সোনম কাপুৰ

দ্বিতীয়বাৰলৈ মাতৃ হ’বলৈ ওলাইছে সোনম কাপুৰ; শীঘ্ৰেই কৰিব ৰাজহুৱা

দ্বিতীয়বাৰলৈ মাতৃ হ’বলৈ ওলাইছে সোনম কাপুৰ দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে বলীউডৰ অভিনেত্ৰী সোনম কাপুৰ।সোনম কাপুৰৰ ঘৰত আকৌ এবাৰ শুনিবলৈ পোৱা যাব শিশুৰ মাত। অতি সোনকালে অভিনেত্ৰীগৰাকীয়ে দ্বিতীয়টো গৰ্ভধাৰণৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰিব পাৰে। বিবাহৰ ৭ বছৰ পিছত এতিয়া দ্বিতীয়বাৰৰ বাবে অভিভাৱক হ’বলৈ ওলাইছে সোনম

দ্বিতীয়বাৰলৈ মাতৃ হ’বলৈ ওলাইছে সোনম কাপুৰ

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে বলীউডৰ অভিনেত্ৰী সোনম কাপুৰ।সোনম কাপুৰৰ ঘৰত আকৌ এবাৰ শুনিবলৈ পোৱা যাব শিশুৰ মাত। অতি সোনকালে অভিনেত্ৰীগৰাকীয়ে দ্বিতীয়টো গৰ্ভধাৰণৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰিব পাৰে।

বিবাহৰ ৭ বছৰ পিছত এতিয়া দ্বিতীয়বাৰৰ বাবে অভিভাৱক হ’বলৈ ওলাইছে সোনম কাপুৰ আৰু তেওঁৰ স্বামী আনন্দ আহুজা।

কাপুৰ আৰু আহুজা পৰিয়ালত এতিয়া সুখৰ পৰিবেশে বিৰাজ কৰিছে।দুয়োটা পৰিয়ালেই দেৱশিশুটিক আদৰিবলৈ আগ্ৰহেৰে ৰৈ আছে। অৱশ্যে, সোণম কাপুৰে এতিয়ালৈকে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰা নাই।  

সোণম আৰু আনন্দ আহুজাই বিবাহৰ ৪ বছৰৰ পিছত ২০২২ চনত প্ৰথমটো সন্তান বায়ুক তেওঁলোকৰ জীৱনলৈ আদৰণি জনাইছিল। এতিয়া আকৌ এবাৰ অভিনেত্ৰীগৰাকীৰ জীৱনত এগৰাকী সৰু অতিথি আহিবলৈ সাজু হৈছে।

লগতে পঢ়ক: ইডিৰ সন্মুখত হাজিৰ বলীউড অভিনেত্ৰী উৰ্বশী ৰৌতেলা; কাৰণ কি ?