ভাৰতক লৈ ড’নাল্ড ট্ৰাম্পৰ বৃহৎ সিদ্ধান্ত… বন্ধ কৰিলে ২১ মিলিয়ন ডলাৰৰ সাহাৰ্য

ভাৰতত ভোটাৰৰ হাৰ বৃদ্ধিৰ বাবে আমেৰিকাই ২ কোটি ১০ লাখ ডলাৰ প্ৰদান কৰি আহিছিল । শেহতীয়াকৈ ট্ৰাম্প প্ৰশাসনৰ চৰকাৰী দক্ষতা বিভাগে এই পুঁজি বাতিল কৰিছে, যিটো পুঁজি এতিয়া ড’নাল্ড ট্ৰাম্পেও সমৰ্থন কৰে । ইয়াৰ বাহিৰেও ট্ৰাম্পে ভাৰতত ইমান বৃহৎ পৰিমাণৰ ধন দিয়াৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে । ফ্ল’ৰিডাত থকা মাৰ-এ-লাগো বাসগৃহত ট্ৰাম্পে এই প্ৰশ্ন উত্থাপন কৰে যে ভাৰতৰ হাতত ইতিমধ্যে বহু ধন থকাৰ সময়ত ভাৰতক কিয় ২ কোটি ১০ লাখ ডলাৰ (১৮২ কোটি টকা) দিয়া হয় । উল্লেখ্য যে, বহু দেশত চলি থকা US Aid কাৰ্যসূচী বন্ধ কৰি দিছে আমেৰিকা চৰকাৰে ।

ড’নাল্ড ট্ৰাম্পে কয়, ‘আমি কিয় ভাৰতক ২ কোটি ১০ লাখ ডলাৰ দিছো ?  ইতিমধ্যে তেওঁলোকৰ হাতত বহুত টকা আছে । বিশেষকৈ আমাৰ বাবে তেওঁলোক বিশ্বৰ ভিতৰতে সৰ্বাধিক কৰ আদায় কৰা দেশসমূহৰ ভিতৰত অন্যতম । আমি তাত প্ৰায়েই উপনীত হ’ব নোৱাৰো কাৰণ তেওঁলোকৰ শুল্ক বহুত বেছি । ভাৰত আৰু দেশখনৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, কিন্তু ভাৰতত ভোটাৰৰ ভোটদানৰ বাবে ২ কোটি ১০ লাখ ডলাৰ কিয় ?  আমাৰ দেশত ভোটাৰৰ ভোটদানৰ কথা কি ক’ব ?’ এই বিবৃতিত ট্ৰাম্পে ভাৰতে আৰোপ কৰা শুল্কৰ বিষয়টোও উত্থাপন কৰে ।

ক’ৰ পৰা আৰম্ভ হ’ল এই বিতৰ্ক ?

এই সমগ্ৰ বিতৰ্ক আৰম্ভ হৈছিল যেতিয়া আমেৰিকাৰ চৰকাৰী দক্ষতা বিভাগে (DOGE) ১৬ ফেব্ৰুৱাৰীত ২ কোটি ১০ লাখ ডলাৰৰ অনুদান বাতিল কৰিছিল । এক্সৰ এটা পোষ্টত ড’জে কেইবাটাও বিদেশী সাহায্য কাৰ্যসূচীক সমালোচনা কৰি অপ্ৰয়োজনীয় আৰু অত্যধিক বুলি অভিহিত কৰে, যাৰ শীৰ্ষত আছিল ভাৰতৰ ভোটাৰ ভোটদানৰ প্ৰকল্প । ড’জৰ বিবৃতিত কোৱা হৈছে যে, ‘আমেৰিকান কৰদাতাৰ ডলাৰ তলত উল্লেখ কৰা কামবোৰত ব্যয় কৰিব লাগিছিল, যিবোৰ এতিয়া বাতিল কৰা হৈছে ।’ কেৱল ভাৰততে নহয়, বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি শক্তিশালী কৰিবলৈ ২৯ মিলিয়ন ডলাৰ, নেপালত ৩৯ মিলিয়ন ডলাৰ ব্যয় কৰাৰ কথা চৰ্চা হৈছে ।

