ৰাষ্ট্ৰপতি ভৱনত মংগোলীয়াৰ ৰাষ্ট্ৰপতিক আতিথ্য প্ৰদান দ্ৰৌপদী মূৰ্মূৰ

ৰাষ্ট্ৰপতি ভৱনত মংগোলীয়াৰ ৰাষ্ট্ৰপতিক আতিথ্য প্ৰদান দ্ৰৌপদী মূৰ্মূৰ

মংগোলীয়াৰ ৰাষ্ট্ৰপতিক আতিথ্য প্ৰদান দ্ৰৌপদী মূৰ্মূৰ ভাৰতৰ ভ্ৰমণলৈ অহা মংগোলিয়াৰ ৰাষ্ট্ৰপতি খুৰেলসুখ উখনাক ৰাষ্ট্ৰপতি ভৱনলৈ আদৰণি জনাই দ্ৰৌপদী মুৰ্মুৱে । লগতে তেওঁৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি ভৱনত নৈশ ভোজৰো আয়োজন কৰা হয় । উন্নয়নমূলক সহযোগিতা, সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাৰত আৰু মংগোলিয়াৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ

মংগোলীয়াৰ ৰাষ্ট্ৰপতিক আতিথ্য প্ৰদান দ্ৰৌপদী মূৰ্মূৰ

ভাৰতৰ ভ্ৰমণলৈ অহা মংগোলিয়াৰ ৰাষ্ট্ৰপতি খুৰেলসুখ উখনাক ৰাষ্ট্ৰপতি ভৱনলৈ আদৰণি জনাই দ্ৰৌপদী মুৰ্মুৱে । লগতে তেওঁৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি ভৱনত নৈশ ভোজৰো আয়োজন কৰা হয় । উন্নয়নমূলক সহযোগিতা, সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাৰত আৰু মংগোলিয়াৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ যথেষ্ট সম্ভাৱনা আছে বুলি দুয়োগৰাকী নেতাই একমত প্ৰকাশ কৰে ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মঙলবাৰে কয় যে সহযোগিতাৰ সমসাময়িক মাত্ৰা সংযোজন কৰি ভাৰত আৰু মংগোলিয়াৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক সম্প্ৰসাৰণৰ সময় আহি পৰিছে । ৰাষ্ট্ৰপতি ভৱনত মংগোলীয় ৰাষ্ট্ৰপতি খুৰেলসুখ উখনা আৰু তেওঁৰ প্ৰতিনিধি দলক আদৰণি জনাই ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ভাগ-বতৰা কৰা সাংস্কৃতিক ঐতিহ্য আৰু গণতান্ত্ৰিক মূল্যবোধ ভাৰত-মংগোলিয়া সম্পৰ্কৰ ভেটি ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে কয় যে, ভাৰত আৰু মংগোলিয়া কৌশলগত অংশীদাৰ, তৃতীয় প্ৰতিবেশী আৰু আধ্যাত্মিক প্ৰতিবেশী দেশ । ভাৰতে মংগোলিয়াৰ সৈতে উন্নয়ন আৰু সামৰ্থ্য বিকাশৰ অংশীদাৰিত্বক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু চলি থকা প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যিবোৰ ভাৰত-মংগোলিয়াৰ বন্ধুত্ব আৰু সহযোগিতাৰ চিৰস্থায়ী প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিব ।

ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এক বিবৃতি অনুসৰি দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক সম্প্ৰসাৰণ কৰাৰ লগতে দুয়োখন দেশৰ জনসাধাৰণক উপকৃত কৰিব পৰা সহযোগিতাৰ নতুন আৰু সমসাময়িক মাত্ৰা সংযোজন কৰাৰ সময় আহি পৰিছে বুলি দুয়োগৰাকী নেতাই একমত প্ৰকাশ কৰে । মঙলবাৰে সমাপ্ত হোৱা সাংস্কৃতিক বিনিময় কাৰ্যসূচী সম্পৰ্কীয় বুজাবুজি চুক্তিয়ে সাংস্কৃতিক বিনিময়ক অধিক প্ৰসাৰিত কৰাৰ বাবে এক শক্তিশালী ভেটি প্ৰদান কৰিব বুলি আস্থা প্ৰকাশ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

উল্লেখ্য যে, মংগোলীয় ৰাষ্ট্ৰপতি উখনা চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে দিল্লীত আছে । ইয়াৰ পূৰ্বে মঙলবাৰে হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী মোদী আৰু মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়, য’ত দুয়োখন দেশৰ মাজত বুজাবুজিৰ আদান-প্ৰদান হয় ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ; সাক্ষৰিত হ’ল ৬খনকৈ চুক্তি

শেহতীয়া প্ৰৱন্ধসমূহ