৯ বছৰৰ পাছত শ্ৰীলংকাত টেষ্ট ছিৰিজ খেলিব ভাৰতে: সন্মুখত স্পীনৰ প্ৰত্যাহ্বান!

৯ বছৰৰ পাছত শ্ৰীলংকাত টেষ্ট ছিৰিজ খেলিব ভাৰতে: সন্মুখত স্পীনৰ প্ৰত্যাহ্বান!

শ্ৰীলংকা ক্ৰিকেটে বৃহস্পতিবাৰে, ২ জুলাই এই শৃংখলাৰ আনুষ্ঠানিক সূচী প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা ডাঙৰ খবৰ । অহা আগষ্ট মাহত ভাৰতীয় ক্ৰিকেট দলে শ্ৰীলংকা ভ্ৰমণ কৰিব । এই গুৰুত্বপূৰ্ণ ভ্ৰমণত ভাৰতে ঘৰুৱা দলটোৰ বিৰুদ্ধে দুখন খেলৰ এটা টেষ্ট শৃংখলা খেলিব । শ্ৰীলংকা ক্ৰিকেটে

শ্ৰীলংকা ক্ৰিকেটে বৃহস্পতিবাৰে, ২ জুলাই এই শৃংখলাৰ আনুষ্ঠানিক সূচী প্ৰকাশ কৰিছে

ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা ডাঙৰ খবৰ । অহা আগষ্ট মাহত ভাৰতীয় ক্ৰিকেট দলে শ্ৰীলংকা ভ্ৰমণ কৰিব । এই গুৰুত্বপূৰ্ণ ভ্ৰমণত ভাৰতে ঘৰুৱা দলটোৰ বিৰুদ্ধে দুখন খেলৰ এটা টেষ্ট শৃংখলা খেলিব । শ্ৰীলংকা ক্ৰিকেটে বৃহস্পতিবাৰে (২ জুলাই) এই শৃংখলাৰ আনুষ্ঠানিক সূচী প্ৰকাশ কৰিছে ।

এই টেষ্ট শৃংখলাখন আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ চক্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ । বৰ্তমান ডব্লিউটিচি পইণ্ট তালিকাত নিজৰ স্থিতি মজবুত কৰিবলৈ ভাৰতীয় দলৰ বাবে এই শৃংখলাত জয়লাভ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ।

ভাৰত বনাম শ্ৰীলংকা টেষ্ট শৃংখলাৰ সম্পূৰ্ণ সূচী

প্ৰকাশিত সূচী অনুসৰি, দুয়োখন টেষ্ট খেল ভাৰতীয় সময় অনুসৰি ৰাতিপুৱা ১০ বজাত আৰম্ভ হ’ব ।

প্ৰথম টেষ্ট: ১৫ ৰ পৰা ১৯ আগষ্টলৈ, গল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

দ্বিতীয় টেষ্ট: ২৩ ৰ পৰা ২৭ আগষ্টলৈ, কলম্বোৰ সিংহলিজ স্পৰ্টছ ক্লাবত অনুষ্ঠিত হ’ব ।

WTC পইণ্ট তালিকাৰ সমীকৰণ : দুয়োটা দলৰ বাবেই অগ্নিপৰীক্ষা

ভাৰতে এতিয়ালৈকে দুবাৰকৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিছে যদিও এবাৰো ট্ৰফী লাভ কৰিবলৈ সক্ষম হোৱা নাই । বৰ্তমানৰ ডব্লিউটিচি চক্ৰত ভাৰতীয় দলটো বহুত ভাল স্থিতিত নাই । টীম ইণ্ডিয়া বৰ্তমান পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে আৰু শ্ৰীলংকা আছে ষষ্ঠ স্থানত । গতিকে ফাইনেলৰ দৌৰত টিকি থাকিবলৈ হ’লে দুয়োটা দলৰে বাবে এই শৃংখলাটো ‘ডু অৰ ডাই’ সদৃশ হ’ব ।

অধিনায়ক শুভমন গীল আৰু স্পীনৰ প্ৰত্যাহ্বান

যুৱ তাৰকা শুভমন গীলৰ অধিনায়কত্বত ভাৰতে এই শতিকাৰ ডব্লিউটিচি অভিযান মিশ্ৰিতভাৱে আৰম্ভ কৰিছিল । ইংলেণ্ডৰ বিৰুদ্ধে ২-২ ব্যৱধানত শৃংখলা ড্ৰ’ কৰাৰ পিছত ভাৰতে ৱেষ্ট ইণ্ডিজক ক্লীন চুইপ কৰিছিল ।

দক্ষিণ আফ্ৰিকাৰ ডাঙৰ আঘাত :

২০২৫ চনৰ নৱেম্বৰ মাহত ঘৰৰ মাটিতেই দক্ষিণ আফ্ৰিকাৰ হাতত ২-০ ব্যৱধানত টেষ্ট শৃংখলাত পৰাস্ত হৈ থকা-সৰকা হৈছিল ভাৰত । এই পৰাজয়ে ভাৰতীয় বেটৰসকলৰ স্পীন বলিং খেলাৰ দুৰ্বলতা জলজল-পটপটকৈ উদঙাই দিছিল ।

যদিও যোৱা মাহত আফগানিস্তানৰ বিৰুদ্ধে একমাত্ৰ টেষ্টখন জিকি ভাৰতে কিছু সকাহ পাইছে, তথাপিও শ্ৰীলংকাৰ ঘূৰ্ণীয়মান পিচত গীল বাহিনীৰ আচল পৰীক্ষা হ’ব । গল আৰু কলম্বোৰ উইকেট পৰম্পৰাগতভাৱেই স্পীনাৰৰ স্বৰ্গভূমি বুলি জনা যায় । গতিকে শ্ৰীলংকাৰ ঘৰুৱা স্পীন আক্ৰমণ ওফৰাবলৈ ভাৰতীয় বেটিং লাইনে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।

৯ বছৰৰ পিছত শ্ৰীলংকাত ভাৰত: ইতিহাসৰ পুনৰাবৃত্তি হ’বনে?

উল্লেখ্য যে, ভাৰতে শেষবাৰৰ বাবে ২০১৭ চনত টেষ্ট শৃংখলা খেলিবলৈ শ্ৰীলংকা ভ্ৰমণ কৰিছিল । তেতিয়া বিৰাট কোহলীৰ আক্ৰমণাত্মক অধিনায়কত্বত টীম ইণ্ডিয়াই শ্ৰীলংকাক ৩-০ ব্যৱধানত ঐতিহাসিকভাৱে ক্লীন চুইপ কৰিছিল ।

এতিয়া প্ৰায় ৯ বছৰৰ পিছত ভাৰতীয় দলে পুনৰ শ্ৰীলংকাৰ মাটিত টেষ্ট খেলিবলৈ নামিব ।

লগতে পঢ়ক : মেছিৰ ১০ নম্বৰ জাৰ্ছিত ষ্টেডিয়ামত যশস্বী জয়ছোৱাল!