গোৱাৰ ‘বাবুছ’ এতিয়া ইউৰোপৰ কাণ্ডাৰী, ভাৰতৰ সৈতে ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ কোষ্টাৰ সম্পৰ্কক লৈ চৰ্চা

গোৱাৰ পৰা ইউৰোপীয় সংঘলৈ : এণ্টনিঅ’ কোষ্টাৰ বিশেষ যাত্ৰা আৰু ভাৰতীয় সংযোগ । ইউৰোপীয় পৰিষদৰ অধ্যক্ষৰ সৈতে গোৱাৰ সম্পৰ্কৰ আঁৰৰ কাহিনী…

ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্যিক চুক্তি ঘোষণাৰ সময়তে আন এক বিষয়েও তীব্ৰ চৰ্চা লাভ কৰে । ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ লুইছ ছান্টোছ দা কোষ্টাই হঠাতে নিজৰ অ’চিআই কাৰ্ড উলিয়াই ভাৰতৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্কৰ বিষয়ে কোৱাৰ পিছতে এই চৰ্চাই গতি লাভ কৰে । সেই সময়ত মঞ্চত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডাৰ লেয়েন । কোষ্টাই গোৱাৰ সৈতে তেওঁৰ পাৰিবাৰিক সম্পৰ্কৰ কথা উল্লেখ কৰি ভাৰত-ইউৰোপৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বৰ সৈতে ইয়াক সম্পৰ্কিত কৰে ।

এসময়ত পৰ্তুগীজ উপনিবেশিক শাসনত থকা গোৱাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল এণ্টনিঅ’ কোষ্টাৰ পিতৃ । গোৱাই স্বাধীনতা লাভ কৰাৰ পিছত কোষ্টাৰ পিতৃ ১৮ বছৰ বয়সত পৰ্তুগাললৈ গুচি যায় । কোষ্টাই কয় যে সৰুতে তেওঁক “বাবুছ” বুলি মতা হৈছিল, যিটো কংকনী ভাষাৰ জনপ্ৰিয় উপনাম ।

যৌথ সংবাদমেলত কোষ্টাই কয়- “মই ইউৰোপীয় পৰিষদৰ অধ্যক্ষ, কিন্তু মই এজন অভাৰচীজ ইণ্ডিয়ান চিটিজেনো ৷” এই কথা কৈ থাকোঁতেই তেওঁ পকেটৰ পৰা অ’চিআই কাৰ্ডখন উলিয়াই সকলোকে দেখাই । তাৰ পিছত তেওঁ গোৱাৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা উল্লেখ কৰে, যাৰ বিষয়ে উপস্থিত থকা অধিকাংশ লোকেই অজ্ঞাত আছিল ।

ইয়াৰ পূৰ্বে ২০১৫ চনৰ পৰা ২০২৪ চনলৈ পৰ্তুগালৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা “লিছবনৰ গান্ধী”  খ্যাত কোষ্টাই কয় যে, “মোৰ বাবে ইয়াৰ বিশেষ অৰ্থ আছে । মোৰ গোৱা শিপাক লৈ মই অতি গৌৰৱান্বিত, য’ৰ পৰা মোৰ পিতৃৰ পৰিয়াল আহিছে । ইউৰোপ আৰু ভাৰতৰ মাজৰ সম্পৰ্কও মোৰ বাবে ব্যক্তিগত ।”

গোৱাৰ সৈতে কি সম্পৰ্ক এণ্টনিঅ’ কোষ্টাৰ ?

এই ভাৰত ভ্ৰমণে কোষ্টাৰ বাবে শৈশৱৰ বহু স্মৃতি কঢ়িয়াই আনে । ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁ পৰ্তুগালৰ প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত ভাৰত ভ্ৰমণ কৰিছিল । সেই সময়ছোৱাত তেওঁ পিতৃ অৰলেণ্ডো কষ্টা নামৰ প্ৰখ্যাত কবি আৰু ঔপন্যাসিকৰ এখন নাটকৰ ইংৰাজী অনুবাদ মুকলিৰ বাবে গোৱালৈ আহে ।

১৯৬১ চনত লিছবনত জন্মগ্ৰহণ কৰা এণ্টনিঅ’ কোষ্টা কৈশোৰ অৱস্থাত পিতৃ-মাতৃৰ সৈতে প্ৰথম গোৱা ভ্ৰমণলৈ গৈছিল । মাৰগাঁওত জন্মগ্ৰহণ কৰা কোষ্টাই জীৱনৰ এছোৱা সময় তাতেই কটায় । কোষ্টাৰ পিতৃ অৰলেণ্ডো কোষ্টা আছিল এজন সুপৰিচিত লেখক, যাৰ ৰচনাত গোৱাক স্পষ্টকৈ প্ৰতিফলিত কৰা হৈছে । ৰবীন্দ্ৰনাথ ঠাকুৰৰ ওপৰতো লিখিছিল তেওঁ ।

২০১৭ চনত গোৱা ভ্ৰমণৰ সময়ত কোষ্টাই কয় যে, “মোৰ পিতৃ লিছবনলৈ গুচি যায়, কিন্তু তেওঁ মনৰ পৰা কেতিয়াও গোৱা এৰি যোৱা নাছিল । তেওঁৰ ৰচনাত গোৱা সদায় আছিল ।”

২০০ বছৰতকৈও অধিক পুৰণি কোষ্টাৰ পূৰ্বপুৰুষৰ ঘৰটো এতিয়াও মাৰগাঁওৰ আবাদে ফাৰিয়া ৰোডত আছে, য’ত তেওঁৰ পৰিয়ালৰ আন সদস্যসকল এতিয়াও বাস কৰে । ২০১৭ চনৰ ভ্ৰমণৰ সময়ত কোষ্টাই ঘৰটো পৰিদৰ্শন কৰি আত্মীয়ক সাক্ষাৎ কৰিছিল । ৬৪ বছৰীয়া এণ্টনিঅ’ কোষ্টাক তেওঁৰ শান্ত আচৰণ আৰু কথোপকথন শৈলীৰ বাবে প্ৰায়ে “লিছবনৰ গান্ধী” বুলি কোৱা হয় ।

লগতে পঢ়ক : শান্তি আৰু নিৰাপত্তা দিয়াত ব্যৰ্থ ৰাষ্ট্ৰসংঘ; বিশ্ব সংস্থাক লৈ ভাৰতৰ বিস্ফোৰক মন্তব্য

‘মাদাৰ অব্ অল ডীলছ…’, ইতিহাস সৃষ্টিৰে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত সম্পন্ন বৃহৎ চুক্তি

ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত স্বাক্ষৰিত হৈছে মুক্ত বাণিজ্য চুক্তি । কি কি সামগ্ৰী হব সস্তা ?

ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত স্বাক্ষৰিত হৈছে মুক্ত বাণিজ্য চুক্তি (FTA) । ইয়াক “মাদাৰ অব্ অল ডীল” বুলিও কোৱা হৈছে । মঙলবাৰে দিল্লীৰ হায়দৰাবাদ হাউচত এই চুক্তি স্বাক্ষৰিত হয় । ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডাৰ লেয়েন আৰু ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ কষ্টাক প্ৰধানমন্ত্ৰী মোদীয়ে আতিথ্য প্ৰদান কৰে ।

ভন ডেৰ লেয়েনে কয় যে আজি ইউৰোপ আৰু ভাৰতে ইতিহাস ৰচনা কৰিছে । আমি এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ চুক্তি স্বাক্ষৰিত কৰিছো । তেওঁ কয়- “এয়া মাত্ৰ আৰম্ভণিহে । আমি আমাৰ কৌশলগত সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিম ।”

তেওঁ কয় যে ই ভাৰতীয় দক্ষতা, সেৱা আৰু পৰিসৰক ইউৰোপীয় প্ৰযুক্তি, পুঁজি আৰু উদ্ভাৱনৰ সৈতে একত্ৰিত কৰিব । এই চুক্তিৰ দ্বাৰা কোনো পক্ষই অকলে লাভ কৰিব নোৱাৰা বিকাশৰ সূচনা হ’ব । আমাৰ শক্তিসমূহক একত্ৰিত কৰি আমি এনে এটা সময়ত কৌশলগত নিৰ্ভৰশীলতা হ্ৰাস কৰোঁ যেতিয়া বাণিজ্যক অস্ত্ৰ হিচাপে ক্ৰমান্বয়ে ব্যৱহাৰ কৰা হৈছে ।

কি ক’লে ইউৰোপীয় পৰিষদৰ অধ্যক্ষই ?

ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ লুইছ ছান্টোছ দা কোষ্টাই কয়, “আমাৰ শীৰ্ষ সন্মিলনত আমি ইউক্ৰেইনত ইউক্ৰেইনৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সম্পূৰ্ণৰূপে সন্মান কৰা এক ব্যাপক, ন্যায়সংগত আৰু স্থায়ী শান্তিৰ প্ৰচেষ্টাক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো । এইটো এটা গুৰুত্বপূৰ্ণ মুহূৰ্ত । আমি ন্যায়সংগত আৰু স্থায়ী শান্তি লাভৰ সকলো প্ৰচেষ্টাক সমৰ্থন কৰিছো । ইউক্ৰেইনে ইয়াৰ প্ৰস্তুতি প্ৰদৰ্শন কৰিছে, আনকি এই কঠিন সময়তো ।” কোষ্টাই কয় যে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু মাল্টিলেটাৰিজিমৰ চেম্পিয়ন হিচাপে ৰাষ্ট্ৰসংঘৰ চনদৰ ওপৰত ভিত্তি কৰি আন্তঃৰাষ্ট্ৰীয় আইন ৰক্ষা কৰাৰ ইউৰোপীয় সংঘ আৰু ভাৰতৰ দায়িত্ব আছে ।’

মুক্ত বাণিজ্য চুক্তি হৈছে এক অতি উল্লেখযোগ্য চুক্তি, ইয়াক “মাদাৰ অব্ অল ডীলছ“ বুলি কোৱা হয় । ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত সম্পৰ্কৰ সামগ্ৰিক দিশ যথেষ্ট সম্প্ৰসাৰিত হ’ব, যাৰ ফলত বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ নতুন সুযোগ মুকলি হ’ব । এই চুক্তিত আনুষ্ঠানিক স্বাক্ষৰ কৰিবলৈ কমেও ছমাহ সময় লাগিব বুলি আশা কৰা হৈছে, কিয়নো ইয়াৰ বাবে দুয়োপক্ষৰ আইনী তদাৰকীৰ প্ৰয়োজন হ’ব ।

১৮ বছৰীয়া অচলাৱস্থাৰ অন্ত-

ইউৰোপীয় সংঘ আৰু ভাৰতে প্ৰথমে ২০০৭ চনত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ কৰিছিল যদিও কিছু সমস্যাৰ বাবে ২০১৩ চনত আলোচনা স্থগিত ৰখা হয় । ২০২২ চনৰ জুন মাহত পুনৰ এই আলোচনা আৰম্ভ হয় ।

ইউৰোপীয় সংঘ, এটা ব্লক হিচাপে ভাৰতীয় সামগ্ৰীৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ । ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ মুঠ সামগ্ৰীৰ বাণিজ্য ২০২৪-২৫ বিত্তীয় বৰ্ষত প্ৰায় ১৩৬ বিলিয়ন মাৰ্কিন ডলাৰ বুলি অনুমান কৰা হৈছিল, য’ত ৰপ্তানিৰ পৰিমাণ প্ৰায় ৭৬ বিলিয়ন মাৰ্কিন ডলাৰ আৰু আমদানিৰ পৰিমাণ আছিল ৬০ বিলিয়ন মাৰ্কিন ডলাৰ ।

কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বৰ জিডিপিৰ ২৫ শতাংশ আৰু বিশ্ব বাণিজ্যৰ এক তৃতীয়াংশ ইয়াতেই আছে । ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্যিক চুক্তিক মানুহে মাদাৰ অৱ অল ডীলছ বুলি অভিহিত কৰিছে । এই চুক্তিয়ে ১.৪ বিলিয়ন ভাৰতীয়ৰ লগতে ইউৰোপীয় লোকৰ বাবেও বহু সুযোগৰ সৃষ্টি কৰিব ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, বিশ্বৰ দুখন প্ৰধান অৰ্থনীতিৰ মাজত সমন্বয়ৰ এয়া এক উৎকৃষ্ট উদাহৰণ । এই চুক্তিয়ে বিশ্বৰ জিডিপিৰ ২৫ শতাংশ আৰু বিশ্ব বাণিজ্যৰ এক তৃতীয়াংশ অংশগ্ৰহণ কৰে । ভাৰত আৰু ইউৰোপীয় সংঘৰ পাৰস্পৰিক বাণিজ্য ১৮০ বিলিয়ন ডলাৰ বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে । ইউৰোপত ৮ লাখ ভাৰতীয় বাস কৰে ।

