পইন্ট টেবুলৰ শীৰ্ষ স্থান দখলৰ বাবে আজি যুঁজত নামিব দিল্লী-বেংগালুৰু…

চলিত আই পি এলত ১৭ দিন পূৰ্বে দিল্লী কেপিটেলছে ঘৰুৱা খেলপথাৰত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুক পৰাস্ত কৰিছিল । কে এল ৰাহুলে ৯৩ ৰানৰ মেচ বিজয়ী ইনিংছ খেলিছিল আৰু ইংগিত দিছিল যে সেয়া তেওঁৰ ঘৰুৱা খেলপথাৰ । ইয়াৰ পিছতে এতিয়া বিৰাট কোহলীৰ হাতত আছে প্ৰতিশোধ লোৱাৰ সুযোগ । কাৰণ আজি অৰুণ জেটলী ষ্টেডিয়ামত দুয়োটা দল পুনৰ মুখামুখি হ’ব । এই যুঁজ পইণ্ট টেবুলত শীৰ্ষস্থান দখলৰ বাবেও হ’ব ।

বেংগালুৰুত অনুষ্ঠিত অন্তিমখন খেলত দিল্লী কেপিটেলছে ৬ উইকেটত জয়লাভ কৰে । ৰাহুলে ৫৩টা বলত ৯৩ ৰান সংগ্ৰহ কৰে । সেই মেচখনত ১৪টা বলত ২২ ৰান সংগ্ৰহ কৰি কোহলী আউট হৈছিল । কিন্তু আজি কোহলীয়ে নিজৰ ঘৰুৱা খেলপথাৰত খেলিব । শ্ৰেয়াছ আয়েৰৰ অধিনায়কত্বত পঞ্জাৱ কিংছৰ বিৰুদ্ধে কোহলীয়ে যেনেকৈ প্ৰতিশোধ ল’লে, আজিও তেওঁ অক্ষৰ পেটেল বাহিনীৰ বিৰুদ্ধে একেই প্ৰতিশোধ ল’ব বিচাৰিব ।

আই পি এল ২০২৫ পইণ্ট টেবুলৰ শীৰ্ষ স্থানৰ বাবে যুঁজ-

আই পি এলৰ পইণ্ট তালিকাত বৰ্তমান ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু । দিল্লীয়ে ৮খন মেচৰ ভিতৰত ৬ খনত জয়লাভ কৰি ১২ পইণ্ট লাভ কৰিছে । বেংগালুৰুৰ পৰিস্থিতিও একেই যদিও নেট ৰান ৰেটৰ ভিত্তিত তেওঁলোক দিল্লীতকৈ পিছ পৰি আছে । আজি জয়ী হোৱা দলটোৱে পইণ্ট তালিকাত প্ৰথম স্থান লাভ কৰিব কাৰণ শীৰ্ষত থকা গুজৰাটৰো মাত্ৰ ১২ পইণ্ট আছে ।

দিল্লী বনাম বেংগালুৰু-

প্ৰথম সংস্কৰণৰ পৰাই দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে আই পি এলত খেলি আহিছে । দুয়োটা দল প্ৰথমবাৰৰ বাবে খিতাপৰ সন্ধানত আছে আৰু এই বছৰ তেওঁলোকৰ প্ৰদৰ্শন অতি উত্তম ।

দুয়োটা দল মুখামুখি হোৱাৰ কথা ক’বলৈ গ’লে এই পৰ্যন্ত দিল্লী আৰু বেংগালুৰুৰ মাজত মুঠ ৩২খন মেচ অনুষ্ঠিত হৈছে ৷ ৩২খন খেলৰ ভিতৰত বেংগালুৰুৱে ১৯খন খেলত জয়লাভ কৰাৰ বিপৰীতে দিল্লীয়ে ১২খন খেলত জয়লাভ কৰিছে । বাংগালুৰুৰ বিৰুদ্ধে দিল্লীৰ সৰ্বোচ্চ স্ক’ৰ ১৯৬ ৰান । দিল্লীৰ বিৰুদ্ধে বেংগালুৰুৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ২১৫ ৰান ।