একাষৰীয়া জেলেনস্কি…ইউক্ৰেইন যুদ্ধ বিৰতিৰ বাবে ছৌদিত আৰম্ভ হ’ল আমেৰিকা আৰু ৰাছিয়াৰ আলোচনা

ইউক্ৰেইন যুদ্ধক লৈ ছৌদি আৰৱত বৈঠকত মিলিত হৈছে আমেৰিকা আৰু ৰাছিয়াৰ বিষয়া । মঙলবাৰে ৰিয়াধত অনুষ্ঠিত হোৱা বৈঠকত ৰাছিয়াক প্ৰতিনিধিত্ব কৰে বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৈদেশিক নীতি উপদেষ্টা ইউৰি উছাকোভে । আমেৰিকাৰ হৈ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজ আৰু পশ্চিম এছিয়াৰ বাবে ড’নাল্ড ট্ৰাম্পৰ বিশেষ দূত ষ্টিভ উইটকফ উপস্থিত থাকে । ইউক্ৰেইনক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই, যাৰ বাবে ইউৰোপে উদ্বেগ প্ৰকাশ কৰিছে ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ছৌদি আৰৱত এই বৈঠকখন ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণৰ তিনি বছৰৰ পিছত অনুষ্ঠিত হৈছে । শান্তি চুক্তিত আমেৰিকাৰ ভূমিকাৰ বাবে ইয়াক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । শেহতীয়াকৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত হোৱা ফোন বাৰ্তালাপৰ পিছতে আমেৰিকাৰ বিদেশ মন্ত্ৰালয় আৰু ৰাছিয়াৰ বিষয়াসকলৰ মাজত এই আলোচনা চলি আছে । ফোনত দুয়োজন নেতাই শীঘ্ৰেই ইউক্ৰেইন সন্দৰ্ভত শান্তি আলোচনা আৰম্ভ কৰিবলৈ সন্মত হয় ।

ইউৰোপ আৰু ইউক্ৰেইনৰ উদ্বেগ-

এই বৈঠকৰ দুটা পক্ষ ৰাছিয়া আৰু আমেৰিকা আৰু মধ্যস্থতাকাৰীৰ ভূমিকাত চৌদি আৰৱ । ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ অন্ত পেলোৱাৰ লক্ষ্যৰে এই আলোচনা অনুষ্ঠিত কৰা হৈছে যদিও এই আলোচনালৈ ইউক্ৰেইনক আমন্ত্ৰণ জনোৱা হোৱা নাই । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সোমবাৰে কয় যে কিয়েভে অংশগ্ৰহণ নকৰিলে তেওঁৰ দেশখনে বৈঠকৰ ফলাফল মানি নলয় ।

ইউৰোপীয় সংঘকো আলোচনাত অন্তৰ্ভুক্ত কৰা হোৱা নাই । ইউৰোপীয় নেতাসকলে ইয়াৰ ওপৰত আপত্তি জনাইছে আৰু যিকোনো শান্তি আলোচনাত তেওঁলোকৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ন্যায্য আৰু স্থায়ী শান্তিৰ বাবে তেওঁলোকৰ উপস্থিতি প্ৰয়োজনীয় বুলিও কয় । ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে নিজৰ বিবৃতিত কয় যে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত স্থায়ী শান্তিৰ বাবে আমেৰিকাৰ নিৰাপত্তাৰ নিশ্চয়তা প্ৰয়োজনীয় ।

ট্ৰাম্পে সলনি কৰিছে নীতি-

এই বৈঠকখন গুৰুত্বপূৰ্ণ কাৰণ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত আমেৰিকাৰ ৰাছিয়াক পৃথক কৰাৰ নীতিৰ পৰিৱৰ্তন হৈছে । ইয়াৰ পূৰ্বে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰাৰ পিছত আমেৰিকাই ইউক্ৰেইনক পৃথক কৰিবলৈ চেষ্টা কৰিছিল । এতিয়া দুয়োখন দেশৰ শীৰ্ষ বিষয়া আছে । এই কথোপকথনে ড’নাল্ড ট্ৰাম্প আৰু ভ্লাদিমিৰ পুটিনৰ মাজত বৈঠকৰ পথো মুকলি কৰিব পাৰে ।

