এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; বিৰাট কোহলী,যশপ্ৰীত বুমৰাহৰ প্ৰত্যাৱৰ্তন
ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টি-২০ মেচৰ উপৰি তিনিখন এদিনীয়া মেচ খেলিব। এই এদিনীয়া শৃংখলাৰ বাবে BCCI এ ভাৰতীয় দল ঘোষণা কৰা হৈছে।
ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগীয়া এদিনীয়া (ODI) শৃংখলাৰ বাবে BCCI এ ২১ জুন (দেওবাৰ)ত ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰা হৈছে। ১৫ জনীয়া দলটোত প্ৰাক্তন অধিনায়ক বিৰাট কোহলীকো অন্তৰ্ভুক্ত কৰা হৈছে, যি বৰ্তমান সম্পূৰ্ণৰূপে ফিট নহয়। কোহলীৰ উপলব্ধতা ফিটনেচ ক্লিয়াৰেন্সৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ ফিটনেচ টেষ্টত উত্তীৰ্ণ হ’লেহে তেওঁ এই শৃংখলাত অংশগ্ৰহণ কৰিব পাৰিব।
দল বাছনিৰ আটাইতকৈ ডাঙৰ কথাটো হ’ল তীব্ৰবেগী বলাৰ যশপ্ৰীত বুমৰাহো এদিনীয়া দললৈ প্ৰত্যাৱৰ্তন কৰিছে। বুমৰাহে শেষবাৰৰ বাবে ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দলৰ হৈ ৫০ অভাৰৰ ক্ৰিকেট খেলিছিল। অলৰাউণ্ডাৰ অক্ষৰ পেটেলেও এদিনীয়া দললৈ প্ৰত্যাৱৰ্তন কৰিছে। আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অক্ষৰ দলৰ অংশ নাছিল।

যশস্বী জয়ছোৱাল, প্ৰিন্স যাদৱ আৰু হৰ্ষ ডুবেও এদিনীয়া দলটোৰ অংশ নহয়। অপেনাৰ যশস্বী জয়ছোৱালে শনিবাৰে (২০ জুন) চেন্নাইত আফগানিস্তানৰ বিৰুদ্ধে ১১০ৰানৰ এক চমৎকাৰ ইনিংছ খেলিছিল। এতিয়া বিৰাট কোহলীৰ প্ৰত্যাৱৰ্তনৰ বাবে তেওঁক দলৰ পৰা বাদ দিয়া হৈছে। কোহলী আঘাতপ্ৰাপ্ত হোৱাৰ বাবেহে যশস্বীক আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছিল।
ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল: শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী(ফিটনেচ ক্লিয়াৰেন্সৰ অধীনত), শ্ৰেয়াস আয়াৰ (সহ-অধিনায়ক), কে. এল. ৰাহুল (উইকেটকীপাৰ), ইশান কিষাণ (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, প্ৰসিদ্ধ কৃষ্ণা, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং আৰুগুৰনুৰ ব্ৰাৰ।
লগতে পঢ়ক: যশস্বীৰ দমনীয় শতকেৰে চেপৌকত টিম ইণ্ডিয়াৰ ৰাজকীয় জয়