টকাৰ অভাৱনীয় পতন; অভিলেখ হাৰত আমেৰিকান ডলাৰৰ বিপৰীতে নিম্নগামী ভাৰতীয় মুদ্ৰাৰ মূল্য

টকাৰ অভাৱনীয় পতন; অভিলেখ হাৰত আমেৰিকান ডলাৰৰ বিপৰীতে নিম্নগামী ভাৰতীয় মুদ্ৰাৰ মূল্য

ভাৰতীয় টকাৰ অভাৱনীয় পতন । অভিলেখ হাৰত আমেৰিকান ডলাৰৰ বিপৰীতে নিম্নগামী হ’ল ভাৰতীয় মুদ্ৰাৰ মূল্য । মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ পতন অব্যাহত আছে । বুধবাৰে প্ৰথমবাৰৰ বাবে মাৰ্কিন ডলাৰৰ বিপৰীতে ৯০ৰ সীমা অতিক্ৰম কৰে আৰু ৬ পইচা হ্ৰাস পাই প্ৰতি ডলাৰ ৯০.০২ হয় ।

ভাৰতীয় টকাৰ অভাৱনীয় পতন । অভিলেখ হাৰত আমেৰিকান ডলাৰৰ বিপৰীতে নিম্নগামী হ’ল ভাৰতীয় মুদ্ৰাৰ মূল্য ।

মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ পতন অব্যাহত আছে । বুধবাৰে প্ৰথমবাৰৰ বাবে মাৰ্কিন ডলাৰৰ বিপৰীতে ৯০ৰ সীমা অতিক্ৰম কৰে আৰু ৬ পইচা হ্ৰাস পাই প্ৰতি ডলাৰ ৯০.০২ হয় । অৰ্থাৎ এতিয়া এক ডলাৰৰ মূল্য ৯০ টকাতকৈ অধিক । টকা-ডলাৰৰ বিনিময় হাৰ হৈছেগৈ ৯০.০২ ।

ইয়াৰ পূৰ্বে আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত ডলাৰৰ বিপৰীতে টকা ৮৯.৯৬ত মুকলি হৈছিল । ব্যৱসায়ৰ সময়ত ই প্ৰতি ডলাৰত ৯০.১৫ ৰ অভিলেখসংখ্যক নিম্নতমলৈ নামি আহিছিল যদিও পিছত সামান্য উন্নতি ঘটি ৯০.০২ লৈছিল, যিটো পূৰ্বৰ বন্ধৰ তুলনাত ছয় পইচা হ্ৰাস দৰ্শাইছে ।

টকাৰ পতনৰ কাৰণ কি ?

বৈদেশিক মুদ্ৰা ব্যৱসায়ীসকলে কয় যে বেংকসমূহে আমেৰিকান ডলাৰ উচ্চ পৰ্যায়ত ক্ৰয় কৰি থকা আৰু বিদেশী মূলধনৰ বহিঃপ্ৰবাহে টকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰে । কিন্তু দুৰ্বল ডলাৰ আৰু বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য হ্ৰাসে এই তীব্ৰ হ্ৰাসৰ সীমাবদ্ধতা প্ৰদান কৰে । ইয়াৰ পূৰ্বে মঙলবাৰে প্ৰতি ডলাৰৰ মূল্য ৪৩ পইচা হ্ৰাস পাই সৰ্বকালৰ সৰ্বনিম্ন ৮৯.৯৬ টকা প্ৰতি ডলাৰত উপনীত হৈছিল ।

ইফালে, ৬ প্ৰমুখ মুদ্ৰাৰ বিপৰীতে আমেৰিকান ডলাৰৰ শক্তি জোখা ডলাৰ সূচকাংক ০.১৩ শতাংশ হ্ৰাস পাই ৯৯.২২ত উপনীত হয় ।

লগতে পঢ়ক : ভাৰতীয় ষ্টেট বেংকে বন্ধ কৰিব এই বিশেষ সেৱা; কি প্ৰভাৱ পৰিব ?

শেহতীয়া প্ৰৱন্ধসমূহ