“২৫ জন আচামী সাৰি যোৱাৰ বাবে সুখী নহয়”: অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়দানত অসন্তুষ্ট দুয়োৰে পিতৃ-মাতৃ

“২৫ জন আচামী সাৰি যোৱাৰ বাবে সুখী নহয়”: অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়দানত অসন্তুষ্ট দুয়োৰে পিতৃ-মাতৃ

অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দানক লৈ সন্তুষ্ট নহয় দুয়োৰে পিতৃ। ৮ বছৰৰ তদন্তৰ অন্তত আজি অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান দিলে নগাওঁ জিলা সত্ৰ ন্যায়াধীশ আদালতে। ২০জনক দোষী সাব্যস্ত কৰাৰ লগতে ২৫ জনক অভিযুক্তক দোষমুক্ত ঘোষণা কৰে। কিন্তু এই ৰায়দানক লৈ সুখী নহয় অভি-নীলৰ পিতৃ-মাতৃ। আদালতৰ চূড়ান্ত

অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দানক লৈ সন্তুষ্ট নহয় দুয়োৰে পিতৃ।

৮ বছৰৰ তদন্তৰ অন্তত আজি অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান দিলে নগাওঁ  জিলা সত্ৰ ন্যায়াধীশ আদালতে। ২০জনক দোষী সাব্যস্ত কৰাৰ লগতে ২৫ জনক অভিযুক্তক দোষমুক্ত ঘোষণা কৰে।

কিন্তু এই ৰায়দানক লৈ সুখী নহয় অভি-নীলৰ পিতৃ-মাতৃ। আদালতৰ চূড়ান্ত ৰায়াদনৰ পাছতে ক্ষোভ ব্যক্ত কৰে দুয়োৰে পিতৃয়ে।নীলোৎপলৰ পিতৃয়ে কয় যে, আদালতৰ ৰায়দানক লৈ আমি সম্পূৰ্ণ সুখী নহয়। ২৫ জন অভিযুক্ত সাৰি যোৱাক লৈ আমি সুখী নহয়। বাকী ২০ জন দোষীৰো দৃষ্টান্তমূলক শাস্তি হোৱাটো বিচাৰিছোঁ’।

আনহাতে অভিজিৎ নাথৰ পিতৃয়ে কয় যে, মহামান্য আদালতে পৰোক্ষ সাক্ষ্যদানৰ কথাখিনি তেওঁলোকে বিবেচনা নকৰিলে।২৪ এপ্ৰিলত কি শাস্তি ঘোষণা হয় সেয়া লক্ষণীয় হ’ব। সেই দিনটোত অভিযুক্তৰ মৃত্যুদণ্ড ঘোষণা কৰিলে এইয়া উত্তৰ পূৱৰ বাবেই দৃষ্টান্তমূলক শাস্তি হ’ব।আনহাতে অভিযোগমুক্তৰ শাস্তি বিচাৰি উচ্চ ন্যায়ালয়ত পুনৰ আৱেদন কৰিম।

লগতে পঢ়ক: ৮ বছৰৰ অপেক্ষাৰ অন্ত: অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান