'টিএমচিয়ে বংগৰ জনসাধাৰণৰ ওপৰত শত্ৰুতা উলিয়াইছে...'; মমতা চৰকাৰক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

‘টিএমচিয়ে বংগৰ জনসাধাৰণৰ ওপৰত শত্ৰুতা উলিয়াইছে…’; মমতা চৰকাৰক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম বংগৰ হুগলী জিলাত দেওবাৰে মমতা চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে টিএমচিয়ে জনতাক শত্ৰুতা কৰি আছে। দেওবাৰে বিয়লি পশ্চিম বংগৰ হুগলী জিলাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ চিংগুৰত কেইবাটাও উদ্বোধন, আধাৰশিলা স্থাপন আৰু গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰে। এই

প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম বংগৰ হুগলী জিলাত দেওবাৰে মমতা চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে টিএমচিয়ে জনতাক শত্ৰুতা কৰি আছে।

দেওবাৰে বিয়লি পশ্চিম বংগৰ হুগলী জিলাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ চিংগুৰত কেইবাটাও উদ্বোধন, আধাৰশিলা স্থাপন আৰু গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰে।

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে দুখন পৃথক ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰে।তেওঁ কয় যে উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ পূব ভাৰতৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণ আৰু কেন্দ্ৰীয় চৰকাৰে এই দিশত অহৰহ কাম কৰি আছে।

প্ৰধানমন্ত্ৰী মোদীয়ে মমতা চৰকাৰক লক্ষ্য কৰি কয় যে, টিএমচিয়ে বংগৰ জনসাধাৰণৰ ওপৰত শত্ৰুতা উলিয়াইছে আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ইয়াত ৰাইজৰ কাষ চাপিব পৰা নাই।

প্ৰধানমন্ত্ৰীয়ে কয় যে কালি পশ্চিম বংগৰ পৰা দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন মুকলি কৰা হয়।ইয়াৰ সমান্তৰালকৈ বংগই প্ৰায় আধা ডজন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লও লাভ কৰিছে।

আজি আৰু তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰা হয়।ইয়াৰে এখন ৰে’লে মোৰ সংসদীয় সমষ্টি কাশী (বাৰানসী) আৰু বংগৰ মাজত সংযোগ আৰু অধিক শক্তিশালী কৰিব৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,বালাগড়ত নিৰ্মাণ হ’বলগীয়া বৰ্ধিত বন্দৰ গেট ব্যৱস্থাই হুগলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ বাবে নতুন সুযোগ মুকলি কৰিব।

আজি ভাৰতত বহু-মডাল সংযোগ আৰু সেউজ গতিশীলতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।নিৰৱচ্ছিন্ন পৰিবহণ নিশ্চিত কৰিবলৈ বন্দৰসমূহ,নদীৰ জলপথ, ঘাইপথ আৰু বিমানবন্দৰ সংযোগ কৰা হৈছে।

লগতে পঢ়ক: ‘অসমীয়াই কোনো অচিনাকী লোকৰ ওচৰত আত্মসমৰ্পন নকৰে’; মুখ্যমন্ত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