গোৱাৰ ‘বাবুছ’ এতিয়া ইউৰোপৰ কাণ্ডাৰী, চৰ্চাত ভাৰতৰ সৈতে ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ কোষ্টাৰ সম্পৰ্ক...

গোৱাৰ ‘বাবুছ’ এতিয়া ইউৰোপৰ কাণ্ডাৰী, ভাৰতৰ সৈতে ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ কোষ্টাৰ সম্পৰ্কক লৈ চৰ্চা

গোৱাৰ পৰা ইউৰোপীয় সংঘলৈ : এণ্টনিঅ’ কোষ্টাৰ বিশেষ যাত্ৰা আৰু ভাৰতীয় সংযোগ । ইউৰোপীয় পৰিষদৰ অধ্যক্ষৰ সৈতে গোৱাৰ সম্পৰ্কৰ আঁৰৰ কাহিনী… ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্যিক চুক্তি ঘোষণাৰ সময়তে আন এক বিষয়েও তীব্ৰ চৰ্চা লাভ কৰে । ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ লুইছ ছান্টোছ দা কোষ্টাই হঠাতে নিজৰ

গোৱাৰ পৰা ইউৰোপীয় সংঘলৈ : এণ্টনিঅ’ কোষ্টাৰ বিশেষ যাত্ৰা আৰু ভাৰতীয় সংযোগ । ইউৰোপীয় পৰিষদৰ অধ্যক্ষৰ সৈতে গোৱাৰ সম্পৰ্কৰ আঁৰৰ কাহিনী…

ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্যিক চুক্তি ঘোষণাৰ সময়তে আন এক বিষয়েও তীব্ৰ চৰ্চা লাভ কৰে । ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ লুইছ ছান্টোছ দা কোষ্টাই হঠাতে নিজৰ অ’চিআই কাৰ্ড উলিয়াই ভাৰতৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্কৰ বিষয়ে কোৱাৰ পিছতে এই চৰ্চাই গতি লাভ কৰে । সেই সময়ত মঞ্চত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডাৰ লেয়েন । কোষ্টাই গোৱাৰ সৈতে তেওঁৰ পাৰিবাৰিক সম্পৰ্কৰ কথা উল্লেখ কৰি ভাৰত-ইউৰোপৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বৰ সৈতে ইয়াক সম্পৰ্কিত কৰে ।

এসময়ত পৰ্তুগীজ উপনিবেশিক শাসনত থকা গোৱাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল এণ্টনিঅ’ কোষ্টাৰ পিতৃ । গোৱাই স্বাধীনতা লাভ কৰাৰ পিছত কোষ্টাৰ পিতৃ ১৮ বছৰ বয়সত পৰ্তুগাললৈ গুচি যায় । কোষ্টাই কয় যে সৰুতে তেওঁক “বাবুছ” বুলি মতা হৈছিল, যিটো কংকনী ভাষাৰ জনপ্ৰিয় উপনাম ।

যৌথ সংবাদমেলত কোষ্টাই কয়- “মই ইউৰোপীয় পৰিষদৰ অধ্যক্ষ, কিন্তু মই এজন অভাৰচীজ ইণ্ডিয়ান চিটিজেনো ৷” এই কথা কৈ থাকোঁতেই তেওঁ পকেটৰ পৰা অ’চিআই কাৰ্ডখন উলিয়াই সকলোকে দেখাই । তাৰ পিছত তেওঁ গোৱাৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা উল্লেখ কৰে, যাৰ বিষয়ে উপস্থিত থকা অধিকাংশ লোকেই অজ্ঞাত আছিল ।

ইয়াৰ পূৰ্বে ২০১৫ চনৰ পৰা ২০২৪ চনলৈ পৰ্তুগালৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা “লিছবনৰ গান্ধী”  খ্যাত কোষ্টাই কয় যে, “মোৰ বাবে ইয়াৰ বিশেষ অৰ্থ আছে । মোৰ গোৱা শিপাক লৈ মই অতি গৌৰৱান্বিত, য’ৰ পৰা মোৰ পিতৃৰ পৰিয়াল আহিছে । ইউৰোপ আৰু ভাৰতৰ মাজৰ সম্পৰ্কও মোৰ বাবে ব্যক্তিগত ।”

গোৱাৰ সৈতে কি সম্পৰ্ক এণ্টনিঅ’ কোষ্টাৰ ?

এই ভাৰত ভ্ৰমণে কোষ্টাৰ বাবে শৈশৱৰ বহু স্মৃতি কঢ়িয়াই আনে । ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁ পৰ্তুগালৰ প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত ভাৰত ভ্ৰমণ কৰিছিল । সেই সময়ছোৱাত তেওঁ পিতৃ অৰলেণ্ডো কষ্টা নামৰ প্ৰখ্যাত কবি আৰু ঔপন্যাসিকৰ এখন নাটকৰ ইংৰাজী অনুবাদ মুকলিৰ বাবে গোৱালৈ আহে ।

১৯৬১ চনত লিছবনত জন্মগ্ৰহণ কৰা এণ্টনিঅ’ কোষ্টা কৈশোৰ অৱস্থাত পিতৃ-মাতৃৰ সৈতে প্ৰথম গোৱা ভ্ৰমণলৈ গৈছিল । মাৰগাঁওত জন্মগ্ৰহণ কৰা কোষ্টাই জীৱনৰ এছোৱা সময় তাতেই কটায় । কোষ্টাৰ পিতৃ অৰলেণ্ডো কোষ্টা আছিল এজন সুপৰিচিত লেখক, যাৰ ৰচনাত গোৱাক স্পষ্টকৈ প্ৰতিফলিত কৰা হৈছে । ৰবীন্দ্ৰনাথ ঠাকুৰৰ ওপৰতো লিখিছিল তেওঁ ।

২০১৭ চনত গোৱা ভ্ৰমণৰ সময়ত কোষ্টাই কয় যে, “মোৰ পিতৃ লিছবনলৈ গুচি যায়, কিন্তু তেওঁ মনৰ পৰা কেতিয়াও গোৱা এৰি যোৱা নাছিল । তেওঁৰ ৰচনাত গোৱা সদায় আছিল ।”

২০০ বছৰতকৈও অধিক পুৰণি কোষ্টাৰ পূৰ্বপুৰুষৰ ঘৰটো এতিয়াও মাৰগাঁওৰ আবাদে ফাৰিয়া ৰোডত আছে, য’ত তেওঁৰ পৰিয়ালৰ আন সদস্যসকল এতিয়াও বাস কৰে । ২০১৭ চনৰ ভ্ৰমণৰ সময়ত কোষ্টাই ঘৰটো পৰিদৰ্শন কৰি আত্মীয়ক সাক্ষাৎ কৰিছিল । ৬৪ বছৰীয়া এণ্টনিঅ’ কোষ্টাক তেওঁৰ শান্ত আচৰণ আৰু কথোপকথন শৈলীৰ বাবে প্ৰায়ে “লিছবনৰ গান্ধী” বুলি কোৱা হয় ।

লগতে পঢ়ক : শান্তি আৰু নিৰাপত্তা দিয়াত ব্যৰ্থ ৰাষ্ট্ৰসংঘ; বিশ্ব সংস্থাক লৈ ভাৰতৰ বিস্ফোৰক মন্তব্য