ইৰাণৰ সৈতে পাৰমাণৱিক শান্তি চুক্তিৰ প্ৰস্তাৱ আমেৰিকাৰ ; ট্ৰাম্পে দিছে সতৰ্কবাণী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে পাৰমাণৱিক শান্তি চুক্তি কৰাৰ প্ৰস্তাৱ দিছে। কিন্তু তাৰ লগতে সকীয়াই দিছে যে যদি ইৰাণে সন্মতি নিদিয়ে ইয়াৰ পৰিণাম মাৰাত্মক বুলি প্ৰমাণিত হ’ব

ৰাষ্ট্ৰপতি ট্ৰাম্পে এক কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিছে। এই নিৰ্দেশৰ অধীনত আমেৰিকাৰ কোষাগাৰ বিভাগক ইৰাণৰ ওপৰত কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত ট্ৰাম্পে জোৰ দি কৈছিল যে তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে ইৰাণক পাৰমাণৱিক অস্ত্ৰ লাভ কৰাত বাধা দিয়া। 

ইৰাণৰ সৈতে জড়িত কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰাৰ সময়ত ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে মই ইৰাণক ক’ব বিচাৰো যে মই এটা ডাঙৰ চুক্তি কৰিব বিচাৰো।

এনে এখন চুক্তি যাৰ দ্বাৰা তেওঁলোকে নিজৰ জীৱনটো আগুৱাই নিব পাৰিব।" ট্ৰাম্পে স্পষ্টভাৱে কয় যে ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে, যদি এনেকুৱা হয় তেন্তে ইয়াৰ বাবে ই অতি দুৰ্ভাগ্যজনক বুলি প্ৰমাণিত হ'ব। 

উল্লেখ্য যে ২০১৮ চনৰ মে’ মাহত তেওঁৰ প্ৰথম কাৰ্যকালত ট্ৰাম্পে ইৰাণৰ সৈতে হোৱা পাৰমাণৱিক চুক্তিৰ পৰা আমেৰিকাক একপক্ষীয় বুলি অভিহিত কৰি প্ৰত্যাহাৰ কৰিছিল। 

চুক্তিখনৰ পৰা ওলাই অহাৰ লগে লগে ট্ৰাম্পে ইৰাণৰ ওপৰত নিজৰ হেঁচা কৌশল তীব্ৰতৰ কৰি তুলিলে য’ত বহু দাবীও আছিল।

এই দাবীবোৰৰ বেছিভাগেই পাৰমাণৱিক চুক্তিৰ সৈতে সম্পৰ্কিত নাছিল কিন্তু নিশ্চিতভাৱে ইৰাণৰ আঞ্চলিক কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত আছিল। ট্ৰাম্পে ইৰাণৰ বেলিষ্টিক মিছাইল কাৰ্যসূচী বন্ধ ৰখাৰ দাবী জনাইছিল।
 
জ’ বাইডেন প্ৰশাসনে ইৰাণৰ সৈতে হোৱা পাৰমাণৱিক চুক্তি পুনৰ স্থাপনৰ চেষ্টা চলাইছিল যদিও ইৰাণে চুক্তিখনলৈ ঘূৰি অহাৰ বাবে চৰ্ত আৰোপ কৰিছিল।ইৰাণে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে স্বীকাৰ কৰিব লাগে যে চুক্তিৰ পৰা প্ৰত্যাহাৰ কৰাটো অন্যায় আছিল। সকলো আৰোপ কৰা নিষেধাজ্ঞা উঠাই ল'ব লাগে, আৰু নিশ্চিত কৰিব লাগে যে ভৱিষ্যতে, আমেৰিকা যুক্তৰাষ্ট্ৰ কেতিয়াও একপক্ষীয়ভাৱে চুক্তিৰ পৰা প্ৰত্যাহাৰ নকৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ দ্বাৰা নিৰ্ধাৰিত এই চৰ্তসমূহৰ সৈতে সন্মত হোৱা নাছিল, যাৰ বাবে দুয়োখন দেশৰ মাজত হোৱা চুক্তি পুনৰুদ্ধাৰ কৰিব পৰা নগ'ল।
 
