ট্ৰাম্পৰ শুল্কক অবৈধ আখ্যা মাৰ্কিন উচ্চতম ন্যায়ালয়ৰ, ভাৰতৰ প্ৰথমটো প্ৰতিক্ৰিয়া

ট্ৰাম্পৰ শুল্কক অবৈধ আখ্যা মাৰ্কিন উচ্চতম ন্যায়ালয়ৰ, ভাৰতৰ প্ৰথমটো প্ৰতিক্ৰিয়া

শুকুৰবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্বৰ দেশসমূহৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত বাতিল কৰে উচ্চতম ন্যায়ালয়ে । শুকুৰবাৰে মাৰ্কিন উচ্চতম ন্যায়ালয়ে শুল্ক সন্দৰ্ভত লোৱা সিদ্ধান্ত সন্দৰ্ভত ভাৰত চৰকাৰে এক বিবৃতি প্ৰকাশ কৰিছে । বিবৃতিত উল্লেখ কৰা হৈছে যে ভাৰতে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিকাশ

শুকুৰবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্বৰ দেশসমূহৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত বাতিল কৰে উচ্চতম ন্যায়ালয়ে ।

শুকুৰবাৰে মাৰ্কিন উচ্চতম ন্যায়ালয়ে শুল্ক সন্দৰ্ভত লোৱা সিদ্ধান্ত সন্দৰ্ভত ভাৰত চৰকাৰে এক বিবৃতি প্ৰকাশ কৰিছে । বিবৃতিত উল্লেখ কৰা হৈছে যে ভাৰতে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিকাশ আৰু প্ৰভাৱৰ ওপৰত নিবিড়ভাৱে অধ্যয়ন কৰি আছে । উল্লেখ্য যে, শুকুৰবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্বৰ দেশসমূহৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত বাতিল কৰে উচ্চতম ন্যায়ালয়ে ।

এই বিষয়টোৰ সন্দৰ্ভত বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে কয়, “আমি কালি শুল্ক সন্দৰ্ভত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত লক্ষ্য কৰিলোঁ । আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েও এই বিষয়ত সংবাদমেল অনুষ্ঠিত কৰে । আমেৰিকা প্ৰশাসনেও কিছু সিদ্ধান্ত লৈছে । আমি এই বিষয়ে নিবিড়ভাৱে অধ্যয়ন কৰি আছো ।”

আমেৰিকাৰ আদালতৰ এই সিদ্ধান্ত সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে উল্লেখ কৰে যে ভাৰত চৰকাৰে শুল্ক সন্দৰ্ভত শেহতীয়াকৈ আদালতৰ ৰায়দান অধ্যয়ন কৰিব । বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বিষয়টো তদাৰক কৰি আছে ।

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “মই সংবাদ মাধ্যমত পঢ়িলোঁ যে এই বিষয়ত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশ দিছে । ভাৰত চৰকাৰে ইয়াৰ ওপৰত অধ্যয়ন কৰিব । প্ৰয়োজন হ’লে যিকোনো উত্তৰ দিয়া হ’ব । বাণিজ্য মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই বিষয়টো তদাৰক কৰি আছে ।” তেওঁ এই বিষয়ে আন কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে ।

উল্লেখ্য যে, শুকুৰবাৰে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ট্ৰাম্পৰ শুল্ক অবৈধ বুলি ঘোষণা কৰে । ৬ জনীয়া ন্যায়াধীশে এই সিদ্ধান্তৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে তিনিজন ন্যায়াধীশে মতানৈক্য প্ৰকাশ কৰে । ইয়াত উল্লেখ কৰা হৈছে যে ট্ৰাম্প প্ৰশাসনে ১৯৭৭ চনৰ আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক ক্ষমতা আইন (আই ই ই পি এ)ৰ অধীনত নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি গধুৰ আমদানি শুল্ক আৰোপ কৰিছিল ।

মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছৰ সৈতে ন্যায়াধীশ নীল গ’ৰছুচ আৰু এমি কনি বেৰেট আৰু তিনিজন উদাৰ ন্যায়াধীশে এই ৰায়দান কৰে । উচ্চতম ন্যায়ালয়ে কয় যে আই ই ই পি এয়ে ৰাষ্ট্ৰপতিক শুল্ক আৰোপ কৰিবলৈ অনুমতি নিদিয়ে, যিটো ক্ষমতা সাংবিধানিকভাৱে কংগ্ৰেছক প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : থেংক ইউ ইণ্ডিয়া… ভাৰত ভ্ৰমণক স্মৰণীয় আখ্যা দি দেশলৈ উভতিল ৰাষ্ট্ৰপতি মেক্ৰন

শেহতীয়া প্ৰৱন্ধসমূহ