কংগ্ৰেছ দলক চোকা সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, কংগ্ৰেছে এটা বিশ্বব্যাপী অনুষ্ঠানক নিজৰ লেতেৰা আৰু উলংগ ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰিত কৰিছে ।
দিল্লীত অনুষ্ঠিত ইণ্ডিয়া এআই ইমপেক্ট ছামিটত ভাৰতীয় যুৱ কংগ্ৰেছৰ অৰ্ধ উলংগ প্ৰতিবাদক লৈ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । কংগ্ৰেছ দলক চোকা সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কংগ্ৰেছে এটা বিশ্বব্যাপী অনুষ্ঠানক নিজৰ লেতেৰা আৰু উলংগ ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰিত কৰিছে । দেশৰ জনসাধাৰণে জানে যে আপোনালোক ইতিমধ্যেই উলংগ ।”
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “দেশৰ কিছুমান ৰাজনৈতিক দল আছে যিয়ে ভাৰতৰ সফলতাক হজম কৰিব নোৱাৰে । বিশ্বৰ সৰ্ববৃহৎ এআই সন্মিলন ভাৰতত অনুষ্ঠিত হৈছিল । মই ৰাইজক সুধিব বিচাৰো, এই এআই সন্মিলনখনক লৈ আপুনি গৌৰৱান্বিত নে ? …সমগ্ৰ দেশ গৌৰৱেৰে ভৰি পৰিছিল, কিন্তু কংগ্ৰেছ আৰু ইয়াৰ পৰিৱেশ তন্ত্ৰই কি কৰিলে ? কংগ্ৰেছে ভাৰতৰ এক বিশ্বব্যাপী অনুষ্ঠানক নিজৰ লেতেৰা ৰাজনীতিৰ ৰংগমঞ্চলৈ ৰূপান্তৰিত কৰিলে । বিদেশী অতিথিৰ সন্মুখত কংগ্ৰেছৰ নেতা অৰ্ধ উলংগ হৈ উপস্থিত হ’ল । দেশে জানে যে আপোনালোক ইতিমধ্যেই উলংগ হৈ আছে, তেন্তে কাপোৰ খোলাৰ প্ৰয়োজন কিয় ?”
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কংগ্ৰেছ নেতাসকলে যি কৰিছে, তাৰ পৰাই বুজা যায় যে দেশৰ আটাইতকৈ পুৰণি দলটো মতাদৰ্শগতভাৱে কিমান দৰিদ্ৰ । কোনেও কল্পনা কৰিব নোৱাৰে । আমি এনেকুৱা মানুহ যিয়ে গাঁৱত বিয়া হ’লে সমগ্ৰ গাঁওখনে ইয়াক সফল কৰাৰ বাবে সকলো প্ৰচেষ্টা চলায় যাতে অতিথিসকলে গাঁৱৰ ইতিবাচক ভাবমূৰ্তি লৈ যায় । কিন্তু কংগ্ৰেছ দলে নিজৰ দেশক কলংকিত কৰাত ব্যস্ত ।”
লগতে পঢ়ক : নতুন ৰাজনৈতিক জীৱনৰ বহুত বহুত শুভেচ্ছাঃ ভূপেন বৰাক বিজেপিলে আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই









