ভয়ংকৰ বানত বিধ্বস্ত মেক্সিকো; এতিয়ালৈকে ২৮ জনৰ মৃত্যু

ভয়ংকৰ বানত বিধ্বস্ত মেক্সিকো; এতিয়ালৈকে ২৮ জনৰ মৃত্যু

ভয়ংকৰ বানত বিধ্বস্ত মেক্সিকো ধাৰাসাৰ বৰষুণে মেক্সিকোত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত হৈ পৰিছে মেক্সিকোৰ জনজীৱন । মধ্য আৰু দক্ষিণ-পূব মেক্সিকোত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন আৰু বানপানীয়ে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাটৰ ব্যাপক ক্ষতি কৰিছে । অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত কমেও ২৮

ভয়ংকৰ বানত বিধ্বস্ত মেক্সিকো

ধাৰাসাৰ বৰষুণে মেক্সিকোত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত হৈ পৰিছে মেক্সিকোৰ জনজীৱন । মধ্য আৰু দক্ষিণ-পূব মেক্সিকোত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন আৰু বানপানীয়ে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাটৰ ব্যাপক ক্ষতি কৰিছে । অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত কমেও ২৮ জন লোকে প্ৰাণ হেৰুৱাইছে ।

সামাজিক মাধ্যমত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰা প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে, পথসমূহ নদীলৈ ৰূপান্তৰিত হৈছে, যান-বাহন আৰু ঘৰসমূহ প্ৰায় সম্পূৰ্ণৰূপে ডুব গৈছে । ইফালে প্ৰশাসনে দুৰ্যোগ পীড়িত সকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে । জানিব পৰা মতে মেক্সিকোৱে জনসাধাৰণক সহায় কৰিবলৈ ৮৭০০ সামৰিক জোৱান নিয়োগ কৰিছে ।

আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত অন্যতম হৈছে মধ্য ৰাজ্য হিডালগো, য’ত ১৬ জন লোকৰ মৃত্যু হৈছে । ভূমিস্খলন আৰু ভয়ংকৰ বানৰ ফলত ৰাজ্যখনৰ কমেও ১০০০ ঘৰ, ৫৯খন চিকিৎসালয় আৰু ক্লিনিক, ৩০৮খন বিদ্যালয়ৰ ক্ষতিসাধন হৈছে । ৰাজ্যখনৰ ৮৪খন পৌৰসভাৰ প্ৰায় ১৭খন পৌৰসভাত বিদ্যুৎ বিচ্ছিন্ন হৈছে ।

ইফালে উপকূলীয় ৰাজ্য ভেৰাক্ৰুজত ভয়ংকৰ বানত এজন আৰক্ষী বিষয়াকে ধৰি দুজন লোকৰ মৃত্যু হৈছে । প্ৰায় ৫ হাজাৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে । নৌসেনাই প্ৰায় ৯০০ লোকক এই স্থানৰ পৰা উদ্ধাৰ কৰিছে ।

লগতে পঢ়ক : ৭.৪ প্ৰাব্যলত কঁপি উঠিল ফিলিপাইনছৰ ভূমি…

শেহতীয়া প্ৰৱন্ধসমূহ