দিল্লী কেপিটেলছ সম্ভাৱ্য মূল একাদশ-

অভিষেক পোৰেল, ফাফ ডু প্লেছিছ, কে এল ৰাহুল (উইকেটকীপাৰ), ট্ৰিষ্টান ষ্টাবছ, অক্ষৰ পেটেল (অধিনায়ক), আশুতোষ শৰ্মা, বিপ্ৰজ নিগম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, মোহিত শৰ্মা, মুকেশ কুমাৰ ।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সাম্ভাব্য মূল একাদশ-

ফিল ছল্ট, বিৰাট কোহলী, ৰজত পাটিদাৰ (অধিনায়ক), দেৱদত্ত পদ্দিকল, জিতেশ শৰ্মা (উইকেটকীপাৰ), টিম ডাভিদ, ক্ৰুনাল পাণ্ডিয়া, ৰোমাৰিঅ’ শ্বেফাৰ্ড, ভুৱনেশ্বৰ কুমাৰ, জোছ হেজলউড, যশ দয়াল ।

বৰষুণৰ বাবে পৰিত্যক্ত পঞ্জাৱ-কলকাতাৰ মেচ, দুয়ো দলে লাভ কৰিলে ১-১ পইণ্ট…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ত শনিবাৰে কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হোৱা মেচখন বৰষুণৰ বাবে পৰিত্যক্ত হয় । এই মেচখন কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছিল । টছত জয়লাভ কৰাৰ পাছত পঞ্জাবে প্ৰথমে বেটিং কৰি প্ৰিয়ংশ আৰ্য্য আৰু প্ৰভসীমৰণৰ বিস্ফোৰক বেটিঙৰ সহায়ত ২০১ ৰান সংগ্ৰহ কৰে । কিন্তু কলকাতাই বেটিং কৰিবলৈ ক্ৰীজত নমাৰ পিছতে প্ৰচণ্ড বতাহ-বৰষুণৰ বাবে মেচখনৰ এটা অভাৰহে খেলিব পৰা গ’ল । পৰৱৰ্তী সময়ত এই মেচখন বাতিল কৰিবলগীয়া হয় ।

পঞ্জাৱৰ বেটিং-

টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহা পঞ্জাব কিংছে এক সুন্দৰ আৰম্ভণি কৰে । প্ৰভসিমৰন সিং আৰু প্ৰিয়ংশ আৰ্য্যই আৰম্ভণিৰ পৰাই বিস্ফোৰক বেটিং কৰে । দুয়োৰে মাজত ১২০ ৰানৰ ডাঙৰ অংশীদাৰিত্ব আছিল । প্ৰিয়ংশ আৰ্য্যই ৩৫টা বলত ৬৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । ১২ নং অভাৰত ৰাছেলৰ বলত প্ৰিয়ংশৰ উইকেটৰ পতন ঘটে । আৰ্যই ৮টা চাৰি আৰু ৪টা ছয় কোবাই ।

একে সময়তে প্ৰভসীমৰণে সিঙেও বিস্ফোৰক বেটিং কৰে । তেওঁ ৩৮টা বলত অৰ্ধ শতক সম্পূৰ্ণ কৰে । অৰ্ধ শতকৰ পাছত তেওঁ বিস্ফোৰক বেটিঙেৰে মাত্ৰ ৪৯টা বলত ৮৩ ৰান সংগ্ৰহ কৰে । ১৫ নং অভাৰত তেওঁৰ উইকেটৰ পতন ঘটে । ইয়াৰ পিছতে ক্ৰীজলৈ আহে গ্লেন মেক্সৱেল । কিন্তু বৰুণ চক্ৰৱৰ্তীয়ে তেওঁক কম সময়ৰ ভিতৰতে পেভিলিয়নৰ বাট দেখুৱাই । তেওঁৰ বেটৰ পৰা মাত্ৰ ৮ ৰানহে আহে । প্ৰথমে বেটিং কৰি পঞ্জাবে ২০ অভাৰত কলকাতাৰ বাবে ২০২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে ।

