এছিয়ান গেমছ ২০২৬: ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ পোনপটীয়া এণ্ট্ৰি

এছিয়ান গেমছ ২০২৬: ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ পোনপটীয়া এণ্ট্ৰি

এছিয়ান গেমছৰ নক-আউটত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্ৰিকেট দলৰ ২০২৬ চনৰ এছীয়ান গেমছৰ পুৰুষ ক্ৰিকেট প্ৰতিযোগিতাত নক-আউট পৰ্যায়লৈ পোনপটীয়া প্ৰৱেশাধিকাৰ লাভ কৰিছে ভাৰতীয় পুৰুষ ক্ৰিকেট দলে । ভাৰতৰ উপৰিও বাংলাদেশ, পাকিস্তান আৰু শ্ৰীলংকায়েও নক-আউট পৰ্যায়ত নিজৰ স্থান সুনিশ্চিত কৰিছে । বৃহস্পতিবাৰে ‘ESPNcricinfo’ৰ তথ্য অনুসৰি দুয়োটা বিভাগৰে

এছিয়ান গেমছৰ নক-আউটত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্ৰিকেট দলৰ

২০২৬ চনৰ এছীয়ান গেমছৰ পুৰুষ ক্ৰিকেট প্ৰতিযোগিতাত নক-আউট পৰ্যায়লৈ পোনপটীয়া প্ৰৱেশাধিকাৰ লাভ কৰিছে ভাৰতীয় পুৰুষ ক্ৰিকেট দলে । ভাৰতৰ উপৰিও বাংলাদেশ, পাকিস্তান আৰু শ্ৰীলংকায়েও নক-আউট পৰ্যায়ত নিজৰ স্থান সুনিশ্চিত কৰিছে ।

বৃহস্পতিবাৰে ‘ESPNcricinfo’ৰ তথ্য অনুসৰি দুয়োটা বিভাগৰে ড্ৰ’ আৰু গ্ৰুপসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় । এইবাৰ পুৰুষৰ প্ৰতিযোগিতাত ১০টা আৰু মহিলাৰ প্ৰতিযোগিতাত ৮টা দলে ভাগ ল’ব । সকলো মেচ জাপানৰ নাগোয়াত টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব ।

মহিলাৰ প্ৰতিযোগিতা ১৭-২২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব । পোনপটীয়াকৈ কোৱাৰ্টাৰ ফাইনেলৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনত ভাৰতে জাপানৰ বিৰুদ্ধে, বাংলাদেশে চীনৰ বিৰুদ্ধে, শ্ৰীলংকাই মালয়েছিয়াৰ বিৰুদ্ধে আৰু পাকিস্তানে থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ।

পুৰুষৰ প্ৰতিযোগিতা ২৪ ছেপ্টেম্বৰ- ১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব । প্ৰাথমিক ৰাউণ্ডত গ্ৰুপ ‘এ’ত আফগানিস্তান, জাপান, নেপাল আৰু গ্ৰুপ ‘বি’ত হংকং, মালয়েছিয়া, ওমান থাকিব । দুয়োটা গ্ৰুপৰ শীৰ্ষ দুটাকৈ দল নক-আউট পৰ্যায়ত ইতিমধ্যে স্থান নিশ্চিত কৰা চাৰিটা দলৰ সৈতে যুক্ত হ’ব ।

উল্লেখ্য যে, ২০২৩ চনৰ এছীয়ান গেমছত ভাৰতে পুৰুষ আৰু মহিলা দুয়োটা বিভাগতে স্বৰ্ণ পদক অৰ্জন কৰিছিল । পুৰুষৰ ফাইনেল মেচখন বৰষুণৰ বাবে পৰিত্যাক্ত হোৱাত উচ্চ ক্ৰমাংকৰ সূত্ৰে ভাৰতক বিজয়ী ঘোষণা কৰা হৈছিল, আনহাতে মহিলা দলে ফাইনেলত শ্ৰীলংকাক ১৯ ৰানত পৰাস্ত কৰি স্বৰ্ণ বুটলিছিল ।

লগতে পঢ়ক : আই চি চি ৰেংকিত ভাৰতীয়ৰ বেটাৰৰ ৰাজত্ব: শুভমন গীলৰ চমকপ্ৰদ উত্থান!