ৰঞ্জিত কুমাৰ দাস পুনৰ অসম বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত

ৰঞ্জিত কুমাৰ দাস পুনৰ অসম বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত

এই ঐতিহাসিক নিৰ্বাচনেৰে তেওঁ অসম বিধানসভাৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এই মৰ্যাদাপূৰ্ণ আসনখনত বহা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হ’ল বিজেপিৰ জ্যেষ্ঠ নেতা তথা চাৰিবাৰৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস আজি সৰ্বসন্মতিক্ৰমে ১৬ সংখ্যক অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে । এই ঐতিহাসিক নিৰ্বাচনেৰে তেওঁ অসম বিধানসভাৰ ইতিহাসত

এই ঐতিহাসিক নিৰ্বাচনেৰে তেওঁ অসম বিধানসভাৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এই মৰ্যাদাপূৰ্ণ আসনখনত বহা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হ’ল

বিজেপিৰ জ্যেষ্ঠ নেতা তথা চাৰিবাৰৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস আজি সৰ্বসন্মতিক্ৰমে ১৬ সংখ্যক অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে । এই ঐতিহাসিক নিৰ্বাচনেৰে তেওঁ অসম বিধানসভাৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এই মৰ্যাদাপূৰ্ণ আসনখনত বহা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হ’ল ।

আজি সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ পিছতে সাময়িক অধ্যক্ষ (প্ৰ’টেম স্পীকাৰ) চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে । তেওঁ জনায় যে অধ্যক্ষ পদৰ বাবে কেৱল ৰঞ্জিত কুমাৰ দাসৰ সমৰ্থনত তিনিখন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল । প্ৰতিযোগিতাত আন কোনো প্ৰাৰ্থী অৱতীৰ্ণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত পাটোৱাৰীয়ে কয়, “যিহেতু আন কোনো মনোনয়ন নাই, সেয়েহে মই ৰঞ্জিত কুমাৰ দাসক ১৬ সংখ্যক অসম বিধানসভাৰ অধ্যক্ষ হিচাপে ঘোষণা কৰিলোঁ ।”

উল্লেখ্য যে, ৰাজনৈতিক দিশৰ পৰা অত্যন্ত অভিজ্ঞ ৰঞ্জিত কুমাৰ দাসে ইয়াৰ পূৰ্বে ২০১৬ চনত বিজেপিয়ে অসমত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰাৰ সময়তো অধ্যক্ষ হিচাপে সফল কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰ পিছত ২০২১ চনৰ পৰা ২০২৬ চনলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন প্ৰথমখন কেবিনেটত তেওঁ গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰে । ২০১১ চনৰ পৰা ধাৰাবাহিকভাৱে ভৱানীপুৰ-সৰভোগ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈ অহা দাসে দলৰ ৰাজ্যিক সভাপতি হিচাপেও কুশলতাৰে সাংগঠনিক দায়িত্ব চম্ভালিছিল ।

দাসৰ এই নতুন ইনিংছক উষ্ম আদৰণি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (X)-ত এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে দাসক এগৰাকী ‘সাধাৰণ পটভূমিৰ পৰা কষ্টৰে উত্থান ঘটা’ নেতা হিচাপে অভিহিত কৰি তেওঁৰ দীৰ্ঘদিনীয়া জনসেৱা, সাংবাদিকতা আৰু ৰাজনৈতিক যাত্ৰাক প্ৰশংসা কৰে । তেওঁ কয়, “এই পবিত্ৰ সদনৰ দুবাৰকৈ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমজন ব্যক্তি হিচাপে তেওঁ নিজৰ জীৱনত আন এক গৌৰৱময় অধ্যায় সংযোজন কৰিলে ।”

মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে যে দাসৰ বিশাল অভিজ্ঞতাৰ পৰা সদন বহুখিনি লাভৱান হ’ব আৰু তেওঁৰ সলিল পৰিচালনাত বিধানসভাৰ চহকী মূল্যবোধ তথা ঐতিহ্য সদায় অক্ষুণ্ণ থাকিব । ইয়াৰ উপৰি বিজেপি বিধায়িনী দলৰ নেতা হিচাপে শৰ্মাই আশ্বাস দিয়ে যে সদনৰ উৎপাদনশীলতা ১০০ শতাংশ বজাই ৰখাৰ ক্ষেত্ৰত চৰকাৰী পক্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব । শাসক-বিৰোধী উভয় পক্ষৰ সৰ্বসন্মত সমৰ্থনেৰে ৰঞ্জিত কুমাৰ দাসৰ এই নিৰ্বাচনে নতুন বিধানসভাৰ যাত্ৰাত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : শপত লৈ বিধানসভাৰ মজিয়াত ‘মমতা দিদি জিন্দাবাদ’ ধ্বনি শ্বেৰমান আলীৰ

শেহতীয়া প্ৰৱন্ধসমূহ