চুক্তিৰ বৃহৎ ঘোষণাঃ

-বিয়েৰৰ ওপৰত কৰ ৫০%লৈ হ্ৰাস কৰা হ’ব

-স্পিৰিট (সুৰা)ৰ ওপৰত কৰ ৪০%লৈ হ্ৰাস কৰা হ’ব

-ৱাইনৰ ওপৰত কৰ ২০% লৈ ৩০% হ্ৰাস কৰা হ’ব

-মটৰ গাড়ীৰ কৰ ১১০%ৰ পৰা ১০%লৈ হ্ৰাস কৰা হ’ব, প্ৰতি বছৰে ২.৫ লাখ বাহনৰ সীমা নিৰ্ধাৰণ কৰা হ’ব

-অলিভ অইল, মাৰ্জাৰিন আৰু ভেজিটেবল অইলৰ ওপৰত থকা কৰ সম্পূৰ্ণৰূপে নাইকিয়া হ’ব

-ফলৰ ৰস আৰু প্ৰচেছড খাদ্যৰ ওপৰত কৰ বাতিল কৰা হ’ব

-ইউৰোপীয় সংঘৰ প্ৰায় সকলো ৰাসায়নিক সামগ্ৰীৰ ওপৰত কৰ আঁতৰোৱা হ’ব

-যন্ত্ৰপাতিৰ ওপৰত ৪৪% পৰ্যন্ত কৰ বহুলাংশে আঁতৰোৱা হ’ব

-ৰাসায়নিক পদাৰ্থৰ ওপৰত ২২% পৰ্যন্ত কৰ বহুলাংশে আঁতৰোৱা হ’ব

-ঔষধৰ ওপৰত ১১% পৰ্যন্ত কৰ বহুলাংশে আঁতৰোৱা হ’ব

-প্ৰায় সকলো বিমান আৰু মহাকাশযানৰ সামগ্ৰীৰ ওপৰত কৰ বাতিল কৰা হ’ব

-ভাৰতত ইউৰোপীয় ইউনিয়নৰ ৯০%তকৈ অধিক সামগ্ৰীৰ ওপৰত কৰ বাতিল বা হ্ৰাস কৰা হ’ব

-ভাৰতে অহা দুবছৰত ইউৰোপীয় সংঘৰ সহায়ত ৫০ কোটি ইউৰো (প্ৰায় ৪৫০০ কোটি টকা) লাভ কৰিব যাতে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাত সহায়ক হয়

-ইউৰোপীয় ইউনিয়নৰ ট্ৰেডমাৰ্ক, ডিজাইন, কপিৰাইট আৰু ট্ৰেড ছিক্ৰেটসমূহে শক্তিশালী আইনী সুৰক্ষা লাভ কৰিব

-অনলাইন বাণিজ্য সুৰক্ষিত, ন্যায্য আৰু নিৰ্ভৰযোগ্য হোৱাটো নিশ্চিত কৰিবলৈ ডিজিটেল বাণিজ্যৰ বাবে এটা বিশেষ অধ্যায় থাকিব

-ইউৰোপীয় সংঘৰ সেৱা কোম্পানীসমূহে বিত্তীয় আৰু সামুদ্ৰিক সেৱাত ভাৰতত বিশেষ সুবিধা লাভ কৰিব

-বজাৰৰ উন্নত প্ৰৱেশে নতুন ব্যৱসায় আৰু নিয়োগৰ সুযোগ মুকলি কৰিব

-ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে এটা নিৰ্দিষ্ট অধ্যায় থাকিব

-কোম্পানীসমূহক বাণিজ্যৰ সুবিধা প্ৰদানৰ বাবে সহায়ক হোৱাকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ যোগাযোগ পইণ্ট স্থাপন কৰা হ’ব

লগতে পঢ়ক : গণৰাজ্য দিৱসত দেশবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ… দোহাৰিলে ‘বিকশিত ভাৰত’ৰ সংকল্প