পুটিনৰ বৈদেশিক নীতি উপদেষ্টা উছাকোভে কয় যে এই আলোচনা সম্পূৰ্ণ দ্বিপাক্ষিক । ইয়াৰ ভিতৰত ইউক্ৰেইনৰ বিষয়াসকলো অন্তৰ্ভুক্ত নহয় । অৱশ্যে ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনক আলোচনাত অন্তৰ্ভুক্ত কৰি ৰখাৰ আশ্বাস দিছে । কিন্তু ৰাছিয়া আৰু আমেৰিকাই যি ধৰণে আলোচনা কৰি আছে, সেইটোৱে ইউৰোপ আৰু ইউক্ৰেইনক চিন্তিত কৰি তুলিছে । ইউৰোপীয় দেশ আৰু ইউক্ৰেইনৰ অসন্তুষ্টিয়ে নাটোৰ ভৱিষ্যতত প্ৰভাৱ পেলাব বুলিও বহু বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে ।

জৰ্জিয়াৰ পৰা ভাৰ্জিনিয়ালৈ…  আকস্মিক বানত আমেৰিকাত হাহাকাৰ পৰিস্থিতি

আমেৰিকাৰ কেন্টাকি আৰু জৰ্জিয়াত হোৱা ভয়াৱহ ধুমুহাৰ ফলত কমেও ৯ জন লোকৰ মৃত্যু হয় । ৰাজ্যখনত ধুমুহা আৰু বানৰ ফলত ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জৰ্জিয়াত এজন লোকে প্ৰাণ হেৰুৱাইছে ।

গৱৰ্ণৰ এণ্ডি বেশ্বিয়াৰে কয় যে জৰুৰীকালীন দলসমূহে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । ২৪ ঘণ্টাৰো অধিক সময়ত উদ্ধাৰ কৰা হৈছে ১০০০ৰো অধিক লোকক । তেওঁ এই ধুমুহাক যোৱা দশকৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ বুলি অভিহিত কৰিছে ।

বিদ্যুৎ আৰু পানী যোগান কৰ্তন-

এক প্ৰতিবেদন অনুসৰি ধুমুহাৰ ফলত ৩৯ হাজাৰ ঘৰৰ বিদ্যুৎ আৰু পানী যোগান বিচ্ছিন্ন হৈছে । এই প্ৰাকৃতিক দুৰ্যোগৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে ভাইৰেল হৈ আছে । এই ভিডিঅ’ত বানত ডুব যোৱা যান-বাহন, ঘৰ বাগৰি পৰা গছ-গছনি দেখা গৈছে।

মানুহক পথৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়া হৈছে-

মানুহক সকীয়াই দি গৱৰ্ণৰ এণ্ডি বেশ্বিয়াৰে কয় যে এই সময়ত সকলোৱে ৰাস্তাৰ পৰা আঁতৰি থাকিব লাগে । প্ৰচণ্ড বতাহৰ বাবে বিদ্যুৎ কৰ্তন হৈছে । তেওঁ কয় যে গাড়ী পানীত আবদ্ধ হৈ পৰাৰ বাবে বহু লোকৰ মৃত্যু হৈছে । বতৰ বিজ্ঞানীসকলৰ মতে, কেন্টাকি আৰু টেনেচিৰ বৰষুণৰ বাবে পৰিস্থিতি অধিক বেয়া হৈ পৰিছে ।  

ৰাজ্যখনক দুৰ্যোগগ্ৰস্ত বুলি ঘোষণা-

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এণ্ডি বেশ্বিয়াৰে মানুহক সাৱধান হ’বলৈ আহ্বান জনাই কয় যে, “এই সময়ত ৩০০ৰো অধিক পথ বন্ধ হৈ আছে । পূব দিশত খহনীয়া আৰু পশ্চিম দিশত বৰফ পৰিব পাৰে । এই সময়ত যাত্ৰা নকৰিব আৰু সুৰক্ষিত থাকক ।”

তেওঁ কয় যে মৃত্যু হোৱাসকলৰ মাজত এটি শিশুও আছে । ইফালে ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰাজ্যখনক দুৰ্যোগ ঘোষণা কৰিছে । ইয়াৰ পিছত ফেডাৰেল ইমাৰ্জেন্সি মেনেজমেণ্ট এজেন্সীয়ে সমগ্ৰ ৰাজ্যখনত সাহায্যৰ কাম আৰম্ভ কৰাৰ কৰ্তৃত্ব লাভ কৰিছে ।

