বিশ্বৰ ৫ খন ক্ষুদ্ৰ দেশ; আঙুলিৰ মূৰত গণিব পাৰি জনসংখ্যা

বিশ্বৰ ৫ খন ক্ষুদ্ৰ দেশ পৃথিৱীত বিভিন্ন দেশসমূহ বৈচিত্ৰময় জনসংখ্যাৰ বাবে জনা যায় । আনকি কিছুমান দেশৰ নাগৰিক ভাৰতৰ কোনো সৰু চহৰৰ জনসংখ্যাৰ সমান । অৱশ্যে এই কম জনবসতিপূৰ্ণ দেশবোৰ কাশ্মীৰৰ দৰেই ধুনীয়া । বিশ্বৰ ১৯৫খন দেশৰ ভিতৰত ৫খন দেশক আটাইতকৈ সৰু তথা ক্ষুদ্ৰ বুলি

বিশ্বৰ ৫ খন ক্ষুদ্ৰ দেশ

পৃথিৱীত বিভিন্ন দেশসমূহ বৈচিত্ৰময় জনসংখ্যাৰ বাবে জনা যায় । আনকি কিছুমান দেশৰ নাগৰিক ভাৰতৰ কোনো সৰু চহৰৰ জনসংখ্যাৰ সমান । অৱশ্যে এই কম জনবসতিপূৰ্ণ দেশবোৰ কাশ্মীৰৰ দৰেই ধুনীয়া ।

বিশ্বৰ ১৯৫খন দেশৰ ভিতৰত ৫খন দেশক আটাইতকৈ সৰু তথা ক্ষুদ্ৰ বুলি গণ্য কৰা হয় । ক্ষুদ্ৰ জনসংখ্যাৰ উপৰিও এই দেশবোৰ সৌন্দৰ্য্য, অনন্য পৰিচয়, সংস্কৃতি, ইতিহাসৰ বাবেও জনাজাত । জানক পৃথিৱীৰ পাঁচখন ক্ষুদ্ৰ দেশৰ বিষয়ে ।

ফেডাৰেচন অব্ চেন্ট ক্রিষ্টোফাৰ এণ্ড নেভিছ-

ফেডাৰেচন অৱ চেণ্ট ক্রিষ্টোফাৰ এণ্ড নেভিছ, যাক চেণ্ট কিটছ এণ্ড নেভিছ বুলিও কোৱা হয়, কেৰিবিয়ান সাগৰত অৱস্থিত এখন ক্ষুদ্ৰ দেশ । ইয়াৰ আয়তন ২৬১ বৰ্গ কিলোমিটাৰ । সৌন্দৰ্য্য আৰু উপকূলৰ বাবে পৰিচিত এই দ্বীপটোৰ জনসংখ্যা প্ৰায় ৫৩,০০০ ।

ছান মেৰিনো-

বিশ্বৰ আটাইতকৈ সৰু দেশৰ তালিকাত আছে উত্তৰ ইটালীত অৱস্থিত ছান মেৰিনো । ইয়াৰ আয়তন প্ৰায় ৬১ বৰ্গ কিলোমিটাৰ । ঠেক ৰাস্তা আৰু মধ্যযুগীয় দুৰ্গসমূহৰ সৈতে দেশখন ঐতিহাসিক ঐতিহ্যৰ বাবে বিশ্বজুৰি পৰিচিত । দেশখনৰ জনসংখ্যা প্ৰায় ৩৩ হাজাৰ ।

টুভালু পেচিফিক-

টুভালু প্ৰশান্ত মহাসাগৰত অৱস্থিত এখন দ্বীপ ৰাষ্ট্ৰ । ২৬ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত এইখনৰ জনসংখ্যা প্ৰায় ১০০০ । ঘন জনবসতিপূৰ্ণ এই দেশখন শান্ত উপকূল আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে বিখ্যাত । দেশখনত মৎস্য চিকাৰ প্ৰধান বৃত্তি ।

নাউৰু-

নাউৰু পৃথিৱীৰ অন্যতম সৰু দেশ । প্ৰায় ১০ হাজাৰ জনসংখ্যাৰ এই দেশখনৰ আয়তন ২১ বৰ্গ কিলোমিটাৰ । ইয়াৰ প্ৰশাসনিক কেন্দ্ৰ য়াৰেন আৰু দেশখন ইয়াৰ সুন্দৰ উপকূলৰ বাবে পৰিচিত ।

ভেটিকান চিটি-

বিশ্বৰ আটাইতকৈ সৰু দেশখন হৈছে ইটালীৰ ৰোমত অৱস্থিত ভেটিকান চিটি । ই ৰোমান কেথলিক গীৰ্জাৰ মূল ধৰ্মীয় কেন্দ্ৰ হিচাপে পৰিচিত । ইয়াৰ জনসংখ্যা প্ৰায় ৮০০ । এই সুন্দৰ দেশখনে ভেটিকান সংগ্ৰহালয় আৰু অন্যান্য প্ৰধান পৰ্যটনস্থলীৰ দৰে বিখ্যাত স্থানৰ গৌৰৱেৰে গৌৰাৱাম্বিত ।

লগতে পঢ়ক : কিয় পালন কৰা হয় বিশ্ব ছাত্ৰ দিৱস ? জানক এই দিনটোৰ তাৎপৰ্য আৰু ইয়াৰ আঁৰৰ কাহিনী

শেহতীয়া প্ৰৱন্ধসমূহ