হিমালয় ক্ষেত্ৰত ভয়ংকৰ হিমস্খলন
নেপালত দুটা পৃথক হিমস্খলনৰ ঘটনা সংঘটিত হৈছে । এই ঘটনাত দুজন গাইডকে ধৰি ৯ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
সোমবাৰে পুৱা প্ৰায় ১০ বজাত গৌৰীশংকৰ গ্ৰাম্য পৌৰসভাৰ সমীপৰ মাউণ্ট ইয়ালুং ৰি (৬,৯২০ মিটাৰ)ত হোৱা হিমস্খলনত ৭জন পৰ্বতাৰোহীক শৃংগটো বগাবলৈ চেষ্টা কৰি থকাৰ সময়তে সমাধিস্থ হয় বুলি আৰক্ষীয়ে জনায় । সাতজন পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰৰ বাবে যৌথ উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ।
নিহতসকলৰ ভিতৰত আছে দুজন নেপালৰ নাগৰিক, দুজন ইটালীৰ পৰ্বতাৰোহী, এজন কানাডিয়ান, এজন ফৰাচী আৰু এজন জাৰ্মান । আন পাঁচজন (তিনিজন নেপালী আৰু দুজন ফৰাচী) আহত অৱস্থাত বিমানযোগে কাঠমাণ্ডুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । সামান্য আঘাতপ্ৰাপ্ত হৈ আৰু চাৰিজন পৰ্বতাৰোহীক হিমস্খলন স্থানৰ পৰা উদ্ধাৰ কৰা হয় ।
ইফালে এক সুকীয়া ঘটনাত ইটালীৰ দুজন পৰ্বতাৰোহী মাউণ্ট পাম্বাৰী (৬,৮৮৭ মিটাৰ)ৰ প্ৰথম কেম্পত থকা তেওঁলোকৰ তম্বুৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হয় । ২৮ অক্টোবৰৰ পৰা প্ৰচণ্ড বৰফ পৰাৰ ফলত নিৰুদ্দেশ হৈ আছিল তেওঁলোক । মঙলবাৰে ৫,২৪২ মিটাৰ উচ্চতাত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । তেওঁলোকৰ সৈতে আবদ্ধ হৈ থকা আন এজন ইটালীৰ পৰ্বতাৰোহীক দেওবাৰে উদ্ধাৰ কৰা হয় ।
আনহাতে নেপাল পৰ্যটন ব’ৰ্ডে নেপাল হিমালয়ত প্ৰাণ হেৰুওৱা পৰ্বতাৰোহীসকলৰ প্ৰতি শোক বাৰ্তা প্ৰেৰণ কৰে ।
লগতে পঢ়ক : পুনৰ মাজ আকাশত ভয়ংকৰ বিমান দুৰ্ঘটনা; ধ্বংসস্তূপত পৰিণত এটা বৃহৎ অঞ্চল