বিতাড়িত ভাৰতীয়ক কঢ়িয়াই অনা তৃতীয়খন বিমান অমৃতসৰত অৱতৰণ, ১১২ জন অবৈধ অনুপ্ৰৱেশকাৰীক উভতালে আমেৰিকাই

ভাৰতত উপস্থিত হৈছে আমেৰিকাৰ বায়ুসেনাৰ আন এখন বিমান RCH869 । অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে । এই বিমানখনত ১১২ জন অবৈধ অনুপ্ৰৱেশকাৰী আছিল, যিসকলক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছে । ড’নাল্ড ট্ৰাম্প প্ৰশাসনে অবৈধ অনুপ্ৰৱেশৰ দমনৰ অংশ হিচাপে বিতাড়িত কৰা এনে ভাৰতীয়ৰ এয়া তৃতীয়টো গোট । এই বেচত সূত্ৰই পূৰ্বে জনাইছিল যে ১৫৭ জন অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে বিমানখন ভাৰতত উপস্থিত হ’ব যদিও আপডেট কৰা তালিকাত এই সংখ্যা আছিল ১১২ জন ।

শেহতীয়াকৈ শনিবাৰে গভীৰ নিশা অমৃতসৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১১৬ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ আন এখন আমেৰিকান বিমান অৱতৰণ কৰে । চি-১৭ বিমানখন নিশা ১০ বজাৰ পৰিৱৰ্তে নিশা ১১.৩৫ বজাত বিমানবন্দৰত অৱতৰণ কৰে । ইয়াৰ পূৰ্বে এই দ্বিতীয়টো বেচত ১১৯ জন অনুপ্ৰৱেশকাৰী থাকিব বুলি খবৰ ওলাইছিল যদিও যাত্ৰীৰ আপডেট কৰা তালিকা অনুসৰি দ্বিতীয়টো বেচত বিতাড়িত লোকৰ সংখ্যা আছিল ১১৬ জন ।

অবৈধ অনুপ্ৰৱেশকাৰীৰ দ্বিতীয়টো গোটত পঞ্জাৱৰ ৬৫ জন, হাৰিয়ানাৰ ৩৩ জন, গুজৰাটৰ পৰা ৮ জন, উত্তৰ প্ৰদেশ, গোৱা, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ পৰা ২ জনকৈ আৰু হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ এজনকৈ আছিল । সূত্ৰ অনুসৰি ইয়াৰে অধিকাংশৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰৰ ।

৫ ফেব্ৰুৱাৰীত ১০৪ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ আমেৰিকাৰ সামৰিক বিমান অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে । ইয়াৰে ৩৩ জনকৈ হাৰিয়ানা আৰু গুজৰাটৰ, ৩০ জন পঞ্জাৱৰ । বহিঃৰাষ্ট্ৰলৈ বিতাড়িত অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ দ্বিতীয়টো গোটৰ পৰিয়ালৰ সদস্যসকলে স্তম্ভিত হৈ পৰে, তেওঁলোকৰ বহুতেই দাবী কৰে যে তেওঁলোকে নিজৰ কৃষিভূমি আৰু গৰু-ম’হ বন্ধকত ৰাখি ধন সংগ্ৰহ কৰি উন্নত ভৱিষ্যতৰ বাবে বিদেশলৈ পঠিয়াইছিল ।

আমেৰিকা ভ্ৰমণলৈ ওলাল প্ৰধানমন্ত্ৰী মোদী…সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি ট্ৰাম্পক, কি কি বিষয়ত হ’ব আলোচনা ?

