকিঙৰ শীৰ্ষ দহটা স্থানত স্থান লাভ জাডেজাৰ-

কুলদীপ আৰু জাডেজাই ৩টাকৈ স্থান আগবাঢ়িছে । কুলদীপে তৃতীয় স্থান দখল কৰিছে । আনহাতে জাডেজাই শীৰ্ষ দহৰ ভিতৰত প্ৰৱেশ কৰিছে । এতিয়া তেওঁ ১০ নম্বৰত উপনীত হৈছে । শীৰ্ষ দহজন বলাৰৰ ভিতৰত আছে এই দুজন ভাৰতীয় । আনহাতে শ্ৰীলংকাৰ মহীশ তীক্ষ্ণনা শীৰ্ষত আছে ।

এতিয়াও শীৰ্ষস্থান দখল কৰি আছে শুভমন গীলে-

আনহাতে, এদিনীয়া বেটিং ৰেংকিঙত শীৰ্ষত আছে ভাৰতীয় অ’পেনাৰ শুভমন গীল । দ্বিতীয় স্থানত আছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰ আজম । অৱশ্যে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই দুটা স্থান আগবাঢ়িছে । তেওঁ এতিয়া তৃতীয় স্থানত উপনীত হৈছে ।

আনহাতে বিৰাট কোহলীয়ে এটা স্থান অৱনমিত হৈছে । এতিয়া তেওঁ পঞ্চন স্থান লাভ কৰিছে । এদিনীয়া বেটিং ৰেংকিঙৰ শীৰ্ষ দহটা স্থানত আছে মাত্ৰ চাৰিজন ভাৰতীয় । গীল, কোহলী আৰু ৰোহিতৰ বাহিৰেও চতুৰ্থ ভাৰতীয় খেলুৱৈ হৈছে অষ্টম স্থানত থকা শ্ৰেয়াছ আয়াৰ ।

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী নিউজীলেণ্ডৰ ৰচিন ৰবিন্দ্ৰই চতুৰ্দশ স্থান লাভ কৰিছে । এতিয়া তেওঁ এদিনীয়া বেটিং ৰেংকিঙত ১৪ নম্বৰ স্থান দখল কৰিছে । ফাইনেলত ভাৰতৰ হাতত পৰাস্ত হোৱা কিৱি দলৰ ডেৰিল মিচেল শীৰ্ষ দহৰ ভিতৰত থকা একমাত্ৰ বেটছমেন । এটা পজিচন জপিয়াই ষষ্ঠ স্থানত উপনীত হৈছে তেওঁ ।

কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব আই পি এলৰ উদ্বোধনী অনুষ্ঠান… জানি লওক সকলো

২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক সংস্কৰণ । আই পি এলৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (কে কে আৰ বনাম আৰ চি বি)ৰ মাজত অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে এক বৃহৎ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হ’ব । জানক আই পি এলৰ উদ্বোধনী অনুষ্ঠানৰ তাৰিখ, সময় আদিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য । উল্লেখ্য যে ইয়াৰ টিকট বিক্ৰীও ইতিমধ্যে আৰম্ভ হৈছে ।


ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে আই পি এল ২০২৫ৰ প্ৰথমখন মেচ আৰ চি বিৰ বিৰুদ্ধে খেলিব । ২২ মাৰ্চত সন্ধিয়া ৭:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব আই পি এলৰ এই প্ৰথমখন খেল । ৭ বজাত অনুষ্ঠিত হ’ব টছ । এইবাৰ আৰ চি বিয়ে অধিনায়কৰ পদ অৰ্পণ কৰিছে ৰজত পাটিদাৰক । আনহাতে কে কে আৰৰ কমাণ্ড জ্যেষ্ঠ খেলুৱৈ অজিংক্য ৰাহানেৰ হাতত । এই খেলখনৰ পূৰ্বে ইয়াত এক বৃহৎ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হ’ব ।

আই পি এল ২০২৫ উদ্বোধনী অনুষ্ঠানৰ স্থান-

কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠান ।

আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠানৰ সময়-

সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব আই পি এলৰ প্ৰথমখন খেল, সন্ধিয়া ৭ বজাত টছ হ’ব । ইয়াৰ পূৰ্বে সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব আই পি এলৰ উদ্বোধনী অনুষ্ঠান ।

আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠানৰ কণ্ঠশিল্পী-

আই পি এলৰ উদ্বোধনী অনুষ্ঠানত বলীউডৰ বিখ্যাত তাৰকাসকলে প্ৰদৰ্শন কৰিব । কিন্তু এই অনুষ্ঠানত কোন শিল্পীয়ে কণ্ঠদান কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠানৰ টিকট-

কলকাতাৰ ইডেন গাৰ্ডেনত কে কে আৰ বনাম আৰ চি বি খেলৰ পূৰ্বে আই পি এলৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব । এই মেচখনৰ টিকট মুকলি অনুষ্ঠানৰো টিকট হ’ব । এই খেলখনৰ টিকট অনলাইনত বিক্ৰীৰ বাবে উপলব্ধ হৈছে । অনুৰাগীয়ে BookMyShow ত টিকট বুকিং কৰিব পাৰিব । এই খবৰ লিখাৰ সময়ত উপলব্ধ নূন্যতম টিকট আছিল ৩৫০০ টকা ।

মুঠ ১০টা দলৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫-

চেন্নাই ছুপাৰ কিংছ, দিল্লী কেপিটেলছ, গুজৰাট টাইটানছ, কলকাতা নাইট ৰাইডাৰ্ছ, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ, মুম্বাই ইণ্ডিয়ানছ, পঞ্জাব কিংছ, ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, ছানৰাইজাৰ্ছ হায়দৰাবাদ ২০২৫ চনৰ আই পি এলত খেলা ১০টা দল ।

২০২৩ৰ পৰা আই চি চি প্ৰতিযোগিতাত ভাৰতৰ আধিপত্য, ২৪খন খেলৰ ২৩খনত জয়লাভ…দুটাকৈ খিতাপ দখল

ৰোহিত শৰ্মাৰ নেতৃত্বত ২০২৩ চনৰ পৰা ভাৰতীয় দলটোৱে আই চি চি প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰি আহিছে । ২০২৩ চনৰ অক্টোবৰৰ পৰা ২০২৫ চনৰ মাৰ্চ মাহলৈকে ভাৰতে মুঠ ২৪খন মেচ খেলিছে, ইয়াৰে ২৩খন খেলত জয়ী হৈছে ভাৰত । ভাৰতীয় দলটোৱে আই চি চিৰ বিগত তিনিখন সীমিত অভাৰৰ প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হ’লেও তাৰ পিছত একেৰাহে দুটা খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলে ।

শেহতীয়াকৈ ভাৰতে নিউজীলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছে । এয়া ভাৰতৰ সপ্তমটো আই চি চি ট্ৰফী । ইয়াৰ পূৰ্বে দলটোৱে ১৯৮৩ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপ, ২০০৭ আৰু ২০২৪ চনৰ টি-২০ বিশ্বকাপ আৰু ২০০২, ২০১৩ আৰু ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছিল । এই সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰত অপৰাজিত হৈ থাকে । একেৰাহে পাঁচখন মেচত জয়লাভ কৰি ভাৰতে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে ।

অপৰাজিত হৈ থাকি দুয়োটা খিতাপ জয় কৰে-

শেহতীয়াকৈ আই চি চি প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে যিদৰে প্ৰদৰ্শন কৰিছে, সেইদৰে ই আই চি চি প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰা কেইটামান দলৰ ভিতৰত অন্যতম হৈ পৰিছে । ভাৰতৰ এই বিজয়ৰ কাহিনী আৰম্ভ হয় ২০২৩ চনৰ অক্টোবৰ মাহত যেতিয়া দলটোৱে ঘৰুৱা খেলপথাৰত এদিনীয়া বিশ্বকাপত অংশ লয় । এদিনীয়া বিশ্বকাপৰ খেলখন ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হৈছিল আৰু ১০টা দলেই এবাৰ ইজনে সিজনৰ বিৰুদ্ধে খেলিছিল । গ্ৰুপ পৰ্যায়ৰ ৯খন খেলৰ আটাইকেইখন খেলত জয়লাভ কৰি তাৰ পাছত ছেমি ফাইনেলত জয়লাভ কৰি দলটো একেৰাহে ১০ খন মেচত জয়ৰ দিশে আগুৱাই যায় আৰু ফাইনেলত প্ৰৱেশ কৰে । কিন্তু খিতাপৰ মেচখনত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ লগতে বিজয়ী অভিযান স্তব্ধ হৈ পৰে ভাৰতৰ ।

এই পৰাজয়ৰ বাবে ভাৰত বহু ক্ষতিগ্ৰস্ত হৈছিল কাৰণ দলটোৱে ২০১১ চনৰ পিছত পুনৰবাৰ বিশ্ব চেম্পিয়ন হোৱাৰ অতি ওচৰ চাপিছিল । ইয়াৰ সাত মাহৰ পাছত ২০২৪ চনৰ জুন মাহত ভাৰতে ৰোহিতৰ অধিনায়কত্বত টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজলৈ যায় । তাতো ভাৰতৰ প্ৰদৰ্শন এদিনীয়া বিশ্বকাপৰ দৰেই উৎকৃষ্ট আছিল আৰু দলটো অপৰাজিত হৈ থাকি জয়ী হৈছিল । এইদৰে ভাৰতে খিতাপৰ খৰাং শেষ কৰিলে । ইয়াৰ পিছত দলটোৱে চেম্পিয়নছ ট্ৰফীতো এই গতি বজাই ৰাখি প্ৰায় আঠ মাহৰ ভিতৰত একেৰাহে দ্বিতীয়বাৰৰ বাবে আই চি চি খিতাপ দখল কৰে ।

চেম্পিয়নছ ট্ৰফীৰ দল ঘোষণা আই চি চিৰ…স্থান নাপালে আয়োজক পাকিস্তানকে ধৰি ৫টা দলৰ খেলুৱৈয়ে

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত ভাৰতীয় দলটোৱে নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে । এই খেলখন ৯ মাৰ্চত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল । ইয়াৰ মাত্ৰ এদিন পিছতে আই চি চিয়ে ঘোষণা কৰিছে চেম্পিয়নছ ট্ৰফীৰ ১২ জনীয়া দল ।

ইয়াত বহুতো আচৰিত ধৰণৰ সিদ্ধান্ত লোৱা হৈছে । চেম্পিয়ন ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাক দলত স্থান দিয়া নহ’ল । আনহাতে আয়োজক দল পাকিস্তানৰ কোনো খেলুৱৈক অন্তৰ্ভুক্ত কৰা হোৱা নাই । এই প্ৰতিযোগিতাত ৮টা দলে অংশগ্ৰহণ কৰিছিল, ইয়াৰে ১২ জনীয়া দলটো মাত্ৰ ৩টা দলৰ পৰা নিৰ্বাচিত হৈছে ।

ভাৰতৰ ৬ গৰাকী খেলুৱৈক দলত অন্তৰ্ভুক্ত-

এই তিনিখন দেশ হ’ল ভাৰত, নিউজীলেণ্ড আৰু আফগানিস্তান । ভাৰতীয় দলৰ ৬ গৰাকী খেলুৱৈয়ে এই চেম্পিয়নছ ট্ৰফীৰ দলত স্থান লাভ কৰিছে । এই খেলুৱৈসকল হৈছে বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), মহম্মদ ছামী, বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেল ।

ইয়াৰ উপৰিও ৰানাৰ্ছ আপ নিউজীলেণ্ড দলৰ ৪ জন খেলুৱৈয়ে দলত স্থান লাভ কৰিছে । এই খেলুৱৈসকল হ’ল ৰাচিন ৰবীন্দ্ৰ, গ্লেন ফিলিপছ, মিচেল ছেণ্টনাৰ আৰু মেট হেনৰী । এই দলটোৰ কমাণ্ড অৰ্থাৎ অধিনায়কত্ব ছেন্টনাৰৰ হাতত অৰ্পণ কৰা হৈছে । আনহাতে আফগানিস্তানৰ ২ জন খেলুৱৈয়ে দলত স্থান লাভ কৰিছে । এই খেলুৱৈসকল হ’ল ইব্ৰাহিম জাদ্ৰান আৰু আজমাতুল্লাহ উমৰজাই ।

