ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৯০.১১ টকালৈ হ্রাস

আশংকাই সঁচা হ’ল ৷ নজিৰবিহীনভাৱে হ্রাস পাইছে ভাৰতীয় মুদ্রাৰ দৰ ৷

অৱশেষত আশংকাই সঁচা হ’ল ৷ বিশ্বৰ বিনিয়োগকাৰীসকলে দেশৰ বজাৰৰ পৰা জমা পুঁজি প্রত্যাহাৰ কৰাৰ পৰিণতিত নজিৰবিহীনভাৱে হ্রাস পাইছে ভাৰতীয় মুদ্রাৰ দৰ ৷ ডলাৰৰ নিৰিখত ধাৰাবাহিকভাৱে পতন অব্যাহত থকাত বুধবাৰে ভাৰতীয় মুদ্রাৰ দাম কমি হয়গৈ ৯০.১১ টকা ৷ যিটো টকাৰ মূল্য পতনৰ ক্ষেত্রত সর্বকালৰ অভিলেখ হিচাপে চিহ্ণিত হৈছে ৷

আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে বৈদেশিক মুদ্রাৰ বজাৰত স্থিতিশীল হোৱাৰ কোনো লক্ষণ দেখিবলৈ পোৱা হোৱা নাই টকাৰ ৷

উল্লেখ্য যে পৰহি টকাৰ দৰ এক ডলাৰৰ বিপৰীতে ৪২ পইচা হ্রাস পাই ৮৯.৯৫ টকা হৈছিল ৷ এই ধাৰাবাহিকতা অব্যাহত থাকি কালি বজাৰ খোলাৰ পাছতে পুৱা ১০ বজাত ডলাৰৰ তুলনাত পুনৰ ১৫ পইচা হ্রাস পায়৷ এক কথাত ক’বলৈ গ’লে কালি টকাৰ দৰ সর্বকালৰ সর্বনিম্ন হৈ পৰে ৷

ইয়াতে প্রশ্ন উঠিছে– ভাৰতীয় মুদ্রাৰ মূল্য কিয় এনেদৰে নিম্নগামী হৈ পৰিছে ?  শ্বেয়াৰ বজাৰত একাংশ বিশেষজ্ঞৰ মতে, বাণিজ্য–অর্থনীতিসহ বিভিন্ন কাৰণত কোনেও দীর্ঘদিন বিনিয়োগ কৰিবলৈ সাহস কৰিব পৰা নাই ৷

ইয়াতে আকৌ ৰামটাঙোন শোধাইছে বিশ্ব বজাৰৰ অস্থিৰতাই ৷ একাংশ অর্থনীতিবিদৰ মতে, আকৌ টকাৰ পতন কোনো আশ্চর্যকৰ ঘটনা নহয় ৷ কিন্তু যি হাৰত পতন ঘটিছে, সেয়া অপ্রত্যাশিত৷ মন কৰিবলগীয়া কথাটো হ’ল– দুর্বল টকাৰ কাৰণে হ্রাস পাইছে ৰপ্তানি আয় ৷ ইয়াৰ বিপৰীতে আমদানি ব্যয় বৃদ্ধি হৈছে ৷

বিশেষকৈ অপৰিশোধিত তেল, ইলেক্ট্র’নিকছ আৰু শিল্প পণ্যৰ ক্ষেত্রত ৷ সেইদৰে বিদেশী ঋণপ্রাপ্ত সংস্থাসমূহৰ ঋণৰ খৰচ ক্রমশঃ বাঢ়ি গৈছে ৷ যাৰ বিৰূপ প্রভাৱ পৰিব পাৰে দেশৰ অর্থনীতিত ৷ ইতিমধ্যে আর্থিক ক্ষেত্রত সাংঘাতিক ধৰণে অনিশ্চয়তাৰ প্রভাৱ পৰিছে শ্বেয়াৰ আৰু মুদ্রাত ৷ তদুপৰি ভাৰত–আমেৰিকাৰ বাণিজ্য চুক্তি সন্দর্ভত কোনো ঘোষণা নোহোৱাৰ বাবেও টকাৰ মূল্য হ্রাস পোৱা বুলি কোৱা হৈছে ৷

বিদেশী বিনিয়োগকাৰী সংস্থাসমূহে ভাৰতত শ্বেয়াৰ বিক্রী কৰি ডলাৰত বিনিয়োগ কৰিবলৈ উৎসাহী ৷ যাৰ কাৰণে শ্বেয়াৰ বজাৰৰ সূচকো হৈ পৰিছে নিম্নগামী ৷ বিদেশী বিনিয়োগ এইদৰে ভাৰতৰ বজাৰত হ্রাস পাই অহাৰ লগে লগে টকাৰ দৰৰো ক্রমশঃ পতন ঘটিব ধৰিছে ৷