ফ্ৰান্স ভ্ৰমণৰ পিছত ১৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিব, য’ত তেওঁ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব । এই বৈঠকত বাণিজ্য, নিৰাপত্তা, প্ৰতিৰক্ষা সহযোগিতা আৰু ভিছা নীতিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

ট্ৰাম্প পুনৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণ । এই ভ্ৰমণৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ আছে, কিয়নো দুয়োখন দেশে কৌশলগত আৰু অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিব পাৰে ।

প্ৰধানমন্ত্ৰী মোদীৰ দশম আমেৰিকা ভ্ৰমণ-

প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ’ব তেওঁৰ দশম আমেৰিকা ভ্ৰমণ । ২০১৪ চনৰ পৰা মোদীয়ে বাৰাক ওবামা, ড’নাল্ড ট্ৰাম্প আৰু জো বাইডেনক সাক্ষাৎ কৰি আহিছে । এতিয়া ট্ৰাম্প পুনৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত হোৱাইট হাউছত দুয়োগৰাকী নেতাৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব ।

মূল আলোচনাৰ বিষয়সমূহ-

১/ অবৈধ প্ৰব্ৰজনকাৰীক ভাৰতলৈ ঘূৰাই অনা-

আমেৰিকাই অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিয়াইছে, য’ত ভাৰতীয় নাগৰিকো আছে । ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে যে ভাৰতে নিজৰ নাগৰিকক ঘূৰাই ল’বলৈ সাজু । কিন্তু ভাৰতীয় নাগৰিকক হেণ্ডকাফত পঠিওৱা পদ্ধতিয়ে ভাৰতত বিতৰ্কৰ সৃষ্টি কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে এই বিষয়ত ট্ৰাম্পৰ সৈতে আলোচনা কৰিব যাতে ভৱিষ্যতে ভাৰতীয় নাগৰিকক সন্মানজনকভাৱে উভতাই পঠিওৱা হয় ।

২/ শুল্ক আৰু আমদানি শুল্ক-

ট্ৰাম্প প্ৰশাসনে বহু দেশৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰিছে যদিও ভাৰতে এতিয়ালৈকে ইয়াৰ পৰা ৰেহাই লাভ কৰিছে । এই ভ্ৰমণত শুল্ক আৰু বাণিজ্যিক শুল্ক সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা আছে ।

৩/ দ্বিপাক্ষিক বাণিজ্য-

আমেৰিকা ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ । ভাৰত-আমেৰিকাৰ বাণিজ্যত আমেৰিকাৰ অংশীদাৰিত্ব ১০.৭৩% । এই ভ্ৰমণৰ সময়ত বাণিজ্যিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে চুক্তি স্বাক্ষৰিত হ’ব পাৰে ।

৪/ প্ৰতিৰক্ষা সহযোগিতা-

ভাৰতে আমেৰিকাৰ পৰা পি-৮আই নিৰীক্ষণ বিমান ক্ৰয়ৰ চুক্তিৰ ওপৰত চকু ৰাখিছে । এই চুক্তিয়ে ভাৰতৰ নিৰাপত্তা আৰু প্ৰতিৰক্ষা সামৰ্থ্য শক্তিশালী কৰিব । ভাৰত-প্ৰশান্ত মহাসাগৰীয় কৌশল আৰু QUAD অংশীদাৰিত্ব সন্দৰ্ভতো দুয়োগৰাকী নেতাৰ মাজত আলোচনা হ’ব ।

৫/ ভিছা আৰু ইমিগ্ৰেচন নীতি-

ভাৰতীয় আই টি পেছাদাৰীসকলৰ বাবে এইচ-১বি ভিছা নীতি উন্নত কৰাৰ বিষয়ে আলোচনা হ’ব পাৰে । আমেৰিকাত ভাৰতীয় প্ৰৱাসীৰ অৱস্থা উন্নত কৰাৰ বাবেও আলোচনা হ’ব ।

৬/ ভাৰত-পূব ইউৰোপ অৰ্থনৈতিক কৰিডৰ-

এই প্ৰকল্পই ইউৰোপ আৰু এছিয়াৰ মাজত বাণিজ্যিক যোগাযোগ বৃদ্ধিত সহায় কৰিব । এই কৰিডৰ সন্দৰ্ভত ভাৰত আৰু আমেৰিকাই পাৰস্পৰিক সহযোগিতা আৰু অধিক শক্তিশালী কৰিব পাৰে ।

উল্লেখ্য যে শুল্ক, ভিছা নীতি আৰু প্ৰবাসী ভাৰতীয়ৰ বিষয়ত ট্ৰাম্প প্ৰশাসনৰ স্থিতি ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হ’ব । ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা আৰু বাণিজ্যিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে ।