স্থান নাপালে পাকিস্তানৰ কোনো খেলুৱৈয়ে-

আনহাতে পাকিস্তান এই প্ৰতিযোগিতাৰ আয়োজক আছিল । কিন্তু তেওঁলোকৰ দলৰ এজনো খেলুৱৈ চেম্পিয়নছ ট্ৰফী দলত অন্তৰ্ভুক্ত হোৱা নাই । কোনো মেচত জয়ী নোহোৱাকৈ ৫ দিনৰ ভিতৰত এই প্ৰতিযোগিতাৰ পৰা পাকিস্তান দল বাহিৰ হয় । পাকিস্তানৰ বাহিৰেও দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, বাংলাদেশ আৰু ইংলেণ্ডৰ কোনো খেলুৱৈয়ে স্থান নাপালে এই দলত ।

আইচিচিৰ ১২ জনীয়া চেম্পিয়নছ ট্ৰফী দল-

ৰাচিন ৰবীন্দ্ৰ, ইব্ৰাহিম জাদ্ৰান, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), গ্লেন ফিলিপছ, আজমাতুল্লাহ উমৰজাই, মিচেল ছেণ্টনাৰ (অধিনায়ক), মহম্মদ ছামী, মেট হেনৰী, বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেল ।

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ অনুষ্ঠানত একাষৰীয়া হ’ল পাকিস্তান…আই চি চিয়ে দিলে ধমক

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত ভাৰতীয় দলটোৱে নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰে । তৃতীয়বাৰৰ বাবে ভাৰতীয় দলটোৱে এই প্ৰতিযোগিতাত জয়লাভ কৰিছে । প্ৰথমবাৰ ভাৰতীয় দলটোৱে ২০০২ চনত শ্ৰীলংকাৰ সৈতে এই খিতাপ ভাগ কৰিছিল । তাৰ পিছত ২০১৩ চনত এম এছ ধোনীৰ অধিনায়কত্বত ভাৰতীয় দলটো চেম্পিয়ন হয় । এতিয়া ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ইতিহাস সৃষ্টি কৰিছে ।

চূড়ান্ত খেলৰ পিছত বিতৰ্কক লৈ আই চি চিৰ স্পষ্টীকৰণ-

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছত বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত বিতৰ্কৰ সৃষ্টি হয় । দৰাচলতে সেই সময়ত মঞ্চত উপস্থিত নাছিল পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ কোনো বিষয়া । উল্লেখ্য যে পাকিস্তানৰ উদ্যোগত এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছিল । কিন্তু তাৰ পাছতো পাকিস্তান ক্ৰিকেট বৰ্ডৰ এজনো সদস্য এই অনুষ্ঠানত উপস্থিত নাথাকিল । এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে সমগ্ৰ বিষয়টোৰ ওপৰত স্পষ্টীকৰণ দিছে । লগতে আয়োজক পাকিস্তানক উপযুক্ত উত্তৰ দিছে আই চি চিয়ে ।

আই চি চিৰ এগৰাকী মুখপাত্ৰই কয় যে পি চি বিৰ মুৰব্বী মহছিন নাকভি উপলব্ধ নাছিল আৰু ডুবাইলৈ যোৱা নাছিল । মোৰ মতে এই অনুষ্ঠানৰ বাবে ব’ৰ্ডৰ বিষয়াসকলকহে মাতিব পাৰি । ইয়াৰ বাবে পি চি বিৰ কোনো বিষয়া উপলব্ধ নাছিল । তেওঁলোক (পি চি বি) আছিল আতিথ্যদাতা, তেওঁলোক তাত থাকিব লাগিছিল ।

পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰে নিজৰ এক্স একাউণ্টত এটা ভিডিঅ’ পোষ্ট কৰি কয়, ‘ভাৰতীয় দলে চেম্পিয়নছ ট্ৰফী জয় কৰিছে, কিন্তু ফাইনেলৰ পিছত পি চি বিৰ কোনো প্ৰতিনিধি নাছিল । পাকিস্তান আছিল আয়োজক । মই বুজি পোৱা নাই যে পি চি বিৰ কোনো এজনো কিয় উপস্থিত নাছিল ।

পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পি চি বিৰ অধ্যক্ষ মহছিন নাকভিয়ে ডুবাইলৈ যাব পৰা নাছিল কাৰণ তেওঁৰ গৃহমন্ত্ৰী হিচাপে কিছু কাৰ্যসূচী আছিল । আই চি চিৰ অধ্যক্ষ জয় শ্বাহ, বি চি চি আইৰ অধ্যক্ষ ৰজাৰ বিনি আৰু সটিব দেৱজিৎ শইকীয়াই খেলুৱৈসকলক পদক, ট্ৰফী আৰু কোট প্ৰদান কৰে ।

