‘নীট পৰীক্ষাক সম্পূৰ্ণৰূপে শেষ কৰি দিব লাগে’; CJP ৰ প্ৰতিবাদৰ মাজতে বিজয় থালাপাথীৰ ডাঙৰ দাবী

‘নীট পৰীক্ষাক সম্পূৰ্ণৰূপে শেষ কৰি দিব লাগে’; CJP ৰ প্ৰতিবাদৰ মাজতে বিজয় থালাপাথীৰ ডাঙৰ দাবী

নীট পৰীক্ষাক লৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে এক ডাঙৰ মন্তব্য কৰিছে। নীট পৰীক্ষাৰ বাবে বছৰি বহু ছাত্ৰ-ছাত্ৰী নোহোৱা হৈছে। সেয়ে নীট পৰীক্ষাক শেষ কৰি দিব লাগে। কংগ্ৰেছ পাৰ্টিৰ প্ৰতিবাদৰ মাজতে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এক ডাঙৰ দাবী উত্থাপন কৰিছে। তেওঁ কয় যে

নীট পৰীক্ষাক লৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে এক ডাঙৰ মন্তব্য কৰিছে। নীট পৰীক্ষাৰ বাবে বছৰি বহু ছাত্ৰ-ছাত্ৰী নোহোৱা হৈছে। সেয়ে নীট পৰীক্ষাক শেষ কৰি দিব লাগে।

কংগ্ৰেছ পাৰ্টিৰ প্ৰতিবাদৰ মাজতে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এক ডাঙৰ দাবী উত্থাপন কৰিছে। তেওঁ কয় যে ‘নীট’ (NEET) পৰীক্ষা সম্পূৰ্ণৰূপে বাতিল কৰিব লাগে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী বিজয়ে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক ধৰ্ণাস্থলীৰ পৰা জিম্মাত লোৱাৰ ঘটনাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিজয় থালাপতিৰ দল TVK-য়ে এক্সত পোষ্ট কৰি লিখিছে, ‘নীট পৰীক্ষা প্ৰৱৰ্তন হোৱাৰ পিছৰে পৰা কেৱল ইয়াৰ বিশ্বাসযোগ্যতাতে আঁচোৰ পৰা নাই, বৰঞ্চ শিক্ষাৰ্থীসকলো মানসিক চাপৰ সন্মুখীন হৈছে আৰু তেওঁলোকৰ ভৱিষ্যতৰ সপোনবোৰ এক ডাঙৰ প্ৰশ্নবোধক চিহ্নলৈ ৰূপান্তৰিত হৈছে।’ TVK-য়ে কয় যে নীট পৰীক্ষাৰ বাবে প্ৰতি বছৰে শিক্ষাৰ্থীসকলৰ যি ক্ষতি হৈছে, সেয়া ৰখাৰ নাম লোৱা নাই। সেয়েহে, আমি কেন্দ্ৰীয় চৰকাৰক নীট পৰীক্ষা সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ তীব্ৰ দাবী জনাইছোঁ।

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ধৰ্ণা দিয়া ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধীকে ধৰি জ্যেষ্ঠ নেতাসকলক জিম্মাত লোৱাৰ ঘটনাক লৈ TVK-য়ে কয় যে ৰাজধানীত গণতন্ত্ৰৰ এই দমন অত্যন্ত নিন্দনীয়।

TVK-য়ে লিখিছে, ‘দিল্লীত যুৱক-যুৱতীসকলৰ অহিংস প্ৰতিবাদৰ সমৰ্থনত ওলাই অহা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক দিল্লী আৰক্ষীয়ে চোঁচৰাই লৈ যোৱা আৰু হাত কেৰা লগাই লৈ যোৱাটো গণতান্ত্রিক অধিকাৰৰ ওপৰত এক প্ৰত্যক্ষ আক্ৰমণ। ই অত্যন্ত নিন্দনীয়।’

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু অন্যান্য বহু জ্যেষ্ঠ নেতাই প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহৰ বাহিৰত ধৰ্ণা দিয়ে আৰু নীট প্ৰশ্নকাকত ফাদিল সংক্ৰান্তত প্ৰতিবাদ কৰা শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কৰা ব্যৱস্থাৰ বিৰোধিতা কৰি তেওঁৰ পদত্যাগৰ দাবী জনায়। পৰৱৰ্তী সময়ত সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱ আৰু ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি (NCP)-ৰ নেত্ৰী সুপ্ৰিয়া চুলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। পিছত বিৰোধী নেতাসকলক সেই স্থানৰ পৰা জোৰ-জবৰদস্তি আঁতৰাই নিয়া হয় আৰু আৰক্ষীয়ে তেওঁলোকক জিম্মাত লয়।

লগতে পঢ়ক: সৰ্বদলীয় বৈঠকত টিএমচি বিদ্ৰোহী সাংসদৰ আমন্ত্ৰক লৈ তীব্ৰ ক্ষোভ বিৰোধীৰ

শেহতীয়া প্ৰৱন্ধসমূহ