১২ টা দিনৰ ভিতৰত চতুৰ্থটো দুৰ্ঘটনা ; ৰানৱেত ৰৈ থকা বিমানত খুন্দা ব্যক্তিগত জেটৰ

আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। যোৱা ১২ দিনত এইটো চতুৰ্থটো বিমান দুৰ্ঘটনা।

বিমান বন্দৰৰ বিষয়াসকলে কৈছিল যে এৰিজোনাৰ স্কটছডেল বিমানবন্দৰত এখন বিমানৰ সৈতে ব্যক্তিগত জেটৰ সংঘৰ্ষ হয়। য’ত এজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন আহত হৈছে।দুৰ্ঘটনাটোৰ পিছত ৰানৱে বন্ধ কৰি দিয়া হয়।

জানিব পৰা মতে এখন ব্যক্তিগত জেট ৰানৱেত অৱতৰণ কৰাৰ সময়তেই ৰখাই থোৱা গাল্ফষ্ট্ৰীম ২০০ জেটৰ সৈতে সংঘৰ্ষ হৈছিল।

সন্দেহ কৰা হৈছে যে আহি থকা জেটখনৰ প্ৰাথমিক লেণ্ডিং গিয়েৰ বিফল হোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হৈছিল।জানিব পৰা মতে জেটখন টেক্সাচৰ পৰা আহিছিল আৰু  বিমানখনত চাৰিজন লোক আছিল।

ইজৰাইলী বন্দীসকলক মুকলি নকৰাৰ বাবে হামাসক ভাবুকি ট্ৰাম্পৰ;’ শনিবাৰৰ ভিতৰত মুকলি নকৰিলে খুলি দিয়া হ’ব নৰকৰ দুৱাৰ…’

ইজৰাইল আৰু হামাসৰ মাজত যুদ্ধবিৰতি চলি আছে।এই যুদ্ধবিৰতিৰ অধীনত, হামাছে নিৰন্তৰভাৱে ইজৰাইলী বন্দীসকলক মুকলি কৰি আহিছে।

কিন্তু এতিয়া হামাছে ইজৰাইলৰ বিৰুদ্ধে এই যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে। হামাসে কৈছে যে তেওঁলোকে বন্দীসকলৰ মুক্তি বন্ধ কৰিব পাৰে, যাক লৈ এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সতৰ্ক কৰি দিছে।

ট্ৰাম্পে হামাসক স্পষ্টকৈ কৈছিল যে যদি গাজাৰ বন্দী হৈ থকা সকলো লোকক শনিবাৰৰ আবেলিৰ ভিতৰত মুকলি কৰা নহয়, তেন্তে তেওঁ ইজৰাইল-হামাস যুদ্ধবিৰতি সমাপ্ত কৰিবলৈ আৰু হামাসক নিৰ্মূল কৰাৰ প্ৰস্তাৱ দিব।

ওভাল অফিচত বক্তব্য ৰাখি, ডনাল্ড ট্ৰাম্পেও কৈছিল যে যদি জৰ্ডান আৰু ইজিপ্তে গাজাৰ পৰা ফিলিস্তিনি শৰণাৰ্থী সকলক ল’বলৈ অস্বীকাৰ কৰে, তেন্তে তেওঁ তেওঁলোকৰ সহায় বন্ধ কৰিব পাৰে।

দিনটোৰ আৰম্ভণিতে তেওঁ কয় যে প্ৰস্তাৱিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত অধিগ্ৰহণ পৰিকল্পনাৰ অধীনত ফিলিস্তিনিসকলৰ গাজালৈ উভতি অহাৰ অধিকাৰ নাথাকিব।

হামাছে কৰা ঘোষণাৰ পিছত ট্ৰাম্পে এই মন্তব্য কৰিছিল , য’ত হামাছে পিছৰ নিৰ্দেশনা লৈকে ইজৰাইলী বন্দী হৈ থকা সকলৰ মুকলিৰ বাবে বাধা আৰোপ কৰিছিল।

সন্ত্ৰাসবাদী সংগঠনটোৱে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু তেওঁলোকে চিন্তা কৰিছে যে যুদ্ধ আকৌ আৰম্ভ হ’ব পাৰে।

হামাছে কৈছে যে তেওঁলোকে এই সিদ্ধান্ত পিছৰ বন্দী সকলক মুকলি কৰি দিয়াৰ ৫ দিন পূৰ্বে লৈছিল, যাতে মধ্যস্থতাকাৰীসকলে ইজৰাইলক ইয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আৰু সময়মতে মুক্তি নিশ্চিত কৰিবলৈ হেঁচা দিবলৈ সময় থাকে।

দিয়া হৈছিল যুদ্ধ বন্ধৰ নিৰ্দেশনা ; ইজৰাইলক ট্ৰাম্পে বিক্ৰী কৰিব কোটি টকীয়া বোমা, মিছাইল আৰু অস্ত্ৰ

আমেৰিকাই অতি সোনকালে ইজৰাইলক কোটি কোটি টকাৰ অস্ত্ৰ, মিছাইল আৰু বোমা বিক্ৰী কৰিবলৈ ওলাইছে।এই কথা শুক্ৰবাৰে, আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা কৰিছিল।

মন কৰিবলগীয়া যে বিক্ৰী অনুমোদন লাভ কৰা এই আমেৰিকাত নিৰ্মিত অস্ত্ৰসমূহে ইতিমধ্যে গাজাত গুৰুত্বপূৰ্ণ ধ্বংসৰ সৃষ্টি কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সুৰক্ষা সহযোগিতা সংস্থাৰ (ডিএছচিএ) মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে প্ৰায় ৬ বিলিয়ন ডলাৰৰ বোমা, নিৰ্দেশনা কিট আৰু ফিউজ বিক্ৰী কৰাৰ লগতে ৬০০ নিযুত ডলাৰ মূল্যৰ হেলফায়াৰ মিছাইল বিক্ৰীৰ বাবে স্বাক্ষৰ কৰিছে।

বোমা বিক্ৰী সন্দৰ্ভত ডিএছচিএ-ৰ দ্বাৰা এক বিবৃতি জাৰি কৰা হৈছে। য’ত কোৱা হৈছে যে বোমাৰ এই প্ৰস্তাৱিত বিক্ৰীয়ে বৰ্তমান আৰু ভৱিষ্যতৰ ভাবুকিৰ মোকাবিলা কৰাৰ বাবে ইজৰাইলৰ সামৰ্থ্য বৃদ্ধি কৰিব।

ই ইজৰাইলৰ মাতৃভূমিৰ প্ৰতিৰক্ষা শক্তিশালী কৰিব আৰু আঞ্চলিক ভাবুকিৰ মোকাবিলা কৰাত সহায় কৰিব।বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে যে মিছাইল বিক্ৰী কৰিলে ইজৰাইলৰ বায়ু সেনাৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব, যাৰ ফলত ইজৰাইলৰ সীমা শক্তিশালী হ’ব।

ই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু মুখ্য জনসংখ্যা কেন্দ্ৰসমূহত নিৰাপত্তাৰ প্ৰতি বৰ্তমান আৰু ভৱিষ্যতৰ ভাবুকিৰ মোকাবিলা কৰাত সহায় কৰিব।

ই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু মুখ্য জনসংখ্যা কেন্দ্ৰসমূহত নিৰাপত্তাৰ প্ৰতি বৰ্তমান আৰু ভৱিষ্যতৰ ভাবুকিৰ মোকাবিলা কৰাত সহায় কৰিব।হামাছৰ আক্ৰমণৰ প্ৰতিবাদত ইজৰাইলে গাজাত বহু ধ্বংসৰ সৃষ্টি কৰিছিল।

এই সময়ছোৱাত গাজাৰ প্ৰায় সমগ্ৰ জনসংখ্যাই স্থানচ্যুত হৈছিল।সেই সময়ত, সাধাৰণ লোকৰ মৃত্যু সন্দৰ্ভত, তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ইজৰাইললৈ ২,০০০ পাউণ্ডৰ বোমাৰ সহায় বন্ধ কৰি দিছিল। এতিয়া, ট্ৰাম্পে ক্ষমতালৈ উভতি অহাৰ লগে লগে বোমাৰ চালান পুনৰ আৰম্ভ কৰিছে

 

