কাৰ্গিল বিজয় দিৱস: ২০,০০০ ফুট উচ্চতাত লিখা ভাৰতীয় সেনাৰ অদম্য সাহস আৰু সৰ্বোচ্চ ত্যাগৰ ইতিহাস । কেনেকৈ যুদ্ধত শত্ৰুক ধূলিসাৎ কৰিছিল ভাৰতীয় সেনাই?
আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ঐতিহাসিক ‘কাৰ্গিল বিজয় দিৱস’। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত মাতৃভূমিৰ সুৰক্ষাৰ বাবে হাঁহি হাঁহি প্ৰাণ আহুতি দিয়া অমৰ বীৰ জোৱানসকলৰ অদম্য সাহস, সৰ্বোচ্চ ত্যাগ আৰু অতুলনীয় দেশপ্ৰেমক আজি সমগ্ৰ ৰাষ্ট্ৰই শ্ৰদ্ধাৰে স্মৰণ কৰিছে ।
এই উপলক্ষে দ্ৰাছস্থিত ঐতিহাসিক ‘কাৰ্গিল ৱাৰ মেম’ৰিয়েল’ত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেনা প্ৰধানে দেশৰ সুৰক্ষাৰ স্বাৰ্থত বলিদান দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে । ইয়াৰ উপৰি, এই ঐতিহাসিক যুদ্ধৰ প্ৰত্যক্ষ অংশীদাৰ হোৱা সশস্ত্ৰ বাহিনীৰ বীৰ সৈনিকসকলৰ অৱদানকো বিশেষভাৱে স্মৰণ কৰা হয় ।
বিশ্বৰ অন্যতম দুৰ্গম যুদ্ধক্ষেত্ৰত ভাৰতীয় সেনাৰ অদম্য ৰণনীতি
১৯৯৯ চনত ভাৰতীয় সেনাই ‘অপাৰেচন বিজয়’ৰ অধীনত কাৰ্গিলৰ অতি দুৰ্গম পাহাৰীয়া শিখৰৰ পৰা পাক অনুপ্ৰৱেশকাৰী আৰু সামৰিক বাহিনীক খেদি পঠিয়াই ভাৰতৰ গৌৰৱান্বিত তিৰংগা পুনৰ সশ্ৰদ্ধৰে উৰুৱাবলৈ সক্ষম হৈছিল । প্ৰায় ২০,০০০ ফুট উচ্চতাৰ অতি প্ৰতিকূল পৰিৱেশ, অক্সিজেনৰ অভাৱ, মাইনাছ ৪০ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হ্ৰাস পোৱা উত্তাপ আৰু বৰফেৰে আবৃত থিয় পাহাৰসমূহ অতিক্ৰমি লাভ কৰা এই বিজয়ে বিশ্বৰ সামৰিক ইতিহাসত ভাৰতীয় সেনাৰ বীৰত্বক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে ।
ভাৰতীয় সেনা, বিমান বাহিনীৰ অভূতপূৰ্ব সমন্বয়ৰ ফলশ্ৰুতিত শত্ৰুৰ সকলো সামৰিক পৰিকল্পনা ধূলিসাৎ হৈ পৰিছিল । অনুশাসন, কৌশল আৰু সাহসিকতাৰ এই বিৰল নিদৰ্শনক আজিও বিশ্বৰ বিভিন্ন দেশৰ সেনাই গৱেষণা আৰু অধ্যয়নৰ বিষয় হিচাপে গ্ৰহণ কৰে ।
পইণ্ট ৫১৪০ (‘গান হিল’): যুদ্ধৰ নিৰ্ণায়ক মোৰ
কাৰ্গিল যুদ্ধৰ কেইবাখনো যুঁজৰ ভিতৰত দ্ৰাছ খণ্ডত অৱস্থিত প্ৰায় ১৭,০০০ ফুট উচ্চতাৰ ‘পইণ্ট ৫১৪০’ দখলৰ যুঁজখন আছিল সামৰিক দৃষ্টিভংগীৰ পৰা আটাইতকৈ নিৰ্ণায়ক । শত্ৰুৰ অতি শক্তিশালী ঘাটি হিচাপে পৰিগণিত এই শিখৰটোৰ পৰাই সমগ্ৰ দ্ৰাছ অঞ্চল আৰু ভাৰতীয় সেনাৰ চাল-চলনৰ ওপৰত চকু ৰখা হৈছিল ।
যুটীয়া সামৰিক ৰণনীতিৰ অংশ হিচাপে ১৯৯৯ চনৰ ১৩ আৰু ১৪ জুনৰ নিশা ‘১৮ গ্ৰেনেডিয়াৰ্ছ’এ ‘হাম্প’ আৰু ‘১৩ জম্মু এণ্ড কাশ্মীৰ ৰাইফলছ’এ ‘ৰকি নব’ দখল কৰে । ইয়াৰ পিছতে ‘শাত্ৰুনাশ’ পৰিকল্পনাৰ অধীনত ভাৰতৰ ব’ফোৰ্ছ তোপ আৰু ৰকেট প্ৰক্ষেপক প্ৰণালীৰ নিখুঁত গোলাবৰ্ষণে শত্ৰুৰ বাংকাৰসমূহ সম্পূৰ্ণ ধ্বংস কৰি পেলায় । অৱশেষত, ২০ জুনৰ পুৱা ‘১৩ জম্মু এণ্ড কাশ্মীৰ ৰাইফলছ’ৰ জোৱানে পইণ্ট ৫১৪০ৰ ওপৰত বিজয় ধ্বজা উৰুৱায় । পাছলৈ এই ঐতিহাসিক ঠাইক ‘গান হিল’ নামেৰে নামকৰণ কৰা হয় ।
ৰাষ্ট্ৰীয় সংকল্প আৰু ‘শৌৰ্য অভিযান’
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাৰ্গিল বিজয় সম্পৰ্কে মন্তব্য কৰি কয়- “কাৰ্গিল বিজয় কেৱল এক কেলেণ্ডাৰৰ তাৰিখ নহয়, বৰঞ্চ ই ভাৰতৰ এক স্থায়ী সংকল্প । আমাৰ ভূখণ্ড, অখণ্ডতা আৰু সন্মানৰ প্ৰতি আঙুলি উঠোৱা প্ৰতিটো চেষ্টাৰ উত্তৰ ভাৰতে সদায় যোগ্যভাৱে প্ৰদান কৰিব ।”
উল্লেখ্য যে, এই অমৰ শ্বহীদসকলৰ বীৰত্বৰ কাহিনী সমগ্ৰ দেশতে প্ৰচাৰ কৰাৰ উদ্দেশ্যে অলপতে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ফ্ল্যাগ-অফ কৰা বিশেষ মটৰচাইকেল ‘শৌৰ্য অভিযান’ কাৰ্গিলত উপস্থিত হয় আৰু জোৱানসকলে শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনায় ।
কাৰ্গিল বিজয় দিৱসে আজিও প্ৰতিজন ভাৰতীয় নাগৰিকক দেশপ্ৰেম আৰু কৰ্তব্যপৰায়ণতাৰ বাৰ্তা দিয়ে । বৰফাবৃত দুৰ্গম পাহাৰত অৰ্জিত এই বিজয়ে অনাগত বহু প্ৰজন্মলৈ সাহস আৰু ৰাষ্ট্ৰসেৱাৰ অফুৰন্ত প্ৰেৰণা যোগাই যাব ।
লগতে পঢ়ক : কাৰ্গিল দিৱসৰ পৰা বিজ্ঞানত নাম উজ্বলোৱালৈ… ‘মন কি বাত’ত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ কথা









