খেমেইনীৰ দ্বিতীয় পুত্ৰৰ হাতত ইৰাণৰ শাসনভাৰ, মুজতাবা খামেইনী হ’ব নতুন সৰ্বোচ্চ নেতা

মোজতাবা খেমেইনীক ইৰাণৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে

ইৰাণৰ সৰ্বোচ্চ নেতা আলী খেমেইনী ইজৰাইল আৰু আমেৰিকাৰ বিমান আক্ৰমণত মৃত্যু হৈছে । ইয়াৰ পিছতে তেওঁৰ পুত্ৰ মোজতাবা খেমেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে । চৰকাৰী সংবাদ মাধ্যমৰ মতে, ২৮ ফেব্ৰুৱাৰীত তেহৰাণত বিমান আক্ৰমণত আলী খেমেইনীৰ কাৰ্যালয়ক লক্ষ্য কৰি লোৱা হৈছিল, য’ত ৮৬ বছৰীয়া খেমেইনীৰ মৃত্যু হৈছিল । চৰকাৰে উল্লেখ কৰিছে যে এই আক্ৰমণ বিশেষভাৱে চৰকাৰী লক্ষ্যক কৰি কৰা হৈছিল ।

এই ঘটনাৰ পিছতে ইৰাণে ৪০ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰাৰ লগতে ৭ দিনৰ ৰাজহুৱা বন্ধৰ ঘোষণা কৰে । লগতে সমগ্ৰ দেশতে নিৰাপত্তা বৃদ্ধি কৰা হৈছে, বৃহৎ চহৰ আৰু চৰকাৰী ভৱনৰ বাহিৰত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ।

কোন হয় মোজতাবা খেমেইনী ?

মোজতাবা খেমেইনীৰ জন্ম হৈছিল ১৯৬৯ চনত মাছহাদ চহৰত । তেওঁ ধৰ্মীয় শিক্ষা লাভ কৰিছিল । ইৰাণ-ইৰাক যুদ্ধৰ অন্তিম পৰ্যায়ত তেওঁ ৰিভল্যুচনেৰী গাৰ্ডতো সেৱা আগবঢ়াইছিল । দীৰ্ঘদিন ধৰি তেওঁক পিতৃৰ ঘনিষ্ঠ বুলি গণ্য কৰা হৈছিল । বহু ডাঙৰ সিদ্ধান্তত তেওঁ পৰ্দাৰ আঁৰৰ ভূমিকা পালন কৰা বুলি কোৱা হয় ।

যদিও তেওঁ কেতিয়াও কোনো ডাঙৰ চৰকাৰী পদত অধিষ্ঠিত নাছিল, তথাপিও তেওঁ আছিল পিতৃৰ বিশ্বাসযোগ্য উপদেষ্টা । সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক আছে বুলি কোৱা হয় ।

২০০৯ চনৰ প্ৰতিবাদৰ সময়তো তেওঁৰ নাম চৰ্চালৈ আহিছিল । একাংশই অভিযোগ উত্থাপন কৰে যে বিক্ষোভৰ কঠোৰ দমনত তেওঁৰ ভূমিকা আছিল ।

এতিয়া তেওঁক সৰ্বোচ্চ নেতাৰ পদত অধিষ্ঠীত কৰাই দেশখনত নতুন ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰিছে । ১৯৭৯ চনৰ বিপ্লৱৰ সময়ত বংশৰ ভিত্তিত ক্ষমতা হস্তান্তৰৰ বিৰোধিতা হৈছিল । সেয়ে তেওঁৰ নিৰ্বাচনক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছে ।

এতিয়াৰ বাবে মোজতাবা খেমেইনীক সামৰিক সহযোগিতাৰ বাবে শক্তিশালী নেতা হিচাপে গণ্য কৰা হয় । আগন্তুক দিনত তেওঁৰ নেতৃত্বই দেশক কেনে দিশ লৈ যায় তাকে লৈ সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ থাকিব ।

