‘জুবিনে বৰষুণ ভালপাইছিল,আজিও বৃষ্টি লৈ আহিছে’; ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পিছত গৰিমা শইকীয়া গাৰ্গৰ প্ৰথম প্ৰতিক্ৰিয়া

গৰিমা শইকীয়া গাৰ্গৰ প্ৰথম প্ৰতিক্ৰিয়া আজি সমগ্ৰ দেশজুৰি মুক্তিলাভ কৰিলে জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে। সমগ্ৰ ৰাজ্যতে ওলাই আহিছে জুবিন অনুৰাগী। তাৰ মাজতে ছবিখন মুক্তি পোৱাৰ পিছতে প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। ছবিখন মুক্তিৰ সময়তে পুৱাই বাঘেশ্বৰী

গৰিমা শইকীয়া গাৰ্গৰ প্ৰথম প্ৰতিক্ৰিয়া

আজি সমগ্ৰ দেশজুৰি মুক্তিলাভ কৰিলে জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে। সমগ্ৰ ৰাজ্যতে ওলাই আহিছে জুবিন অনুৰাগী।

তাৰ মাজতে ছবিখন মুক্তি পোৱাৰ পিছতে প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।

ছবিখন মুক্তিৰ সময়তে পুৱাই বাঘেশ্বৰী মন্দিৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ। মাৰ আশীৰ্বাদ লৈ তেওঁ কয় যে, ‘জুবিনে সদায় বৰষুণ ভাল পাইছিল’।

‘ছিংগাপুৰৰ পৰা অহাৰ দিনাও তেওঁ লগত এজাক বৰষুণ লৈ আহিছিল।আজিও বৰষুণ লৈ আহিছে।আজি ৰাতিপুৱা অহা বৰষুণজাকে তেওঁ থকাৰ আশ্বাস দিছে’।

‘এতিয়া  মই নিজেও বহু কথা অনুভৱ কৰিছো, তেওঁ যে কানেক্টেড হৈ আছে বুলি সকলোকে   অনুভৱ কৰাইছে।তেওঁ আমাৰ মাজতে আছে’।  

‘আজিৰে পৰা অসমীয়া চিনেমাৰ জয়যাত্ৰা আৰম্ভ হৈছে।তেওঁ অসমীয়া চিনেমালৈ যি সপোন দেখিছিল মোৰ বিশ্বাস সকলো পূৰণ হ’ব’।  

লগতে পঢ়ক: ‘তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে’; ‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰি কান্দোনত ভাগি পৰিল অনুৰাগী…