বিহাৰ

বিহাৰত বিজেপিৰ ডাঙৰ সিদ্ধান্ত; গঠন কৰা হ’ল ১৯ জনীয়া এটা বিশেষ দল

বিহাৰত বিজেপিৰ ডাঙৰ সিদ্ধান্ত বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টি সম্পূৰ্ণৰূপে সাজু হৈছে।ইস্তাহাৰ সমিতি গঠনৰ পিছত এতিয়া বিজেপিয়ে ৰাজ্যিক নিৰ্বাচনী সমিতিও গঠন কৰিছে। এই সমিতিত মুঠ ১৫ জন নেতাক স্থান দিয়া হৈছে, আনহাতে পদমৰ্যাদাৰ সদস্য হিচাপে এজনক,বিশেষ আমন্ত্ৰিত সদস্য হিচাপে ৩ জনক অন্তৰ্ভুক্ত কৰা

বিহাৰত বিজেপিৰ ডাঙৰ সিদ্ধান্ত

বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টি সম্পূৰ্ণৰূপে সাজু হৈছে।ইস্তাহাৰ সমিতি গঠনৰ পিছত এতিয়া বিজেপিয়ে ৰাজ্যিক নিৰ্বাচনী সমিতিও গঠন কৰিছে।

এই সমিতিত মুঠ ১৫ জন নেতাক স্থান দিয়া হৈছে, আনহাতে পদমৰ্যাদাৰ সদস্য হিচাপে এজনক,বিশেষ আমন্ত্ৰিত সদস্য হিচাপে ৩ জনক অন্তৰ্ভুক্ত কৰা হৈছে।

এইদৰে মুঠ ১৯ জন নেতাৰ এটা দলৰ সিদ্ধান্ত লোৱা হৈছে,যিয়ে বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন সমিতি হিচাপে কাম কৰিব।

ৰাজ্যিক নিৰ্বাচন সমিতিত ড° দিলীপ কুমাৰ জয়ছোৱাল, সম্ৰাট চৌধুৰী, বিজয় কুমাৰ সিনহা, ৰাধা মোহন সিং, গিৰিৰাজ সিং, নন্দকিশোৰ যাদৱ, নিত্যানন্দ ৰায়, মংগল পাণ্ডে, ডাঃ সঞ্জয় জয়ছোৱাল, ভিখুভাই দলসানীয়া, ৰবি শংকৰ প্ৰসাদ, ৰেণু দেৱী, প্ৰেম কুমাৰ, জনক চামাৰ, প্ৰেম ৰঞ্জন পেটেলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

আনহাতে পদমৰ্মে সদস্যৰ অধীনত ধৰ্মশিলা গুপ্তাক স্থান দিছে। লগতে বিনোদ তাওডে, দীপক প্ৰকাশ আৰু নগেন্দ্ৰ জীৰ নাম বিশেষ আমন্ত্ৰিত সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

এই সমিতিৰ মূল কৰ্তব্য হৈছে প্ৰচাৰৰ কৌশল প্ৰণয়ন কৰা আৰু ইয়াক বুথ পৰ্যায়লৈকে ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰিব লাগিব।

লগতে পঢ়ক: ‘ভুলতে দুবাৰকৈ সুযোগ দিলোঁ…’; লালু যাদৱক তীব্ৰ সমালোচনা নীতিশ কুমাৰৰ