লগতে পঢ়ক : ছুপ্ৰিম লীডাৰ আলী খেমেইনীৰ মৃত্যু, ইৰাণৰ সেনাই নিশ্চিত কৰিছে তথ্য

যুদ্ধ এতিয়া আৰম্ভ হৈছে… ট্ৰাম্পক প্ৰত্যুত্তৰ ইৰাণৰ সৰ্বোচ্চ নেতা আলী খোমেইনীৰ

ট্ৰাম্পক প্ৰত্যুত্তৰ সৰ্বোচ্চ নেতা আলী খোমেইনীৰ

ইজৰাইলৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খোমেইনীয়ে এক ডাঙৰ মন্তব্য কৰিছে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এখন ছবি পোষ্ট কৰি তেওঁ লিখিছে, “মহান হাইদৰৰ নামত যুদ্ধ আৰম্ভ হৈছে ।” হায়দৰ প্ৰায়ে আলীৰ বাবে ব্যৱহাৰ কৰা এটা নাম, যাক ছিয়া মুছলমানসকলে প্ৰথম ইমাম আৰু হজৰত মহম্মদৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা ।

ইৰাণৰ সৰ্বোচ্চ নেতাজনে নিজৰ ইংৰাজী ভাষাৰ এক্স একাউণ্টতো পোষ্ট কৰিছে । খোমেইনীয়ে লিখিছে, “আমি সন্ত্ৰাসবাদী শাসন ব্যৱস্থাক শক্তিশালী প্ৰত্যুত্তৰ দিব লাগিব । আমি কোনো দয়া প্ৰদৰ্শন নকৰো ।”

ইজৰাইল-ইৰাণৰ যুদ্ধৰ ষষ্ঠ দিনত-

বুধবাৰেও ইৰাণ আৰু ইজৰাইলে ইখনে সিখনৰ ওপৰত নতুনকৈ ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰে । ইৰাণে ইজৰাইলৰ ৰাজধানী টেল আভিভত হাইপাৰছনিক মিছাইল ফাতেহ-১ নিক্ষেপ কৰা বুলি দাবী কৰিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক বিনাচৰ্তে আত্মসমৰ্পণ কৰিবলৈ সকীয়াই দিয়াৰ পাছতো দুয়োখন দেশৰ মাজৰ আকাশী যুদ্ধই ষষ্ঠ দিনত প্ৰৱেশ কৰিছে ।

ইজৰাইলী সেনাই জনোৱা মতে, বুধবাৰে পুৱা প্ৰথম দুঘণ্টাত ইৰাণৰ ক্ষেপণাস্ত্ৰ ইজৰাইলৰ ফালে নিক্ষেপ কৰা হয় । টেল আভিভতো বিস্ফোৰণৰ শব্দ শুনা যায় ।

ইজৰাইলে তেহৰাণৰ বাসিন্দাসকলক খালী কৰিবলৈ কয় যাতে তেওঁলোকৰ বায়ুসেনাই ইৰাণৰ সামৰিক প্ৰতিষ্ঠানসমূহত আক্ৰমণ কৰিব পাৰে । ইৰাণৰ বাতৰি ৱেবছাইটসমূহে প্ৰকাশ কৰিছে যে ৰাজধানীৰ পশ্চিমে থকা তেহৰাণ আৰু কাৰাজ চহৰত বিস্ফোৰণৰ শব্দ শুনা গৈছে ।

ট্ৰাম্পে মঙলবাৰে ছ’চিয়েল মিডিয়াত সকীয়াই দিছিল যে আমেৰিকাৰ ধৈৰ্য্য শেষ হৈ গৈছে । তেওঁ কয় যে ইৰাণৰ সৰ্বোচ্চ নেতাক “এতিয়াই” হত্যা কৰাৰ কোনো উদ্দেশ্য নাই, কিন্তু তেওঁৰ মন্তব্যই ইৰাণৰ প্ৰতি অধিক আক্ৰমণাত্মক পন্থাৰ ইংগিত দিয়ে কাৰণ তেওঁ আমেৰিকাৰ জড়িততা গভীৰ কৰিব নে নকৰে সেই বিষয়ে বিবেচনা কৰিছে ।

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খোমেইনীৰ কথা উল্লেখ কৰি তেওঁ ট্ৰুথ ছ’চিয়েলত লিখিছে যে তথাকথিত ‘সৰ্বোচ্চ নেতা’ ক’ত লুকাই আছে আমি সঠিকভাৱে জানো । “আমি তেওঁক হত্যা কৰা নাই, অন্ততঃ এতিয়া নহয়… আমাৰ ধৈৰ্য্য শেষ হৈ গৈ আছে ।”

লগতে পঢ়ক : ইৰাণৰ আকাশমাৰ্গত আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