ৰেজাউল কৰিমক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই দিছে সকীয়নি। ৰেজাউল কৰিমে আইন ভংগ কৰিলে জে’ললৈ যাব লাগিব।
ৰেজাউল কৰিমে শিক্ষাৰ জেহাদ হ’ব বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, জেহাদ মানেই হৈছে গণ্ডোগোলীয়া।
জেহাদ মানেই হৈছে ২ নম্বৰী কাম। জেহাদৰ ফলত প্ৰশ্নকাকত ফাদিল, উত্তৰ বহী ফাদিলক বুজোৱা হৈছে। লেণ্ড জেহাদত টকা দি নহয় দখল কৰি মাটি লোৱা যায়।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰেজাউল কৰিমে স্পষ্টকৈ জেহাদ কৰাৰ কথা কৰিলে ঘোষণা কৰিলে।ৰেজাউলে শিক্ষাৰ বিকাশ বুলি ক’ব পাৰিলে হয়।
ৰেজাউল কৰিমক সকীয়নি দি মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, ৰেজাউল কৰিমে বেছিকৈ এইবোৰ কৰি থাকিলে তেওঁ জে’ললৈ যাব লাগিব।এতিয়া মুখেৰে কৈছে কিন্তু আইন ভংগ কৰিলৈঅ ৰেজাইল কৰিম ৰঙাঘৰৰ আলহী হ’ব লাগিব।
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,মৰিগাঁৱক বতৰ্মান ইন্টাৰনেট জেহাদলৈ পৰিণত কৰা হৈছে। একাংশই অসমখনক শেষ কৰিব বিচাৰি আছে। কিন্তু বিজেপি আছে কাৰণেহে অসম বাছি আছে। নহ’লে ৰেজাউল কৰিমৰ দৰে মানুহ বৰঘৰত সোমাব।
লগতে পঢ়ক: দ্বিতীয় বিবাহ কৰা স্বামীসকল সাৱধান; আহি গ’ল মুখ্যমন্ত্ৰীৰ হেল্পলাইন নাম্বাৰ