পি চি বিৰ সূত্ৰই দাবী কৰিছিল যে ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া চুমাইৰ আহমেদ ডুবাইলৈ গৈছিল যদিও তেওঁক বঁটা প্ৰদান অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হোৱা নাছিল । কিন্তু আই চি চিৰ মুখপাত্ৰৰ বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে এই দাবী মিছা কাৰণ মঞ্চত পি চি বিৰ কোনো বিষয়া উপস্থিত নাছিল । এই প্ৰতিযোগিতাৰ পৰিচালকো আছিল চুমাইৰ আহমেদ ।

চেম্পিয়ন হোৱাৰ পিছত কিয় বগা কোট লাভ কৰিলে টিম ইণ্ডিয়াই ?  চেম্পিয়নছ ট্ৰফী আৰু ‘হোৱাইট ব্লেজাৰ’ৰ আঁৰৰ কাহিনী কি ?

ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত অমৰ হৈ পৰিছে ২০২৫ চনৰ ৯ মাৰ্চৰ দিনটো । এই দিনটোতে টিম ইণ্ডিয়াই নিউজীলেণ্ডক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে । ভাৰতক জয়ৰ সোৱাদ প্ৰদান কৰা ৰবীন্দ্ৰ জাডেজাৰ চাৰি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ হৈছে । কিন্তু এই মুহূৰ্তত আটাইতকৈ বেছি চৰ্চিত কথাটো হ’ল ভাৰতীয় দলটোক দিয়া বগা কোট (হোৱাইট ব্লেজাৰ) । ইয়াত জানি লওক চেম্পিয়নছ ট্ৰফী বিজয়ীক কিয় বগা কোট দিয়া হয় আৰু ইয়াৰ তাৎপৰ্য কি ?

টিম ইণ্ডিয়াই কিয় লাভ কৰিলে হোৱাইট ব্লেজাৰ ?

যদিও ১৯৯৮ চনত চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতা আৰম্ভ হৈছিল, তথাপি বিজয়ী দলটোক বগা ব্লেজাৰ দিয়াৰ পৰম্পৰা ২০০৯ চনৰ পৰা আৰম্ভ হৈছিল । বগা কোটৰ আঁৰৰ কথা পোহৰলৈ আহিছে আই চি চিৰ অফিচিয়েল ৱেবছাইটত । আই চি চিৰ তথ্য অনুসৰি বগা কোটটো ‘বেজ অৱ অনাৰ’ হিচাপে দিয়া হয় । সহজ ভাষাত ক’বলৈ গ’লে বগা কোটটো হ’ল বিজয়ী দলটোৰ প্ৰতি সন্মান, দৃঢ়তা আৰু মহানতা প্ৰদৰ্শন কৰা । ই ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ প্ৰতীকো । হোৱাইট ব্লেজাৰ লাভ কৰাটোৱে বিজয়ী দলটোৱে ট্ৰফী জয় কৰিবলৈ যি উদ্যম ৰাখিছিল সেই কথাও প্ৰতিফলিত কৰে ।

প্ৰথম কোনে লাভ কৰিছিল হোৱাইট ব্লেজাৰ ?

চেম্পিয়নছ ট্ৰফী বিজয়ীক বগা ব্লেজাৰেৰে বঁটা দিয়াৰ পৰম্পৰা আৰম্ভ হৈছিল ২০০৯ চনৰ পৰা । ২০০৯ চনৰ এই প্ৰতিযোগিতাখন দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল যদিও অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে । ফাইনেলত ৰিকি পণ্টিঙৰ অধিনায়কত্বত অষ্ট্ৰেলিয়ান দলটোৱে নিউজীলেণ্ডক ৬ উইকেটত পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে । সন্মানৰ চিন স্বৰূপে বগা কোট দিয়া প্ৰথমটো দল আছিল অষ্ট্ৰেলিয়া । উল্লেখ্য যে এই কোটটো ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী বিজয়ী ভাৰতকো দিয়া হৈছিল আৰু ২০১৭ চনত পাকিস্তানকো সন্মানৰ চিন স্বৰূপে বগা ব্লেজাৰ দিয়া হৈছিল ।