QS Sustainability Rankings 2026 জাৰি
QS Sustainability Rankings 2026 ত ভাৰতৰ প্ৰদৰ্শন এইবাৰ যথেষ্ট দুৰ্বল। দৰাচলতে এইবাৰ কোনো ভাৰতীয় বিশ্ববিদ্যালয়ে QS Sustainability Rankings ত শীৰ্ষ ২০০ ৰ ভিতৰত স্থান লাভ কৰিব পৰা নাই।
মঙলবাৰে প্ৰকাশ পোৱা এই তালিকাত দেশৰ অধিকাংশ আগশাৰীৰ প্ৰতিষ্ঠানৰ ৰেংকিং হ্ৰাস পাইছে।অৱশ্যে যোৱা বছৰৰ ৰেংকিঙত আই আই টি দিল্লীৰ স্থান ১৭১ ত আছিল আৰু এইবাৰ প্ৰতিষ্ঠানটোৰ ৰেংকিং ২০৫ লৈ নামি আহিছে।
ইফালে আই আই টি বম্বে ২৩৫ নং স্থানৰ পৰা ২৩৬ নম্বৰলৈ নামি গৈছে।যোৱা বছৰ ২০২ ৰেংকিঙত থকা আই আই টি খড়গপুৰ এইবাৰ ২৩৬ নম্বৰ স্থানলৈ নামি গৈছে।ইয়াৰ উপৰিও আন আন প্ৰতিষ্ঠানসমূহৰো একেধৰণৰ পৰিস্থিতি, বহু বিশ্ববিদ্যালয়ৰ ৰেংকিং হ্ৰাস পাইছে।
এইবাৰ ভাৰতৰ শীৰ্ষ ১০ খন প্ৰতিষ্ঠানৰ ভিতৰত ৭ খন প্ৰতিষ্ঠানৰ ৰেংকিঙত হ্ৰাস পাইছে।আই আই টি মাদ্ৰাজ ২৭৭ নম্বৰৰ পৰা ৩০৫ নম্বৰলৈ হ্ৰাস পাইছে।
উল্লেখ্য যে, QS Sustainability Ranking ত বিশ্ববিদ্যালয়ৰ পৰিৱেশ আৰু সমাজৰ ওপৰত হোৱা প্ৰভাৱক প্ৰত্যক্ষ কৰে।
ইয়াৰ ভিতৰত পৰিৱেশ গৱেষণাৰ ফলাফল, পৰিৱেশ শিক্ষাৰ সুনাম, আৰু বহনক্ষমতাৰ ক্ষেত্ৰত কাম কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰভাৱ আদি অন্তৰ্ভুক্ত।
লগতে পঢ়ক: আল-ফালাহ বিশ্ববিদ্যালয়লৈ মোক্ষম আঘাত; AIU এ বাতিল কৰিলে সদস্যপদ