ইয়াৰ পিছতে কলকাতাৰ হৈ লক্ষ্য অনুসৰণ কৰি অ’পেনাৰ সুনীল নাৰিন আৰু গুৰবাজ ক্ৰীজত নামিছিল যদিও মাত্ৰ এটা অভাৰ খেলাৰ পিছতে প্ৰচণ্ড বৰষুণ হ’বলৈ আৰম্ভ কৰে । এই অভাৰত কলকাতাই কোনো উইকেট নেহেৰুৱাকৈ ৭ ৰান সংগ্ৰহ কৰে । শেষত বৰষুণৰ বাবে মেচখন বাতিল কৰিবলগীয়া হয় । ফলত দুয়োটা দলে এটাকৈ পইণ্ট লাভ কৰি সন্তুষ্ট হ’বলগীয়া হয় ।

পইন্ট তালিকাৰ অৱস্থা-

খেলখন বাতিল হোৱাৰ পিছত দুয়োটা দলে এটাকৈ পইণ্ট লাভ কৰে । ইয়াৰ ফলত পঞ্জাৱ দল লাভৱান হয় আৰু এতিয়া মুম্বাইক অতিক্ৰম কৰি দলটো চতুৰ্থ স্থানত উপনীত হৈছে । পঞ্জাৱ দলে এতিয়া ৯খন মেচৰ পৰা ১১ পইণ্ট লাভ কৰিছে । আনহাতে কলকাতা দলে এতিয়ালৈকে ৯খন মেচৰ পৰা ৭ পইণ্ট লাভ কৰি সপ্তম স্থানত আছে । উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছে ৯খন মেচৰ পৰা ১০ পইণ্ট লাভ কৰি এতিয়া পঞ্চম স্থানত আছে ।

সকলো সম্পৰ্ক ভংগ কৰিব লাগে… পহলগাম আক্ৰমণক লৈ সৌৰভ গাংগুলীৰ প্ৰতিক্ৰিয়া

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে । এই ভয়ংকৰ আক্ৰমণক সকলোৱে গৰিহণা দিছে । ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়েও এই সন্ত্ৰাসবাদী আক্ৰমণৰ গৰিহণা দি এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । ইয়াৰ সমান্তৰালকৈ তেওঁ সংবাদ মাধ্যমৰ আগত ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰিকেট মেচৰ সন্দৰ্ভতো এক ডাঙৰ মন্তব্য কৰে ।

পাকিস্তানৰ সৈতে মেচ খেলাৰ বিষয়ে ক’লে এই কথা-

ভাৰত-পাকিস্তানৰ মেচ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বি চি চি আইৰ প্ৰাক্তন অধ্যক্ষ সৌৰভ গাংগুলীক প্ৰশ্ন কৰাত তেওঁ উত্তৰ দিয়ে যে ভাৰতে পাকিস্তানৰ সৈতে ক্ৰিকেটৰ সকলো সম্পৰ্ক ভংগ কৰিব লাগে । ইয়াৰ লগতে ভাৰতে কোনো আই চি চি বা এছিয়ান টুৰ্ণামেণ্টত পাকিস্তানৰ সৈতে খেলা উচিত নহয় ।

সৌৰভ গাংগুলীয়ে আৰু কয় যে প্ৰতি বছৰে ভাৰতত কোনোবা নহয় কোনোবা সন্ত্ৰাসবাদী ঘটনা সংঘটিত হয় আৰু ইয়াক একেবাৰে সহ্য কৰিব নোৱাৰি । গাংগুলীয়ে কয় যে ভাৰতে পাকিস্তান ক্ৰিকেটৰ সৈতে সকলো সম্পৰ্ক ১০০ শতাংশ ভাঙিব লাগে । এইসকল লোকে প্ৰতি বছৰে এনে ঘটনা সংঘটিত হোৱাটো ধেমালি কৰি তুলিছে ।

ভাৰত-পাকিস্তানৰ মেচৰ কথা কোৱাৰ পাছত সৌৰভ গাংগুলীয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দি কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা কয় । ইয়াৰ লগতে বি চি চি আইৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে কয় যে সন্ত্ৰাসবাদ একেবাৰে সহ্য কৰিব নোৱাৰি । এই আক্ৰমণ ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল, য’ত ২৬ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল । এই আক্ৰমণৰ পিছত চৰকাৰো একচন মোডলৈ আহিছে আৰু কেন্দ্ৰীয় চৰকাৰে পাকিস্তান সন্দৰ্ভত বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত লৈছে ।

