ৰাজঘাটত ১৫৬ সংখ্যক জন্ম জয়ন্তীত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ

ৰাজঘাটত ১৫৬ সংখ্যক জন্ম জয়ন্তীত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ

ৰাজঘাটত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ আজি গান্ধী জয়ন্তী । সমগ্ৰ দেশজুৰি আজি স্মৰণ কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীক । মহাত্মা গান্ধীৰ জন্ম বৰ্ষপূৰ্তিত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জনায় । গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে মহাত্মা গান্ধীক প্ৰণাম

ৰাজঘাটত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ

আজি গান্ধী জয়ন্তী । সমগ্ৰ দেশজুৰি আজি স্মৰণ কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীক । মহাত্মা গান্ধীৰ জন্ম বৰ্ষপূৰ্তিত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জনায় । গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে মহাত্মা গান্ধীক প্ৰণাম জনোৱাৰ লগতে তেওঁৰ আদৰ্শৰ কথা স্মৰণ কৰে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালো উপস্থিত থাকে ।

গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয় যে গান্ধী জয়ন্তী বাপুৰ অসাধাৰণ জীৱনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন । যাৰ আদৰ্শই মানৱ ইতিহাসৰ দিশ সলনি কৰিলে । তেওঁ দেখুৱাই দিলে যে কেনেকৈ সাহস আৰু সৰলতা এক বৃহৎ পৰিৱৰ্তনৰ মাধ্যমত পৰিণত হ’ব পাৰে । তেওঁ সেৱা আৰু মমতাক মানুহক সবলীকৰণৰ এক অপৰিহাৰ্য উপায় বুলি গণ্য কৰিছিল । আমি উন্নত ভাৰত গঢ়ি তোলাৰ অভিযানত তেওঁ দিয়া পথ অনুসৰণ কৰি যাম ।

বিজয় ঘাটত প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীক শ্ৰদ্ধাঞ্জলি-

জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলিৰ জোনাৱৰ পিছত প্ৰধানমন্ত্ৰী মোদী বিজয় ঘাটত উপস্থিত হয় । ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীক শ্ৰদ্ধাঞ্জলি জনায় । ইয়াৰ আগতে তেওঁ এক্সত লিখে যে লাল বাহাদুৰ শাস্ত্ৰী জী এজন অসাধাৰণ ৰাজনীতিবিদ আছিল । যাৰ সততা, নম্ৰতা আৰু দৃঢ়তাই প্ৰত্যাহ্বানজনক সময়তো ভাৰতক শক্তিশালী কৰি তুলিছিল । তেওঁ আছিল আদৰ্শ নেতৃত্ব, ক্ষমতা আৰু নিৰ্ণায়ক কাৰ্য্যৰ প্ৰতীক । ‘জয় জৱান জয় কিষান’ তেওঁৰ এই আহ্বান আমাৰ মানুহৰ মাজত দেশপ্ৰেমৰ ভাৱ উত্থাপন কৰিলে । তেওঁ আমাক এক শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰি আহিছে ।

ইফালে মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বুধবাৰে দেশবাসীক মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰি পৰিষ্কাৰ, অধিক দক্ষ আৰু সমৃদ্ধিশালী ভাৰত গঢ়িবলৈ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে গান্ধীজীয়ে অস্পৃশ্যতা, নিৰক্ষৰতা আৰু নিচাযুক্ত দ্ৰব্যৰ দৰে সামাজিক দুষ্টতাৰ অন্ত পেলাবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল ।

লগতে পঢ়ক : খেলপথাৰত অপাৰেচন সিন্দুৰ : ভাৰতৰ এছিয়া কাপ বিজয়ৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ টুইট

শেহতীয়া প্ৰৱন্ধসমূহ