গুগলে ভাৰতত নিৰ্মাণ কৰিব এ আই হাব; আমেৰিকাৰ বাহিৰত হ’ব সৰ্ববৃহৎ কৃত্ৰিম বুদ্ধিমত্তা কেন্দ্ৰ

গুগলে ভাৰতত নিৰ্মাণ কৰিব এ আই হাব; আমেৰিকাৰ বাহিৰত হ’ব সৰ্ববৃহৎ কৃত্ৰিম বুদ্ধিমত্তা কেন্দ্ৰ

গুগলে ভাৰতত নিৰ্মাণ কৰিব এ আই হাব গুগলে ভাৰতত আৰ্টিফিচিয়েল ইনটেলিজেন্স হাব নিৰ্মাণৰ পৰিকল্পনা ঘোষণা কৰিছে, যিটো হ’ব আমেৰিকাৰ পিছতে দ্বিতীয়টো বৃহত্তম হাব । মঙলবাৰে গুগলে কয় যে আগন্তুক পাঁচ বছৰত ভাৰতত প্ৰায় ১৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব । কোম্পানীটোৱে অন্ধ্ৰ প্ৰদেশত এটা বৃহৎ ডাটা

গুগলে ভাৰতত নিৰ্মাণ কৰিব এ আই হাব

গুগলে ভাৰতত আৰ্টিফিচিয়েল ইনটেলিজেন্স হাব নিৰ্মাণৰ পৰিকল্পনা ঘোষণা কৰিছে, যিটো হ’ব আমেৰিকাৰ পিছতে দ্বিতীয়টো বৃহত্তম হাব । মঙলবাৰে গুগলে কয় যে আগন্তুক পাঁচ বছৰত ভাৰতত প্ৰায় ১৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব । কোম্পানীটোৱে অন্ধ্ৰ প্ৰদেশত এটা বৃহৎ ডাটা চেণ্টাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বেছ নিৰ্মাণৰ পৰিকল্পনা ঘোষণা কৰিছে । নতুন দিল্লীত এক অনুষ্ঠানত এই কথা ঘোষণা কৰে গুগল ক্লাউডৰ চিইঅ’ থমাছ কুৰিয়ানে । তেওঁ কয় যে এইটোৱেই হ’ব আমেৰিকাৰ বাহিৰৰ আটাইতকৈ ডাঙৰ এ আই হাব । আনহাতে অহা ৫ বছৰত ১৫ বিলিয়ন ডলাৰৰ মূলধনী বিনিয়োগ হ’ব ।

গুগলে বিশাখাপট্টনমত ১ গিগাৱাটৰ ডাটা চেণ্টাৰ কেম্পাছ নিৰ্মাণ কৰিব । এ আই আন্তঃগাঁথনিৰ লগতে ইয়াত বৃহৎ শক্তিৰ উৎস আৰু ফাইবাৰ অপটিক নেটৱৰ্কো থাকিব । অন্ধ্ৰ প্ৰদেশৰ এই বৃহৎ ডাটা চেণ্টাৰটোৱে উল্লেখযোগ্য কৰ্মসংস্থাপনৰো সৃষ্টি কৰিব । থমাছ কুৰিয়ানে কয় যে আমেৰিকাৰ বাহিৰত আমাৰ এইটোৱেই হ’ব আটাইতকৈ ডাঙৰ এ আই হাব বিনিয়োগ । এই সন্দৰ্ভত নতুন দিল্লীত আনুষ্ঠানিক চুক্তি স্বাক্ষৰিত হয় । গুগলে ভৱিষ্যতে এই হাবটো বহু গিগাৱাট কেন্দ্ৰলৈ সম্প্ৰসাৰণ কৰিব । কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু ৰাজ্যৰ আই টি মন্ত্ৰী নৰা লোকেশেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই ডিজিটেল আন্তঃগাঁথনিয়ে এ আইৰ বাবে ভাৰতৰ দীৰ্ঘম্যাদী লক্ষ্য পূৰণ কৰিব । অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে ইয়াক গেম চেঞ্জাৰ বিনিয়োগ বুলি অভিহিত কৰে, যিটো ব্যাপক আলোচনা আৰু অবিৰত প্ৰচেষ্টাৰ জৰিয়তে সম্ভৱ হৈছে । ই অন্ধ্ৰ প্ৰদেশৰ ডিজিটেল ভৱিষ্যত, উদ্ভাৱন আৰু বিশ্বায়নৰ বাবে এক বৃহৎ গতি আগবঢ়াইছে ।

লগতে পঢ়ক : শীঘ্ৰেই ভাৰতে মুকলি কৰিব স্বদেশী এ আই মডেল

শেহতীয়া প্ৰৱন্ধসমূহ