নিৰ্বাসিত লোকসকলক যাতে দুৰ্ব্যৱহাৰ কৰা নহয় তাৰ বাবে ট্ৰাম্প চৰকাৰৰ সৈতে আছে যোগাযোগ…ৰাজ্যসভাত জয়শংকৰৰ উত্তৰ

আমেৰিকাৰ পৰা নিৰ্বাসিত অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ ৰাজ্যসভাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এটা বিবৃতি দিয়ে । ইয়াৰ মাজতে তেওঁ কয় যে যদিহে তেওঁলোকে অবৈধভাৱে বহিঃৰাষ্ট্ৰত বাস কৰা বুলি জনা যায় তেন্তে তেওঁলোকৰ নাগৰিকক ঘূৰাই লোৱাটো সকলো দেশৰ দায়িত্ব । আমি আমেৰিকা চৰকাৰৰ সৈতে আলোচনা কৰি আছো যাতে বিতাড়িতসকলৰ প্ৰতি যাতে কোনো ধৰণৰ দুৰ্ব্যৱহাৰ নহয় ।

জয়শংকৰে কয়, ‘সদনে প্ৰশংসা কৰিব যে আমাৰ গুৰুত্ব অবৈধ প্ৰব্ৰজন উদ্যোগৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা লোৱাৰ ওপৰত । এনেকুৱা হ’ব লাগে । বিতাড়িতসকলে প্ৰদান কৰা তথ্যৰ ওপৰত আধাৰিত কৰি, আইন প্ৰৱৰ্তনকাৰী সংস্থাবোৰে এজেণ্ট আৰু এনে সংস্থাবোৰৰ বিৰুদ্ধে প্ৰয়োজনীয়, প্ৰতিৰোধমূলক আৰু দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব ।’

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে বৃহস্পতিবাৰে ৰাজ্যসভাত কয় যে যদি তেওঁলোকে বিদেশত অবৈধভাৱে বাস কৰা দেখা যায় তেন্তে তেওঁলোকৰ নাগৰিকসকলক ঘূৰাই লোৱাটো সকলো দেশৰ দায়িত্ব । এই নীতি কেৱল এখন দেশৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় । প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়া নতুন নহয়; এয়া বহু বছৰ ধৰি চলি আহিছে ।

জয়শংকৰে কয় যে, “বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে ঘূৰি অহা প্ৰতিজন ব্যক্তিৰ সৈতে বহি (আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়) জানক যে, তেওঁলোকে কেনেকৈ আমেৰিকালৈ গৈছিল, কোন এজেণ্ট আছিল আৰু আমি কেনেকৈ সাৱধানতা অৱলম্বন কৰিব পাৰো যাতে পুনৰ এনেকুৱা নহয় ।”

কংগ্ৰেছৰ সাংসদ ৰনদীপ সিং সুৰজেৱালাৰ এক প্ৰশ্নৰ উত্তৰত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, ‘আমি জানো যে কালি ১০৪জন লোক ঘূৰি আহিছে । আমি তেওঁলোকৰ ৰাষ্ট্ৰীয়তা নিশ্চিত কৰিছো । আমি এয়া এটা নতুন বিষয় বুলি ভবা উচিত নহয় । এয়া এনে এটা বিষয় যি আগতেও ঘটিছে । বিদেশত অবৈধভাৱে বাস কৰা দেখা গ’লে সকলো দেশৰে নিজৰ নাগৰিকক ঘূৰাই লোৱাৰ বাধ্যবাধকতা আছে । বিতাড়নৰ প্ৰক্ৰিয়াটো নতুন নহয় ।‘

জয়শংকৰে সদনৰ সন্মুখত আমেৰিকাৰ পৰা ভাৰতলৈ এতিয়ালৈকে বিতাড়িত হোৱা লোকৰ পৰিসংখ্যাও দাখিল কৰে । তেওঁ কয় যে ২০০৯ চনত ৭৩৪ জন, ২০১০ চনত ৭৯৯ জন, ২০১১ চনত ৫৯৭ জন আৰু ২০১২ চনত ৫৩০ জন ভাৰতীয়ক বিতাড়িত কৰা হৈছে । ২০২৪ চনলৈকে তেওঁ এই সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰিছিল ।