'আই টি খণ্ডত ভাৰতে বিশ্বক নেতৃত্ব দি আছে'; SPIEFত প্ৰশংসা ৰাষ্ট্ৰপতি পুটিনৰ

‘আই টি খণ্ডত ভাৰতে বিশ্বক নেতৃত্ব দি আছে’; SPIEFত প্ৰশংসা ৰাষ্ট্ৰপতি পুটিনৰ

ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হৈ থকা ছেইণ্ট পিটাৰ্ছবাৰ্গ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চ(SPIEF) ত ৰাষ্ট্ৰপতি পুটিনে ভাৰতক প্ৰশংসা কৰিছে। ৰাছিয়াত ছেইণ্ট পিটাৰ্ছবাৰ্গ ইণ্টাৰনেচনেল ইক’নমিক ফ’ৰাম অৰ্থাৎ SPIEF অনুষ্ঠিত হৈছে। এইখন বিশ্বৰ অন্যতম প্ৰভাৱশালী অৰ্থনৈতিক মঞ্চ। ১৯৯৭ চনৰ পৰা প্ৰতি বছৰে এই ফ’ৰাম অনুষ্ঠিত হৈ আহিছে আৰু চলিত

ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হৈ থকা ছেইণ্ট পিটাৰ্ছবাৰ্গ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চ(SPIEF) ত ৰাষ্ট্ৰপতি পুটিনে ভাৰতক প্ৰশংসা কৰিছে।

ৰাছিয়াত ছেইণ্ট পিটাৰ্ছবাৰ্গ ইণ্টাৰনেচনেল ইক’নমিক ফ’ৰাম অৰ্থাৎ SPIEF অনুষ্ঠিত হৈছে। এইখন বিশ্বৰ অন্যতম প্ৰভাৱশালী অৰ্থনৈতিক মঞ্চ। ১৯৯৭ চনৰ পৰা প্ৰতি বছৰে এই ফ’ৰাম অনুষ্ঠিত হৈ আহিছে আৰু চলিত বৰ্ষত ইয়াক ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছে। এই বছৰ অৰ্থাৎ ২০২৬ চনত ইয়াৰ ২৯ সংখ্যক সংস্কৰণ ৩-ৰ পৰা ৬ জুনলৈকে ছেইণ্ট পিটাৰ্ছবাৰ্গৰ এক্সপ’ফ’ৰাম চেণ্টাৰত চলি আছে।

এই SPIEF অনুষ্ঠানতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ এবাৰ প্ৰশংসা কৰিছে আৰু তেওঁক নিজৰ এজন ভাল বন্ধু বুলি অভিহিত কৰিছে। ইয়াৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অতি শীঘ্ৰেই ভাৰতৰ সৈতে এক বাণিজ্য চুক্তি (ট্ৰেড ডিল) স্বাক্ষৰিত হ’ব।

এইবাৰ ফ’ৰামৰ মূল বিষয়বস্তু হৈছে— ‘ব্যৱহাৰিক বাৰ্তালাপ: এক সুস্থিৰ ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱাৰ পথ। ১০০ তকৈও অধিক দেশৰ প্ৰায় ২০,০০০ অংশগ্ৰহণকাৰীয়ে এই ফ’ৰামত অংশগ্ৰহণ কৰিছে। এই ফ’ৰামৰ মূল পূৰ্ণাংগ অধিৱেশনক চেশ্যন) ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে সম্বোধন কৰে। তেওঁ কয় যে ভাৰতে আইটি খণ্ডত বিশ্বক নেতৃত্ব দি আছে।

লগতে পঢ়ক: আমেৰিকান সৈন্য হত্যা কৰিলে ইৰানৰ বিৰুদ্ধে পুনৰ যুদ্ধৰ হুংকাৰ ট্ৰাম্পৰ

শেহতীয়া প্ৰৱন্ধসমূহ