পুনৰ ইউক্ৰেইনত ৪৩০খন ড্ৰ’নেৰে আক্ৰমণ ৰাছিয়াৰ
শুকুৰবাৰে পুৱা ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়ভত ৪৩০খন ড্ৰ’ন আৰু ১৮টা ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি বৃহৎ আক্ৰমণ চলায়।
এই ঘাতক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণত ছয়জন লোক নিহত হয়, আনহাতে ৩৫ জনতকৈ অধিক লোক আহত হয়।
এই আক্ৰমণ ইমানেই ভয়াৱহ আছিল যে দাউ দাউ কৈ জ্বলি উঠিছিল একাংশ অট্টালিকা। বিস্ফোৰণৰ শব্দই সমগ্ৰ চহৰখনতে প্ৰতিধ্বনিত হৈছিল।
ইউক্ৰেইনৰ বিষয়াসকলে জনোৱা মতে, আহতসকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাও আছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ৰাছিয়াই নিশাৰ আক্ৰমণত কমেও ৪৩০টা ড্ৰ’ন আৰু ১৮টা ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছিল।
প্ৰায় চাৰি বছৰ পূৰ্বে চুবুৰীয়া দেশত পূৰ্ণাংগ আক্ৰমণ আৰম্ভ কৰাৰ পিছৰে পৰা ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে এক বিধ্বংসী বিমান অভিযান চলাইছে।
আমেৰিকাৰ নেতৃত্বত চলিত বৰ্ষৰ কূটনৈতিক প্ৰচেষ্টা এতিয়ালৈকে যুদ্ধ বন্ধ কৰাত ব্যৰ্থ হৈছে। শুকুৰবাৰৰ বিমান আক্ৰমণত দক্ষিণে অডেছা আৰু উত্তৰ-পূবৰ খাৰ্কিভকো লক্ষ্য কৰি লোৱা হয়।
জেলেনস্কিৰ মতে, এই আক্ৰমণ মূলতঃ কিয়ভত কেন্দ্ৰীভূত হৈছিল, য’ত ড্ৰ’ন আৰু ক্ষেপণাস্ত্ৰই ওখ অট্টালিকাত কৰিছিল।
তেওঁ সামাজিক মাধ্যমত এটা পোষ্টত লিখিছে যে, এইটো “মানুহ আৰু সাধাৰণ নাগৰিকক যিমান পাৰি সিমান ক্ষতি কৰিবলৈ বিশেষভাৱে হিচাপ কৰা” আক্ৰমণ আছিল।
লগতে পঢ়ক: নিজৰ সিদ্ধান্তৰ পৰা ট্ৰাম্পৰ ইউ-টাৰ্ণ; চাহ-কফিকে ধৰি কেইবাবিধো বস্তুৰ ওপৰত শুল্ক হ্ৰাস!