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি…

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে লাভ কৰিছে মৃত্যুৰ ভাবুকি । ইমেইলৰ জৰিয়তে গম্ভীৰলৈ এই ভাবুকি প্ৰেৰণ কৰা হৈছে । য’ত কোনোবাই মাত্ৰ তিনিটা শব্দ লিখিছিল – মই তোমাক মাৰি পেলাম (I Will Kill You) । লগে লগে গম্ভীৰে এই ইমেইলৰ বিষয়ে আৰক্ষীক অৱগত কৰি আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰে । বিষয়টোৰ গুৰুত্ব দেখি ততাতৈয়াকৈ সক্ৰিয় হৈ পৰিছে দিল্লী আৰক্ষী । প্ৰাৰম্ভিক তদন্ত অনুসৰি এই ভাবুকি দিছে কাশ্মীৰ আইছিছে ।

আৰক্ষী বিষয়াসকলৰ মতে, ইমেইল প্ৰেৰকক চিনাক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে । ইয়াৰ বাবে চাইবাৰ চেলৰ দলে ইমেইলটো ট্ৰেক কৰাৰ চেষ্টা চলাইছে আৰু কাৰিকৰী বিশ্লেষণৰ জৰিয়তে বিষয়টোৰ ওপৰত তদন্ত কৰি আছে । এই ইমেইল কোনে আৰু ক’ৰ পৰা প্ৰেৰণ কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

ইফালে গৌতম গম্ভীৰৰ কাৰ্যালয়ে জনাইছে যে গৌতম গম্ভীৰলৈ ‘আইছিছ কাশ্মীৰ’ৰ পৰা মৃত্যুৰ ভাবুকি আহিছে । বুধবাৰে তেওঁ দিল্লী আৰক্ষীৰ সৈতে যোগাযোগ কৰি এই বিষয়ত এফ আই আৰ পঞ্জীয়ন কৰে । ইয়াৰ সমান্তৰালকৈ তেওঁ পৰিয়ালৰ নিৰাপত্তা বৃদ্ধিৰ বাবেও দাবী জনাইছে ।

এই বিষয়ত দিল্লী আৰক্ষীৰ এক বিবৃতি প্ৰকাশ পাইছে । দিল্লী আৰক্ষীয়ে জনাইছে- গৌতম গম্ভীৰক ভাবুকি দিয়া এটা ইমেইলৰ বিষয়ে আমি তথ্য লাভ কৰিছো । আমি এই বিষয়ে তদন্ত কৰি আছো । ইতিমধ্যে গম্ভীৰ দিল্লী আৰক্ষীৰ সুৰক্ষাৰ অধীনত আছে । তেওঁৰ সুৰক্ষাৰ সৈতে জড়িত নিৰ্দিষ্ট তথ্য আমি ৰাজহুৱা কৰিব নোৱাৰো ।

হিটমেনৰ বিস্ফোৰক বেটিং… হায়দৰাবাদক পৰাস্ত কৰি শীৰ্ষ চাৰিত প্ৰৱেশ পাণ্ডিয়া বাহিনীৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৪১ সংখ্যক মেচখনত মুম্বাই ইণ্ডিয়ানছে ৭ উইকেটত পৰাস্ত কৰে । এই মেচত পুনৰ এবাৰ গৰ্জন কৰিলে ৰোহিত শৰ্মাৰ বেটে । টছত জয়ী হৈ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি হায়দৰাবাদে মুম্বাইৰ সন্মুখত ১৪৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ১৬ নং অভাৰতে ৰোহিত শৰ্মাৰ বিস্ফোৰক ৭০ ৰান আৰু সূৰ্যকুমাৰৰ ১৯ বলত ৪০ ৰানৰ অপৰাজিত ইনিংছৰ ভিত্তিত মুম্বাইয়ে খেলখনত জয়লাভ কৰে । এই জয়েৰে মুম্বাই ইণ্ডিয়ানছ এতিয়া পইণ্ট তালিকাৰ শীৰ্ষ ৪ স্থানত স্থান লাভ কৰিছে ।

