আৰম্ভ সংসদৰ বাজেট অধিৱেশন; ৰাষ্ট্ৰপতি মুৰ্মুৱে দিলে ঐতিহ্য আৰু উন্নয়নৰ বাৰ্তা

আৰম্ভ সংসদৰ বাজেট অধিৱেশন; ৰাষ্ট্ৰপতি মুৰ্মুৱে দিলে ঐতিহ্য আৰু উন্নয়নৰ বাৰ্তা

উভয় সদনৰ যৌথ অধিৱেশনত ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । বাজেট অধিৱেশনৰ ৰাষ্ট্ৰপতিৰ ভাষণত চৰকাৰৰ অগ্ৰাধিকাৰ, অৰ্থনৈতিক দিশ, ভৱিষ্যতৰ নীতি প্ৰতিফলিত হয় । বুধবাৰৰ পৰা আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন । উভয় সদনৰ যৌথ অধিৱেশনত ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । উপস্থিত হোৱাৰ

উভয় সদনৰ যৌথ অধিৱেশনত ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । বাজেট অধিৱেশনৰ ৰাষ্ট্ৰপতিৰ ভাষণত চৰকাৰৰ অগ্ৰাধিকাৰ, অৰ্থনৈতিক দিশ, ভৱিষ্যতৰ নীতি প্ৰতিফলিত হয় ।

বুধবাৰৰ পৰা আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন । উভয় সদনৰ যৌথ অধিৱেশনত ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । উপস্থিত হোৱাৰ পিছতে ৰাষ্ট্ৰপতিক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় । তেওঁক আদৰণি জনায় উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ।

ভাষণত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰৰ ঐতিহ্য, ইতিহাস আৰু সাংস্কৃতিক ঐক্যৰ কথা স্মৰণ কৰে । তেখেতে উল্লেখ কৰে যে দেশত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ বাৰ্ষিকী উদযাপন কৰা হয় । বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তীত সমগ্ৰ ৰাষ্ট্ৰই তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জনজাতীয় সমাজলৈ তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ সৈতে জড়িত অনুষ্ঠানসমূহে “এক ভাৰত, মহা ভাৰত”ৰ মনোভাৱক আৰু অধিক শক্তিশালী কৰি তুলিছে । তেওঁ লগতে কয় যে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী উদযাপনে ৰাষ্ট্ৰক সংগীত আৰু ঐক্যৰে একত্ৰিত কৰিছিল ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে যেতিয়া ৰাষ্ট্ৰই নিজৰ পূৰ্বপুৰুষৰ অৱদানৰ কথা মনত পেলায় তেতিয়া ই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে । এই প্ৰেৰণাই উন্নত ভাৰতৰ দিশত আমাৰ যাত্ৰাক আৰু অধিক ত্বৰান্বিত কৰে ।

ভাষণত ৰাষ্ট্ৰপতিয়ে সংসদৰ এই অধিৱেশনত ভাষণ প্ৰদান কৰি আনন্দ প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰে যে বিগত বছৰটো ভাৰতৰ দ্ৰুত অগ্ৰগতি আৰু চহকী ঐতিহ্যক উদযাপন কৰাৰ স্মৰণীয় বছৰ আছিল ।

ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে সমগ্ৰ দেশতে “বন্দে মাতৰম”ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে । তেওঁ কয় যে এই মহান কামৰ বাবে দেশবাসীয়ে বাংকিম চন্দ্ৰ চেটাৰ্জীক শ্ৰদ্ধাঞ্জলি জনাইছে । দেশৰ সাংস্কৃতিক চেতনাক আৰু অধিক শক্তিশালী কৰি তোলা সংসদত বন্দে মাতৰমৰ ওপৰত বিশেষ আলোচনাৰ বাবে তেওঁ সকলো সংসদ সদস্যক অভিনন্দন জ্ঞাপন কৰে ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সংসদত উপস্থিত হয় । বাজেট অধিবেশনৰ সময়ত ৰাষ্ট্ৰপতিৰ ভাষণত চৰকাৰৰ অগ্ৰাধিকাৰ, অৰ্থনৈতিক দিশ, ভৱিষ্যতৰ নীতি প্ৰতিফলিত হয় ।

এই অধিবেশন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব । ২ এপ্ৰিললৈকে চলিব লগা এই অধিৱেশনত মুঠ ৩০খন বৈঠক অনুষ্ঠিত হ’ব । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিব । প্ৰথম পৰ্যায়ৰ অধিবেশন ২৮ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ চলিব আৰু দ্বিতীয় পৰ্যায়ৰ অধিবেশন ৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ২ এপ্ৰিলত সমাপ্ত হ’ব ।

লগতে পঢ়ক : আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন : ৰাষ্ট্ৰপতিৰ ভাষণেৰে হ’ব আৰম্ভণি, দেওবাৰে কেন্দ্ৰীয় বাজেট

শেহতীয়া প্ৰৱন্ধসমূহ