 
 
 

অমৃতসৰত অৱতৰণ ১০৪ জন অবৈধ প্ৰৱাসী ভাৰতীয়ক কঢ়িয়াই অনা আমেৰিকাৰ বিমান…

অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ ভাৰতত উপস্থিত হৈছে আমেৰিকাৰ সামৰিক বিমান । অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ প্ৰথমটো গোট আমেৰিকাৰ চি-১৪৭ বিমানেৰে ভাৰতত উপস্থিত হয় । এই বিমানত ১০৪ জন ভাৰতীয় লোক আছে ।

এই বিমানখন অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰিছে, য’ত আৰক্ষী আৰু প্ৰশাসন সষ্টম হৈ আছে । অমৃতসৰৰ আয়ুক্তই নিশ্চিত কৰে যে বুধবাৰে দিনৰ ১.৫৯ বজাত বিমানখন অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে ।

বিমানবন্দৰত উপস্থিত থকা আমেৰিকান দূতাবাসৰ এজন বিষয়াই জনোৱা মতে, বিমানখনত মুঠ ১০৪ জন ভাৰতীয় আছে, য’ত ১৩ টি শিশু, ৭৯ জন পুৰুষ আৰু ২৫ গৰাকী মহিলা আছে । এই ভাৰতীয়সকলৰ ভিতৰত ৩৩ জন লোক গুজৰাটৰ যিসকল অমৃতসৰ বিমানবন্দৰৰ ভিতৰত থাকিব আৰু তাৰ পৰা পোনপটীয়াকৈ গুজৰাটলৈ প্ৰেৰণ কৰা হ’ব ।

তথ্য অনুসৰি আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়সকলক মেক্সিকো-আমেৰিকা সীমান্তত ধৰা পৰিছে । কোৱা হৈছে যে তেওঁলোকে আইনগতভাৱে ভাৰত এৰিছিল যদিও তেওঁলোকে ডংকি পথেৰে আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল । অশ্যে ভাৰতত উপস্থিত হোৱাৰ লগে লগে এইসকল লোকক গ্ৰেপ্তাৰ কৰাৰ কোনো ভিত্তি নাই কাৰণ তেওঁলোকে কোনো ধৰণে ভাৰতীয় আইন উলংঘা কৰা নাই ।

উল্লেখ্য যে ট্ৰাম্প চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীক কঢ়িয়াই নিয়াৰ বাবে সামৰিক বিমান ব্যৱহাৰ কৰি আহিছে । ইয়াৰ পূৰ্বেও আমেৰিকাৰ সামৰিক বিমানেৰে গুৱেটামালা, পেৰু আৰু হণ্ডুৰাছলৈ অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰেৰণ কৰা হৈছিল ।

২৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ অন্তত ট্ৰাম্পে কৈছিল যে ভাৰতে আমেৰিকাৰ পৰা অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক পুনৰ ঘূৰাই আনিবলৈ সঠিক পদক্ষেপ গ্ৰহণ কৰিব । হিচাপ অনুসৰি আমেৰিকাত প্ৰায় ১৮ হাজাৰ অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক ভাৰতলৈ বিতাড়িত কৰাৰ প্ৰয়োজন আছে । ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত ভাৰত চৰকাৰে এই সমস্যা সমাধানৰ বাবে আমেৰিকাৰ সৈতে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ।

আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ পৰা আমেৰিকাক প্ৰত্যাহাৰৰ সিদ্ধান্ত ট্ৰাম্পৰ

এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাক হিউমেন ৰাইটছ কাউন্সিল (UNHRC) আৰু পেলেষ্টাইনীসকলৰ বাবে ৰাষ্ট্ৰসংঘৰ মূল সাহায্য সংস্থা (UNRWA)ৰ পৰা বাহিৰ কৰিবলৈ নিৰ্দেশ দিছে । ইউনেস্কোৰ দৰে ৰাষ্ট্ৰসংঘৰ অন্যান্য সংস্থাসমূহত আমেৰিকাৰ অংশগ্ৰহণৰ পৰ্যালোচনাৰ বাবেও তেওঁ নিৰ্দেশনা দিছে ।