মুম্বাইৰ ইনিংছ-

১৪৪ ৰানৰ লক্ষ্যৰ সঁহাৰি জনাই মুম্বাই ইণ্ডিয়ানছৰ আৰম্ভণি সুখকৰ নাছিল । দলটোৱে দ্বিতীয় অভাৰতে ৰিয়ান ৰিকেল্টনৰ ৰূপত উইকেট হেৰুৱাই । কিন্তু ৰোহিত শৰ্মাই শক্তিশালী বেটিঙেৰে উইল জেকছৰ সৈতে ইনিংছ চম্ভালে । মাত্ৰ ৩৫টা বলত ৰোহিতে অৰ্ধ শতক অৰ্জন কৰে । কিন্তু দশম অভাৰত উইল জেকছৰ উইকেটৰ পতন ঘটে । জেকে ২২ ৰান সংগ্ৰহ কৰে ।

কিন্তু ইয়াৰ পিছতে দেখা গ’ল ৰোহিত শৰ্মাৰ আগ্ৰাসী ৰূপ । ৰোহিতে ৪৬টা বলত ৭০ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । ১৫ নং অভাৰত ৰোহিত আউট হোৱাৰ সময়ত মুম্বাইক জয়ী হ’বলৈ ৩২ বলত মাত্ৰ ১৪ ৰানৰ প্ৰয়োজন হৈছিল । ইয়াৰ পিছতে সূৰ্যকুমাৰ যাদৱে বিস্ফোৰক ইনিংছ খেলি ১৬ অভাৰত মুম্বাইক জয়ী কৰে । এয়া আছিল মুম্বাইৰ একেৰাহে চতুৰ্থটো জয় ।

হায়দৰাবাদৰ ইনিংছ-

প্ৰথমে বেটিং কৰিবলৈ অহা হায়দৰাবাদৰ আৰম্ভণি শোচনীয় আছিল । দ্বিতীয় অভাৰতে ব’ল্টে ট্ৰেভিছ হেডক আউট কৰে । হেড একাউণ্টটোও খুলিবলৈ সক্ষম নহ’ল । ইয়াৰ পিছতে দীপক চহৰে ঈশান কিষানক আউট কৰে । তৃতীয় অভাৰত বল্টে অভিষেক শৰ্মাক আউট কৰে আৰু পৰৱৰ্তী অভাৰত নীতিশ ৰেড্ডীও পেভিলিয়নমুখী হয় । ইয়াৰ পিছত ক্লাচেন আৰু অনিকেটৰ মাজত অংশীদাৰিত্ব গঢ়ি উঠে । কিন্তু নৱম অভাৰত হাৰ্দিক পাণ্ডিয়াই তেওঁক আউট কৰে ।

অৱশ্যে ইয়াৰ পিছত অভিনৱ মনোহৰ আৰু হেনৰিখ ক্লাচেনে হায়দৰাবাদৰ ইনিংছৰ দায়িত্ব লয় । ক্লাচেনে বিস্ফোৰকভাৱে বেটিঙেৰে অৰ্ধ শতক অৰ্জন কৰে । পিছত অভিনৱ মনোহৰেও নিজৰ দক্ষতা প্েৰদৰ্শন কৰে । ৯ অভাৰত হায়দৰাবাদৰ ৫ উইকেট দখল কৰা মুম্বাই ইয়াৰ পিছতে উইকেটৰ বাবে হাহাকাৰ কৰি আছিল । ক্লাচেনে ৭১ ৰানৰ ইনিংছ খেলাৰ বিপৰীতে মনোহৰে ৪১ ৰান সংগ্ৰহ কৰে । যাৰ ভিত্তিত হায়দৰাবাদে মুম্বাইক ১৪৪ টা লক্ষ্য বান্ধি দিয়ে ।

খেলুৱৈ আৰু আম্পায়াৰে পিন্ধিব ক’লা বেণ্ড… হায়দৰাবাদ-মুম্বাইৰ মেচৰ পূৰ্বে অৱলম্বন কৰা হ’ব মৌনতা

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আই পি এল ২০২৫ৰ আজি অনুষ্ঠিত হ’ব লগা মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচখনত খেলুৱৈ আৰু আম্পায়াৰসকলে ক’লা আৰ্মবেণ্ড পিন্ধিব । মঙলবাৰে এই আক্ৰমণত দুজন বিদেশী নাগৰিককে ধৰি ২৬ জন লোক নিহত হয় । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে আৰু বুধবাৰে হায়দৰাবাদ আৰু মুম্বাইৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ সময়ত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব ।

