‘অসম আৰক্ষীৰ হাতত আছে ছিংগাপুৰত কৰা জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন’; মুন্না প্ৰসাদ গুপ্তা

অসম আৰক্ষীৰ হাতত আছে ছিংগাপুৰত কৰা জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ গৈছিল SIT ৰ এটা দল।দলটোৱে তদন্ত কৰি উভতি অহাৰ পিছতে SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলখনত SITৰ মুৰব্বী গৰাকীয়ে কয় যে, SIT ৰ

অসম আৰক্ষীৰ হাতত আছে ছিংগাপুৰত কৰা জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ গৈছিল SIT ৰ এটা দল।দলটোৱে তদন্ত কৰি উভতি অহাৰ পিছতে SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেলখনত SITৰ মুৰব্বী গৰাকীয়ে কয় যে, SIT ৰ দলটোৱে ২০ তাৰিখে ছিংগাপুৰত ভাৰতীয় উচ্চায়ুক্তৰ সৈতে এখন বৈঠকত বহি আইনী সহায় বিচৰিছে।

তাৰ পিছতে ২১ তাৰিখে ছিংগাপুৰৰ পাঁচ জনীয়া আৰক্ষীৰ সৈতে SIT ৰ বৈঠক হৈছিল। সেই বৈঠকতেছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ছিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন SIT ক দিয়ে।

জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনাস্থলীও SIT য়ে পৰিদৰ্শন কৰিছে। SIT য়ে ছিংগাপুৰ আৰক্ষীকো খৰটকীয়াকৈ তদন্ত কৰিবলৈ অনুৰোধ কৰিছে।

তেওঁ লগতে কয় যে, SIT য়ে হোটেল পেচিফিকৰ CCTV VISUALS সংগ্ৰহ কৰিবলৈ ছিংগাপুৰ আৰক্ষীক অনুৰোধ কৰিছে ।ছিংগাপুৰত থকা কেইবাগৰাকীও অসমীয়াৰ ভাষ্য সংগ্ৰহ কৰি SITক দিব ছিংগাপুৰ আৰক্ষীয়ে।

১০ দিনৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে CCTV, চিংগাপুৰত থকা অসমীয়া লোকৰ সাক্ষ্য লৈ SIT ক পঠিয়াব ।তেওঁলোকে শীঘ্ৰে তদন্তৰ ক্ষেত্ৰত প্ৰয়োজনীয় তথ্য দিব বুলি আশ্বাস দিছে।

তেওঁ আৰু কয় যে, প্ৰয়োজন হ’লে পুনৰ প্ৰবাসী অসমীয়া কেইগৰাকীক তলব কৰা হ’ব।জুবিন গাৰ্গৰ মৃত্যুৰ এসপ্তাহ পূৰ্বে যদি কোনোবাই কথা বতৰা পাতিছিল বা whats app chat কৰিছিল, তেওঁলোকে স্ব ইচ্ছাই SIT ৰ সন্মুখত আহিবলৈ আহ্বান জনোৱা হৈছে।  

লগতে পঢ়ক: ‘একাংশ জুবিন অনুৰাগীৰ কাণ্ডৰ বাবেই জুবিনক্ষেত্ৰত দিব লগা হ’ল SOP’; মুখ্যমন্ত্ৰী