ট্ৰাম্পে কয় যে ৰাষ্ট্ৰসংঘৰ কাম সঠিকভাৱে চলি থকা নাই যদিও এই বিশ্ব সংস্থাটোৰ প্ৰচণ্ড সম্ভাৱনা আছে বুলিও তেওঁ স্বীকাৰ কৰে । তেওঁ লগতে দাবী কৰে যে আমেৰিকাই আগবঢ়োৱা সাহায্য আন দেশৰ সাহায্যতকৈ অধিক আৰু সেয়েহে সকলো দেশৰ পৰা সমান পুঁজিৰ আহ্বান জনায় ।

পুঁজিৰ বৈষম্যই কাৰণ-

হোৱাইট হাউছৰ ষ্টাফ সচিব উইল শ্বাৰফে কয় যে ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহত আমেৰিকা বিৰোধী পক্ষপাতিত্বৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে । শ্বাৰফে কয় যে সাধাৰণতে কাৰ্যবাহী আদেশত বিভিন্ন দেশৰ মাজত পুঁজিৰ বৈষম্য আৰু আমেৰিকাৰ জড়িততাৰ পৰ্যালোচনাৰ আহ্বান জনোৱা হৈছে ।

UNRWA আৰু আমেৰিকাৰ পুঁজিৰ বিতৰ্ক-

UNRWA (United Nations Relief and Works Agency) হৈছে পেলেষ্টাইনী শৰণাৰ্থী, বিশেষকৈ গাজাৰ স্থানচ্যুত লোকসকলৰ বাবে প্ৰাথমিক সাহায্য সংস্থা । ইয়াৰ পূৰ্বে ট্ৰাম্প প্ৰশাসনে UNRWAৰ বাবে ধন কৰ্তন কৰিছিল আৰু ইয়াৰ ফলপ্ৰসূতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল ।

২০২৩ চনত ইজৰাইলে হামাছৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে UNRWAৰ একাংশ কৰ্মচাৰী জড়িত বুলি অভিযোগ কৰাৰ পিছত আমেৰিকাই বাৰ্ষিক ৩০০–৪০০ মিলিয়ন ডলাৰৰ পুঁজি স্থগিত ৰাখিছিল । যদিও তদন্তত নিৰপেক্ষতা সম্পৰ্কীয় বিষয় পোৱা গৈছে, তথাপিও ইজৰাইলৰ অভিযোগৰ কোনো প্ৰমাণ পোৱা নগ’ল । ইজৰাইল সমৰ্থক নীতিৰ অংশ হিচাপে প্ৰথম কাৰ্যকালত ট্ৰাম্পেও ইউ UNRWAক তীব্ৰ সমালোচনা কৰিছিল ।

ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত লৈছিল সিদ্ধান্ত-

প্ৰথম কাৰ্যকালত (২০১৭-২০২১) ট্ৰাম্পে UNRWAৰ পুঁজি কৰ্তন কৰি আমেৰিকাক মানৱ অধিকাৰ পৰিষদ  (UNHRC) ৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰিছিল । ইজৰাইলৰ বিৰুদ্ধে থকা “পুৰণি পক্ষপাতিত্ব”ৰ উদাহৰণ দি তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে আৰু ৰাষ্ট্ৰসংঘত সংস্কাৰৰ দাবী জনায় ।

ৰাষ্ট্ৰসংঘৰ সংগঠনসমূহত অংশগ্ৰহণ-

ড’নাল্ড ট্ৰাম্পৰ এই কাৰ্যবাহী আদেশে ৰাষ্ট্ৰসংঘৰ সংগঠনসমূহত অংশগ্ৰহণৰ ক্ষেত্ৰত আমেৰিকাৰ স্থিতি স্পষ্ট কৰে । আমেৰিকা বিৰোধী পক্ষপাতিত্ব আৰু ইজৰাইল সমৰ্থক নীতিৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে, যিয়ে আমেৰিকা আৰু ৰাষ্ট্ৰসংঘৰ মাজৰ সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাব পাৰে । এতিয়া এই সিদ্ধান্তই বিশ্বৰ মঞ্চত কি প্ৰভাৱ পেলায় আৰু আন দেশসমূহে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষ্যণীয় ।

আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ, গুগলৰ ওপৰত কঠোৰ সিদ্ধান্ত…ট্ৰাম্পক চীনৰ প্ৰত্যুত্তৰ

এতিয়া বিশ্বৰ দুখন মহাশক্তিধৰ দেশ আমেৰিকা আৰু চীনৰ মাজত শুল্ক যুদ্ধৰ সূচনা হৈছে । এফালে শনিবাৰে (১ ফেব্ৰুৱাৰী) আমেৰিকাৰ ড’নাল্ড ট্ৰাম্প চৰকাৰে চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ১০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰে । একে সময়তে চীনেও আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ লৈ মঙলবাৰৰ পৰা (৪ ফেব্ৰুৱাৰী) আমেৰিকাৰ সামগ্ৰীৰ ওপৰত নতুন শুল্ক ঘোষণা কৰিছে ।

আমেৰিকাৰ সামগ্ৰীৰ ওপৰত চীনে আৰোপ কৰা শুল্ক সোমবাৰৰ পৰা (১০ ফেব্ৰুৱাৰী) কাৰ্যকৰী হ’ব । বাতৰি অনুসৰি চীনে আমেৰিকাৰ শুল্কৰ প্ৰতিশোধ হিচাপে নতুন শুল্ক ঘোষণা কৰিছে ।

চীনৰ বিত্ত মন্ত্ৰালয়ে মঙলবাৰে (৪ ফেব্ৰুৱাৰী) আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১০ৰ পৰা ১৫ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে । বেইজিঙৰ এই শুল্কৰ ফলত আমেৰিকাৰ পৰা চীনলৈ বৃহৎ গাড়ী, পিকআপ ট্ৰাক, খাৰুৱা তেল, এল এন জি আৰু কৃষি সঁজুলি আমদানিত প্ৰভাৱ পৰিব ।

দৰাচলতে চীনে আমেৰিকাৰ পৰা আমদানি কৰা কয়লা, এল এন জি (তৰলীকৃত প্ৰাকৃতিক গেছ)ৰ ওপৰত ১৫ শতাংশ আৰু খাৰুৱা তেল, কৃষি সঁজুলি, পিকআপ ট্ৰাক, উচ্চ নিৰ্গমন বাহনৰ ওপৰত ১০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে । ইয়াৰ উপৰিও চীনে আমেৰিকালৈ ৰপ্তানি কৰা কিছুমান ডাঙৰ খনিজ পদাৰ্থৰ ওপৰতো নিয়ন্ত্ৰণ আৰোপ কৰিছে ।

গুগলৰ ক্ষেত্ৰতো কঠোৰ ড্ৰেগন-

বাতৰি অনুসৰি চীনে আমেৰিকাৰ টেক জায়ান্ট কোম্পানী গুগলৰ ক্ষেত্ৰতো কঠোৰ হৈ পৰিছে । চীনে এণ্টিট্ৰাষ্ট আইন উলংঘা কৰাৰ সন্দেহত গুগলৰ তদন্ত কৰিব বুলি ঘোষণা কৰিছে । দৰাচলতে চীনৰ ষ্টেট এডমিনিষ্ট্ৰেচন ফৰ মাৰ্কেট ৰেগুলেচনে গুগলৰ একচেটিয়া বিৰোধী আইন উলংঘা কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে বুলি কয় ।

চীনৰ বাণিজ্য মন্ত্ৰালয়ে দিলে বিবৃতি-

চীনৰ বাণিজ্য মন্ত্ৰালয়ে মঙলবাৰে (৪ ফেব্ৰুৱাৰী) এক বিবৃতিত নিশ্চিত কৰে যে আমেৰিকা ট্ৰাম্প প্ৰশাসনৰ শুল্ক ব্যৱস্থা প্ৰতিহত কৰিবলৈ চীনে বিশ্ব ব্যৱসায় সংস্থাৰ বিবাদ নিষ্পত্তি ব্যৱস্থা আনিছে ।

অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠোৱা আৰম্ভ কৰিলে আমেৰিকাই…ভাৰতলৈ ৰাওনা সামৰিক বিমান

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ দেশলৈ ঘূৰাই পঠিয়াবলৈ দিয়া নিৰ্দেশৰ পিছতে বৃহৎ সংখ্যক অবৈধ অনুপ্ৰৱেশকাৰীক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এতিয়া আমেৰিকাই অবৈধভাৱে বসবাস কৰা ভাৰতীয়ক বিতাড়ন কৰিবলৈ আৰম্ভ কৰিছে । খবৰ অনুসৰি অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক কঢ়িয়াই অনা আমেৰিকান সেনাৰ চি-১৭ বিমান ভাৰতলৈ ৰাওনা হৈছে । এতিয়ালৈকে দক্ষিণ আমেৰিকাৰ দেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক আমেৰিকাই বিতাড়িত কৰিছিল যদিও এতিয়া ভাৰতৰো অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা আৰম্ভ হৈছে ।

১৮ হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা বুলি দাবী-

আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেন্টাগনে কয় যে অতি সোনকালে টেক্সাছৰ এল পাছ’ আৰু কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ পৰা ৫ হাজাৰৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰীক লৈ সামৰিক বিমান উৰিব । ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ লগে লগে ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ পৰা প্ৰায় ১ কোটি ১০ লাখ অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ কথা কৈছিল । কেৱল যোৱা সপ্তাহত আমেৰিকাৰ সেনাই অবৈধ অনুপ্ৰৱেশকাৰীক লৈ লেটিন আমেৰিকাৰ দেশলৈ ছখন বিমান উৰা মাৰিছিল ।

যদিও কলম্বিয়াই আমেৰিকাৰ বিমানক নিজৰ দেশত অৱতৰণ কৰিবলৈ নিদিলে, তথাপিও ট্ৰাম্পৰ কঠোৰ স্থিতিৰ পিছত কলম্বিয়াই নিজৰ নাগৰিকক ঘূৰাই আনিবলৈ নিজৰ বিমান প্ৰেৰণ কৰে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকাই অবৈধভাৱে আমেৰিকাত থকা প্ৰায় ১৮ হাজাৰ ভাৰতীয় অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিছে ।

ইফালে আমেৰিকাই অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰাৰ খবৰৰ মাজতে ভাৰতত থকা আমেৰিকাৰ দূতাবাসে কয় যে আমেৰিকাই অনুপ্ৰৱেশ আইন কঠোৰভাৱে বলবৎ কৰি আছে । দূতাবাসৰ এজন বিষয়াই কয়, ‘মই কোনো সবিশেষ শ্বেয়াৰ কৰিব নোৱাৰো, কিন্তু মই ক’ব পাৰো যে আমেৰিকাই নিজৰ সীমান্ত কঠোৰ কৰিছে, অনুপ্ৰৱেশ আইন কঠোৰ কৰিছে আৰু অবৈধ অনুপ্ৰৱেশকাৰীক আঁতৰাইছে ।’ যোৱা মাহত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে তেওঁলোকে অবৈধ অনুপ্ৰৱেশৰ বিৰোধিতা কৰে আৰু আমেৰিকাত অবৈধভাৱে বসবাস কৰা ভাৰতীয়সকলক তেওঁলোকৰ ৰাষ্ট্ৰীয়তা পৰীক্ষা কৰিলে পুনৰ ল’বলৈ সাজু ।

সামৰিক বিমানৰ ব্যৱহাৰ-

অবৈধ অনুপ্ৰৱেশকাৰীক দমন কৰিবলৈ ট্ৰাম্পে সামৰিক বাহিনীক ব্যাপকভাৱে ব্যৱহাৰ কৰিছে । তেওঁ মেক্সিকান সীমান্তত সেনাবাহিনী মোতায়েন কৰিছে । একে সময়তে অবৈধ অনুপ্ৰৱেশকাৰীক ৰখাৰ বাবে সামৰিক ঘাটি ব্যৱহাৰ কৰা হৈছে আৰু সামৰিক বিমান ব্যৱহাৰ কৰি অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰা হৈছে । কিন্তু সামৰিক বিমানেৰে অবৈধ অনুপ্ৰৱেশকাৰী পঠোৱাৰ খৰচ অসামৰিক বিমানতকৈ বহু বেছি বুলি দাবী কৰা হৈছে । অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ উপৰিও কানাডা, মেক্সিকো আৰু চীনৰ ওপৰতো শুল্ক আৰোপ কৰাৰ লগতে ইউৰোপৰ ওপৰত শুল্ক আৰোপ কৰাৰ ভাবুকি দিছে ট্ৰাম্পে ।

আমেৰিকাৰ ওপৰত ক্ষোভ উত্তৰ কোৰিয়াৰ ; ‘দুৰ্বৃত্ত’ ৰাষ্ট্ৰ বুলি কোৱৰ বাবেই দিলে সতৰ্কবাণী

উত্তৰ কোৰিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ'ক 'দুৰ্বৃত্ত' ৰাষ্ট্ৰ বুলি অভিহিত কৰাৰ বাবে লক্ষ্য কৰি লৈছে।

উত্তৰ কোৰিয়াই সোমবাৰে কৈছিল যে এনেধৰণৰ 'অসভ্য আৰু অৰ্থহীন মন্তব্য'ই কেতিয়াও আমেৰিকা যুক্তৰাষ্ট্ৰক লাভান্বিত নকৰিব।

উত্তৰ কোৰিয়াই প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নেতৃত্বত চলি থকা প্ৰশাসনক সমালোচনা কৰিছে।

উত্তৰ কোৰিয়াই ইয়াৰ পূৰ্বেও ইংগিত দিছিল যে এতিয়াৰ বাবে আমেৰিকাৰ প্ৰতি কঠোৰ স্থিতি বজাই ৰাখিব
উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ সৈতে কূটনীতিৰ জৰিয়তে যোগাযোগ কৰাৰ মনস্থ কৰিছে বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে।
উত্তৰ কোৰিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয়, "আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক নীতিৰ দায়িত্বত থকা ব্যক্তিজনৰ বিদ্বেষপূৰ্ণ কথা আৰু কাৰ্যকলাপে আকৌ এবাৰ উত্তৰ কোৰিয়াৰ প্ৰতি আমেৰিকাৰ অপৰিৱৰ্তিত শত্ৰুতাপূৰ্ণ নীতিক নিশ্চিত কৰে।

"তেওঁ কৈছিল যে ৰুবিঅ'ৰ "অভদ্ৰ আৰু অৰ্থহীন মন্তব্য"ই পোনপটীয়াকৈ "উত্তৰ কোৰিয়াৰ প্ৰতি নতুন আমেৰিকান প্ৰশাসনৰ ভুল দৃষ্টিভংগী প্ৰতিফলিত কৰে আৰু কেতিয়াও আমেৰিকাৰ স্বাৰ্থক আগুৱাই নিয়াত সহায় নকৰে।"

উত্তৰ কোৰিয়াৰ বৈদেশিক মন্ত্ৰালয়ে ৰুবিঅ'ৰ উত্তৰ কোৰিয়াক 'দুৰ্বৃত্ত' ৰাষ্ট্ৰ হিচাপে চিহ্নিত কৰাৰ সন্দৰ্ভত এটা সাক্ষাৎকাৰৰ সময়ত প্ৰশ্ন উত্থাপন কৰিছিল।

ইয়াত ৩০ জানুৱাৰীত ৰুবিঅ'ৰ সাক্ষাৎকাৰৰ কথা উল্লেখ কৰা হৈছিল, য'ত তেওঁ বৈদেশিক নীতিৰ প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰাৰ সময়ত উত্তৰ কোৰিয়া আৰু ইৰাণক 'দুৰ্বৃত্ত ৰাষ্ট্ৰ' বুলি উল্লেখ কৰিছিল।