মেচ আৰম্ভ হোৱাৰ পূৰ্বে অৱলম্বন কৰা হ’ব মৌনতা-

খেলৰ সময়ত দুয়োটা দলৰ খেলুৱৈ আৰু আম্পায়াৰে ক’লা বেণ্ড পিন্ধাৰ বিপৰীতে মেচ আৰম্ভ হোৱাৰ পূৰ্বে এক মিনিটৰ মৌনতাও পালন কৰা হ’ব । কেৱল এয়াই নহয়, এই মেচখনৰ বাবে খেলপথাৰত নাথাকিব চিয়েৰ লিডাৰ । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ ক্ৰীড়া জগতৰ লোকে শোক প্ৰকাশ কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বহু খেলুৱৈয়ে ছচিয়েল মিডিয়াত ভুক্তভোগীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

কে এল ৰাহুল-পোৰেলৰ সন্মুখত অসহায় লক্ষ্ণৌ… ৮ উইকেটত জয়লাভ কৰি প্লে অফৰ কাষ চাপিল দিল্লী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৪০ সংখ্যক মেচত দিল্লী কেপিটেলছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৮ উইকেটত পৰাস্ত কৰে । এই খেলখন লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই মেচত দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । ঋষভ পন্টৰ লক্ষ্ণৌ দলে প্ৰথমে বেটিং কৰি ১৫৯ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দিল্লীয়ে ১৮ নং অভাৰত এই লক্ষ্যত উপনীত হয় । কে এল ৰাহুল আৰু অভিষেক পোৰেলে অৰ্ধ শতক অৰ্জন কৰে ।

দিল্লীৰ বেটিং-

১৬০ ৰানৰ লক্ষ্য অনুসৰণ কৰি দিল্লী কেপিটেলছৰ আৰম্ভণি দুৰ্বল আছিল । চতুর্থ অভাৰতে উইকেট হেৰুৱাই কৰুণ নায়াৰে ৷ ইয়াৰ পিছত কে এল ৰাহুল আৰু অভিষেক পোৰেলে শক্তিশালী বেটিঙেৰে দলক আগুৱাই নিয়ে । পোৰেলে ৩২টা বলত ৫০ ৰান কৰে । কিন্তু ১২ নং অভাৰত তেওঁৰ উইকেটৰ পতন ঘটে । কিন্তু কে এল ৰাহুল এটা মূৰত শক্তিশালীভাৱে থিয় হৈ দলক জয়ৰ দিশে আগুৱাই নিয়ে । তেওঁ ৪০টা বলত অৰ্ধশতক অৰ্জন কৰি অপৰাজিত হৈ থাকে । একে সময়তে পোৰেলৰ উইকেটৰ পিছত বেটিং কৰিবলৈ অহা অক্ষৰেও বিস্ফোৰক বেটিং কৰে । ইয়াৰ ভিত্তিতে দিল্লী কেপিটেলছে লক্ষ্ণৌক ৮ উইকেটত পৰাস্ত কৰে ।

লক্ষ্ণৌৰ ইনিংছ-

টছৰ পাছত আয়োজক লক্ষ্ণৌ দলে প্ৰথমে বেটিং কৰি সুন্দৰ আৰম্ভণি কৰে । এইডেন মাৰ্ক্ৰাম আৰু মিচেল মাৰ্ছে বিস্ফোৰক আৰম্ভণি কৰে । দুয়োজনে প্ৰতিজন বলাৰৰ বিৰুদ্ধে বিস্ফোৰক শ্বট খেলে । মাত্ৰ ৩০টা বলত এইডেন মাৰ্ক্ৰামে পঞ্চাশ ৰান কৰে । দুয়োজন বেটছমেনে ১০ অভাৰত ৯০ ৰান সংযোজন কৰে যদিও মাৰ্ক্ৰামে উইকেট বিসৰ্জন দিয়ে । মাৰ্ক্ৰামে নিজৰ ইনিংছত ২টা চাৰি আৰু ৩টা ছয় কোবাই ।

