৮ বছৰৰ অপেক্ষা; অভি-নীল কাণ্ডৰ দোষীক শাস্তি ঘোষণা

২০১৮ চনৰ ৮ জুনত সংঘটিত হোৱা অভি-নীল হত্যাকাণ্ডৰ সৈতে জড়িত ২০ দোষীৰ শাস্তি ঘোষণা আদালতৰ।

অৱশেষত ৮ বছৰৰ অন্তত অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা। ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ আদালতৰ।নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে ঘোষণা কৰিলে শাস্তি। লগতে ২০ হাজাৰ টকাকৈ ভৰিব লাগিব জৰিমনা।

বিশ্ব ৰাম স্বৰ্গীয়াৰী, পান্থেং বসুমতাৰী, আলফাজজ তিমুং, ইনোচেন ইংতি, ৰায়কম তিমুং, ৰত্নেশ্বৰ টেৰাং, ফুকন লেখতে, আনোচ তিমুং, প্ৰেছ তিমুং, ৰূপছিং ক্ৰ’, ধনো মেছ, বাবু সিং ক্ৰ’, বিক্ৰম হান্সে, চিকাৰী ৰংপি, বাবু ৰংপি, বিদ্যাছিং ৰংপি, মেনছিং ক্ৰ’, দীপজ্যোতি বসুমতাৰী,  ৱাৰেছ ৰংপি, অন্দা মেছক যাৱজ্জীৱন কাৰাদণ্ড।

লগতে পঢ়ক: ‘দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে পৱন খেড়াৰ’; মহা অধিবক্তা দেৱজিৎ লন শইকীয়া

“২৫ জন আচামী সাৰি যোৱাৰ বাবে সুখী নহয়”: অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়দানত অসন্তুষ্ট দুয়োৰে পিতৃ-মাতৃ

অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দানক লৈ সন্তুষ্ট নহয় দুয়োৰে পিতৃ।

৮ বছৰৰ তদন্তৰ অন্তত আজি অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান দিলে নগাওঁ  জিলা সত্ৰ ন্যায়াধীশ আদালতে। ২০জনক দোষী সাব্যস্ত কৰাৰ লগতে ২৫ জনক অভিযুক্তক দোষমুক্ত ঘোষণা কৰে।

কিন্তু এই ৰায়দানক লৈ সুখী নহয় অভি-নীলৰ পিতৃ-মাতৃ। আদালতৰ চূড়ান্ত ৰায়াদনৰ পাছতে ক্ষোভ ব্যক্ত কৰে দুয়োৰে পিতৃয়ে।নীলোৎপলৰ পিতৃয়ে কয় যে, আদালতৰ ৰায়দানক লৈ আমি সম্পূৰ্ণ সুখী নহয়। ২৫ জন অভিযুক্ত সাৰি যোৱাক লৈ আমি সুখী নহয়। বাকী ২০ জন দোষীৰো দৃষ্টান্তমূলক শাস্তি হোৱাটো বিচাৰিছোঁ’।

আনহাতে অভিজিৎ নাথৰ পিতৃয়ে কয় যে, মহামান্য আদালতে পৰোক্ষ সাক্ষ্যদানৰ কথাখিনি তেওঁলোকে বিবেচনা নকৰিলে।২৪ এপ্ৰিলত কি শাস্তি ঘোষণা হয় সেয়া লক্ষণীয় হ’ব। সেই দিনটোত অভিযুক্তৰ মৃত্যুদণ্ড ঘোষণা কৰিলে এইয়া উত্তৰ পূৱৰ বাবেই দৃষ্টান্তমূলক শাস্তি হ’ব।আনহাতে অভিযোগমুক্তৰ শাস্তি বিচাৰি উচ্চ ন্যায়ালয়ত পুনৰ আৱেদন কৰিম।

লগতে পঢ়ক: ৮ বছৰৰ অপেক্ষাৰ অন্ত: অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

অভি-নীল হত্যাকাণ্ড : আজিৰে পৰা নগাঁও ছেছন আদালতত অন্তিম শুনানি

আজিৰে পৰা নগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত আৰম্ভ হ’ব অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত শুনানি ।

সমগ্ৰ অসমক জোকাৰি যোৱা কাৰ্বি আংলঙৰ পানীমূৰৰ সেই নৃশংস হত্যাকাণ্ডৰ ন্যায়ৰ ক্ষণ চমু চাপিছে ! সুদীৰ্ঘ ৬ বছৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজিৰে পৰা নগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত আৰম্ভ হ’ব অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত শুনানি ।

২০১৮ চনৰ ৮ জুনৰ সেই ক’লা দিনটো আজিও অসমবাসীৰ মনত সজীৱ হৈ আছে । কেৱল উৰাবাতৰিৰ বলি হৈ একাংশ উন্মত্তৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছিল দুই প্ৰতিভাৱান যুৱক অভি-নীলে । আজিৰে পৰা ধাৰাবাহিকভাৱে চলিব লগীয়া এই শুনানিয়ে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব বুলি আশাবাদী শোকাহত পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গ ।

৫ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালত এই গোচৰটোৰ অন্তিম শুনানি অনুষ্ঠিত হ’ব । উভয় পক্ষৰ অধিবক্তাৰ চূড়ান্ত যুক্তি-তৰ্কৰ পাছতেই আদালতে ঘোষণা কৰিব বহু প্ৰত্যাশিত ৰায়দান ।

লগতে পঢ়ক : ‘মিঞা বুলি মুছলমানক অত্যাচাৰ নকৰিব’; শিৱসাগৰত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য