জুই নিৰ্বাপন কৰিবলৈ লাগিল ২১ দিন সময়…জাহ গ’ল বিলিয়ন ডলাৰ

শুকুৰবাৰে (৩১ জানুৱাৰী) আমেৰিকাৰ লছ এঞ্জেলছৰ দুখন অৰণ্যত সংঘটিত হোৱা বনজুই অগ্নিনিৰ্বাপক বাহিনীয়ে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনে । তিনি সপ্তাহতকৈ অধিক সময় জ্বলি থকা এই বনজুইত প্ৰায় ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে ।

এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ১০ হাজাৰৰো অধিক ঘৰ জুইত জাহ যায় । ৩৭ হাজাৰ একৰ (১৫০ বৰ্গ কিলোমিটাৰ)তকৈও অধিক এলেকাত বিয়পি পৰে এই জুই । এই অগ্নিকাণ্ডৰ ফলত বহু ক্ষতি হৈছে ।

জুইৰ ওপৰত নিয়ন্ত্ৰণ লাভ-

ৰাজ্যখনৰ অগ্নিনিৰ্বাপক সংস্থা কেল ফায়াৰে শুকুৰবাৰে নিজৰ ৱেবছাইটত তথ্য আপডেট কৰি কয় যে বনজুই ১০০ শতাংশ নিয়ন্ত্ৰণ কৰা হৈছে । যিহেতু কেইবাদিনো ধৰি বনজুইয়ে গুৰুতৰ ভাবুকি কঢ়িয়াই অনা নাছিল, সেয়েহে ইতিমধ্যে উঠাই লোৱাৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰা হৈছিল । ৭ জানুৱাৰীত সংঘটিত হোৱা বনজুইৰ সঠিক কাৰণৰ উদঘাটনৰ বাবে এতিয়াও তদন্ত অব্যাহত আছে ।

ডজনৰো গৱেষকৰ অধ্যয়নত এই সিদ্ধান্তত উপনীত হৈছে যে জীৱাশ্ম ইন্ধন জ্বলোৱাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে জুইৰ সম্ভাৱনা প্ৰায় ৩৫ শতাংশ অধিক । এই বনজুইৰ বাবে হাজাৰ হাজাৰ বাসিন্দাই ঘৰ-দুৱাৰ খালী কৰিবলৈ বাধ্য হয় । এই বনজুই তিনি সপ্তাহতকৈ অধিক সময় জ্বলিছিল ।

লছ এঞ্জেলছৰ মেয়ৰে প্ৰকাশ কৰিলে বিবৃতি-

শুকুৰবাৰে লছ এঞ্জেলছৰ মেয়ৰ কেৰেন বেছে এক বিবৃতিত কয় যে, “আমি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছো । আমাৰ প্ৰচেষ্টা হৈছে মানুহক যিমান পাৰি সোনকালে ঘৰলৈ ঘূৰাই অনা । আমি নিশ্চিত কৰিছো যে বাসিন্দাসকলে তেওঁলোকৰ সম্পত্তিত প্ৰৱেশ কৰিব পাৰে । আপুনি পেলিছাডেছত উপস্থিত হোৱাৰ সময়ত নিৰাপদ ।”

চহৰৰ আৰক্ষী অধীক্ষক জিম মেকডনেলে কয় যে অঞ্চলটোত আইন প্ৰয়োগকাৰী বিষয়াৰ উপস্থিতি অগ্নিকাণ্ডৰ পূৰ্বেতকৈ ১০ গুণতকৈও অধিক হ’ব । ব্যক্তিগত বতৰ বিজ্ঞান সংস্থা একুৱেদাৰে অনুমান কৰিছে যে ক্ষতি আৰু অৰ্থনৈতিক লোকচান ২৫০ বিলিয়ন ডলাৰৰ পৰা ২৭৫ বিলিয়ন ডলাৰৰ ভিতৰত হ’ব ।