কিন্তু ইয়াৰ পাছতে এতিয়ালৈকে আই পি এলত আলোড়নৰ সৃষ্টি কৰা নিকোলাছ পোৰান খেলপথাৰত প্ৰৱেশ কৰে । ক্ৰীজত প্ৰৱেশ কৰিয়েই তেওঁ কুলদীপৰ বলত দুটা চাৰি কোবাই । কিন্তু ১২ নং অভাৰত ষ্টাৰ্কে তেওঁক নিজৰ চিকাৰ কৰে । পোৰাণৰ বেটৰ পৰা মাত্ৰ ৯ ৰানহে আহে । ইয়াৰ পিছত আব্দুল ছামাদেও ২ ৰান সংগ্ৰহ কৰি আউট হয় । একেটা অভাৰতে মুকেশ কুমাৰে মিচেল মাৰ্ছক আউট কৰে; মাৰ্ছে ৪৫ ৰান সংগ্ৰহ কৰে ।

এটা সময়ত লক্ষ্ণৌৱে ১০ অভাৰত এটা উইকেট হেৰুৱাই ৯০ ৰান সংগ্ৰহ কৰিছিল । কিন্তু পৰৱৰ্তী ১০ অভাৰত লক্ষ্ণৌ দলে মাত্ৰ ৭০ ৰানহে সংযোজন কৰিবলৈ সক্ষম হয় । একে সময়তে ২৭ কোটি টকাত বিক্ৰী হোৱা ঋষভ পন্টে বেটিং কৰিবলৈ আহে যদিও তেওঁ কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে মাত্ৰ দুটা বলতে আউট হয় । আনহাতে লক্ষ্ণৌৱে দ্ৰুত ৰান সংগ্ৰহ কৰাৰ প্ৰয়োজন আছিল । অৱশ্যে শেষৰ অভাৰত আয়ুষ বদোনীয়ে একেৰাহে তিনিটা চাৰি কোবাই বিস্ফোৰক বেটিং কৰিছিল, যাৰ ভিত্তিত লক্ষ্ণৌৱে দিল্লীক ১৬০ ৰানৰ লক্ষ্য দিয়ে ।

লক্ষ্ণৌৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ‘ফিক্সিং’ৰ অভিযোগ…

আই পি এলৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছ (আৰ আৰ) লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ২ ৰানত পৰাজয়ৰ বাবে চলিত ছিজনত সৃষ্টি হৈছে বিতৰ্কৰ । ১৮১ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৰাজস্থানে এটা সময়ত জয়ৰ দিশে আগবাঢ়িছিল যদিও এল এছ জিৰ বেগী বলাৰ আৱেশ খানে ডেথ অভাৰত শক্তিশালী বলিঙেৰে মেচখন লক্ষ্ণৌৰ পক্ষত ঘূৰাই আনে । অৱশ্যে এই ফলাফলৰ পিছতে ৰাজস্থান ক্ৰিকেট সন্থাৰ তদৰ্থ সমিতিৰ আহ্বায়ক জয়দীপ বিহানীয়ে ৰয়েলছৰ বিৰুদ্ধে ‘মেচ ফিক্সিং’ৰ অভিযোগ উত্থাপন কৰিছে । যিয়ে ক্ৰিকেট জগতক স্তম্ভিত কৰি তুলিছে ।

এই পৰাজয়ক লৈ সন্দেহ প্ৰকাশ কৰিছে জয়দীপ বিহানীয়ে । তেওঁ এই প্ৰশ্ন উত্থাপন কৰে যে দলটোৱে নিজৰ ঘৰুৱা খেলপথাৰত এনেদৰে কেনেকৈ পৰাস্ত হ’ল । এক সাক্ষাৎকাৰত তেওঁ সোঁৱৰাই দিয়ে যে ২০১৩ চনৰ আৰম্ভণিতে ৰাজস্থানৰ একাংশ খেলুৱৈ স্পট ফিক্সিঙৰ সৈতে জড়িত আছিল আৰু দলটোৰ ইতিহাস অলপ বিতৰ্কিত হৈ পৰিছে ।

তেওঁ লগতে অভিযোগ কৰে যে ফ্ৰেঞ্চাইজিৰ মালিক ৰাজ কুন্দ্ৰাও ইয়াৰ পূৰ্বে জুৱাৰ গোচৰত ধৰা পৰিছে, আৰু ইয়াৰ বাবেই দলটোৱে দুবছৰৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছে । এইবাৰো তেওঁ বি চি চি আইক দাবী জনাইছে যে বিষয়টোৰ তদন্ত হ’ব লাগে । চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ লগতে ৰাজস্থান দলকো ২০১৬ আৰু ২০১৭ চনত দুটা চিজনৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।

ইয়াৰ উপৰিও জয়দীপ বিহানীয়ে অভিযোগ কৰিছে যে ৰাজস্থান ক্ৰিকেট এছ’চিয়েশ্যনক কোনো কঠিন কাৰণ নোহোৱাকৈ আই পি এল আয়োজনৰ পৰা আঁতৰাই ৰখা হৈছিল । তেওঁ কয় যে স্প’ৰ্টছ কাউন্সিল আৰু ৰাজস্থান ৰয়েলছে ছাৱাই মানসিং ষ্টেডিয়ামৰ সৈতে এছ’চিয়েশ্যনৰ কোনো চুক্তি (এম অ’ ইউ) নাই বুলি কৈ অজুহাত দেখুৱাইছে । কিন্তু প্ৰশ্ন হ’ল চুক্তি নহ’লেও তেতিয়া ক্ৰীড়া পৰিষদে প্ৰতিখন মেচৰ বাবে ধন পোৱা নাই নেকি ?

পূৰ্বৰ পৰাজয় পাহৰি প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাব কলকাতাই, শীৰ্ষত নিজৰ আধিপত্য বৰ্তাই ৰখাৰ বাবে যুঁজ দিব গুজৰাটে…

আই পি এল ২০২৫ৰ আজি অনুষ্ঠিত হ’বলগা ৩৯ সংখ্যক মেচখনত মুখামুখি হ’ব কে কে আৰ আৰু গুজৰাট । ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে পূৰ্বৰ পৰাজয় পাহৰি গুজৰাট টাইটানছৰ বিৰুদ্ধে পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিব । কলকাতাৰ ইডেন গাৰ্ডেনত আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব এই মেচ । অজিংক্য ৰাহানে নেতৃত্বাধীন কে কে আৰে শেষৰখন খেলত পঞ্জাব কিংছৰ বিৰুদ্ধে পৰাস্ত হয় । ১১২ ৰানৰ সহজ বিজয় লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হৈছিল দলটো ।

এই পৰাজয়ৰ লগে লগে কে কে আৰ পইণ্ট টেবুলৰ সপ্তম স্থানলৈ অৱনমিত হৈছে । এই পৰ্যন্ত সাতখন খেল খেলি তিনিখনত জয় আৰু চাৰিখনত পৰাস্ত হৈছে দলটো । কে কে আৰৰ মিডল অৰ্ডাৰে সংগ্ৰাম কৰি আছে আৰু সেয়েহে দলটো সমস্যাৰ সন্মুখীন হৈছে । ৰিংকু সিং, ভেংকটেশ আয়াৰ, আন্দ্ৰে ৰাছেল আৰু ৰমনদীপ সিঙে আশা কৰা ধৰণে বেটিং কৰাত ব্যৰ্থ হৈছে । যদি কে কে আৰ প্লে অফৰ দৌৰত থাকিব বিচাৰে তেন্তে বেটিং প্ৰদৰ্শন যথেষ্ঠ উন্নত কৰিব লাগিব ।

আনহাতে, শেষৰখন খেলত দিল্লী কেপিটেলছক পৰাস্ত কৰি পইন্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে গুজৰাট টাইটানছ । শুভমন গীলৰ নেতৃত্বত এই দলটোৱে এতিয়ালৈকে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । দিল্লীৰ বিৰুদ্ধে জোছ বাটলাৰে বিস্ফোৰক বেটিং কৰে । গুজৰাটৰ বেটিং আৰু বলিং দুয়োটা বিভাগৰে প্ৰদৰ্শন শক্তিশালী আছিল । ২০২২ চনৰ চেম্পিয়ন দলটোৰ শক্তি কে কে আৰৰ তুলনাত কিছু অধিক । আজিৰ মেচত গুজৰাটে শীৰ্ষ ক্ৰমত নিজৰ আধিপত্য অব্যাহত ৰাখিবলৈ বিচাৰিব ।