মাতৃহাৰা হ’ল বলিউডৰ অভিনেতা পংকজ ত্ৰিপাঠী...

মাতৃহাৰা হ’ল বলিউডৰ অভিনেতা পংকজ ত্ৰিপাঠী…

মাতৃহাৰা হ’ল বলিউডৰ অভিনেতা পংকজ ত্ৰিপাঠী বলীউড জগতৰ পৰা এটা অতি দুখৰ খবৰ আহিছে।৮৯ বছৰ বয়সত অভিনেতা পংকজ ত্ৰিপাঠীৰ মাতৃ শ্ৰীমতী হেমৱতী দেৱীৰ দেহাৱসান। বিহাৰৰ গোপালগঞ্জ জিলাৰ বেলছাণ্ডস্থিত পৰিয়ালটোৰ পূৰ্বপুৰুষৰ বাসগৃহতে মৃত্যু হয় হেমৱতী দেৱীৰ।কিছুদিন ধৰি অসুস্থ হৈ আছিল তেওঁ। ত্ৰিপাঠী পৰিয়ালে জাৰি কৰা এক

মাতৃহাৰা হ’ল বলিউডৰ অভিনেতা পংকজ ত্ৰিপাঠী

বলীউড জগতৰ পৰা এটা অতি দুখৰ খবৰ আহিছে।৮৯ বছৰ বয়সত অভিনেতা পংকজ ত্ৰিপাঠীৰ মাতৃ শ্ৰীমতী হেমৱতী দেৱীৰ দেহাৱসান।

বিহাৰৰ গোপালগঞ্জ জিলাৰ বেলছাণ্ডস্থিত পৰিয়ালটোৰ পূৰ্বপুৰুষৰ বাসগৃহতে মৃত্যু হয় হেমৱতী দেৱীৰ।কিছুদিন ধৰি অসুস্থ হৈ আছিল তেওঁ।

ত্ৰিপাঠী পৰিয়ালে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতি অনুসৰি,শ্ৰীমতী হেমৱতী দেৱীয়ে পৰিয়ালৰ লোকসকলৰ উপস্থিতিত শেষ নিশ্বাস ত্যাগ কৰে।মাতৃৰ শেষ মূহুৰ্তত তেওঁৰ ওচৰত পংকজ ত্ৰিপাঠীও আছিল।

অভিনেতা গৰাকীৰ জীৱনত মাতৃ হেমৱতী দেৱীৰ গভীৰ প্ৰভাৱ আছিল।অভিনেতা গৰাকীয়ে প্ৰায়ে কয় যে, মাতৃ হেমৱতী দেৱীয়ে তেওঁৰ মনত অনুশাসন, নম্ৰতা আৰু মমতাৰ মূল্যবোধৰ বীজ সিঁচিছিল।

গোপালগঞ্জৰ কৃষক পৰিয়ালৰ পৰা অহা ত্ৰিপাঠীয়ে প্ৰায়ে নিজৰ গাঁৱলৈ মাতৃক লগ কৰিবলৈ গৈছিল।মাতৃৰ মৃত্যুত শোকত ভাগি পৰিছে অভিনেতা গৰাকী।  

লগতে পঢ়ক: জন্মদিনত অনুৰাগীলৈ শ্বাহৰুখ খানৰ উপহাৰ; মুকলি হ’ল নতুন ছবিৰ ট্ৰেইলাৰ…