আমেৰিকাত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; জ্বলি ছাৰখাৰ হ’ল কেইবাটাও বৃহৎ অট্টালিকা

বিপদে যেন লগ নেৰা হৈছে আমেৰিকাক। আমেৰিকাৰ ফিলাডেলফিয়াত পুনৰ এক বিমান দুৰ্ঘটনা সংঘটিত হৈছে।এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দাউ দাউ কৈ জ্বলি উঠে কেইবাটাও ঘৰ। জানিব পৰা মতে এই বিমানখনত ছয়জন লোক আছিল।

জানিব পৰা মতে শুক্ৰবাৰে সন্ধিয়া ৰুজভেল্ট মলৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন আছিল লিয়াৰজেট ৫৫।

বিমানখন স্প্ৰিংফিল্ড ব্ৰেনছন ৰাষ্ট্ৰীয় বিমানবন্দৰলৈ গৈ আছিল।দুৰ্ঘটনাটো নিশ্চিত কৰি, পৰিবহন মন্ত্ৰী ছিন ডাফিয়ে কৈছিল যে এফ.এ.এ. আৰু ৰাষ্ট্ৰীয় পৰিবহন সুৰক্ষা বোৰ্ডে যুটীয়াভাৱে ঘটনাটোৰ তদন্ত কৰিব।

তথ্য অনুসৰি, বিমান দুৰ্ঘটনাৰ পিছত ধ্বংসাৱশেষৰ ফলত ঘৰ আৰু কেইবাখনো গাড়ীত জুই লাগিছিল। বিমানখনে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬ বজাত উৰা মাৰিছিল আৰু উৰণৰ কেইছেকেণ্ড মান পিছত ৰাডাৰৰ পৰা অদৃশ্য হৈছিল।

দুৰ্ঘটনাটোৰ পিছত, পেনচিলভেনিয়াৰ গভৰ্ণৰ জছ শ্বাপিৰোৱে কৈছিল যে সহায়ৰ বাবে লগে লগে উদ্ধাৰকাৰী দল উপস্থিত হয়।

প্ৰায় ৬ মান বজাত কটমেন এভিনিউ আৰু ৰুজভেল্ট বুলেভাৰ্ড এলেকাত সংঘটিত দুৰ্ঘটনাৰ পিছত, কেইবাটাও ঘৰত জুই লাগিছিল।

বিমান দুৰ্ঘটনাটোক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শোক প্ৰকাশ কৰিছে।

চিৰিয়াৰ ওপৰত আমেৰিকাৰ ভয়ংকৰ বিমান আক্ৰমণ; আল-কায়েদাৰ সন্ত্ৰাসবাদী মুহাম্মাদ ছালাহ আল-জাবিৰৰ মৃত্যু

আমেৰিকান সেনাই চিৰিয়াত চলোৱা এয়াৰষ্ট্ৰাইকৰ সময়ত আল-কায়েদাৰ সন্ত্ৰাসবাদী মুহাম্মাদ ছালাহ আল-জাবিৰক হত্যা কৰিছে।

আমেৰিকান সেনাই কৈছিল যে বৃহস্পতিবাৰে উত্তৰ পশ্চিম চিৰিয়াত এটা বিমান আক্ৰমণ চলাই। আৰু এই আক্ৰমণত আল-কায়েদাৰ সৈতে সম্পৰ্কীত সন্ত্ৰাসবাদী দলটোৰ জ্যেষ্ঠ সদস্য মুহাম্মাদ ছালাহ আল-জাবিৰক হত্যা কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় কমাণ্ডে এক বিবৃতিত কৈছিল যে এই বিমান আক্ৰমণ অঞ্চলটোত সন্ত্ৰাসবাদী গোটবোৰক ব্যাহত আৰু দুৰ্বল কৰাৰ প্ৰচেষ্টাৰ অংশ আছিল।মুহাম্মাদ ছালাহ আল-জাবিৰ ও হুৰাছ আল-দিন গোটৰ সৈতে জড়িত আছিল।