বজাৰৰ এনে অৱস্থালৈ চাই বহু বিশেষজ্ঞই স্পর্শকাতৰ বিষয়টোত ভাৰতীয় ৰিজার্ভ বেংকৰ হস্তক্ষেপ দাবী কৰিছে ৷ তেওঁলোকৰ মতে, পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইক্ষেত্রত ভাৰতীয় ৰিজার্ভ বেংকে হস্তক্ষেপ কৰাটো অতি জৰুৰী ৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ডলাৰৰ তুলনাত টকাৰ পতন অব্যাহত থকাৰ মাজতে ভাৰতীয় ৰিজার্ভ বেংকৰ গৱর্নৰ সঞ্জয় মালহোত্রাই কৈছিল যে বজাৰত যোগান আৰু চাহিদাৰ অংকই ইয়াৰ মূল কাৰণ ৷ কিন্তু ইয়াৰ পাছতো টকাৰ পতনত হস্তক্ষেপ কৰিবলৈ আগ্রহ প্রকাশ কৰা নাছিল ভাৰতীয় ৰিজার্ভ বেংকে ৷

লগতে পঢ়ক : ভাৰতীয় ষ্টেট বেংকে বন্ধ কৰিব এই বিশেষ সেৱা; কি প্ৰভাৱ পৰিব ?

টকাৰ অভাৱনীয় পতন; অভিলেখ হাৰত আমেৰিকান ডলাৰৰ বিপৰীতে নিম্নগামী ভাৰতীয় মুদ্ৰাৰ মূল্য

ভাৰতীয় টকাৰ অভাৱনীয় পতন । অভিলেখ হাৰত আমেৰিকান ডলাৰৰ বিপৰীতে নিম্নগামী হ’ল ভাৰতীয় মুদ্ৰাৰ মূল্য ।

মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ পতন অব্যাহত আছে । বুধবাৰে প্ৰথমবাৰৰ বাবে মাৰ্কিন ডলাৰৰ বিপৰীতে ৯০ৰ সীমা অতিক্ৰম কৰে আৰু ৬ পইচা হ্ৰাস পাই প্ৰতি ডলাৰ ৯০.০২ হয় । অৰ্থাৎ এতিয়া এক ডলাৰৰ মূল্য ৯০ টকাতকৈ অধিক । টকা-ডলাৰৰ বিনিময় হাৰ হৈছেগৈ ৯০.০২ ।

ইয়াৰ পূৰ্বে আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত ডলাৰৰ বিপৰীতে টকা ৮৯.৯৬ত মুকলি হৈছিল । ব্যৱসায়ৰ সময়ত ই প্ৰতি ডলাৰত ৯০.১৫ ৰ অভিলেখসংখ্যক নিম্নতমলৈ নামি আহিছিল যদিও পিছত সামান্য উন্নতি ঘটি ৯০.০২ লৈছিল, যিটো পূৰ্বৰ বন্ধৰ তুলনাত ছয় পইচা হ্ৰাস দৰ্শাইছে ।

টকাৰ পতনৰ কাৰণ কি ?

বৈদেশিক মুদ্ৰা ব্যৱসায়ীসকলে কয় যে বেংকসমূহে আমেৰিকান ডলাৰ উচ্চ পৰ্যায়ত ক্ৰয় কৰি থকা আৰু বিদেশী মূলধনৰ বহিঃপ্ৰবাহে টকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰে । কিন্তু দুৰ্বল ডলাৰ আৰু বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য হ্ৰাসে এই তীব্ৰ হ্ৰাসৰ সীমাবদ্ধতা প্ৰদান কৰে । ইয়াৰ পূৰ্বে মঙলবাৰে প্ৰতি ডলাৰৰ মূল্য ৪৩ পইচা হ্ৰাস পাই সৰ্বকালৰ সৰ্বনিম্ন ৮৯.৯৬ টকা প্ৰতি ডলাৰত উপনীত হৈছিল ।

ইফালে, ৬ প্ৰমুখ মুদ্ৰাৰ বিপৰীতে আমেৰিকান ডলাৰৰ শক্তি জোখা ডলাৰ সূচকাংক ০.১৩ শতাংশ হ্ৰাস পাই ৯৯.২২ত উপনীত হয় ।

লগতে পঢ়ক : ভাৰতীয় ষ্টেট বেংকে বন্ধ কৰিব এই বিশেষ সেৱা; কি প্ৰভাৱ পৰিব ?