প্ৰকাশ পালে ২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা

-প্ৰকাশ পালে ২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা

-মুঠ ৩৬ দিন চৰকাৰী বন্ধ থাকিব ২০২৫ বৰ্ষত, মাত্ৰ এদিন অৰ্ধছুটী

-৩১ মাৰ্চত ঈদ-উল ফিটৰ

-৭ জুনত ঈদ-উল-জ্জোহা

-১৪, ১৫ জানুৱাৰীত মাঘবিহু আৰু তুচু পূজা

-২৩ জানুৱাৰীত নেতাজী জয়ন্তী

-২৬ জানুৱাৰীত গণৰাজ্য দিৱস

-২৮ জানুৱাৰীত বাথৌ পূজা

-৩১ জানুৱাৰীত মে-ডাম-মে-ফী

-১২ ফেব্ৰুৱাৰীত বীৰ চিলাৰায় দিৱস

-১৪ মাচৰ্ত দৌলযাত্ৰা

-১৪, ১৫, ১৬ এপ্ৰিলত ব’হাগ বিহু

-১৮ এপ্ৰিলত গুড ফ্ৰাইডে

-২১ এপ্ৰিলত সতী সাধনী দিৱস

-২৮ এপ্ৰিলত দামোদৰ দেৱৰ তিথি

-১ মে’ত মে’ দিৱস

-১২ মে’ত বুদ্ধ পূৰ্ণিমা

-১২ জুনত শ্ৰীশ্ৰীমাধৱদেৱৰ তিথি

-১৫ আগষ্টত স্বাধীনতা দিৱস

-২৫ আগষ্টত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

-৩ ছেপ্টেম্বৰত কৰম পূজা

-১২ ছেপ্টেম্বৰত শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি

-১৪ ছেপ্টেম্বৰত জন্মাষ্টমী

-২৯, ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত দূৰ্গা পূজা

-২ অক্টোবৰত গান্ধী জয়ন্তী আৰু শংকৰ জন্মোতসৱ

-১৮ অক্টোবৰত কাতি বিহু

-২০ অক্টোবৰত কালীপূজা, দীপাৱলী

-২৩ অক্টোবৰত ভাতৃ দ্বিতীয়া

-২৮ অক্টোবৰত ষট পূজা

-৫ নৱেম্বৰত গুৰুনানক জয়ন্তী

-২৪ নৱেম্বৰত লাচিত দিৱস

-২ ডিচেম্বৰত অসম দিৱস

-২৫ ডিচেম্বৰত বৰদিন

-৬ অক্টোবৰত লক্ষ্মী পূজাৰ অৰ্ধছুটী

ৰাজ্যত গো-মাংস নিষিদ্ধ হোৱাৰ পিছতে চলিল প্ৰথমটো অভিযান, ছীল কৰিলে হোটেল

ৰাজ্যত গো-মাংস নিষিদ্ধ হোৱাৰ পিছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰশাসনৰ অভিযান।ৰাজ্য চৰকাৰে গো মাংস নিষিদ্ধ ঘোষণা কৰাৰ ২৪ ঘন্টাৰ পিছতেই হোটেলে হোটেলে চলিছে তীব্ৰ অভিযান।ৰাজ্যৰ কেইবাখনো হোটেলত অভিযান চলাই প্ৰশাসনে।জালুকবাৰীৰ দৰং হোটেল, মা ফাতেমা হোটেল, বিছমিল্লাহ হোটেল, কলকাতা আৰছালাম, মোগল দৰবাৰ, আদি হোটেলত চলিছে অভিযান।মহানগৰীৰ দুখনকৈ হোটেল ইতিমধ্যে ছীল কৰিছে GMC-এ।

৪ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গো-মাংসক লৈ লৈছিল ডাঙৰ সিদ্ধান্ত। কোনো ৰাজহুৱা স্থান অথবা হোটেলত ভক্ষণ কৰিব নোৱাৰিব গো-মাংস। কেবিনেটৰ এই সিদ্ধান্তৰ পিছতেই ৰাজ্যজুৰি গো-মাংস নিষিদ্ধকৰণ বাবে চলিছে অভিযান। যদিহে কোনোৱে নিয়ম অমান্য কৰে তেনেহ’লে বিহা হ’ব শাস্তি। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক লৈ বৰ্তমান ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে।

জল্পনা কল্পনাৰ অন্ত :  ঘোষণা হ’ল হিমন্ত বিশ্ব শৰ্মাৰ নতুন মন্ত্ৰীৰ নাম  

বহু অপেক্ষাৰ অন্তত ঘোষণা কৰা হ’ল অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা। ৪গৰাকীকৈ বিধায়কক নতুনকৈ মন্ত্ৰিত্ব প্ৰদান।নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হল ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল,  কৌশিক ৰায়, প্ৰশান্ত ফুকন।

দীঘলিয়া সময়ধৰি বিধায়ক হিচাপে থকা প্ৰশান্ত ফুকনে পালে মন্ত্ৰিত্ব।ইফালে প্ৰথমবাৰলৈ বিধায়ক হৈয়ে কৌশিক ৰায়েও পালে মন্ত্ৰিত্ব। ৭ ডিচেম্বৰত শপত লব ৪ গৰাকী নতুন মন্ত্ৰীয়ে।  

আপোনাৰ পৰিয়ালৰ সদস্যৰ সংখ্যা যদি ৫জনতকৈ কম তেন্তে আপুনি নাপাব ৰেচন !

ৰেচন কাৰ্ড আৰু অৰুণোয় আঁচনিক লৈ আহি গ’ল ডাঙৰ খবৰ। যদিহে আপুনি ৰেচন লাভ কৰে তেন্তে আপোনাৰ বাবে অত্যন্ত জৰুৰী এই খবৰ।যদিহে আপোনাৰ পৰিয়ালত ৫জনতকৈ কম সদস্য আছে তেন্তে আপোনাৰ পৰিয়ালে লাভ নকৰিব ৰেচন।

৫জনতকৈ কম সদস্য থকা পৰিয়ালে নাপাব ৰেচন কাৰ্ড।অৰুণোদয় আঁচনিৰ বাবে বহুলোকে ৰেচন কাৰ্ডক লৈ সংঘটিত কৰিছে দুৰ্নীতি। বহু দুষ্ট চক্ৰ লিপ্তু হৈ এই দুৰ্নীতি কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই বৃহত পদক্ষেপ।একাংশ লোকে পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে ৰেচন কাৰ্ড। গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি।অৰুণোদয় আৰু চৰকাৰী ঘৰৰ বাবেই সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ।ৰেচন কাৰ্ডক এই বিসংগতিক লৈ শীঘ্ৰেই চলিব তদন্ত অভিযান। ৰেচন কাৰ্ড পাবলৈ ২ লাখতকৈ কম আয়ৰ হ’ব লাগিব। বিসংগতি ধৰা পৰিলেই বিপদ নিশ্চিত, জে’ল পৰ্যন্ত যাবলগীয়া হ’ব পাৰে দোষী।