ACS হ’ল দুই ভগ্নী-ভাতৃ ; পুত্ৰ জীয়ৰীৰ সফলতাত গৌৰৱান্বিত পিতৃ-মাতৃ

আজি ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ ফলাফল।সদ্যঘোষিত ফলাফলত নগাঁৱৰ কৰৈয়নীৰ হেঙুলিচুকত আজি আনন্দৰ বন্যা বৈছে।

কাৰণ একে ঘৰৰে দুই ভাতৃ ভগ্নীয়ে স্থান লাভ কৰিবলৈ সক্ষম হ’ল অসম লোকসেৱা আয়োগৰ ফলাফলত। ACS হ’ল জিন্টো বৰা আৰু মঞ্জুশ্ৰী বৰা।

জিন্টো বৰাই ২১ সংখ্যক  স্থান আৰু মঞ্জুশ্ৰী বৰাই ২৫ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে । পুত্ৰ-কন্যাৰ এই সফলতাত গৌৰৱান্বিত পিতৃ-মাতৃ।

ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল

-ঘোষণা হ’ল অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ ফলাফল

-অসম চৰকাৰৰ ২৩৫ টা গুৰুত্বপূৰ্ণ পদবীৰ বাবে ঘোষণা কৰা হয় ফলাফল

-শীৰ্ষ ১০ গৰাকীৰ ৭ গৰাকীয়ে মহিলা

-প্ৰথম স্থানত চিৰঞ্জীৱ ফুকন, দ্বিতীয় স্থানত এনিশা বুঢ়াগোহাঁই

-তৃতীয় স্থানত হিমাদ্ৰীজিতা বৰা, চতুৰ্থ স্থানত মৃগাক্ষী বৰুৱা

-পঞ্চম স্থানত টুটুমণি কাকতি, ষষ্ট স্থানত মৃদুস্মিতা ৰায়

-৭ম স্থানত মেৰী কলিতা, ৮ম স্থানত দীক্ষা সৰকাৰ

-নৱম স্থানত নীলম গাৰ্গ, দশম স্থানত অংকিতা চেত্ৰী